হেমচন্দ্ৰ কছাৰী
স্তন্যপায়ী সকলো পুংলিংগৰে থাকিব লাগিছিল একোটা স্তন
যেন সূৰুযৰ কিৰণ - কুঁহিপাতৰ জীৱন
আহকচোন কৰোঁ, আমাৰেই কিছু ক্ষেত্ৰ পৰিদৰ্শন
(হাতী তিমি বাদুলী আদি দূৰতে থাকক
আজি)
জীৱ এটা ভূমিস্থ কৰিয়েই
নিমখ আনিবলৈ গুচি যোৱা তিৰোতাসকলৰ স্বামীসকলক
খুব প্ৰয়োজন হয় একোটা স্তন
কাঠগড়াৰ গীতাত হাত থৈ ৰেডক্লিফ লাইন টনা
বহু পুৰুষক প্ৰয়োজন হয়
একোটা স্তন
চঞ্চল মলয়াৰ বা লগা চঞ্চল তিৰোতাসকলৰ
বহু স্বামীক প্ৰয়োজন হয়
একোটা স্তন
স্তন থাকিও নথকাৰ দৰে হোৱা তিৰোতাসকলৰ
স্বামীসকলকো কেতিয়াবা প্ৰয়োজন হয়
একোটা স্তন
পুৱা গৈ সন্ধিয়া ঘৰত সোমোৱা
তিৰোতাসকলৰ
বহু স্বামীক প্ৰয়োজন হয়
একোটা স্তন
বাট-পথৰ স্পন্দন বুটলি ফুৰাসকলকতো
প্ৰয়োজন হয়েই
একোটা স্তন
উপসংহাৰ-
কেৱল দুধদানিয়ে মচিব পৰা হ’লে চকুলো
নহঁহুৱালোহেঁতেন কাকো
নুসুধিলোহেঁতেঁন এ. আই.-কো
দুগ্ধৰ বাবে দগ্ধ হোৱা সপোনৰ হিচাপ।
ঠিকনা :
গাঁও- ২ নং ঘেয়াৰী
ডাক- জীয়াঢল চাৰিআলি
জিলা- ধেমাজি ( অসম)
পিন- ৭৮৭০৫৭
ভ্ৰাম্যভাষ- ৯৯৫৭৫৪২০৭০