অন্যযুগ/


পেৰামেডিকেল পাঠ্যক্রম (Para-Medical Courses)

 ° বুলজিৎ বুঢ়াগোহাঁই


    বৰ্তমান ভাৰতবৰ্ষত পেৰামেডিকেল এটা আকৰ্ষণীয় পাঠ্যক্রম। ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগতে অসমতো চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বৃদ্ধি হোৱাৰ ফলত পেৰামেডিকেল পাঠ্যক্রমৰ গুৰুত্ব বাঢ়িবলৈ‍ ধৰিছে। চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হ'ম, ক্লিনিক, ডায়েগ্‌নষ্টিক চেণ্টাৰ, লেবৰেটৰি‍ আদিৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত পেৰামেডিকেল পাঠ্যক্রমত শিক্ষা গ্রহণ কৰাসকলৰ আৱশ্যকতা বৃদ্ধি পাব ধৰিছে।

    পেৰামেডিকেল পাঠ্যক্রমৰ বিভিন্ন বিভাগত ডিপ্ল’মা শিক্ষা গ্রহণ কৰিব বাবে সুবিধা থকা অসমৰ চৰকাৰী শিক্ষানুষ্ঠানকেইখন হ’ল :

১। ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ, গুৱাহাটী।
২। ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ, ডিব্রুগড়।
৩। ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ, শিলচৰ।
৪। ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ, যোৰহাট ।
৫। ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ, বৰপেটা ।

    এই শিক্ষানুষ্ঠান কেইখনত পেৰামেডিকেল পাঠ্যক্রমৰ বিভিন্ন বিভাগৰ নাম আৰু আসনৰ সংখ্যা তলত উল্লেখ কৰা হ'ল--

 

শিক্ষানুষ্ঠানৰ নাম

পাঠ্যক্ৰমৰ নাম

আসনৰ সংখ্যা

 

 

 

ইনষ্টিটিউট  অৱ  পেৰামেডিকেল চায়েঞ্চ , গুৱাহাটী।

চিকিৎসা পৰীক্ষাগাৰ প্ৰযুক্তিৰ ডিপ্লমা

(Diploma in Medical Laboratory Technology)

৬০

চিকিৎসা ৰেডিঅগ্ৰাফিক প্ৰযুক্তিৰ ডিপ্লমা

(Diploma in Medical Radiographic Technology)

১১

কাৰ্ডিয়াক কেয়াৰ প্ৰযুক্তিৰ ডিপ্লমা

(Diploma in Cardiac Care Technology)

 

ফিজিঅথেৰাপিৰ ডিপ্লমা

(Diploma in Physiotherapy)     

১০

 

আই চি ইউ প্ৰযুক্তিৰ ডিপ্লমা

(Diploma in ICU Technology)   

১০

চিকিৎসকৰ সহায়ক পাঠ্যক্ৰমত ডিপ্লমা

(Diploma in Physician’s Assistant Course)    

জৰুৰীকালীন আৰু প্ৰাথমিক চিকিৎসাৰ ডিপ্লমা

(Diploma in Emergency and First Aid)

টি প্ৰযুক্তিৰ ডিপ্লমা (অটি + এনাস্থেচিয়া + এণ্ডস্কপি

[Diploma in OT Technology (OT+Anaesthesia+Endoscopy)]

ডায়েলাইছিছ টেকনিচিয়ান পাঠ্যক্ৰমত ডিপ্লমা

(Diploma in Dialysis Technician Course)

 

 

 

 

 

 

 

ইনষ্টিটিউট  অৱ  পেৰামেডিকেল চায়েঞ্চ , ডিব্রুগড়।

চিকিৎসা পৰীক্ষাগাৰ প্ৰযুক্তিৰ ডিপ্লমা

(Diploma in Medical Laboratory Technology)

৫০

চিকিৎসা ৰেডিঅগ্ৰাফিক প্ৰযুক্তিৰ ডিপ্লমা

(Diploma in Medical Radiographic Technology)

১০

কাৰ্ডিয়াক কেয়াৰ প্ৰযুক্তিৰ ডিপ্লমা

(Diploma in Cardiac Care Technology)

ফিজিঅথেৰাপিৰ ডিপ্লমা

(Diploma in Physiotherapy)

১০

আই চি ইউ প্ৰযুক্তিৰ ডিপ্লমা

(Diploma in ICU Technology)

চিকিৎসকৰ সহায়ক পাঠ্যক্ৰমত ডিপ্লমা

(Diploma in Physician’s Assistant Course)

জৰুৰীকালীন আৰু প্ৰাথমিক চিকিৎসাৰ ডিপ্লমা

(Diploma in Emergency and First Aid)

টি প্ৰযুক্তিৰ ডিপ্লমা (অটি + এনাস্থেচিয়া + এণ্ডস্কপি)

[Diploma in OT Technology

(OT + Anaesthesia + Endoscopy)]

 

 

 

 

 

 

 

ইনষ্টিটিউট  অৱ  পেৰামেডিকেল চায়েঞ্চ , শিলচৰ।

চিকিৎসা পৰীক্ষাগাৰ প্ৰযুক্তিৰ ডিপ্লমা

(Diploma in Medical Laboratory Technology)

২০

চিকিৎসা ৰেডিঅগ্ৰাফিক প্ৰযুক্তিৰ ডিপ্লমা

(Diploma in Medical Radiographic Technology)       

কাৰ্ডিয়াক কেয়াৰ প্ৰযুক্তিৰ ডিপ্লমা

(Diploma in Cardiac Care Technology)

ফিজিঅথেৰাপিৰ ডিপ্লমা

(Diploma in Physiotherapy)     

আই চি ইউ প্ৰযুক্তিৰ ডিপ্লমা

(Diploma in ICU Technology)   

চিকিৎসকৰ সহায়ক পাঠ্যক্ৰমত ডিপ্লমা

(Diploma in Physician’s Assistant Course)

জৰুৰীকালীন আৰু প্ৰাথমিক চিকিৎসাৰ ডিপ্লমা (Diploma in Emergency and First Aid)

 

টি প্ৰযুক্তিৰ ডিপ্লমা (অটি + এনাস্থেচিয়া + এণ্ডস্কপি)

[Diploma in OT Technology (OT+Anaesthesia+Endoscopy)]

 

 

 

 

 

 

 

 

ইনষ্টিটিউট  অৱ  পেৰামেডিকেল চায়েঞ্চ, যোৰহাট ।

চিকিৎসা পৰীক্ষাগাৰ প্ৰযুক্তিৰ ডিপ্লমা

(Diploma in Medical Laboratory Technology)

২০

চিকিৎসা ৰেডিঅগ্ৰাফিক প্ৰযুক্তিৰ ডিপ্লমা

(Diploma in Medical Radiographic Technology)       

কাৰ্ডিয়াক কেয়াৰ প্ৰযুক্তিৰ ডিপ্লমা

(Diploma in Cardiac Care Technology)

ফিজিঅথেৰাপিৰ ডিপ্লমা

(Diploma in Physiotherapy)

১০

আই চি ইউ প্ৰযুক্তিৰ ডিপ্লমা

(Diploma in ICU Technology)   

১০

চিকিৎসকৰ সহায়ক পাঠ্যক্ৰমত ডিপ্লমা

(Diploma in Physician’s Assistant Course)

জৰুৰীকালীন আৰু প্ৰাথমিক চিকিৎসাৰ ডিপ্লমা

(Diploma in Emergency and First Aid) 

টি প্ৰযুক্তিৰ ডিপ্লমা (অটি+ এনাস্থেচিয়া + এণ্ডস্কপি)

[Diploma in OT Technology (OT + Anaesthesia + Endoscopy)] 

ইনষ্টিটিউট  অৱ  পেৰামেডিকেল চায়েঞ্চ, বৰপেটা ।

চিকিৎসা পৰীক্ষাগাৰ প্ৰযুক্তিৰ ডিপ্লমা

(Diploma in Medical Laboratory Technology   )

১০

চিকিৎসা ৰেডিঅগ্ৰাফিক প্ৰযুক্তিৰ ডিপ্লমা

(Diploma in Medical Radiographic Technology)       

ফিজিঅথেৰাপিত ডিপ্লমা (Diploma in Physiotherapy)

 

আই চি ইউ প্ৰযুক্তিৰ ডিপ্লমা (Diploma in ICU Technology)

 

চিকিৎসকৰ সহায়ক পাঠ্যক্ৰমত ডিপ্লমা

(Diploma in Physician’s Assistant Course)

জৰুৰীকালীন আৰু প্ৰাথমিক চিকিৎসাৰ ডিপ্লমা

(Diploma in Emergency and First Aid) 

টি প্ৰযুক্তিৰ ডিপ্লমা (অটি + এনাস্থেচিয়া +এণ্ডস্কপি)

[Diploma in OT Technology (OT + Anaesthesia + Endoscopy)] 

        পেৰামেডিকেল পাঠ্যক্রমৰ বিভিন্ন বিভাগত ডিপ্ল’মা শিক্ষা গ্রহণ কৰিব বাবে সাধাৰণ শ্রেণীৰ প্রাৰ্থীয়ে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়সহ ন্যূনতম ৪৫ শতাংশ , OBC/MOBC/SC/ST(P) আৰু ST(H) প্রাৰ্থীয়ে ৪০ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ'ব লাগিব আৰু পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ৩১ ডিচেম্বৰত সাধাৰণ শ্রেণীৰ প্রাৰ্থীৰ বয়স ১৭ বছৰৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগে আৰু অনসূচিত জাতি আৰু জনজাতিৰ প্রাৰ্থীৰ বয়স ৩ বছৰৰ ৰেহাই সুবিধা আছে। পেৰামেডিকেল পাঠ্যক্রমৰ বিভিন্ন বিভাগত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়ত পোৱা নম্বৰৰ ওপৰত ভিত্তি কৰি নামভৰ্তি হয়। এই পাঠ্যক্রমবোৰত নামভৰ্তিৰ বাবে বিজ্ঞাপন বাতৰি কাকত আৰু অসম চৰকাৰৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইটত প্রকাশ হয়। সঞ্চালকালয়ৰ ৱেবছাইট ঠিকনাটি হ’ল - https://dme.assam.gov.in
    ইয়াৰ উপৰি আমাৰ ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ কেইবাখনো শিক্ষানুষ্ঠানত পেৰামেডিকেলৰ বিভিন্ন বিভাগত অধ্যয়ন কৰাৰ সুবিধা আছে আৰু এই শিক্ষানুষ্ঠানবোৰ নাম জানিবৰ বাবে শিক্ষাৰ্থীসকলে অসমৰ শ্রীমন্ত শংকৰদেৱ চিকিৎসা বিশ্ববিদ্যালয়ৰ ৱেবছাইট (www.ssuhs.in) আৰু অসম চৰকাৰৰ ‘চিকিৎসা শিক্ষা সঞ্চালকালয়’ৰ ৱেবছাইট (https://dme.assam.gov.in) ত চাব পাৰে।

***

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com

বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০)-ত যোগাযোগ কৰিব পাৰে।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ