অন্যযুগ/


কবিতাৰ সুখ-অসুখ

অৰ্চনা পূজাৰী




সকলো কবিয়ে জানে
কবিতাৰ বজাৰখন মন্দা
তথাপিও কবিতা লিখে
ৰঙীন চোলাৰে কবিতাৰ কিতাপে বজাৰত ভিৰ কৰে
বিপনিবোৰ সঁচাকৈ শুৱনি হৈ পৰে


#


বিজ্ঞাপনৰ জোৱাৰ সকলোতে
কবিও ৰৈ নাথাকে
সাধ্যৰে কুলাই মানে অভিষেকৰ আয়োজন কৰে


#


জনপ্ৰিয়তাই কাৰোবালৈ
আত্মপ্ৰসাদৰ হাঁহি কঢ়িয়াই আনে
কয় -তেওঁৰ কিতাপে বজাৰ গদগদ
আনজনে জেপৰ টকাৰে পাঠকলৈ পঠায়
পৰম সন্তুষ্টিৰে


#


“ ভূগোলে ভূগোলে কি তাৰ বুৰঞ্জী”
কবি অজিত বৰুৱাই নব্বৈখনতে সীমা বান্ধিছিলে


#


মন-মগজুৰ চেপা-খুন্দাৰ মাজতো কল্পনাই লাহ দিয়ে
কবিতাই উক দিয়ে, শানত উঠে
হিয়া কুৰুকি কুৰুকি কথাবোৰে কুণ্ডলি পকায়



বুকু গধুৰ কৰিও
বুকু খুলি দিও
কবিতা কবিতা হৈয়ে ৰয় ৷৷


            ***


ভ্ৰাম্যভাষ —৭০০২৪২৪৬৩২

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ