অন্যযুগ/


সিহঁত

বাব্‌লু প্ৰসাদ বৰুৱা


সিহঁতে খেদিলে ফুলি থকা সূৰ্যমুখী ফুলবোৰৰ উজ্জ্বল নীৰৱতা

সিহঁতে ল’ৰা-ছোৱালীহঁতৰ ওঁঠৰ হেঙুলীয়াখিনি কাঢ়িলে

সিহঁতেৰ আকাশ ৰঙা কৰি হানিলে সোণালী শইচৰ চেঁই

সিহঁতে নেফানেফ কৰিলে সিহঁতৰ মাকহঁতৰ জৰায়ু

কলৱতী নদীখন শিল হ’ল সিহঁতৰ বাবে

সিহঁতৰ বাবেই ফাটি চিৰাচিৰ দেশৰ নাড়ী-ভূঁৰু

সিহঁতে আৰম্ভ কৰিলে যুদ্ধ

সিহঁতে খেলিলে তেজৰে ফাকু

সিহঁতৰ ঘৰবোৰ কুকুহা হৈ উৰি গ’ল

সিহঁতে লগালে জুই

 

আৰু আমি সিহঁতৰে এজন হ’লো৷


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ