অন্যযুগ/


এষ্ট্ৰ’ন’মিকেল প’য়েট্ৰী

গায়ত্ৰী দেৱী বৰঠাকুৰ

 

  (এক) 

জিৰ’ ছেড’ ডে 

 

বেলিটোৱে যেতিয়া থিতাপি লয়হি 

আপোনাৰ মূৰৰ ওপৰত 

তেতিয়া 

লগ এৰে ছাঁটোৱেও

  

বেকগ্ৰাউণ্ডত ছেণ্টি ফালি থাকে 

 

মই আৰু মোৰ ছায়াৰ উত্তৰ আধুনিক সুৰে

 

আপুনি খুঁচৰি চায় ৰীল

এষ্ট্ৰ’নমিকেল নে নিচাই ধৰিছে মূৰত

 

চিকুটত ছিগিল  আপোনাৰ মাখিছাল ...

 

(দুই ) 

ব্লু’ মুন

 

নীলা বুলি কওঁতেই বাৰু

জগৰ  লাগিব লাগেনে জোনজনীৰ 

 

কথাত কটা যোৱা 

কথাতেই বঁটা পোৱা

ফৰিঙৰ কাহিনীও

এতিয়া সাধুকথা হ’ল 

 

আপুনি  

ফ’ল কৰক মিণ্ট’ছৱালী জিন্দেগী

জ্বলাওক দিমাগ কী বট্টি 

 

নহ’লে পেনাল্টী 

 

ৰোহঘৰত ৰূপহী জোন

আৰু 

ফাঁচীকাঠত

একান্তই আপোনাৰ  আপোনভোলা প্ৰণয় ...

 

***

 

ভ্ৰাম্যভাষ- ৮৮২২৯৪৩০৬৪

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ