মৃদুল শৰ্মা
(যুদ্ধক ঘৃণা কৰা প্ৰতিজনৰ হাতত)
কি আনন্দ-উল্লাসত
হাজাৰ কোটিটকীয়া মিছাইল উৰি গুচি যায়
আকাশ ফালি সাগৰৰ বুকু কঁপাই
কোন বিষণ্ণতা কোন উত্তেজনাই
আন্ধাৰ দলনিত পোনা মেলে কোটি কোটি
দলনিৰ বোকাৰ মাজেৰে পিছল বাট উলিয়াই
যেন সোমাই যায় চিনাকি সৰীসৃপ
সেই আন্ধাৰতো পোখা মেলে জীৱনে
আৰু আৰম্ভ হয় অগস্ত্য যাত্ৰা
কোনেও কাৰো কোনো যাত্ৰাৰ বিষয়ে পৰিকল্পনা কৰিব নোৱাৰে
কেৱল গৈ থকা গৈ থকা আৰু মৰি থকা...
আৰু মৰাৰ কথা নাভাবি গৈ থকা
যন্ত্ৰণাৰ পাহাৰ বগাই বগাই কোনোবা সুখৰাজ্যৰ সন্ধানত
অকল গৈ থকা সেই সৰীসৃপৰ দৰে
বাট বিচাৰি বিচাৰি আন্ধাৰ খেপিওৱা
দলনি থাকে সৰীসৃপো থাকে বুকুতে
মৃত্যুৰ ভয়েই ৰচনা কৰে মৃত্যুৰ ভয়াৱহ দৃশ্য
সেই ভয়ৰ মাজতো অট্টহাস্য ধ্বনিত প্ৰতিধ্বনিত হয়
সৃষ্টিৰ দাবীৰে
কি সমতাৰ মহামন্ত্ৰ কি মহানতাৰ
বিকট দৃষ্টান্ত
***
ঠিকনা :
বাগেশ্ৰী
উপপথ বি, জোনাকী পথ
খনীয়া গাঁও, ডিব্ৰুগড়-৭৮৬০০৩
