অন্যযুগ/


অবিনাশী সত্তা

ৰাজেন দাস

(হিমাক্ষী ডেকালৈ শ্ৰদ্ধাৰে)

 

বয়স হলে ভয় লাগে

জন্মদিনে যে এবছৰকৈ বুঢ়া কৰি যায়

ডেকা কৰাৰ মনো বছৰি উকলি থাকে 

উভতি নাহে এতিলমানো ভালপোৱা

 

তোমাৰ কথা মনত পৰিলে সাহস বাঢ়ে

তুমি যে ভালপোৱাক দুখ নিদিয়াঁ

নিজৰ মাজতে ভালপোৱাক চলাথ কৰাঁ

 

পৃথিৱীলৈ আহোঁতে কান্দি আহিছিলোঁ

নে হাঁহি আহিছিলোঁ মনত নাই

তথাপি অকণো বেয়া লগা নাই

 

ইমান ভিৰৰ মাজত 

মই তোমাৰ

তুমি মোৰ 

কিয় এনে হয়

তোমাৰ দুবাহুৰ মাজত

বিশ্বব্ৰহ্মাণ্ডৰ সকলো সৰু হৈ যায়

 

তথাপি সত্তা মাটিত মিলিলে

মাটিয়ে সাবট মাৰে বুকুলৈ

নদীয়ে টানে গভীৰলৈ

মানুহে সাটি ধৰে নমৰালৈ... 

 

ভ্ৰাম্যভাষ - ৯১০১২২১৪৩৬

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ