অন্যযুগ/


বাদশ্বাহ গোলাম

উজ্জ্বল স্মৰণ দত্ত 

  

ইলাহী কথাবোৰত পাক ধৰিছে

চাপৰি বাজিছে চাপৰত

ৰাগীত ৰাগী লাগিছে ৷ 

কাকূতি বাঢ়িছে 

আকুতি বাঢ়িছে

মেহফিল বহিছে

মজলিছ বঢ়িছে

চলি আছে চলাই আছে 

লজেন গুটিত পমি গৈছে ৷ 

বাদশ্বাহ বাদশ্বাহ

গোলাম গোলাম ৷ 

ৰ কথা কত বাঢ়িছে

উশাহবোৰ বিষ হৈ বাঢ়িছে ৷ 

আটাহত আটাহ পাৰিছে বেটিয়ে

হুমুনিয়াহত হুমুনিয়াহ বাঢ়িছে ৷

বৰ বৰ আখৰে

শিৰোনামাবোৰ বাঢ়িছে ৷

দেখাই দেখি আছে

শুনাই শুনি আছে

চলাই  আছে  চলি আছে ৷

 

 

ঠিকনা:

 উজ্জ্বল স্মৰণ দত্ত ৷

 ১নং কঠিয়া খুণ্ডা গাঁও , সাপেখাতী

 ডাক :  সাপেখাতী

          জিলা  :  চৰাইদেউ

          পিন : ৭৮৫৬৯২

          ফোন নং ৮৭৬১৮১৪৪৯৬

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ