অৰুণ গগৈ
পিতাইৰ পুৰণি পিৰালিত বহি থাকোঁতে
নেমু ফুলৰ গোন্ধ এটা নাকলৈ উজাই আহিল
সাউতকৈ পুৰণি পেৰা এটা
মনৰ মাজত খোলখাই গ’ল
শুকুৰ আৰু দেওবৰীয়া হাটলৈ
ভঙা চাইকেলখন লৈ পিতাই ওলাই যায়
বাৰীৰ পাচলি চেনিচম্পা কল এঠোকৰ স’তে
বিনিময় হয় জীৱনৰ পাটীগণিত
ছয়টাকৈ ল’ৰা-ছোৱালীৰে এখন বহল সংসাৰ
যোগ-বিয়োগ পূৰণ-হৰণ কৰি কৰি
পিতাই কোনোদিনেই হৈ পৰা নাছিল অসাৰ
আধি খেতি কৰি মাটিৰ মানুহ হৈ
আমাক শিকাইছিল ধৈৰ্যৰ আদিপাঠ
মানৱতাবোধ আৰু চৰিত্ৰ পাঠ
পিতাইৰ কামিজটো ঠায়ে ঠায়ে ফিচিকিছিল
পিতাইৰ জীৱন যুদ্ধ দেখি
মোৰ কোমল মনটো মৰহিছিল
কামিজটো আনিব পৰা টকাকেইটাৰে
আনি দিছিল পাটীগণিত
ভূগোল আৰু ভূচিত্ৰাৱলী
জীৱনৰ শিক্ষাৰে অভিজ্ঞ পিতায়ে
ক খ নজনাকৈয়ে জানিছিল জটিল অংক
মাটিৰ মাতত জানিছিল
ভূগোলৰ ভৌগোলিক অৱস্থান
পিতাইৰ ভূচিত্ৰাৱলীত অহৰহ সোমাই আছিল
ছয়টাকৈ ল’ৰা-ছোৱালী আৰু আইৰ ছবি
এদিন মাটিৰ মানুহজন মাটিত মিলি গ’ল
মানুহ হ’বলৈ শিকোৱা মানুহজন
আকাশৰ তৰা হ’ল
অভাৱে স্বভাৱ নষ্ট নকৰাকৈ দিয়া শিক্ষাৰে
আমি অভিজ্ঞ হৈ পৰিলোঁ
পিতাইৰ পঢ়োৱা পাঠেৰে
আমি বিচাৰি পালোঁ পোহৰ
নেমু ফুলৰ গোন্ধটোৱে আজি
বৰকৈ আমনি কৰিছে
মাটিৰ মানুহজনলৈ বৰকৈ মনত পৰিছে
নেমু ফুলৰ গোন্ধ এটাত উজাই আহিছে
পোহৰৰ প্ৰাৰ্থনা মাটি মুখৰ মমতা।
ফোন : ৯৭০৭৩৯০৫৪০
