অন্যযুগ/


ৰাস্তা

বন্দনা কৌশিক বৰদলৈ

                 

ৰাস্তাক এটা চৰিত্ৰ বুলি ধৰিলে

নিপীড়িত জনতাৰ শাৰীতেই

আপুনি তেওঁক ৰাখিব লাগিব

যাৰ সংলাপ শূন্য 

 

ৰাস্তাক এখন নাটক বুলি ধৰি ললে

আপুনি পাহৰি পেলাব লাগিব

গান্ধীৰ তিনিটা বান্দৰৰ প্ৰসঙ্গ

 

ৰাস্তাটোক  এজন  দৰ্শক বুলি ধৰিলে

আপুনি বুজি পাব লাগিব

তেওঁ আপোনাৰ, মোৰ দৰেই নাটকৰ সফল মঞ্চায়নৰ বাবে নিতান্তই প্ৰয়োজনীয়

অথচ কাহিনীত উপেক্ষিত

 

এই সকলোবোৰ কথা বাদ দিও

যদিহে আমি ধৰি লওঁ, ৰাস্তা এজন নায়ক

তেন্তে আপুনি মাতি আনিব লাগিব ৰবাৰ্ট ফ্ৰষ্টক

যি শূন্যতাৰ সমস্ত ভাৰ সাবটি আগুৱাই  গৈ কয়

I took the one,  less traveled by...

 

 ঠিকনা :

শান্তিবন পথ, ৱাৰ্ড নম্বৰ -7

শিৱসাগৰ

পিন -৭৮৫৬৪০

ভ্ৰাম্যভাষ – ৯৪০১০৯২৯৯৮৫

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ