অন্যযুগ/


ভোক

 উজ্জ্বল স্মৰণ দত্ত

 

উদৰৰ বানবৰিয়া খাল

এৱাঁচোলা পিন্ধাৰ পৰা

পিতপানী হৈ উজায়

 

দুপৰত বাঢ়ে চোক

অজগৰে গিলি খোৱা পৃথিৱীত

উদৰৰ চোকত চোক বাঢ়ি

ক্ষণে উঠা

ক্ষণে নমা

 

বিজ্ঞাপন চাৰে তৃতীয় বিশ্বৰ দেশৰ

উদৰৰ ভৰে পিষ্ট কৰা জীৱনৰ

 

ভোগৰ ভোগজৰা খোৱাৰ পৰা

জুই হৈ জ্বলে চোক

চিকচিনা মনগহন

 

অপূৰ্ণতাক চাকি চাই 

আকণ্ঠ পান কৰে

উদৰৰ চোক হৈ নাথাকে ভোক

ভোগৰ দাঁতে আঁকুহে বিকুহে ৷

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ