অন্যযুগ/


এটা প্ৰেমৰ কবিতা

 বন্দনা কৌশিক বৰদলৈ



(১)


কোনোবাই
  কোনোবাই কয়, স্মৃতিৰ প্ৰতিৰূপ নাথাকে
কিজানি প্ৰেমৰো
ময়ো মোক কওঁ, সেই কথা
নাভাবোঁ নাভাবোঁকৈ থাকোঁতেই
তেওঁ অতিক্ৰম কৰি উঠে মোৰ বিৰোধক
মোক ডুবাই তোলে
প্ৰেম আৰু অপৰাধবোধৰ যাতনাত

(২)

তেওঁ মোক সুধিছিল
‘কি দিব পাৰিবা মোক?’
মই কৈছিলো, ‘ইমান নিঃশব্দ
  তোমাৰ চাৰিওকাষ
অলপমান কথাকে দিওঁ !
তেওঁ ‘দিয়া’ বুলি হাত পাতি ল’লে!
লাহে - লাহে দেখিলোঁ
মই
  হেৰুৱাইছো কথা
কথাই হেৰুৱাইছে ঘৰ !
                                     
                                       

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ