অৰুণ গগৈ
পকনীয়াত পাক খাই পানীৰ ঢৌৱে
ওৰে ৰাতি গাঁওবোৰ গিলি গ’ল
পানীত তিতি তিতি সপোনবোৰ ভাঁহি গ’ল
বুঢ়া হোৱা পাহৰখনে
সহিব নোৱাৰে আকাশৰ চকুপানী
নৈয়ে নোহোৱা কৰিব নোৱাৰে বাঢ়নীপানী
পানীকেঁচুৱাৰ কান্দোনত তল যোৱা গাঁওবোৰ
বাঢ়ি অহা পানীত পাকখাই পৰে
হঠাতে হেৰায় গ’ল পিতাইৰ পদূলিৰ বাট
হঠাতে নোহোৱা হ’ল মাটি মুখৰ মাত
উদং হাতৰ তলুৱাত লালন কৰা
পোহনীয়া সপোন এটা চট্ফটাই উঠে
দুচকুৰ পটাত ডুখৰীয়া ছবিবোৰে
জীয়াই থকাৰ আখৰা কৰে
পানীয়ে থেতেলিয়াই পেলোৱা ঘৰবোৰ শুই আছে
শুই থকা ঘৰবোৰ মৰিশালি
বলি থকা বতাহত নামি আহে বিষাদৰ গধূলি
ভোকাতুৰ শিশুৰ আৰ্তনাদত
পাৰ হয় দীঘলীয়া লঘোনীয়া ৰাতি
শিল হোৱা সময়ৰ যাতনাক সাৱটি
শৰণাৰ্থী শিবিৰত মৃত মাছৰ দৰে থৰ হয় দুচকু
ৰাতিৰ চৰাইবোৰে দুখৰ ঘৰ এটা ঘেৰি
কুটি কুটি খাই থাকে সুখৰ অৱশেষ
চেপা যন্ত্ৰণা এটা বুকুত বান্ধি
ওৰে ৰাতি গছবোৰে আকাশলৈ মূৰ তুলি চাই
গাঁওবোৰ বুকুত সাৱটি নৈখন বৈ যায়৷
***
ফোন : ৯৭০৭৩৯০৫৪০
