পূবালী বৰুৱা শৰ্মা
অঘৰী বতাহজাকে
লৰি- ঢাপৰি আহি
ঠায়ে ঠায়ে
ঘূৰ্ণিৰ ৰূপ লৈছে৷
ইতিমধ্যে
ধোঁৱাচাঙত উঠা
বিয়নী-মেলৰ ফুচফুচনিবোৰ
বিভিন্ন ‘চেনেলে’
সিৰ ফুলাই
পৰিৱেশন কৰিছে ।
অৰ্ধনগ্ন ‘ৰীল’বোৰ
‘ছাবস্ক্ৰাইবাৰে’ৰে ভৰি পৰাত
সমৃদ্ধ হৈ উঠিছে দেশ ।
এতিয়া
হাজাৰ বানপানীত
দৈৱাসন তল নাযাওক
কাৰো কাণৰ কণামাকৰি নলৰে ,
যিমান লৰাব পাৰে
মুখৰোচক এটা ঘৰুৱা খবৰে।
***
ঠিকনা :
পূবালী বৰুৱা শৰ্মা
ডাক- তেজপুৰ
মুঢ়াতেঁতেলী ‘চন্দ্ৰালয়’
জিলা- শোণিতপুৰ
ফোন- ৮০১১১২৩৫৫৬