অঞ্জুমণি ভৰালী
এখন “নাম্মা য়াত্ৰি” অট’লৈ অপেক্ষা
এডাল ধূলিৰে ঢাক খোৱা বগেনভেলিয়া
একাপ ফিল্টাৰ কফি... গৰম
*
যিমান দূৰলৈ চাব পাৰি
গোটেই বাটতো লানি পাতি থকা গাড়ীবোৰ
ৰৈ থকাৰ বিচিত্ৰতা... বিভিন্নতা
মোৰ পদাৰ্থবিজ্ঞানৰ অংকবোৰলৈ মনত পৰিছে
KE = ½mv²
আৰু ফ্ৰিকচন
আমি যে ইয়াত ৰৈ থাকিও গৈ আছোঁ আচলতে
হিচাপ কৰাঁচোন স্থিতি শক্তি ...গতি শক্তি
এবাৰ তোমাৰ
এবাৰ মোৰ
এবাৰ আমাৰ
সমীকৰণবোৰ সহজ আৰু জীৱনতো
সহজ যেন লগাটো নাই !
*
মনত আছেনে পঢ়িছিলোঁ “পলায়ন বেগ”
কিমান বেগেৰে গুচি গলে আমি
আকৰ্ষণৰপৰা মুক্ত হৈ পৰিম !
মানুহৰ আকৰ্ষণ
পৃথিৱীৰ... মধ্যাকৰ্ষণ
*
সকলোৰে কেন্দ্ৰবিন্দু থাকে
প্ৰায় সকলোৰে
তুমি কি ভাবাঁ...
*
কফি কাপ শেষ হ’ল
অ’টখন যে আহিব পাৰিব
তাৰ আশাও প্ৰায় নোহোৱা হ’ল
*
শুনা, এইবাৰ মোক লগ পাবলৈ
এই অনিশ্চিত বাটেৰে নাহিবা
সুনিশ্চিত হৈ আহিবা..
আৰু লগপোৱাৰ পাছত
মোৰ ডায়েৰিত... তোমাৰ কলমেৰে
আমি কেন্দ্ৰবিন্দু আৰু কক্ষপথৰ
এটা নতুন সমীকৰণ প্ৰমাণ কৰিবলৈ চেষ্টা কৰিম
আশাবাদী ...
**
ঠিকনা : বাংগালোৰ
ফোন : ৯৮৮৬৬৫৪২৭৮
