ড॰ হেমন্ত কুমাৰ হাজৰিকা
খেতিয়কৰ বোলে বৰ সাহ
ন-আলি দি থাকোঁতে কেতিয়াবা
সন্ধিয়া নামে
ধনগুলৈ জ্বলিলে পোহৰৰ বাট
বিচাৰি ফুৰে
সৰ্বহাৰাৰ দুখে ঢুকি নোপোৱা
বাট এটাৰ আঁত
গৰমৰ ভৰ বুকুৱে নসহে
মুধচত বেলিটি পকিলে
ৰঙাজানৰ পানীও তেতিয়া উতলে
কলমৌ তলৰ মাছ জাক পাতি ওলায়
উজাওঁ নে ভটীয়াওঁ ভাবিও নাপাই
বঙিয়াইদি খোজ লয় মাছুৱৈ
খালৈৰ তলিও নভৰে, ভোকটোহে
বাঢ়ে
ফুটুকলাৰ আঁৰতে উদে জোপ লৈ
থাকে
সুবিধা পালেই ভেটাতে উঠে
একুৰিয়ামত বন্দী হয় ৰঙা নীলা
মাছ
খাব নে চাব?
জেঠৰ উছাহ আহাৰ সোমাল
ৰ'দত ঘামে, বৰষুণত তিতে
কঢ়োৱা মাটিত সমাৰ পৰিল
কঁঠিয়া সেৰেঙা হ’ল
পানীত, বানপানীত নহয়
বৰষুণে খুন্দিলে
কঠীয়াৰ ধান ৰজাঘৰে নিদিয়ে
ভঁৰালৰ হিচাপত আউল
মুছি খোৱা কঁঠালো পুৰঠ হ’ল
পকা আলিত বুৰ্জোৱাৰ কুচকাৱাজ
হালখতি হিচাপৰ আখৈ ফুটে
পথাৰত ধান হে সোণালী হয়
পথাৰত নিমখ নগজে
নিমখৰ কদৰ বাঢ়ে, দাম নাবাঢ়ে
ঠিকনা :
সহকাৰী অধ্যাপক, ন্যায়িক অধ্যয়ন কেন্দ্ৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড়
ভ্ৰাম্যভাষ : ৬০০২৫৩৬৮০৩