অন্যযুগ/


যুদ্ধভূমিত জীৱনৰ কবিতা

 গায়ত্ৰী দেৱী বৰঠাকুৰ


  (এক)

দ্বিতীয় মহাসমৰৰ বিভীষিকা 

পানী কৰি অলহা  

নীলকণ্ঠ

বীৰ যোদ্ধা 

 

লহাৰ বাসন্তী  বুকুত ফুলে

মাতৃভূমিৰ স্বৰ্গাদপি গৰীয়সী ভালপোৱা 

কিয়েভত অলহা

দুই ওঁঠত দেশপ্ৰেমৰ

নজহা-নপমা  গান

দুৰ্দান্ত অলহা

এশটা শৰত সুখেৰে  থাকক (??)

আৰু মাথোঁ দুটা বসন্ত  ৰৈ  

আঠানবৈ বছৰীয়া  লহাই

ৰচক এটি নতুন

জন-গণ-মনৰ কবিতা  

তেজত দৌৰে 

ৰণশিঙা 

বুকুত বাজে

হয় গুৱাহাটী

নহয় ৰঙামাটিৰ 

পাঞ্চজন্য 

 

 (দুই)

চহৰবোৰ জনশূন্য হৈ পৰিছে

মৃতদেহে ছানি ধৰিছে ইউক্ৰেইনৰ আকাশ 

ফ্ৰণ্টলাইনৰ সামান্য আঁতৰত 

এঞ্জেলাই ফুলাইছে এথুপি অপৰিসীম টিউলিপ 

আৰু হাজাৰপাহ বগা গোলাপ অসীম 

তেওঁৰ সুবাসত 

ইউক্ৰেইনৰ কলা আকাশত মলমলাইছে 

এপাহ এপাহকৈ শতপাহ সতেজ ফুল 

জীৱনৰ 

আশাৰ 

তোমাৰ

আমাৰ 


( তিনি)

ল্গাৰ আন এটা নাম আই 

কোলাৰ এমহীয়া  ফুলপাহক মাটিত থলে পৰুৱাই খায়

মূৰত থলে খায়  ওকণিয়ে 

তেজ আৰু বাৰুদৰ মাজত 

মূৰৰ চুলি ছিঙি অল্গাই 

আলফুলে আৱৰি ৰাখিলে ফুলপাহক 

আশীৰ্ৱাদত দিলে জীৱন 

বসুমতী হৈ  সামৰি থলে গাখীৰতী বুকুৰ 

কেঁচা ঘাঁ

শুনিছোঁ  যুদ্ধই নিশ্চিত  কৰে  

আমাৰ বুদ্ধত্ব 


( চাৰি)

নাদিয়া আৰু  তেওঁৰ তিনি বন্ধুৰ নামত নাচে ৰাগ আৰু ৰাগিনী

ভায়লিনৰ সুৰেৰে টোকে ইউক্ৰেনৰ চকুপানী 

কোনে কয় সংগীত ঔষধ নহয় পৃথিৱীৰ ব্যাধিৰ  

যুদ্ধ  নো তেনে কি?

ৰক্তাক্ত পৃথিৱীৰ 

খোজ পশ্চাদমুখী 

ফুল হৈ ফুলে 

নাদিয়াৰ সুৰ সূৰ্যমুখী 

ইউক্ৰেইনৰ  আকাশ জুৰি

বৈ যায় এজাক বুদ্ধ বতাহ

হাঁহি হাঁহি ...

(সম্প্ৰতি অলহা, এঞ্জেলা, ল্গা   আৰু নাডিয়াসহ  চাৰিগৰাকী ভায়লিন বাদকে  দেশভক্তিৰে  দখল কৰিছে বাতৰিৰ শিৰোনাম। )

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ