অন্যযুগ/


তেজৰ দৰে ডোঙা বান্ধি হাহাকাৰবোৰ...

ধ্ৰুৱজ্যোতি দাস


বৰ লাজ লাগিব জানা,

যুদ্ধৰ বিষেৰে জন্ম পোৱা অপুৰঠ শিশুহঁতে 

এদিন যেতিয়া তোমাৰ কথা পঢ়িব

সিহঁতৰ পাঠ্যপুথিত

লিখিব স্কুলৰ ডেক্সত...

বৰ লাজ লাগিব৷ 

বৰকৈ লাজ লাগিব জানা,

গোলা-বাৰুদৰ ধোঁৱাবোৰ পি পি 

গৰ্ভৱতী গছবোৰে যেতিয়া

সেউজীয়া পাত মেলিব নোৱৰা হ’ব

ক’লা-ধোঁৱাৰঙী পাতেৰে ভৰি পৰিব 

অৰণ্যৰ উপনিষদ -

বৰকৈ লাজ লাগিব৷

বৰকৈ লাজ লাগিব জানা,  

নিচুক উদৰত যুঁজৰ দীঘল ঠোঁট 

পখলাৰ পিচত 

ত্ৰাসৰ ঘোলা বতাহত ঘূৰি থাকিব মাকহঁত -

ঘেঁহুৰ পথাৰবোৰৰ

গোমধানৰ পথাৰবোৰৰ 

বতাহ ফালিবলৈ,

পণিয়লী পোণাৰ শৰীৰ ল’বলৈ

তিৰোহঁতে যেতিয়া যুগলৈকে আৰু 

প্ৰসৱ কৰিব নোৱাৰিব শিশু শৰীৰৰ শিশু...

বৰ লাজ লাগিব৷

বৰকৈ লাজ লাগিব জানা,

তোমাৰ বাবেই যেতিয়া ঠিক তেজৰ 

দৰে ডোঙা বান্ধি থাকিব হাহাকাৰবোৰ

আৰু তোমাৰ বাবেই তেজৰ 

ডোঙাৰ তলত এখন দেশৰ মানচিত্ৰ... 

বৰ লাজ লাগিব৷ 

বৰকৈ লাজ লাগিব জানা,

তোমাৰ বাবেই

তেজৰ ডোঙাৰ তলত এই দেশ 

ইউক্ৰেইন ! ইউক্ৰেইন !/ 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ