অন্যযুগ/


পশুপালকৰ উপাখ্যান

 সঞ্জীৱ সভাপণ্ডিত

শ্ৰীকৃষ্ণ বোলে নন্দ-যশোদাৰ ঘৰত গৰখীয়া আছিল৷ ঘৰৰে লৰা; গতিকে গৰু চৰোৱাটো এটা দায়িত্ব৷ সন্তান আচলতে বসুদেৱ-দৈৱকীৰ৷ কিন্তু গুৱালৰ ঘৰত লালিত-পালিত৷ গুৱালৰ ঘৰত গৰুৰ আপদাল কৰাটো এটা নিত্য-নৈমিত্তিক কামেই৷

বাকীবোৰ কথা আমি জানোৱেই৷ সমনীয়াৰ লগত কৰা দুষ্টামিবিলাক বা শ্ৰীকৃষ্ণৰ শিশুলীলাৰ অলৌকিক কাহিনীবিলাককালীয় দমন, অঘাসুৰ বধ, চক্ৰবাত অসুৰ নিধন বা তেনেবোৰ কথা৷

মোৰ সেই সাধুবোৰৰ প্ৰতি সিমান আকৰ্ষণ নাই৷ শ্ৰীকৃষ্ণই বাঁহী বজোৱা কথাটোৰ প্ৰতি মোৰ উৎসুকতা আছে কাৰণ সৰুতেই ভূপেন হাজৰিকাৰ মুখত শুনাহে মাই যশোৱা হে’ – গানটোৱে মোক বৰকৈ উখল-মাখল লগাইছিল৷ বাঁহৰ বাঁহী এটা নিজেই সাজি লৈছিলোঁ৷ পিছে কোনো কামত নাহিল৷

বৃন্দাবনৰ গোপ-গোপিনীৰ ঘৰবিলাকত থকাৰ নিচিনাকৈ আমাৰ নাজিৰাৰ ঘৰতো দৈৰ ভাণ্ড এটা আছিলআইতাৰ জুহালৰ ওচৰত৷ মুধচৰ পৰা ওলমাই ৰখা বেতৰ বিৰিয়া (চক্ৰাকাৰ ধাৰক) এটাত  মাটিৰ এটা পাত্ৰ আছিল৷

সেইটো পিছে মোৰ আকৰ্ষণৰ কেন্দ্ৰ বৰকৈ নাছিল৷ গৰম গাখীৰৰ দৈ পতাটো বৰ এটা নিয়মৰ কথা নাছিল আমাৰ দিনৰ ঘৰবিলাকত৷ কেঁচা গাখীৰেৰে দৈ-মাটিৰ টেকেলিত-বাঁহৰ চোঁচেৰে মেৰিওৱা-ওলমাই বা নিবলৈ থবলৈ সুবিধা৷

অনৰবৰতে গৰু-ছাগলীৰ লগত সময় কটোৱা মানুহবিলাক সিহঁতৰ নিচিনাই ওদা হয়গৈ নেকি বাৰু! কথাটো মনলৈ আহিল আমাৰ দিনৰ কথা ভাবি৷

মি গৰু চৰোৱা নাছিলোঁ৷ বাৰীত গৰু এৰাল দিছিলোঁ বা চৰিবলৈ এৰি দিছিলোঁ৷ নৈৰ পাৰত, ওচৰৰ বিলৰ পাৰত, মথাউৰিৰ দাঁতিত ঢেৰ ঘাঁহ আছিল৷ তাতে আমাৰ গৰুবিলাক চৰিছিল আৰু গধূলি ঘৰলৈ ঘূৰি আহিছিল৷ 

আমাৰ গাঁৱৰ ওচৰৰ গাঁওবিলাকৰ কিছুমান লৰা কিন্তু দিনৰ দিনটো গৰু-হৰ লগত ব্যস্ত হৈ থকা মই দেখিছিলোঁ৷ তেনেকুৱা লৰা কিছুমান মোৰ লগৰ লৰাও আছিল৷ গৰু-হবোৰ চৰিবলৈ দি সিহঁতবোৰে দিনৰ দিনটো ধিতিঙালি কৰিয়েই কটাই দিছিল৷ সিহঁতৰ লগতে মই বিলৰ পাৰতচেঁচুখান্দিছিলোঁগৈ; গৰৈ-চেঙেলী-মাগুৰ-কাৱৈ মাছ ধৰিবলৈ বৰশী টোপাইছিলোঁ; বৰশীৰ টোপৰ বাবে কেঁচু-কুমটি খান্দিছিলোঁ; কেঁচা আম ফৰ্মুটিয়াই পাৰি চকলিয়াই কলপাতত মেলি নিমখ-জলকীয়াৰে ওঁঠ-কোৱাৰি ফৰফৰাই যোৱাকৈ খাইছিলোঁ; জোক-মহ-ডাঁহৰ কামোৰ খাই খাই ভৰি-হাত-পিঠি-গাল ডমলা-ডমল হৈ পৰিছিল; ৰবাব টেঙা বখলিয়াই মহৰ পিঠিত উঠি কিৰিলিয়াই কিৰিলিয়াই খাইছিলোঁ৷ মুখত অসমীয়া ভাষাৰ আটাইকেইটা অবাইচ মাত আখৈ ফুটাদি ফুটিছিল৷ ওচৰে-পাজৰে জনসমাগম একেবাৰে নাছিল৷ গতিকে কথা-কামৰ অবাধ স্বাধীনতা আছিল৷ আমৰলি পৰুৱাৰ বাহ পৰাৰ পৰা, গৰুৰ ওহাৰত মুখ দি গাখীৰ খোৱাৰ পৰা, কচু-ঢেঁকীয়া বোটলা, বিড়ি-চুৰট হোঁপা, ঘামচি ফুটুৱা, লোকৰ বাৰীৰ বাঁহগাজ চুৰি কৰা, লগৰীয়াৰ যৌনাংগ পৰীক্ষা কৰা, নাঙঠ হৈ বিলত গা-ধোৱা আদি সন্ধিয়ালৈকে লানি নিছিগা কামৰ ব্যস্ততাৰ প্ৰকোপত কিন্তু আঁঠুৰ ওপৰলৈকে বগা হৈ যোৱা বোকাৰ খজুৱতিও তল পৰা নাছিল৷

এই সকলোবোৰৰ মাজে মাজেগাটো কেলেই বহি আছে, তাৰ কি হৈছে, তাৰ চকুত পানী কেলেই, তাৰ গোবৰত হালধীয়া ৰং কেলেই, মূৰটো কেলেই পেলাই আছেবুলি দুবছৰীয়া বলধটোৰ ওচৰত বহেগৈ তাৰে কোনোবা এটা৷

গৰুটোৱে একো নকয়; কিন্তু তাৰ লগতবলেনেঘণ্টাৰ পাছত ঘণ্টা কথা পাতে৷ গৰুটোৰ কাণ-মূৰ চাফা কৰি দিয়ে, ডিঙি মোহাৰি দিয়ে, কিবা বন-লতা আনি দিয়ে, গছৰ পাতত পানী আনি দিয়ে, মহ-ডাঁহ খেদাই দিয়ে, চিকৰা গুচাই দিয়ে আৰু গধূলি বাকীবোৰ আগবাঢ়িলেওবলেনগাৰ লগত লাহে লাহেহে ঘৰমুৱা হয়৷

বলেনহঁততেনেকৈয়ে থাকি গল৷ স্কুলৰ দেওনা পাৰ নহল৷ গৰু-হৰ লগত থাকি থাকি পৃথিৱীত কত কি ঘটি আছে, পৃথিৱীৰনো কত কি আছে, অন্য ঠাইত তাৰ সমনীয়াবোৰে কি কৰি আছে, ৰেডিঅ’-খবৰ কাগজে কি কৈছে, কি বাতৰি আনিছে, পৃথিৱীত আনন্দ বুলি আৰু কিবা আছে নেকিএইবিলাকৰ একোৰে বুজ লবলৈ নহল৷ যেতিয়া বয়স হ, মানে যেতিয়া গাভৰু দেখিলে সম্ভোগৰ ভাব মনলৈ অহাৰ বয়স হ, তেতিয়া ঘৰত বিয়াৰ কথা কলে৷ ছোৱালীও তেনেকুৱাগাত পিৰপিৰণি উঠে, মন ৰাইজাই কৰে কোনোবা ডেকাক দেখিলে৷ গতিকে বিয়া হল৷ লৰা-ছোৱালী হল৷ বাপেক গৰু-হৰ লগত ডাঙৰ-দীঘল হোৱা, মাক ঢেঁকী-পথাৰ-কঠিয়া-ভূঁই-খৰি-পানী-দানা-দাৱনৰ লগত দিন কটোৱা৷ গতিকে সন্তান অনুমেয়৷

কথাটো মনলৈ আহিল নগাঁৱৰ ফালে অলপতে এদিন যাওঁতে গৰু এজাকৰ লগত ওমলি-জামলি থকা এজাক কিশোৰক দেখি৷ শ্ৰীকৃষ্ণ বাৰু ভগৱান বুলি কিবা এটা হলগৈ৷ কিন্তু তেওঁৰ লগৰবোৰৰ কি হল আমি গম নাপালোঁ৷ এইজাকৰ কোনটো কি হবগৈ আঁতৰৰ পৰা উমান পোৱা টান৷ কিন্তু মোৰ লগৰবোৰ তেনেকৈয়ে থাকি গল বুলি মই গম পালোঁ৷

কথাটো মনলৈ আহিল এটা অভিজ্ঞতা সোঁৱৰণিৰ হাত ধৰি। মৈশাল গীত এটা বিচাৰি এবাৰ গোৱালপাৰাৰ পৰা বহুদূৰ ভটিয়াই ব্ৰহ্মপুত্ৰমাজৰ চৰ এটা পাইছিলোঁগৈ৷ তাত প্ৰায় ৫০০ মান মহৰ মাজত ৪/৫ জন মহ ৰখীয়াক পাইছিলোঁ৷ তাত তেওঁলোক আছিল, নীলা পলিথিনৰ চালৰ, তৰ্জাৰ বেৰৰ এটা ঘৰত৷ লগত আছিল মাত্ৰ এলুমিনিয়ামৰ চচপেন, কেৰাহী, চাউল, আলু, তেল, নিমখ, পিয়াঁজ, হেতা, দা, কটাৰী৷ পৃথিৱীত কত কি হৈছে তেওঁলোকৰ খবৰ নাই৷ সেইটো আছিল এটা পৰিয়ালবাপেক, খুড়াক, পেহাক আৰু দুটা সৰু লৰা; এটা দহ বছৰীয়া আৰু আনটো আঠ বছৰীয়া৷ তেওঁলোকৰ ঘৈণীয়েকবিলাক আৰু কন্যা সন্তানবিলাক গাঁৱত৷

হ লাগে গাখীৰৰ বাবে বা পূজাত বলি দিবৰ বাবে৷ আমি কথা পাতি আছিলোঁ৷ লৰাকেইটা আমাৰ ওচৰলৈ আহিলেই বাপেক-খুড়াকে গালি পাৰি খেদাই দিছিল– ‘সৌটোক এটাক শিঙেৰে খুচিলেতেজ ওলাইছেকি চাই আছ!’- বুলি৷

আমাৰ সমস্ত সময় কেৱল মহৰ বেমাৰ, গাখীৰ, নাৱত অহা মহৰ দৰৱ, হৰ পোৱালি, গৰ্ভৱতী মহৰ কথা আদিৰেই পাৰ হৈ গল৷ সাহিত্য, ৰাজনীতি, ধৰ্ম, অৰ্থনীতি, বিজ্ঞান, প্ৰযুক্তি, গাড়ী, মটৰ অট্টালিকা, বাতানুকূলতা আদি অনুপস্থিত আছিল৷ বৰ ডাঙৰ দায়িত্ব৷ বহুত মহ৷ গতিকে জামাল আৰু খুৰশ্বিদ দুয়োটাকে মহৰ লগত বিয়া দি দিয়াৰ নিচিনাই হৈছে৷ সিহঁতো কথাই কামে পাৰ্গত হৈ উঠিছে৷

কথাটো মনলৈ আহিল মই প্ৰাতঃভ্ৰমণলৈ যাওঁতে প্ৰায় দৈনিক লগ পোৱামানে দেখা এজনী কুকুৰ ফুৰোৱা গাভৰুক দেখি দেখি৷

তাই থাকে এজন উকীলৰ ঘৰত৷ সৰুতেই মানে ৫ বছৰ বয়সতে তাইৰ বাপেকে তাইক তাত থৈ গৈছিল৷ তেওঁৰ মাটি-বাৰীৰ কিবা মোকৰ্দমা চলিছিল৷ মানুহজন ফীজ দিবলৈ অসমৰ্থ৷ উকীলে কৈছিলমোৰ ফীজ তই বলে নোৱাৰ৷ ঘৰত লৰা-ছোৱালী আছে যদি এটা থৈ যাবিহি, মোৰ কুকুৰটোৰ যত্ন লব লাগে৷ ৰন্ধা-বঢ়া, সৰা-মচা, কাপোৰ ধোৱা, ফুলৰ টাব, বাৰী-ঘৰ চোৱা-চিতা কৰাৰ কাৰণে মোৰ বেলেগ মানুহ আছে৷ সেইমতেই আজি দহ বছৰৰ আগেয়ে তাইৰ বাপেকে তাইক উকীলৰ ঘৰত থৈ গৈছিলহি৷

সেই তেতিয়াৰ পৰাই উকীলৰ কুকুৰৰ লগতেই তাইৰ জীৱন৷ প্ৰথমতে এটা নোমাল সৰুফুটীয়া বগাজাৰ্মান স্পিৎজআছিল৷ তাৰ কাৰণে বেলেগ আঁঠুৱা তৰা বিছনা আছিল৷ পাকঘৰৰ ওচৰৰ ৰেকত টেমা আৰু পেকেটত খাদ্য আছিল৷ সপ্তাহত গা ধুৱাবলৈ এটুকুৰা চাবোন আৰু মাহেকত গা ধুৱাবলৈ এটুকুৰা বেলেগ চাবোন আছিল৷ তাই গাত সানিবলৈ Ponds পাউদাৰ আছিল কিন্তু কুকুৰটোৰ বাবে বেলেগ পউদাৰো আছিল, পাৰফিউমো আছিল৷

কুকুৰটোৰ লগত থকাটোৱেই টাইৰ একমাত্ৰ কাম আছিল৷ কুকুৰটোৰ ফটো উকীলৰ ড্ৰয়িংৰূমৰ আটাইবোৰ বেৰত ভমকা ভমক ফুলৰ নিচিনাকৈ ৰখা হৈছিল৷ তাইৰ ফটোও আছিলচালে চকু ৰোৱাকৈ৷ৰলি’-ৰ লগত তাই একাত্ম হৈ পৰিছিল৷ তাৰ প্ৰতিটো অংগী-ভংগী আৰু মন তাই পুৰা বুজি পাইছিল৷

সেইটো কুকুৰ মৰাৰ পাছত এটা লাব্ৰাডৰ অনা হল৷চুজি’-ৰ লগতো তাই একাত্ম হৈ পৰিব পাৰিলে৷ তাই উকীলজনে তাইৰ বাপেকৰ মাটিৰ কেছ কেতিয়া শেষ কৰিব একো বুজিব নোৱাৰিলেও, ‘চুজি’-ৰ লগত তাই সুন্দৰকৈ কথা-বতৰা চলাই থাকিল৷ তাই দিলেহে চুজি’-য়ে খায়৷ তাই মাতিলেহে আহে৷ উকীলৰ লৰা-ছোৱালীৰ লগত তাইৰ তেনে কোনো কথা নাই৷ কুকুৰৰ প্ৰতিয়েই উৎসৰ্গিত তাইৰ জীৱন৷

চুজিঢুকুৱাৰ পাছত ৰণআহিল৷ সি এটাপুগ’ (Pug)৷ তাইৰণৰ লগতো একাত্ম হৈ পৰিছিল৷ কিন্তু উকীলৰ ছোৱালীৰ পচন্দ নোহোৱাত মালিকে এটাৰ্ডাৰ কলি’ ( Border Collie) আনিলেউকীলনীয়ে নাম ৰাখিলেৰাণী৷ পিছে ছমাহমানৰ পাছত তাইৰ mating-ৰ সমস্যা হল৷ ডাক্তৰমনস্তত্ত্ববিদ বহুতৰ লগত আলোচনা কৰি অৱশেষত তাইক ঘৰৰ পৰা লৈ যোৱা হল৷

এতিয়া শেহতীয়াকৈ আহিছে এটা পমাৰেনিয়ান’ (Pomeranian)৷ আমৰলি পৰুৱাৰ ৰঙৰ কুকুৰটো নোমে-মনে বৰ জাতিষ্কাৰ৷ তাৰ লগতে তাইৰ জীৱন এতিয়া সাঙোৰ খাই পৰিছে৷ সি Rap music ভাল পায় আৰু তাৰ তালে তালে নাচে৷ গতিকে তাই এশটামান গান মুখস্থ কৰি লৈছে; নিজেও গায় আৰু computer-ত বজাই এলেক্সা’-ৰ যোগেদি শুনায়৷

আগৰ দুটা কুকুৰ খুব কম দিনৰ ভিতৰত হৰণ-ভগন হোৱাৰ কাৰণে উকীল আৰু উকীলনী বৰ চিন্তিত আৰু সেয়ে এইবাৰ তেওঁলোকে নিজেও অলপ চকু দিছে৷ ৰাতিপুৱা গধূলি ফুৰাবলৈ নিওঁতে ছোৱালীজনীয়ে তাৰ টিকাত এবিধ বিশেষ ধৰণৰ মোনা পিন্ধাই নিয়ে, যাতেপটিকৰাত একো অসুবিধা নহয়মানুহেও নেদেখে আৰু ৰাষ্টাও লেতেৰা নহয়৷ এইবোৰ কৰি কৰি তাই ইমান ধুনীয়া পাহোৱাল ছোৱালীজনীকুকুৰময়হৈ পৰিছেগৈ৷

ছোৱালীজনীয়ে ৰাষ্টাত অন্য একোলৈকে নাচায়৷ কেৱল কুকুৰটোৰ ওপৰতে চকু৷ সিদিনা হঠাৎ কেইটোপালমান আচম্বিতে বৰষুণ আহি যোৱাত তাই মানুহজনী কুকুৰটো সাবটি ৰাষ্টাতে বহি পৰিল, যাতে কুকুৰটোৰ গাত এটোপাও পানী নপৰে৷ কেনেবাকৈ জ্বৰ-তৰ উঠিলে কি হ! কিন্তু বৰষুণ অকণমান দীঘলীয়া হব যেন পাই তাই তাক বুকুত সুমুৱাই দৌৰ মাৰিলে ঘৰলৈ৷

কথাটো মনত পৰিল কেইদিনমানৰ আগতে এটা অফিচলৈ যাওঁতে৷

২০১৯ চনতে মই অফিচটোত এটা প্ৰস্তাৱ দিছিলোঁ৷ কথাটো তেতিয়া একো আগ নাবাঢ়িল৷ মূৰব্বীবিলাক সঘনাই বদলি হৈ থাকে৷ তলৰ মানুহবিলাকে কথাবিলাক নুবুজে৷ ফাইলত লিখিবলৈ সাহস নকৰে৷ মই গৈ কথাটো বুজাই দিলেও লিখোঁতে কিবাকিবিবোৰ লিখে৷ ফলত একো নহয়৷

কথাটো মোৰ একো জীৱন-মৰণৰ কথা নহয়৷ এটা ৰাজহুৱা ৰাষ্টাৰ কথা৷ সেয়ে মই সদায় গৈ থকাও নাছিলোঁ৷ গতিকে কথাটো দেৰি হৈ গৈ আছে৷

এইবাৰ এজন নতুন মুৰব্বী আহিল৷ তেওঁক কলোঁগৈ৷ তেওঁ কথাটো দুবছৰ হল বুলি শুনি আচৰিত হল আৰু কাগজ পত্ৰবোৰ-ফাইলটো আনিবলৈ দিলে৷ ফাইলটো পঢ়ি চাই তেওঁ মোক কলেআপুনি আপোনাৰ প্ৰস্তাৱটো চাই-চিতি .... লৈ recommend কৰিবলৈ লিখিছিল; কিন্তু এওঁলোকে কামটোৰ বাবে PWD-ৰ পৰা estimate বিচাৰি চিঠি লিখিছে৷ Estimate অহা নাই, গতিকে চিঠিখন লিখা হোৱা নাই৷

মই ভাবিলোঁ এই মানুহবিলাকৰ মাজত এই মানুহজনে কেনেকৈ কাম কৰিব? মই কতবাৰ গৈছোঁ, কিবা নুবুজিলে মোক সুধিলেই হয়৷ মই সুধিলে কৰি আছোঁ’, ‘কৰি আছোঁবুলি কয়৷ মোৰ ফোন নম্বৰো দিয়া আছে, কিবা সুধিব লগা থাকিলে ফোন এটা কৰিলেই হয়৷ কিন্তু সেইবোৰ একো নঘটিল৷

এই মানুহবিলাকক এই মানুহজনে এতিয়া কেনেকৈ চম্ভালিব বা চলাব? প্ৰত্যেকটো মানুহেই একোটা একোটা পূৰঠ মানুহ৷ প্ৰত্যেকৰে কিবাকিবি স্কুল-কলেজৰ ডিগ্ৰী আছে৷ কিন্তু অফিচটোৰ ১০/১২ টা মানুহে মাহেকৰ সমূহীয়া ৫-১০ লাখ টকা দৰমহাৰ বিনিময়তো এখন কাগজো শুদ্ধকৈ লিখিব বা এটা কামো নিয়াৰিকৈ কৰিব নোৱাৰে৷ একমাত্ৰ মূৰব্বীজনৰ খোঁচতহে যদি কিবা কাম হয়, হয় আৰু৷ অৰ্থাৎ গৰুৰ জাকটোক গৰখীয়াটোৱে চিঞৰি-বাখৰি এছাৰিৰে কোবাই দৌৰি হেঁকিয়াই নিয়াৰ দৰে এই মূৰব্বীজনেও গৰখীয়াৰ ভূমিকাটো পালন কৰিব লাগিব৷ নহলে সকলোবোৰ উদঙীয়া গৰুৰ নিচিনা হৈছে৷ কোন কেতিয়া আহিছে-গৈছে কাৰো নিয়ন্ত্ৰণ নাই৷ কাম শিকাৰ প্ৰতি কাৰো তিলমানো আগ্ৰহ নাই৷

নহলে তেৱোঁ এই গৰুৰ জাকৰ লগত বা মহৰ জাকৰ লগত বা কুকুৰৰ জাকৰ লগত থাকি থাকি এক ধৰণৰবিশেষ জন্তুহৈ পৰিব লাগিব৷ বহুত অফিচত বহুত কৰ্মদক্ষ মানুহ আছে, বহুতৰ বহুত আনন্দদায়ক অভিজ্ঞতাও হৈছে; আনকি মোৰো বহুত ঠাইত বহুত ভাল অভিজ্ঞতা হৈছে৷ কিন্তু তথাপি কওঁ যে আমাৰ সৰহভাগ অফিচতেইভালমানুহগৰখীয়াহৈ যোৱাৰ আশংকাই বেছি৷ আচলতে মাত্ৰ কেইজনমান মানুহেৰেই একোটা কাৰ্যালয় বহুত দক্ষতাৰে চলাব পাৰি৷ বাকীবিলাকক বাঘক খাবলৈ দি দিব পাৰি

কিন্তু এই পালটোক এৰিবও নোৱাৰি ধৰিবও নোৱাৰি৷ গৰুক যেনেকৈ গাখীৰ, ছাল, মাংস আদিৰ বাবে লাগে এই পালটোকো সিহঁতৰ পৰিয়ালটোক ভৰণ-পোষণ দিবৰ বাবে লাগে৷ অন্যথা সিহঁতৰ কাৰ্যালয়ত একো কাম নাই৷

মই জীৱনত দেখা সঁচাসঁচি গৰখীয়া, হপালক, কুকুৰৰখীয়াবিলাক জীৱনত স্থবিৰ হৈ পৰাৰ নিচিনাকৈ আমাৰ অফিচবিলাকৰ এই গৰ্দ্ধবসদৃশ পালবিলাকৰ লগত পৰি তাত থকা চোকা, দক্ষ, উৎসাহী মানুহবিলাকো স্থবিৰ হৈ পৰা দেখিছোঁ৷ তাতে ব্যৱস্থাটো হল এই যে দোষ কৰিলে শাস্তি আছে, কিন্তু ভাল কাম কৰিলেপুৰস্কাৰ নাই৷ গতিকে, টেঙৰ গৰখীয়া আৰু ধেঙৰ মূৰব্বী পলায়স্থানত্যাগ কৰে৷ আনহাতে পালটোৱে তেওঁলোকৰ মানদণ্ডৰ সাফল্যৰে চাকৰি জীৱন বা নিজৰ জীৱনটোৰ পৰিসমাপ্তি ঘটায়৷

কথাটো মনলৈ আহিল এগৰাকী অসমীয়া ছোৱালীয়ে কোৱা তেওঁৰ এটা অভিজ্ঞতাৰ কথা মনলৈ অহাত৷ তেওঁ পঢ়া-শুনাত বৰ চোকা৷ অক্সফৰ্ড বিশ্ববিদ্যালয়ত গৱেষণা কৰিছিল৷ জাৰ্মানিৰ এখন বিশ্ববিদ্যালয়তো অধ্যাপনা কৰিছিল৷ ২০১০-১২ চনমানত এদল অধ্যাপকৰ দলত তেওঁক সন্নিৱিষ্ট কৰা হৈছিল- আফগানিস্তান পুনৰ নিৰ্মাণ প্ৰকল্প এটাৰ অধীনত কাবুল বিশ্ববিদ্যালয়লৈ গৈ তাত কিছুমান পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা আছিল তেওঁলোকৰ কাম৷ তেওঁ অংকৰ অধ্যাপনা কৰিছিল৷ কাবুল বিমান বন্দৰৰ পৰা তেওঁলোকক বিশ্ববিদ্যালয়ৰ অতিথিশালালৈ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে লৈ যোৱা হৈছিল৷ ৰাতি শুবৰ সময়ত তেওঁলৈ ৰিচেপ্শ্বনৰ মাধ্যমেৰে এটা ফোন আহিল – “আমি ইয়াত আপোনাৰ উপস্থিতি অলপো ভাল পোৱা নাই৷ বোৰ্খা নিপিন্ধাকৈ কোনো মাইকী মানুহ ইয়াত ঘূৰা-ফিৰা কৰিব নোৱাৰিব৷ যদি আপুনি আমাৰ নিৰ্দেশ পালন নকৰে তেন্তে আমাৰ শ্বৰিয়ৎ নিয়মমতে আপোনাক মৃত্যুদণ্ড বিহা হব৷

এই ভাবুকি পাই তেওঁ পিছদিনাই আফগানিস্তানৰ পৰা গুচি আহিলতহঁত মৰ-জীয় তহঁতৰ কথা ! মই অধ্যাপনাৰ কামতহে আহিছিলোঁ৷ পঢ়া-শুনাতো যদি তহঁতৰ মান্ধাতাযুগীয়া ধৰ্মৰ নিয়ম চলাবলৈ আহ, তেন্তে কৰি থাক যি কৰ, মোৰ কিহৰ গৰজ পৰিছে! গৰুৰ আগত বীণ বায়, শিং জোকাৰি ঘাঁহ খায়৷   

কথাটো মনলৈ আহিল তালিবানে দখল কৰা আফগানিস্তানৰ কথাবোৰ দেখি-শুনি-পঢ়ি, মোল্লা-বন্দুক-প্ৰশাসন একে হোৱা দেখি৷ এপাল গদ্ধৰ্বসদৃশ হিংস্ৰ জন্তুক চলাবলৈ লৈ বা ইমান দিনে চলাই চলাই সিহঁতৰ গৰখীয়াবিলাকোকেনেবাহৈ পৰিছে! মানুহৰ কৃতিদানৱ৷ সভ্য মানুহৰ দৃষ্টিত পশু৷

সৰুতে ঘৰৰ গৰু-গাই চৰোৱা, নিজৰ ঘৰৰ কাম কৰা, খৰি ফলা, কোৰ মৰা, হাল বোৱা, খেতি-বাতি কৰা মানুহ ডাঙৰ মানুহ হৈছেপ্ৰতিষ্ঠিত মানুহ হৈছেসফল মানুহ হৈছে৷ কিন্তু গৰু-হৰ লগতবন্ধা খটা মানুহেনোৱাৰে৷ নিৰ্বোধ পশুৱে মৰম লগাব পাৰে; জীৱনত মমতা-কাৰুণ্য ৰস দিব পাৰে; বা জীৱনৰ বাবে প্ৰয়োজনীয় দুই এটা জ্ঞান দিব পাৰে; কিন্তু মানুহৰ মাজত থকা মানৱৰ উত্তৰণ ঘটাব নোৱাৰে৷ পশু আৰু পশুপালক একেটা পৰ্যায়তে থাকি যায়সামান্য ইফাল-সিফাল হৈ৷

কথাটো মনলৈ আহিল অসমৰ ৰাজনীতি-সমাজ-অৰ্থনীতিত এদল-এদল, এপাল-এপাল গদ্ধৰ্বসদৃশক দেখি দেখি আৰু সিবিলাকৰ পালক বা ৰখীয়াবিলাকক দেখি দেখি৷ ভেড়াপালকে ভেড়াক বুজে, গৰখীয়াই গৰুক বুজে, হপালকে মহক বুজে, কুকুৰপালকে কুকুৰক বুজে৷ কিন্তু সিমানতে মনুষ্য জীৱনৰ সমাপ্তি ঘটিব নালাগে৷ ১০ বছৰ কুকুৰৰ লগত জীৱন কটাবলৈ বাধ্য কৰোৱা উকীলজনে কাক কি ন্যায় দিয়াব বুজা টান৷ সপ্তম শতিকাৰ ধৰ্মৰ কথাৰে মোল্লাই বাৰু কেনেকৈ একবিংশ শতিকাৰ মানুহক পৰিচালিত কৰিব! শ্ৰীকৃষ্ণ ভগৱান আছিল কাৰণে ডাঙৰ-দীঘল হৈ বৃন্দাৱন এৰি মথুৰা-দ্বাৰকালৈ গৈ মহাভাৰতৰ মহানায়ক হ’ব পাৰিলে৷ কিন্তু কেৱল জীৱ-জন্তুৰ লগত Primitive ধৰণে দিন-ৰাতি কটোৱা মানুহৰ কি হ? আধুনিক ধৰণে পশুপালন উদ্যোগ পাতি পশুৰ লগত সময় কটোৱা হলেও কথাটো বেলেগ আছিল৷

কথাটো মনলৈ আহিল...

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ