অৰুণ গগৈ
মাটিৰ মাতত
সুৰ এটা বাজি থাকে কাণত
আইৰ আঁচলত বান্ধি থোৱা
বেলিৰ সাধু এটা
খহি পৰে ৰাতিৰ নিজানত
সহজ কথাবোৰ এতিয়া
সহজ হৈ থকা নাই
আওগৰীয়া বাটেৰে গৈ বুকুত শিপাই
সীমাৰ জেওৰাখন বেঁকাকৈ দিবলৈ
পিতায়ে শিকোৱা নাছিল
পানীখোৱা পুখুৰীৰ বাট ভেঁটিবলৈ
কাহানিও পিতায়ে উচতোৱা নাছিল
সলনি হোৱা নাছিল সৰলতাৰ ৰেখাচিত্ৰ
সলনি হোৱা নাছিল মাটি মানুহৰ মানচিত্ৰ
জাতি মাটি ভেঁটি
কথাবোৰ নভবাকৈ কথাবোৰ নজনাকৈ
সোমাই আহিল অধিকাৰ
সৰলতাৰ বিপৰীতে বিতাড়িত অন্ধকাৰ
পোৱাহ’লে পানীবেজী এটা
সী থ’লোহেঁতেন শিলৰ চোলা
সীমাৰ খুঁটিক নেওচি
জাতি মাটি ভেঁটিৰ কথা হুৰাই
এইফালে উৰি গ’ল এজাক চৰাই
দেশ, মাটিৰ সীমা চেৰাই ৷
ফোন : ৯৭০৭৩৯০৫৪০
