অঞ্জুমণি ভৰালী
বিস্তীৰ্ণ পথাৰখন
এতিয়া তাত বেলি উঠাৰ জাগৰণ,
কাষত অনুগত হব পৰাকৈ
এখন আকৰ্ষণীয় উজ্জ্বল মুখ
যাৰ পোহৰত নত হয় পাৰ্থিৱ আৱৰণ !
বুজিব পাৰোঁ... কিয় সময়ত
কিছু ভ্ৰম সঁচা, কিছু মিছা হয়
আৰু কিছু... ভ্ৰমাত্মক আৱেশেৰে
আগৰদৰেই অস্থিৰ হৈ ৰয় !
পূবৰপৰা পশ্চিমলৈ এখন
বিকল্পহীন সমান্তৰাল জগত
যাৰ আকাশত হাজাৰ হাজাৰ নক্ষত্ৰৰ মৃদু স্পন্দন,
প্ৰিয় কল্পকাৰজনে ক'লে,
সম্পূৰ্ণ আৰু অসম্পূৰ্ণ যেনেকৈ মিথ্যা
আমি আমাৰ হ'ব নোৱাৰাটোৱেই সত্য... নাই খণ্ডন !
বুজিব পাৰোঁ ... কিয় সময়ত
মোৰ বা আমাৰ বোলা কথাষাৰ সলনি হয়,
দোদুল্যমান খেয়ালৰ যতি পৰে
আৰু মোৰ মাজেৰেই পাৰ হৈ যায় এজন নতুন মই !