অন্যযুগ/


গাঁওবোৰ গাঁও হৈ থাকক

অংকুৰণ আৰ্ফ


গাঁওবোৰ গাঁও হৈ থাকক চিৰদিন চিৰকাল

গাঁওবোৰ গাঁও হৈ থাকিলেই ভাল

গাঁৱতহে মাতৰ নাই আকাল

গাঁৱতহে ভৰুণ হৈ থাকে ধানৰ ভঁৰাল                                                                   

গাঁৱে গাঁৱে বন্তি জ্বলাই জ্যোতিপ্ৰসাদৰ ল'ৰাবোৰ জীয়াই থাকক

গাঁও আছে বাবেই আমাৰ  আছে মান

গাঁও আছে বাবেই আমাৰ আছে  প্ৰাণ

গাঁও আছে বাবেই আমাৰ আছে ধান                                   

গাঁও আছে বাবেই আমাৰ আছে জীৱন

 

জোৰ্তিময় গান গাঁওবোৰ গাঁও হৈ থাকক

একেই থাকক গাঁৱৰ নদীৰ গতি

একেই থাকক গাঁৱৰ গছবোৰৰ সেউজীয়া সুদৃশ্য ছবি

অৰণ্যৰ চৰাইৰ কাকলি                                                                   

 

গাঁওবোৰ গাঁও হৈ থাকক

একেই থাকক পথাৰৰ সোণালী হাঁহি

একেই থাকক মাটি মানুহৰ  বুকুৰ বাঁহী                                      

একেই থাকক নামঘৰৰ আসনৰ তলৰ সম্প্ৰীতি-সমন্বয়-একতাৰ একেইগছ চাকি

একেই থাকক পঢ়াশালিত অসমীয়া অমৃত ভাষাৰ লিপি

একেই থাকক আই-পিতাই-আইতা-ককা-মাহী-পেহী-আপাদেউ-নিচাদেউ-এনাই এই  সম্পৰ্কবোৰৰ

সুমধুৰ এনাজৰী                                                                 

একেই থাকক ব'হাগৰ হুচৰি মাঘৰ মেজি কাতিৰ তুলসী তলৰ চাকি

একেই থাকক চাকৰি এটা পোৱাৰ বাসনাৰে

ৰাতিপুৱা-আবেলি ফিল্ডত দৌৰি ফুৰা ল'ৰাবোৰৰ সপোন-সাধনা

হাবিমুখী হৈ লক্ষ্যভ্ৰষ্ট নহওক সিহঁতৰ জীৱন আখৰা!                                                                  

একেই থাকক গাঁৱৰ গধূলিৰ ডবাৰ ধ্বনি                                

ভাওনাৰ ৰাতিৰ খোল-কাঁহৰ মাত

একেই থাকক নিয়ৰত তিতা সাতামপুৰুষীয়া ৰাসৰ ৰাতিৰ ৰাধা-কৃষ্ণ অহাৰ বাট

একেই থাকক কীৰ্তন-নামঘোষা-ভাগৱত

গাঁওবোৰ চিৰকাল গাওঁ হৈ থাকক

গাঁওবোৰ এদিন মিউজিয়ামত বন্দী নহওক

- ইয়াত এখন গাঁও আছিল এই বুলি কোনো কবিয়ে কবিতা লিখিব লগা নহওক কোনো কালে,

আমি লওঁ আহক তাৰে শপত।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ