অন্যযুগ/


সৰাপাতৰ হালধীয়া সামৰি

মৰমী মুদৈ



বাহ এটি সাজিবলৈ
গছ এজুপি লাগে

পাতসিয়াৰ বুকুত বলে
তৰ বা-মাৰলি

যাগৈ ফাগুন
পছোৱাৰ বেপাৰী

মই ইয়াতে সুখী
সৰাপাতৰ হালধীয়া সামৰি...

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ