অন্যযুগ/


পৰ্যটন আৰু অসমৰ অৰ্থনীতি

 ড° শশীকান্ত শইকীয়া


        সাম্প্ৰতিক বিশ্বত পৰ্যটনৰ যোগেদি পৃথিৱীৰ প্ৰায় সকলো দেশে নিজৰ অৰ্থনৈতিক শক্তি টনকিয়াল কৰাৰ প্ৰতিযোগিতাত লিপ্ত হৈছে৷ পৃথিৱীৰ উন্নত দেশসমূহে বহু বছৰৰ পূৰ্বেৰ্ই  পৰ্যটনক অৰ্থনৈতিক প্ৰগতিৰ আহিলা হিচাপে গ্ৰহণ কৰিছে৷ পৰ্যটনে আৰ্থিক প্ৰগতিৰ পথ প্ৰশস্ত কৰাৰ লগতে কলা-সংস্কৃতি সংৰক্ষণ কৰা, পৰিৱেশ তথা পাৰিপাশ্বিৰ্কতাক সুৰক্ষা দি মানৱ সমাজক ভাৰসমতাৰে জীয়াই ৰখা, সংস্থাপনৰ সুযোগ সৃষ্টি কৰি আত্মনিৰ্ভৰশীল হ’বলৈ সুবিধা দিয়া, নিজৰ সম্পদসমূহক বিশ্বৰ চুকে-কোণে বিপণন কৰা, আন্তঃগাঁথনিৰ উন্নতিত অৰিহণা যোগোৱা, বিনিয়োগ, যোগাযোগ আদিত সহায় কৰা, স্থানীয় চিকিৎসা আৰু শিক্ষা ব্যৱস্থা আদিত সহযোগ কৰা আদিকে ধৰি মানুহৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলাৰ ক্ষেত্ৰতো পৰ্যটনে সহায় কৰে৷ সামগ্ৰিকভাৱে সামাজিক উত্তৰণৰ ক্ষেত্ৰত অতিশয় সহায়ক হোৱা বাবেই প্ৰতিখন দেশেই পৰ্যটনক এক ধোৱাঁবিহীন উদ্যোগ হিচাপে ঘোষণা কৰি আগুৱাই নিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ দৃশ্যমান বা অদৃশ্যমান সকলো উপাদানক সামৰি লৈ দেশ একোখনৰ অৰ্থনীতিৰ ভেঁটি টনকিয়াল কৰাৰ সুবিধা থকা বাবে পৰ্যটন উদ্যোগক সমাজৰ দায়িত্বশীল উদ্যোগ হিচাপেও নামাকৰণ কৰা হৈছে৷

        পৰ্যটনৰ বাবে কোনো বিশেষ সামগ্ৰী বা সম্পদক যে কেঁচামাল হিচাপে ব্যৱহাৰ কৰিব পাৰি তেনে নহয়৷ সৰু সৰু উপাদানৰ পৰা বৃহৎ উপাদানলৈকে পৰ্যটন উদ্যোগে সামৰি লয়৷ ক্ষুদ্ৰ ক্ষুদ্ৰ উপাদান যেনে নাপিত, ধোবাৰ পৰা পাঁচ-ছয় তাৰকাযুক্ত হোটেললৈকে পৰ্যটন উদ্যোগে সামৰি লোৱা বাবে এই উদ্যোগ বহুমুখী দৰ্শনবিশিষ্ট৷ সেয়েহে পৰ্যটন উদ্যোগ এতিয়া দেশে দেশে অতি জনপ্ৰিয় উদ্যোগ৷ সৰু সৰু দেশ কিছুমানেও পৰ্যটন উদ্যোগক সমল হিচাপে লৈ অৰ্থনীতিৰ ভেঁটি টনকিয়াল কৰাত সফলতা লাভ কৰিছে৷ বিশেষকৈ সৰু দেশ কিছুমানে তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্য, জনগোষ্ঠীয় সামূহিকশক্তিক প্ৰকৃত অৰ্থত ইতিবাচকভাৱে ব্যৱহাৰ কৰা, পৰ্যটনক সামাজিক সেৱা হিচাপে কলা আৰু বাণিজ্যক কেন্দ্ৰীভূত কৰা, জনগোষ্ঠীয় ঐতিহ্যক সংৰক্ষণ কৰি ইয়াৰ মূল্য নিৰ্ধাৰণ কৰাৰ ফলত সেই দেশসমূহ খুৱ সুন্দৰভাবে নিজৰ সম্পদৰ ক্ষতি নোহোৱাকৈ পৰ্যটন উদ্যোগৰ মাধ্যমেৰে আগবাঢ়ি যাব পাৰিছে৷ এই ক্ষেত্ৰত ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, নেপাল, থাইলেণ্ড আদি দেশে তেওঁলোকৰ সামাজিক ঐতিহ্য আৰু জনগোষ্ঠীয় সৃষ্টি, সম্পদসমূহক লৈ পৰ্যটন উদ্যোগৰ যোগেদি অনেক উন্নতি কৰিবলৈ সক্ষম হৈছে৷

        অসমৰ পৰ্যটন খণ্ডৰ সংগঠিত ইতিহাস বৰ বেছি পুৰণি নহয়৷ অৱশ্যে আহোমৰ ছশ বছৰীয়া শাসন আৰু ব্ৰিটিছৰ দুশ বছৰীয়া শাসন কালতো অনেক পৰ্যটক অসমলৈ আহিছিল৷ তাৰো পূৰ্বে খ্ৰীষ্টীয় সপ্তম শতিকাতে কুমাৰ ভাস্কৰবৰ্মাৰ ৰাজত্বকালতে অসমলৈ চীনদেশৰ পৰ্যটক হিৱেন ছাং আহিছিল৷ অসমলৈ পৰ্যটকৰ আগমনৰ বিষয়টো তেনেই ক্ষুদ্ৰ বিচাৰ-বিশ্লেষণেৰে সামৰি থ’লেও নহ’ব৷ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, বিচিত্ৰ ভৌগোলিক অৱস্থান, জনগোষ্ঠীয় বৈচিত্ৰ্য, ৰজা-মহাৰজাৰ দিনৰ ঐতিহাসিক সম্পদসমূহেৰে প্ৰাচীন কালৰ পৰাই অসমে বিভিন্ন পৰ্যটকক আকৰ্ষণ কৰি আহিছে৷ পৰ্যটকৰ আগমনৰ সেই ইতিহাসৰ পৰা একৈছ শতিকাৰ দ্বিতীয় দশকৰ সমাপ্তিলৈকে বিশ্লেষণ কৰিলে দেখা যায় অসমে পৰ্যটকক আকৰ্ষণ কৰিব পৰা অনেক সমল আছে৷ জান-জুৰি, নৈ, পাহাৰ আদিৰ প্ৰাকৃতিক মনোৰম সৌন্দৰ্যৰ উপৰিও প্ৰকৃতিৰ অন্যান্য দৃশ্যমান আৰু অদৃশ্যমান সম্পদ, আধুনিক মানৱ সমাজৰ দ্বাৰা সৃষ্ট সম্পদসমূহেও ক্ৰমান্বয়ে দেশে-বিদেশে পৰ্যটকক আকৰ্ষণ কৰি অসমলৈ আগমনৰ বাট সুচল কৰিছে৷ 

        অসমৰ অৰ্থনীতিৰ প্ৰগতি কৰিবলৈ হ’লে অদূৰ ভৱিষ্যতে পৰ্যটন উদ্যোগেই হ’বগৈ পাৰে একক আৰু অনন্য এক গুৰুত্বপূৰ্ণ সম্পদ৷ অৱশ্যে পৰ্যটকক আকৰ্ষণ কৰিব পৰা কৃত্ৰিম কিছু সম্পদ ইমান দিনে অসমৰ চৰকাৰসমূহে কৰিব পৰা সম্ভাৱনা যথেষ্ট আছিল যদিও সেয়া অদ্যাপি কাৰ্যকৰী হোৱা নাই৷ পৰ্যটন উদ্যোগক অসমত এতিয়াও মুখ্য আয় উপাৰ্জন কৰিব পৰা উদ্যোগ হিচাপে গ্ৰহণ কৰা নাই৷ কিন্তু সেয়া গ্ৰহণ কৰাৰ প্ৰয়োজন বোধকৰোঁ কেতিয়াবাই আছিল৷ পৰ্যটন খণ্ডই কেনেদৰে অসমৰ অৰ্থনীতি টনকিয়াল কৰিব পাৰে সেই বিষয়ে গৱেষণা বা আলোচনা এতিয়াও পৰ্যাপ্ত ৰূপত হোৱা নাই৷ উপযুক্ত গৱেষণা, অধ্যয়ন নোহোৱা বাবেই পৰ্যটন উদ্যোগৰ পৰা হ’ব পৰা লাভ সম্পৰ্কে এতিয়াও কোনো সজাগ হোৱা নাই৷ পৰ্যটন উদ্যোগে কেনেদৰে মানৱ সমাজত ভাতৃত্ববোধৰ বান্ধোন কটকটীয়া কৰিব পাৰে, উপাৰ্জন বৃদ্ধি কৰি ৰাজ্যখনক আগুৱাই নিব পাৰে, সেই বিষয়ে আলোচনা নোহোৱাৰ ফলত এই উদ্যোগটো আজিও অসমত গেঠেলা মাৰি থাকিবলৈহে সক্ষম হৈছে, বিকশিত হোৱা নাই৷ এনে অৱস্থাত বহুতে দেশৰ গৰিষ্ঠ সংখ্যক লোকৰ দাৰিদ্ৰ্যৰ বিষয়টো উল্লেখ কৰি দায় সাৰিবলৈ বিচাৰিব পাৰে৷ কিন্তু দেখা যায়, দৰিদ্ৰ লোকসকলক পৰ্যটন উদ্যোগে সামৰি লোৱাৰ ফলত বহু দেশে দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰতো পৰ্যটনক সহায়ক হিচাপে লাভ কৰিছে৷

        পৰ্যটন উদ্যোগৰ বাবে প্ৰথম আৰু প্ৰধান কামটোৱেই হ’ল – বিপণন বা বজাৰকৰণ৷ অসমৰ পৰ্যটন উদ্যোগৰ বজাৰকৰণ কৰিব কেনেকৈ? এই ক্ষেত্ৰত বিভিন্ন প্ৰচাৰ মাধ্যম, ছ’ছিয়েল মেডিয়া, ৱেৱছাইট আদিৰ মাধ্যমেৰে দেশে দেশে অসমৰ পৰ্যটনৰ সম্পদসমূহৰ বিষয়ে প্ৰচাৰ কৰিব পাৰি৷ পৰ্যটনৰ বিকাশৰ বেলিকা যাতায়াত বা যোগাযোগ ব্যৱস্থাক এক প্ৰকাৰ হৃৎপিণ্ড বুলিব পাৰি৷ যিখন দেশত পথ যোগাযোগ বা পথ পৰিৱহনৰ উপযুক্ত সুবিধা নাথাকে, তেনে ঠাইলৈ সাধাৰণতে পৰ্যটকৰ আগমন নঘটে৷ পৰ্যটকসকলক অসমৰ গুৰুত্বপূৰ্ণ স্থান আৰু আন আন সমলসমূহ সম্পৰ্কে ভালদৰে বুজনি দিবলৈ, ক’বলৈ উপযুক্ত গাইডৰো অভাৱ দেখা যায়৷ এনে কাৰণসমূহৰ উপৰি উপযুক্ত প্ৰচাৰৰ বাবে সংশ্লিষ্ট বিভাগৰ ব্লগ আদিৰো ব্যৱস্থা আছে বুলি ক’ব নোৱাৰি৷ পৰ্যটকসকলক ইতিবাচক চিন্তাৰ বাট মোকলাই দিবলৈ, তেওঁলোকৰ দৃষ্টিভংগী সলনি কৰিবলৈ, সামগ্ৰিকভাৱে সুৰক্ষিত ভৱিষ্যতৰ পৃথিৱী এখনৰ স্বাৰ্থত মানুহৰ দৃষ্টিভংগী সলনি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ, তেনে কোনো পদক্ষেপ লোৱা দেখা নাযায়৷ 

       পৰ্যটন উদ্যোগ উন্নয়নৰ বাবে কেৱল পৰ্যটন বিভাগেই কৰিব পাৰিব তেনে নহয়৷ আচলতে এই উদ্যোগটোৰ বিকাশৰ বাবে সকলো বিভাগৰে বৰঙণিৰ প্ৰয়োজন৷ কেৱল পৰ্যটন বিভাগ বুলি চৰকাৰে দায়িত্ব দিয়া বিভাগটোৱেই পৰ্যটনৰ উত্তৰণৰ বাবে কাম কৰি থাকিলেও আন বিভাগসমূহৰ পৰস্পৰৰ মাজত সম্পৰ্ক আৰু বুজাবুজি নাথাকিলে পৰ্যটন উত্তৰণৰ কথাবোৰ বুমেৰাং হোৱাই স্বাভাৱিক৷ পৰ্যটনৰ ক্ষেত্ৰসমূহ সংশ্লিষ্ট বিভাগটোৱে সজাই তোলাৰ বাবে চেষ্টা কৰিব পাৰে, উন্নয়নৰ ব্যৱস্থা কৰিব পাৰে৷ সেইটো এটা পৃথক বিষয়৷ কিন্তু পৰ্যটন ক্ষেত্ৰলৈ যোৱা ঘাইপথকে ধৰি অনান্য পথসমূহ যদি সংলিষ্ট বিভাগে চোৱা-চিতা নকৰে, বিধ্বস্ত পথেৰে আহি পৰ্যটকসকলে কোনো ভাল দৃষ্টিভংগী লৈ উভতি যাব নোৱাৰে৷ চহৰখন, গাঁওখন পৰিস্কাৰ কৰি ৰখাৰ দায়িত্ব সংশ্লিষ্ট বিভাগৰ৷ পৌৰসভাই যদি চহৰ পৰিস্কাৰ নকৰে, গাঁও পঞ্চায়তে যদি গাঁওখন পৰিস্কাৰ নকৰে, তেন্তে পৰ্যটকসকলে পৰ্যটন ক্ষেত্ৰলৈ আহি কোনো ভাল ধাৰণা লৈ ঘূৰি যাব নোৱাৰে৷ পৰ্যটন শিল্পৰ বিকাশৰ সতে নাপিত, ধোবা, মুচিৰ পৰা চালক, বাহন, হোটেল, ৰেস্তোৰাঁ, বাট-পথৰ সৌন্দৰ্য, সৰু-বৰ বিপণি, বেংক, বীমা, অঞ্চলটোৰ মানুহৰ ঘৰ-দুৱাৰৰ পৰিৱেশ ইত্যাদিলৈকে সামৰি লোৱা হয়৷ এই সমস্ত দায়িত্ব পৰ্যটন বিভাগে অকলে গ্ৰহণ কৰিব নোৱাৰে৷ প্ৰতিটো বিভাগে অথাৰ্ৎ পৰস্পৰে সহায়-সহযোগিতা কৰি আগুৱাই নগ’লে কেতিয়াও পৰ্যটন উদ্যোগৰ বিকাশ হব নোৱাৰে৷ 

        পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে, পৰ্যটকক আকৰ্ষণ আৰু সন্তুষ্টিৰ বাবে কেৱল পঞ্চ তাৰকাযুক্ত হোটেলৰ কথা ভাবিলেই নহ’ব৷ সকলো পৰ্যটকে যে পঞ্চ তাৰকাযুক্ত হোটেলৰ সা-সুবিধাহে বিচাৰে সেয়াও নহয়৷ অনেক পৰ্যটকে তাৰকাযুক্ত হোটেলমুখী নহৈ অৰণ্যত নিশা উদ্‌যাপন কৰিবলৈহে ভাল পায়৷ এনে কিছু পৰ্যটকো আছে যিসকলে বিলাসী হোটেলৰ বিপৰীতে সাধাৰণ হোটেলত থাকি প্ৰকৃতিৰ অনুপম সৌন্দৰ্য উপভোগ কৰিবলৈ ভাল পায়৷ কিছু পৰ্যটকে গ্ৰাম্য পৰ্যটনৰ সৌন্দৰ্য উপভোগ কৰি ভাল পোৱাই নহয়, গ্ৰাম্যাঞ্চলৰ লোকৰ স’তে কটাই তেনে গাঁৱৰ কৃষিকৰ্ম, শিক্ষা, সাংস্কৃতিক ঐতিহ্য আদি উপভোগ কৰিবলৈহে বিচাৰে৷ পৰ্যটনৰ উত্তৰণৰ বাবে এনে সৰু সৰু বিষয় কিছুমানতো মনোযোগ দিব লাগিব৷ পৰ্যটকে ক্ষুধা নিবাৰণৰ বাবে প্ৰৱেশ কৰা সৰু সৰু হোটেল, ৰেস্তোৰাঁৰ মালিক-কৰ্মচাৰীৰ আচাৰ-ব্যৱহাৰ, দোকানখনৰ সজাই তোলা পদ্ধতি আদি কোনেও আইন কৰি সাজু কৰিব নোৱাৰে৷ এইবোৰ মনোজাগতিক প্ৰসঙ্গও পৰ্যটন উদ্যোগৰ বেলিকা গুৰুত্বপূৰ্ণ৷ প্ৰত্যক্ষ বা পৰোক্ষভাৱে পৰ্যটন উদ্যোগৰ সৈতে জড়িত লোকসকলৰ মানসিকতা সলনি কৰিব নোৱাৰিলে সুন্দৰ পৰ্যটন ক্ষেত্ৰ গঢ়ি তুলিলেও দৰাচলতে সঠিক উদ্দেশ্য সফল হ’ব নোৱাৰে৷

        অনুৰূপ ধৰণে অঞ্চল এটা বা ঠাই এখনৰ বাহনৰ চালকসকলৰ মানসিকতাও উদ্যোগটোৰ বিকাশৰ উপযোগী হ’ব লাগিব৷ তেওঁলোকে অনুভৱ কৰিব লাগিব পৰ্যটন আৰু পৰ্যটক তেওঁলোকৰ বাবে জীয়াই থকাৰ একমাত্ৰ মাধ্যম৷ পৰ্যটকসকলেই তেওঁলোকৰ উপাৰ্জনৰ মূল উৎস৷ যেতিয়ালৈকে গাড়ীচালক, ৰিক্সাচালককে ধৰি সকলো ধৰণৰ বাহনৰ চালকসকলে অনুভৱ কৰিব নোৱাৰে যে পৰ্যটন খণ্ড তেওঁলোকৰ জীয়াই থকাৰ, ভৱিষ্যতৰ একমাত্ৰ আহিলা, তেতিয়ালৈকে পৰ্যটন খণ্ড বিকশিত হ’লেও এই খণ্ডটোৱে গ্ৰহণ কৰা লক্ষ্যপ্ৰাপ্তি সম্ভৱ হ’ব নোৱাৰে৷ কেনেদৰে পৰ্যটকক সন্তুষ্টি দিব পাৰি সেই বিষয়ে সকলোৱে অনুভৱ কৰা উচিত৷ কিন্তু দেখা যায় পৰ্যটকক কেনেদৰে প্ৰৱঞ্চনা, প্ৰতাৰণা কৰিব পাৰি সেই বিষয়েহে আমাৰ সমাজৰ অধিক সংখ্যক লোকে চিন্তা কৰে, পৰ্যটন ব্যৱস্থাৰ সুনাম, দেশ, ৰাজ্য, সেই ঠাইখনৰ মানুহৰ কথা, সুনামৰ কথা চিন্তা নকৰে৷ 

        পৰ্যটকসকলক সৰ্বদিশতে উৎসাহিত কৰিবলৈ সকলোৱে একে লক্ষ্য লৈ আগুৱাই নগ’লে পৰ্যটন খণ্ডৰ উত্তৰণ সম্ভৱ নহয়৷ বিশেষভাৱে পৰ্যটন বিভাগে পৰ্যটনৰ উত্তৰণৰ বাবে এখন বহুমূখী পৰিকল্পনা যুগুত কৰাৰ প্ৰয়োজন৷ এখন ৰাজ্যৰ সকলো অঞ্চলৰ বিকাশৰ বাবে সামৰি একোখন বহুমুখী তথা জনমুখী আঁচনি তৈয়াৰ কৰি সেই আঁচনিক সঠিকভাৱে কাৰ্যত ৰূপায়িত কৰিব পাৰিলেহে পৰ্যটন খণ্ডৰ উত্তৰণ সম্ভৱ হ’ব৷ 

        অসমৰ দৰে ৰাজ্যৰ পৰ্যটন খণ্ডৰ উত্তৰণৰ বাবে পৰ্যটন বিভাগে সকলোৰে সহযোগিতা গ্ৰহণ কৰাটোৱেই হৈছে আটাইতকৈ কাৰ্যকৰী পদক্ষেপ৷ পৰ্যটন সজাগতাৰ বাবে কলেজ, বিশ্ববিদ্যালয়সমূহক লগত লৈ আগুৱালেও জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি হ’ব৷ মানুহৰ মাজত সজাগতাৰ সৃষ্টিৰ বাবে উচ্ছ শিক্ষানুষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে৷ অসমৰ পৰ্যটন উদ্যোগটোক অসমৰ উচ্ছ শিক্ষানুষ্ঠানসমূহে ইচ্চা কৰিলে আগ বঢ়াই নিব পাৰে৷ অৱশ্যে এইক্ষেত্ৰত পৰ্যটন বিভাগ নিজেও আগবাঢ়ি আহিব লাগিব৷ বিশেষভাৱে অসমৰ উচ্ছ শিক্ষানুষ্ঠানসমূহে পৰ্যটন খণ্ডৰ বিকাশ সম্পৰ্কে জাগৰণ সৃষ্টি কৰিবলৈ প্ৰাথমিকভাৱে মানুহৰ মনত সজাগতা সৃষ্টি কৰি সহায় কৰিব পাৰে৷ অসমৰ কলেজ-বিশ্ববিদ্যালয়সমূহক এনে সজাগতা সৃষ্টিৰ বাবে হয়তো ধন পৰিশোধ কৰাৰো প্ৰয়োজন নহ’ব৷ বহু কলেজ, বিশ্ববিদ্যালয়ে নিজা পুঁজিৰে তেনে সজাগতা সৃষ্টি কৰিবলৈ নিজেই আগবাঢ়ি আহিব৷ ইতিমধ্যেই বহু কলেজ, বিশ্ববিদ্যালয়ে তেনে সজাগতা সৃষ্টিৰ উদ্দেশ্যে পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে৷ সজাগতাত অংশ লোৱা কলেজ, বিশ্ববিদ্যালয়সমূহক শ্ৰেষ্ঠ হিচাপে নিবাৰ্চন কৰি প্ৰয়োজন সাপেক্ষে সন্মানিত কৰিলে তেনে সজাগতা সৃষ্টিত অধিক উৎসাহিত হব, অনুপ্ৰাণিত হব৷

        অসমৰ পৰ্যটন উন্নয়নৰ বাবে প্ৰথম আৰু প্ৰধান কামটোৱেই হ’ল – বোধকৰোঁ তথ্য আহৰণ৷ কিমানজন পৰ্যটকে কি কি ঠাই উপভোগ কৰিলে, কোন কোন দেশৰ কিমানজন পৰ্যটকে অসমৰ কোন কোন কেইখন ঠাই ভ্ৰমণ কৰিলে, সেই পৰ্যটকসকলৰ সেই ঠাইসমূহ সম্পৰ্কে মন্তব্য বা বক্তব্য কি? কোন জিলাত কোনখন কিমানজন দেশৰ পৰ্যটকে ভিৰ কৰিলে, কিয় সেই বিশেষ জিলাকেইখন সেই সকল পৰ্যটকে নিৰ্বাচন কৰিলে ইত্যাদি তথ্য আহৰণ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা৷ পৰ্যটকসকলৰ মানসিক খোৰাক কি? কিয় পৰ্যটকসকলে তেনে খোৰাক বিচাৰি সেই বিশেষ অঞ্চলটোলৈ আহিব খুজিলে – এনে বিষয়বিলাকৰ তথ্যও সংগ্ৰহ কৰা প্ৰয়োজন৷ 

        উপযুক্ত তথ্য সংগ্ৰহ কৰি এখন বাৰ্ষিক প্ৰতিৱেদন যুগুত কৰা প্ৰয়োজন৷ সেই প্ৰতিৱেদনৰ ভিত্তিত চৰকাৰৰ সংশ্লিষ্ট বিভাগে পুংখানুপুংখৰূপে বিশ্লেষণ কৰি পৰ্যটকসকলৰ মানসিক তৃপ্তি দিব পাৰিছেনে নাই সেয়া নিৰ্ধাৰণ কৰা প্ৰয়োজন৷ আৰু কি এনে অভাৱ আছে, যাৰ ফলতপৰ্যটকসকলে আশা কৰা আনন্দ লাভ কৰা নাই? সেয়া পৰ্যটকসকলৰ পৰা লাভ কৰা ‘ফীডবে’ক’ৰ পৰা জানিব পৰা যায়৷ অসমৰ বিমানকোঠসমূহত তথ্য সংগ্ৰহৰ বাবে একোটা কেন্দ্ৰ স্থাপন কৰা প্ৰয়োজন৷ অৱশ্যে এনে কেন্দ্ৰ প্ৰতিখন জিলাত স্থাপন কৰাৰ প্ৰয়োজেনা আছে৷ প্ৰতিখন জিলাত একোজনকৈ পৰ্যটন সঞ্চালক অথবা পৰ্যটন বিষয়া নিযুক্তি দিয়াৰ প্ৰয়োজন৷ পৰ্যটন বিভাগে এনে বিকেন্দ্ৰীকৃত ক্ষমতাৰ যোগেদি প্ৰতিখন জিলাক পৰ্যটন জিলাৰূপে গঢ়ি তোলাৰ চেষ্টা চলাব লাগিব৷ প্ৰতিখন জিলাত কৃষি বিষয়া, যানবাহন বিষয়া, বন বিষয়া আদি থকাৰ দৰে পৰ্যটন বিষয়া একোজনকৈ নিযুক্তি দিয়াটোও খুব  প্ৰয়োজনীয়৷ পৰ্যটন বিষয়া নিযুক্তি দিলেহে পৰ্যটনৰ সঠিক উত্তৰণ সম্ভৱ হ’ব৷ 

        জিলাত যেনেকৈ জিলা পৰ্যটন বিষয়া, তেনেকৈ মহকুমাত মহকুমা পৰ্যটন বিষয়া বা চক্ৰত চক্ৰ পৰ্যটন বিষয়া নিযুক্তিৰ যোগেদি অসমৰ পৰ্যটন খণ্ডক সু-সংগঠিত আৰু  শক্তিশালী কৰি তুলিব পাৰি৷ পৰ্যটনৰ উত্তৰণ আশা কৰিবলৈ হ’লে এনেদৰে প্ৰতি জিলা, মহকুমা, চক্ৰত কাৰ্যালয় স্থাপনৰ প্ৰয়োজনীয়তা বোধকৰো কোনেও নুই কৰিব নোৱাৰে৷ যোৱা শতিকাৰ পঞ্চম-ষষ্ঠ দশকতে গঢ়ি তোলা ৰাজ্যৰ পৰ্যটন বিভাগক আজি পৰ্যন্ত সঁচা অৰ্থত বিকেন্দ্ৰীকৃত কৰা নহ’ল৷ পৰ্যটন বিভাগ বুলি বিভাগ এটা গঢ় দিলেও সেয়া বৰ্তমানলৈকে কেন্দ্ৰীভূত ৰূপতে আছে৷ একেদৰে পৰ্যটন উন্নয়ন নিগম স্থাপন কৰিলেও বিকেন্দ্ৰীকৃত ক্ষমতাৰ অভাৱত অসমৰ সকলো দিশক সামৰি এটা সামগ্ৰিক পৰ্যটন উদ্যোগে আগুৱাই যাব পৰা নাই৷  


ঠিকনা : 
অধ্যক্ষ
ডি. এইচ. এছ. কানৈ মহাবিদ্যালয় 
ব্ৰেণ্ড এম্বেছেডৰ, স্বচ্ছ ভাৰত মিছন, অসম ৷ 
ফোন : ৯৪৩৫০৩০৪০৪  

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ