অন্যযুগ/


গান্ধী ফাগ্লা : এখিনি তেজে ধোৱা সময় আৰু সমাজৰ খতিয়ান

 গীতিকা শইকীয়া  

সাহিত্য সময়ৰ প্ৰতিবিম্ব। গল্প-উপন্যাস, কবিতা তথা প্ৰৱন্ধ আদি সকলোতে কাহিনী তথা বিভিন্ন বিষয়ৰ উল্লেখেৰে এখিনি সময়ক তুলি ধৰা হয়। পঠনৰ সময়ত সাহিত্যৰ এই কাহিনী তথা বিষয়বস্তুৱে বিভিন্ন পঢ়ুৱৈক বিভিন্ন ধৰণে ৰেখাপাত কৰি যায়। প্ৰায়েই এনে হয় যে কিছুমান গল্প-উপন্যাস, কবিতা আদিয়ে এনে ধৰণে সময়ক তুলি ধৰে যে পঢ়ুৱৈৰ বাবে সেয়া কেৱল সাহিত্য হৈ নাথাকে, তেওঁলোকৰ জীৱনৰ হয়তো একো একোটা অব্যক্ত গাঁথা হৈ পৰে।

অক্টোবৰ মাহৰ অন্যযুগআলোচনীখনত পঢ়া তেনে এটা গল্প হৈছে নীলোৎপল বৰুৱাৰ গান্ধী-ফাগ্লা। গল্পটিত এটি চৰিত্ৰক গঢ়িবলৈ গৈ গল্পকাৰে আমি সকলোৱে পাৰ কৰি অহা এছোৱা সময়ক সাংঘাতিকভাৱে প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে।

গল্পটি পঢ়ি থাকোঁতে বাৰে বাৰে মনলৈ অহা কথাটো হৈছে আচলতে গান্ধী-ফাগ্লাত কি নাই! গল্প এটাত থাকিব পৰা সকলো বৈশিষ্ট্যৰে এটা নিটোল গল্প এই “গান্ধী-ফাগ্লা”।

 মূল চৰিত্ৰ জীউত তেজ-মঙহেৰে এটা জীৱন্ত চৰিত্ৰ, যি আমি আমাৰ জীৱন কালত সততে দেখি আহিছোঁ। ঘৰৰ ওচৰৰ বজাৰখনৰ মাংস কটা মানুহজন হয়তো আমাৰ নিচেই চিনাকি। এই ছাগলী কাটি মঙহ বিক্ৰী কৰা মানুহজন নিশ্চয়কৈ এজন পাষাণ হৃদয়ৰ মানুহ হব বুলিয়েই আমি ধাৰণা এটা লৈ পেলাওঁ, যাৰ দয়া-মমতা, প্ৰেম-ভালপোৱা ধৰণৰ একো অনুভৱ নাই। অথচ সেই সদা পৰিচিত মানুহজনকে গল্পটিৰ মূল চৰিত্ৰৰূপে দেখুৱাওঁতে গল্পকাৰে চৰিত্ৰটোক এক অনন্য পৰিচিতি তথা বিস্তৃতি আৰু গভীৰতা দিবলৈ সক্ষম হৈছে। গল্পকাৰৰ দৃষ্টিভংগীৰে সেই ছাগলী কাটি মঙহ বিক্ৰী কৰা সাধাৰণ কছাইজনেই এজন পৃথক মানুহৰূপে দেখা দিছে। এই পৃথক চৰিত্ৰ জীউতে ঘৰ-সংসাৰ চলোৱাৰ বাবে গ্ৰহণ কৰা নিজৰ পেছাৰ বাবে পাপবোধ অনুভৱ কৰে। সেই পাপৰ ফলতেই একমাত্ৰ কন্যা সন্তানটি বোবা হোৱা বুলিও জীউতে ভাবে। আনকি অসম আন্দোলনৰ সময়ত কোনোবাই জীউতৰ ঘৰ জ্বলাই দিয়াটোও সেই ছাগলী কাটি কৰা মঙহৰ ব্যৱসায়ৰ পাপৰ কাৰণেই হোৱা বুলিও জীউতে ভাবি থাকে। গল্পটিত এই যে পাপবোধৰ কথা কোৱা হৈছে, সেয়া গল্পটিৰ আৰম্ভণিৰ পৰা শেষলৈকে অবিৰতভাৱে গল্পকাৰে ধৰি ৰাখিছে। প্ৰকৃততে এই পাপবোধৰ অনুভৱকেই কাহিনীটোৰ মূল কথা হিচাপে গল্পকাৰে দেখুৱাবলৈ চেষ্টা কৰা যেন লাগিল। অৱশ্যে সেই সময়ৰ সমাজখনৰ ধ্যান-ধাৰণাক দেখুৱাবলৈয়ে যে গল্পকাৰে কাহিনীটো তেনেদৰে গাঁঠি গৈছে সেয়া গল্পটি পঢ়ি যাওঁতে বুজিব পাৰি। যি নহওক, জীউতৰ মনত হোৱা পাপবোধক লৈয়েই গল্পকাৰে কাহিনীটোৰ এনেদৰে আৰম্ভণি কৰিছে,-

জীউতৰ পাপ লাগিছিল। ডাঠ পাপ। আঠালেতীয়া পাপ। পাপৰ মৰা তেজৰ বৰণ পুখুৰী এটাত সি আকণ্ঠ বুৰ গৈছিল।

প্ৰায় এসেৰ ওজনৰ এছটা গোটা লোহাৰে বনোৱা নাল নথকা বেঁকা দাখনেৰে জীয়া ছাগলী এটা ঘাপ মাৰি দিয়াৰ পাপ। মঙহৰ সজ্জাটো ঢিপঢিপাই থকাৰ পাছতো ছাল বখলিয়াই তাত পানী সুমুৱাই দিয়াৰ পাপ।

আন বিভিন্ন পেছাৰ দৰেই ছাগলী কাটি মঙহ বিক্ৰী কৰা, অন্যাৰ্থত কছাইৰ কামো এটা পেছা যিয়ে একো একোখন সংসাৰৰ দায়িত্ব লৈ আহিছে। তেন্তে তাত পাপ কিয় হ? পঢ়ুৱৈৰ মনত এনে ধৰণৰ প্ৰশ্ন উঠিব পাৰে। গল্পকাৰে এই ধৰণৰ ঔৎস্যুক্যৰ এক অদ্ভূত অনুভৱেৰে পঢ়ুৱৈক কাহিনীটোৰ মাজলৈ লৈ গৈছে আৰু সেই ঔৎস্যুক্যক গল্পটিৰ শেষলৈকে বৰ্তাই ৰাখিবলৈকো সক্ষম হৈছে।

কাহিনীটো কৈ যাওঁতেও গল্পকাৰে মাজে মাজে সাংঘাতিক কিছুমান ৰূপকৰ সংযোজন কৰি গৈছে। অথচ সেই আটাইবোৰ ৰূপক তথা বিভিন্ন বিষয় আমি সাধাৰণতেই প্ৰত্যক্ষ কৰিও আহিছোঁ। তেনেদৰে গল্পৰ শেষতো আমি সাধাৰণতেই প্ৰত্যক্ষ কৰা এই জীউতৰ চৰিত্ৰটোৰ মাজতেই কাহিনীটোৰ পৰিণতি থাপি দি পাঠকক চিনাকি ছবি এখনৰ লগতো একাত্ম কৰি পেলাইছে। এইক্ষেত্ৰত গল্পকাৰৰ কৌশলৰ শলাগ লবই লাগিব।

গল্পটিত বৰ্ণিত প্ৰতিটো কথাৰে ইটোৰ লগত সিটোৰ সম্বন্ধ আশ্বৰ্যজনকভাৱে বিশ্বাসযোগ্য। সেয়া পুৰুষৰ বন্ধ্যাকৰণেই হওক, তথা হস্তমৈথুনৰ সময়ত ইন্দিৰা গান্ধীৰ ফটোত চুমা খাই লেলাৱতিৰে ভৰাই পেলোৱাৰ কথাই হওক, সকলোবোৰ কাৰকেই কাহিনীটোক মসৃণভাৱে আগবঢ়াই লৈ গৈছে।

 তুলনামূলকভাৱে গল্পকাৰ নীলোৎপল বৰুৱা এগৰাকী নতুন গল্পকাৰ যদিও তেওঁৰ কল্পনাশক্তি অপাৰ। কৰবাত যদি নিথৰ ছাগলীৰ চকুৰ দৃষ্টিক পাতালৰ অতল তলিৰ বহ্নিজ্বলঃ নৰকৰ লগত তুলনা কৰা হৈছে, তেন্তে আন কৰবাত বধ কৰা ছাগলীৰ তেজক মাখনৰ লগত তুলনা কৰা হৈছে। কৰবাত যদি অভিন্ন বন্ধুত্বৰ বৰ্ণনা কেঁকোসাপৰ লগত কৰা হৈছে, তেন্তে আন কৰবাত ছাগলী কটাৰ পাপৰ লগত ইন্দিৰা গান্ধীৰ শাসনকালত জনসংখ্যা ৰোধৰ বাবে পুৰুষৰ বন্ধ্যাকৰণ কৰাটোও এক প্ৰকাৰৰ পাপ বুলি গল্পকাৰে তুলনা কৰাৰ এই কৌশল সঁচাকৈয়ে অনন্য যেন অনুভৱ হল। বিশেষভাৱে জীউতে বজাৰত মঙহ বিক্ৰী কৰিবলৈ গৈ মঙহৰ কাষতে ৰখা ছাগলীৰ তেজৰ বিৱৰণত বিশেষ নতুনত্ব বিচাৰি পোৱা গ,-

নীলা পানী কাপোৰখনৰ এচুকত বাটি এটাৰ আকাৰত মাখনৰ ল়ডাৰ দৰে পৰি থাকে ছাগলীটোৰ গোটমৰা তেজ।

গোট মৰা তেজৰ তুলনা মাখনৰ লগত কৰিব পাৰি!  কি এক কল্পনা এয়া!

তেনেকৈ দেশৰ এসময়ৰ প্ৰৱল প্ৰতাপী প্ৰধানমন্ত্ৰীগৰাকী কাৰোবাৰ হস্তমৈথুনৰ কাৰক হব পৰা ধৰণৰ কল্পনা প্ৰকৃতাৰ্থতেই অতুলনীয়। সেই হস্তমৈথুনৰ কথা কওঁতে গল্পকাৰে কোনো আড়স্ততা অনুভৱ কৰা নাই। ঠিক যেন পিয়াহত এগিলাছ পানী খোৱাৰ দৰেই সাধাৰণ ঘটনা সেয়া। সেয়েহে জীউতৰ ভাব গল্পকাৰে এইদৰে ব্যক্ত কৰিছে,-

তাৰ প্ৰাক যৌৱনৰ হাজাৰ হস্তমৈথুন ইন্দিৰাজীৰ নামত হৈছিল। হস্তমৈথুনৰ সময়ত সি হনুমান। পৱনপুত্ৰ। ইন্দিৰাজীৰ ৰাম হোৱা নাই কেতিয়াও। সিমান পাপ কৰাৰ ধৃষ্টতা তাৰ নাই।

ডাঠ বীৰ্যৰ শুকান খৰখৰীয়া দাগেৰে বিৱৰ্ণ হৈ পৰিছিল মেৰুন ৰঙৰ সোণালী পাৰি দিয়া শাড়ী পিন্ধা লোহাৰ দৰে কঠিন মানুহজনীৰ ফটো। চুমাৰ পাছত চুমাত মুখৰ লেলাৱতিৰে গলি গৈছিল নেহৰুৰ নাতিনী।

 এই যে হস্তমৈথুনৰ বিৱৰণ নিঃসংকোচে গল্পকাৰে দিব পাৰিছে তাতেই বুজিব পাৰি যে গল্পটোৰ ঘটনাক্ৰমৰ প্ৰতি গল্পকাৰ কিমান বেছি দায়িত্বশীল। কাৰণ নিজৰ নিজৰ জীৱনৰ এটা বয়সত সকলোৱেই তেনে ধৰণৰ কাৰ্যত লিপ্ত হয়। সেয়া স্বীকাৰ কৰা নকৰাটো ব্যক্তিবিশেষৰ নিজৰ কথা। এইক্ষেত্ৰত নিজৰ পঢ়া টেবুলত কিম্বা ঘৰৰ বেৰত চিনেমাৰ শিল্পী আদিৰ বিভিন্ন পজত দিয়া ফটো আঁৰি থোৱাটোয়ে নিশ্চয়কৈ এনে মানসিকতাকে প্ৰতিফলিত কৰে বুলি ধৰিব পাৰি। কিন্তু এগৰাকী ৰাজনৈতিক ব্যক্তিক তেনে এক কাৰ্যৰ বাবে লোৱাটো পঢ়ুৱৈৰ বাবে অস্বাভাৱিক যেন লাগিলেও হয়তো বহুতৰ ক্ষেত্ৰত তেনে হোৱাটো নুই কৰিব নোৱাৰি।

গল্পটোত গল্পকাৰে কেৱল ব্যক্তিকেন্দ্ৰিক জৈৱিকতাৰ বিৱৰণ দিয়েই ক্ষান্ত থকা নাই। লগতে ইন্দিৰা গান্ধীৰ শাসনৰ সময়ত হোৱা ৰাজনৈতিক অদল-বদলৰো বিৱৰণ দি গৈছে। হস্তমৈথুনৰ সময়ত ইন্দিৰা গান্ধীৰ ফটোত চুমা খোৱাৰে পৰা সেই বিৱৰণত ক্ৰমে ক্ৰমে বিহাৰৰ বাবু জগজীৱন ৰামৰ পৰা অসমৰ দেৱকান্ত বৰুৱালৈকে সেই সময়ৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ থৈয়া-নথৈয়াবোৰো হুবহু প্ৰতিফলিত কৰিবলৈ গল্পকাৰ সক্ষম হৈছে। ইন্দিৰা গান্ধীৰ সাংগোপাংগবোৰৰ ক্ষমতাৰ অঁৰিয়াঅঁৰিৰ যুঁজৰ কথা কৈ কৈ সেই সাংগোপাংগবোৰে পিছত ইন্দিৰা গান্ধীৰ ভৰিতেই যে পৰিবলগীয়া হৈছিল সেই কথাবোৰো গল্পটিত উল্লেখ কৰা হৈছে। এই কথাখিনি কাহিনীটোৰ লগত কিভাৱে জড়িত বুলি হয়তো পঢ়ুৱৈৰ মনত প্ৰশ্ন উঠিব পাৰে। কিন্তু এইক্ষেত্ৰতো গল্পকাৰে বিশ্বাসযোগ্যভাৱে উত্তৰ দিবলৈ সক্ষম হৈছে।

ইন্দিৰা গান্ধীৰ ভক্ত হিচাপে নিজকে গণ্য কৰা জীউতে ছাগলী কটা কামটোক ইন্দিৰা গান্ধীৰ সাংগোপাংগবোৰৰ পতনৰ লগত ৰিজাই দেখুওৱা হৈছে। সেয়েহে জীউত চাহুৱে কৈ যায়-

আৰু তাৰ পাছত...

এটাৰ পাছত এটাকৈ মেঘনাদ বধ কৰি গৈছিল। পহিলা মেঘনাদ আছিল ডিব্ৰুগড়ৰ দে্উকান্ত বৰুৱা! তাৰ দেচৰ গৱৰ্ণৰ আছিল। কবিতা লিখি লিখি ইন্দিৰাজীৰ পৰা কুৰ্চী খিৰাই লৈছিল। জীউতে দেৱকান্তক সঁচ দেখিব নোৱাৰিছিল!

ছাগলী কটাৰ বিষয়টোৰে আৰম্ভ কৰি এইখিনিতে মেঘনাদ বধৰ কথাৰ উল্লেখেৰে গল্পকাৰে সেই সময়ত ইন্দিৰা গান্ধীয়ে ৰাজনৈতিক নেতাসকলৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ কথাকে কবলৈ বিচাৰিছে।

সেইদৰে জীউতৰ ঘৰটো অকাৰণে জ্বলাই দিয়া ঘটনাটোৰ যোগেদি অসম আন্দোলনৰ সময়ক দৰ্শাইছে বুলি ভাৱিব পাৰি। অথচ সেই ঘটনাটোকো ছাগলী কাটি মঙহ বিক্ৰী কৰা নিজৰ পেছাৰ বাবে হোৱা পাপৰ ফলতেই হৈছে বুলি জীউতে ভাবি থকাটোত গল্পকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে। কাৰণ গল্পটিত প্ৰথমৰে পৰা মূল চৰিত্ৰ জীউতৰ মনত পাপবোধৰ কথা উল্লেখ কৰি থকা হৈছে। গতিকে জীউতে সমসাময়িকভাৱে ঘটা বা ঘটিব পৰা আন ঘটনাবোৰকো নিজৰ লগত মিলাইহে ভাবি গৈছে। গল্পটিৰ প্ৰথমৰ পৰা শেষলৈকে এই যে পাপবোধৰ উপলব্ধিটো দেখুওৱা হৈছে সেইটো কাহিনীটোৰ এটা বিশেষত্ব বুলিব পাৰি। সাধাৰণ মানুহ জীউতৰ মনত ক্ৰিয়া কৰি গৈ থকা এই পাপবোধৰ অনুভৱটোক মূল বিষয় হিচাপে দেখুওৱা হোৱা বাবেই গল্পকাৰে এই বিষয়টোক শেষলৈকে লৈ যোৱাটোত বিশেষ গুৰুত্ব দিছে।

সেয়েহে জীউতে ভাবিবলৈ লয় যে ছাগলী কাটি হোৱা পাপ ইমান বেছিকৈ লাগিছে যে তাৰ ফলতেই জীউতৰ ঘৰ জ্বলাই দিয়া হৈছে। অথচ অসম আন্দোলনৰ এক কাৰক হিচাপেই যে জীউত চাহুৰ ঘৰ জ্বলাই দিয়া হৈছিল সেইটো গল্পকাৰে স্পষ্টভাৱে উল্লেখ কৰিছে। এই ঘটনাটো বৰ বিশেষ গুৰুত্বপূৰ্ণ নহয় যেন লাগিলেও কাহিনীটোৰ পৰিসমাপ্তিৰ ক্ষেত্ৰত এই ঘটনাটোও এটা কাৰক। দৰাচলতে এই ঘটনাটোৰ উল্লেখেৰে গল্পকাৰে সেই উত্তপ্ত সময়খিনিক সামান্যৰূপে দেখুৱাবলৈ প্ৰয়াস কৰিছে। আনহাতে সেই ঘৰ জ্বলাই দিয়া দুষ্কৃতিকাৰী কেইজনৰ এজন হৈছে জীউতৰ পৰম বন্ধুৰে পুত্ৰ। অথচ সেই বন্ধু বা পুত্ৰৰ প্ৰতিও জীউতৰ কোনো অভিযোগ নাই। পাপবোধৰ ভাৰ ইমানেই বেছি হৈ গৈ থাকে যে জীউতৰ জীৱনত ঘটি অহা সকলোবোৰ ঘটনাৰ কাৰক তাৰ পেছাটোৱেই বুলি সেই সময়লৈ জীউত সম্পূৰ্ণৰূপে পতিয়ন যায়। সেয়েহে এসময়ত অভিন্ন বন্ধুৰূপে গণ্য কৰা ব্যক্তিৰ পুত্ৰৰ দ্বাৰাই জীউতৰ ঘৰ ধ্বংস হোৱাটোক জীউতে নিজৰে পাপৰ ফল বুলিহে ধৰি লয়। এই ঘটনাটোৰে গল্পকাৰে অসম আন্দোলনৰ সময়ছোৱাত বহুতো নিৰীহ মানুহৰ ধন-জন, সংসাৰ নিঃশেষ হৈ যে গৈছিল সেইটোকে দেখুৱাবলৈ চেষ্টা কৰিলে। একে সময়তে তেনে ঘটনাৰ ভুক্তভুগীসকলে যে বহু নেতিবাচকতাৰ প্ৰকৃত কাৰণ নিৰূপণ কৰিবলৈ ব্যৰ্থ হৈছিল সেই সত্যৰ প্ৰমাণো গল্পকাৰে এনেকৈয়ে ৰাখি গৈছে।

গল্পটিত ইন্দিৰা গান্ধীৰ প্ৰতি জীউতৰ প্ৰেম আছিল এক অদ্ভুত নিচা। ইন্দিৰাজীৰ প্ৰতি প্ৰেমত ইমানেই আসক্তি যে নিজৰ ঘৰ জ্বলোঁতে ঘৈণীয়েক গুড়িয়াৰ চুলিখিনি জ্বলি গৈ চুটি হোৱাটোকো জীউতে ইন্দিৰা গান্ধীৰ চুলিৰ ষ্টাইলৰ লগতহে তুলনা কৰি তৃপ্তি লাভ কৰে। অৱশ্যে জীউতে জানে যে সি নিজকে ৰাম বুলি ভাবিব নোৱাৰে। কাৰণ সি ইন্দিৰাজীক সীতা বুলিও মানে। ইন্দিৰা গান্ধীৰ ফটো চাই হস্তমৈথুন কৰিলেও নিজকে জীউতে হনুমানৰ ৰূপতেই কল্পনা কৰি ভাল পায়। সেয়েহে চীতামেইয়াৰ অন্ধ ভক্ত হনুমানৰ দৰেই জীউতে নিজকে ইন্দিৰাজীৰ ভক্ত বুলিহে ভাবে। এইক্ষেত্ৰত পাপবোধৰ ধাৰণাটো জীউতৰ মনলৈ অনাৰ যুক্তিক পঢ়ুৱৈয়ে সহজভাৱে গ্ৰহণ কৰিব পাৰিব।

সেইদৰে ছাগলী কাটি হোৱা পাপৰ বাবেইহে নিজৰ ঘৰ জ্বলি গল বুলি জীউতৰ মনত হোৱা বদ্ধমূল ধাৰণাৰ শক্তি ইমান বেছি আছিল যে ঘৰ জ্বলোঁতে উফৰি পৰা জ্বলি থকা বাঁহৰ চটি পৰি আহত হৈ পাছত মৃত্যুমুখত পৰা জীউতৰ লেৱা ছোৱালীজনীৰ মৃত্যুকো ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ লগত জীউতে ৰিজাই চোৱা বুলি দেখুওৱা হৈছে। কাৰণ জীউতৰ ছোৱালীজনীৰ মৃত্যু হোৱা দিনটোতে ইন্দিৰা গান্ধীকো হত্যা কৰা হৈছিল। জীউতৰ বাবে নিজৰ ছোৱালীজনীৰ মৃত্যুতকৈও অধিক আঘাতৰ কথা আছিল তাৰ ইন্দ্ৰাজীৰ মৃত্যু। সেয়েহে জীয়েকৰ মৃত্যুক ইন্দিৰা গান্ধীৰ মৃত্যুৰ লগত ৰিজাই জীউতে ভাবিবলৈ লৈছিল যে ইমান দিনে ছাগলী কাটি সি কৰি অহা পাপৰ ফলতেই ইন্দিৰাজীৰ মৃত্যু হল। ইন্দিৰা গান্ধীৰ ফটো চাই হস্তমৈথুন কৰা জীউত কছাইৰ বাবে তাতোকৈ অধিক আঘাত আন একোৱেই নাছিল। এই আঘাতৰ বাবেই ইমানদিনে মনতে লৈ অহা পাপবোধৰ বিস্তৃতি অপাৰ হৈ পৰিছিল। সেয়েহে জীউতে এই পাপমোচনৰ প্ৰয়োজন অনুভৱ কৰে। এইখিনিতেই গল্পকাৰে সাংঘাতিক বুদ্ধিমত্তাৰ পৰিচয় দিছে। জীউতৰ সেই পাৰাপাৰ হৈ পৰা পাপবোধৰ অনুভৱক প্ৰত্যক্ষভাৱে প্ৰকাশ নকৰি গল্পকাৰে এক বিশেষ প্ৰয়াস কৰিলে যিয়ে গল্পটিক এক অনন্য মাত্ৰা দিবলৈ সক্ষম হল।

যথেষ্ট বুদ্ধিমত্তাৰে গল্পকাৰে গল্পটিৰ অন্তিম দফাটোত এইদৰে কৈ গ,-

বহুদিনৰ মূৰত জীউতক কোনোবাই চহৰৰ ৰেলৱে ষ্টেশ্যনটোত দেখিছিল। ডিঙিত ৰচী এডাল লগাই ছাগলী এটাৰ দৰে বেবাই বেবাই মানুহৰ পৰা ভিক্ষা খুজিছিল।

বজাৰে-সমাৰে আমি যে অতি সাধাৰণভাৱেই এনে দৃশ্য প্ৰত্যক্ষ কৰোঁ যত কোনো ভিক্ষাৰীয়ে ডিঙিত ৰচী এডাল ওলোমাই মুখেৰে বিবি-বাবা কে কিবা কৈ ভিক্ষা মাগি ফুৰে। গোহত্যাৰ পাপৰ ফলত মুখেৰে কথা কব নোৱাৰা হৈ যায় বাবেই তেনে আচৰণ কৰে বুলি মানুহে কোৱা শুনা যায়। তাৰ মানে আমি দেখা তেনে কোনো ব্যক্তিৰ জীৱনৰ লগত ঘটা এয়া সঁচা কাহিনী নেকি? পঢ়ুৱৈৰ মনত গল্পটি পঢ়ি শেষ হোৱাৰ পাছতো এনে ধৰণৰ ভাবে ক্ৰিয়া কৰিব পাৰে। এয়া অস্বাভাৱিক নহয়।

 গল্পটি শেষ হৈছে এই বাক্যটিৰে,-

 মানুহে তাক গান্ধী-ফাগ্লা বুলি কৈছিল৷”

 গান্ধী-ফাগ্লা”, অৰ্থাৎ গান্ধীৰ বাবে পগলা। গল্পটি পঢ়িবলৈ লওঁতে পাঠকৰ মনত সহজাতভাৱেই আহিব পাৰে যে গল্পটিৰ নাম গান্ধীৰ লগত জড়িত কৰি কিয় দিয়া হ? এই উৎস্যুকতাৰ কাৰণেই পঢ়ুৱৈয়ে গল্পটি শেষলৈকে পঢ়িবলৈ বাধ্য হৈ পৰে। এইক্ষেত্ৰত গল্পকাৰৰ নাম নিৰ্বাচনো প্ৰশংসাৰ যোগ্য। গল্পটি যদিওবা জীউত চাহু নামৰ ছাগলী কাটি মঙহ বিক্ৰী কৰা এজন কছাইৰ কাহিনী বুলি সহজভাৱে ভাৱিব পাৰি, কিন্তু গল্পকাৰে জীউতৰ দৃষ্টিৰে এছোৱা সময়ৰ নিখুঁত বৰ্ণনাৰে গল্পটোত ৰাজনৈতিক তথা সামাজিক অস্থিৰতাখিনি ফুটাই তুলিবলৈ সক্ষম হল। গল্পটিত বৰ্ণিত কাহিনীৰ সেই সময়ছোৱাত দিল্লীৰ ৰাজপাটত ইন্দিৰা গান্ধী আছিল, অসম আন্দোলনৰ ছিটিকনি আছিল, জাত-পাতৰ অন্ধবিশ্বাসৰ বিহাৰৰ সমাজ আছিল আৰু পাপমোচনৰ নামত গ্ৰহণ কৰা অন্ধবিশ্বাসেৰে ভৰা কাম-কাজবোৰৰ প্ৰভাৱ তাত আছিল। সেই সমাজ তথা সময় আমাৰ নিচেই চিনাকি। হয়তো সেয়েহে জীউত চাহু তথা গল্পটিৰ কাহিনীটো পঢ়ুৱৈৰ কাৰণে পঠনৰ অনিৰ্বচনীয় সুখেৰে ভৰপূৰ হৈ উঠিছে।

এইখিনিতে গল্পটিত উল্লেখিত হিন্দী ভাষাৰ প্ৰয়োগৰ বিষয়তো কিঞ্চিত উল্লেখ কৰাটো জৰুৰী। গল্পটিত উল্লিখিত এই হিন্দী প্ৰকৃততে বিহাৰী হিন্দী। কাহিনীটোত এই বিহাৰী হিন্দী ভাষাৰ প্ৰয়োগ পঢ়ুৱৈৰ বাবে আমনি নলগাকৈ আকৰ্ষণীয় হৈ পৰিছে। এইক্ষেত্ৰত গল্পকাৰৰ সমাজ-সময়, তথা মানুহৰ ওপৰত নিখুঁত পৰ্যবেক্ষণ ক্ষমতাৰ প্ৰকাশ বিশেষভাৱে চকুত লগা হৈ পৰিল।

এটা বিশেষ গল্প পঢ়াৰ আনন্দ “গান্ধী-ফাগ্লা”ত পাঠকে নিশ্চিতভাৱেই পাইছে। কতো কোনো আড়ম্বৰ নাই, তো কোনো অত্যধিক শব্দৰ খেলা নাই। নাই কোনো আৱেগৰ বিস্তৃতি। সাধাৰণৰ মাজতে অসাধাৰণ হৈ গল্পটিত বহু নতুনত্বৰে ভৰা দিশে ভিৰ কৰি থাকিল। এনে লাগিল যেন জীউতৰ চৰিত্ৰই গল্পকাৰৰ মন-মগজুক অধিকাৰ কৰি পেলাইছিল, সেয়েহে গল্পকাৰে এটা কাহিনী কোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে আৰু কাহিনীটো সহজভাৱে কৈ গল। অথচ পঢ়ুৱৈৰ বাবে সেই সহজ যেন লগা কাহিনীটোৱেই চিন্তাকৰ্ষক ৰূপত ধৰা দি থাকিল। 

 নিশ্চিতভাৱেই গল্পকাৰ নীলোৎপল বৰুৱাৰ গল্প গান্ধী-ফাগ্লাঅসমীয়া গল্প সাহিত্যৰ জগতত পৰিচিত গল্প হৈ উঠিব বুলি আশা কৰিব পাৰি। মানসম্পন্ন আলোচনী অন্যযুগএইক্ষেত্ৰত ধন্যবাদৰ পাত্ৰ। সাহিত্যৰ জগতত এনেদৰে ন-ন গল্পকাৰক চিনাকি কৰি দিব পৰাৰ কৃতিত্বৰ নিশ্চিত দাবীদাৰ অন্যযুগৰ সম্পাদনা কক্ষ। লগতে গল্পৰ পঢ়ুৱৈ হিচাপে গল্পকাৰ নীলোৎপল বৰুৱাৰ পৰা অসমীয়া সাহিত্যই আৰু বহুত আশা কৰিব পাৰে।

ঠিকনা :

H-006, Gopalan Grandeur Apartment,
Hoodi Circle, Mahadevapura,

Whitefield road, Bangalore, Karnataka-560048

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ