অন্যযুগ/


ফাগুন বসন্ততকৈও চোকা

ডেইজী অনুৰঞ্জনা

 

 চুমা এটিত ভৰ দি ৰৈ থাকে ফাগুন

 

এযুৰি ওঁঠৰ আকাশত

গান হৈ বাজি থাকে ফাগুন

 

জপৰা চুলিত কবিতা এটি হৈ

উৰি থাকে ফাগুন!

 

চিগাৰেটৰ পেকেটত

ধোঁৱা হৈ সোমাই থাকে ফাগুন

 

একাপ চাহ আৰু আড্ডাত

শ্ৰোতা হৈ বহি থাকে ফাগুন

 

প্ৰিয় অভিনেতাৰ হাঁহিত

অঙঠা এটি হৈ জ্বলি থাকে ফাগুন!

তেওঁৰ ধুনীয়া আঙুলিবোৰত

আঙঠি হৈ জিলিকি থাকে ফাগুন!

 

চিটিবাছত ওলমি ওলমি গৈ থাকে ফাগুন!

 

মোৰ প্ৰিয় বান্ধৱীৰ ওঁঠতো

লাগি থাকে ফাগুন

মাৰ দীঘল চুলিটাৰিতো উমলি থাকে ফাগুন

মোৰ উকা বিছনাখনতো শুই থাকে ফাগুন!

 

মই মাথোঁ ৰৈ থাকো বিমুগ্ধ হৈ

অতবোৰ ফাগুনক সাবটি

বুকুৰ যুদ্ধ সামৰি!

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ