ড° ইন্দ্ৰানীৰেখা শইকীয়া
(বি:দ্ৰ: উপযুক্ত শুৱলা প্ৰতিশব্দৰ অভাৱত open ended toys শব্দলানিকে ব্যৱহাৰ কৰা হ’ল)
বিভিন্ন ইলেক্ট্ৰ’নিক গেজেট,
লাইট জ্বলি থকা খেলাবস্তু অথবা স্ক্ৰীণ-ভিত্তিক মনোৰঞ্জনৰে পৰিপূৰ্ণ বৰ্তমানৰ পৃথিৱীখনত,
সাধাৰণ এটুকুৰা কাঠৰ টুকুৰা (ব্লক), এডাল খৰি বা এটুকুৰা কাপোৰো যে শিশুৰ খেলাৰ লগৰী
হ’ব পাৰে, সেইটো ভাবিবলৈও কঠিন হৈ পৰিছে৷ শিশু এটিৰ জন্মৰ পাছৰে পৰাই হয়তো পিতৃ মাতৃসকলে
নতুন নতুন খেলা বস্তু ক্ৰয় কৰা আৰম্ভ কৰে৷ কিন্তু আমি এবাৰো ভাবি চাইছোনে এটি শিশুৰ
প্ৰকৃত বিকাশৰ বাবে কেনেধৰণৰ খেলাৰ সামগ্ৰীৰ প্ৰয়োজন!
শিশুবোৰ জন্মগতভাৱেই সমস্যা সমাধানকাৰী,
আৱিষ্কাৰক আৰু সুন্দৰ গল্পকাৰ৷ সিহঁতক এনেকুৱা খেলনাৰ প্ৰয়োজন নাই, যি খেল কেনেকৈ
খেলিব লাগে তাৰ নিৰ্দেশ দিয়ে; বৰঞ্চ সিহঁতক এনে কিছুমান সামগ্ৰীৰহে প্ৰয়োজন, যাৰ
সহায়ত সিহঁতে নিজে কিবা এটা সৃষ্টি কৰিব পাৰে, য’ত ‘শুদ্ধ’ আৰু ‘ভুল’ বুলি কোনো কথা নাথাকে, কোনো নিয়মৰ
বাধ্যবাধকতা নাথাকে৷ আমি জানো যে শিশুৱে খেল-ধেমালিৰ জৰিয়তে আটাইতকৈ ভালদৰে শিকে৷
ই হৈছে এনে এক ভেটি যাৰ ওপৰত শিশুৱে আৱশ্যকীয় জ্ঞানীয়
(cognitive), সামাজিক,
আৱেগিক আৰু শাৰীৰিক দক্ষতাসমূহ গঢ়ি তোলে৷ গতিকে খেলাৰ সামগ্ৰী নিৰ্ধাৰণ কৰি উলিওৱাটো
এটা গুৰুত্বপূৰ্ণ কথা৷ বৰ্তমান উপলব্ধ বিভিন্ন প্ৰকাৰৰ খেলৰ সামগ্ৰীৰ ভিতৰত,
Open-ended toys বোৰে ইয়াৰ গুৰুত্বপূৰ্ণ উন্নয়নমূলক উপকাৰিতাৰ বাবে শিক্ষাবিদ, শিশু
মনোবিজ্ঞানী আৰু পিতৃ-মাতৃৰ মাজত ব্যাপক স্বীকৃতি লাভ কৰিছে৷
Open-ended toys আচলতে কি, আৰু
শিশু বিশেষজ্ঞসকল কিয় এইবোৰক লৈ ইমান উৎসাহী?
ধৰি লওক, প্লাষ্টিকৰ এটা খেলনা স্মাৰ্টফোন, য’ত এটা বুটাম টিপিলে এটা ৰেকৰ্ড কৰি থোৱা গান বাজি উঠে৷ ইয়াৰ উদ্দেশ্য এটাই আৰু ই নিৰ্দিষ্ট৷ খেলনাটোৱে নিজেই সকলো কাম কৰে, আনহাতে শিশুটিয়ে কেৱল মনে মনে চাই থাকে আৰু শুনে৷ যেতিয়াই ইয়াৰ নতুনত্বকণ শেষ হৈ যায়, খেলখনো তাতেই অন্ত পৰে৷ এনে খেলনাৰ এটা নিৰ্দিষ্ট উদ্দেশ্য থাকে আৰু খেলাৰ সীমিত উপায় থাকে (Closed-ended toys)৷এনে ধৰণৰ খেলনাবোৰত প্ৰায়েই এটা ‘শুদ্ধ’ আৰু এটা ‘ভুল’ নিয়ম থাকে৷ সেইবোৰৰ বিপৰীতে Open-ended toy বোৰে অসীম সম্ভাৱনাক আমন্ত্ৰণ জনায়৷ এনে খেলাবস্তুবোৰত কোনো নিয়ম বা বাধা নাথাকে৷ এইবোৰ হৈছে এনে কিছুমান সামগ্ৰী, যাক কেৱল শিশুটিৰ কল্পনাৰ ওপৰত নিৰ্ভৰ কৰি অনেক উপায়েৰে ব্যৱহাৰ কৰিব পাৰি৷ ইয়াৰ কোনো আৰম্ভণি, সমাপ্তি বা কোনো ‘শুদ্ধ উত্তৰ নাথাকে৷ এটা কাঠৰ টুকুৰা আজি ফোন হ’ব পাৰে, কাইলৈ এটুকুৰা চীজ (cheese) হ’ব পাৰে, ঘৰ সজা ইটা হ’ব পাৰে, বা ট্ৰেকত দৌৰি থকা মটৰ গাড়ীও হ’ব পাৰে৷ যিহেতু খেলনাটোৱে নিজে একো কৰিব নোৱাৰে, সেয়েহে ই শিশুটিকে এগৰাকী সক্ৰিয় স্ৰষ্টা হ’বলৈ বাধ্য কৰে৷ এটা কাৰ্ডব’ৰ্ডৰ বাকচ অনায়াসে এটা ঘৰ, এখন মহাকাশযান, এখন দোকান বা এটা গুহা হ’ব পাৰে৷ এটা সাধাৰণ ব্লকৰ ছেট শিশুটিৰ কল্পনাশক্তিৰ ওপৰত নিৰ্ভৰ কৰি এটা দুৰ্গ, এখন দলং, চিৰিয়াখানা, এখন মহাকাশযান বা এখন চহৰ হৈ পৰিব পাৰে৷
Open-ended toy বোৰত সাধাৰণতে এইবোৰৰ
তলত দিয়া বৈশিষ্ট্যসমূহ থাকে :
১) কোনো পূৰ্ব-নিৰ্ধাৰিত
কাৰ্য নাথাকে : এইবোৰত বেটাৰীৰ প্ৰয়োজন নহয়, কোনো শব্দ নহয় আৰু কোনো পূৰ্বতে
কৰি ৰখা প্ৰগ্ৰেমৰ ক্ৰম অনুসৰি লাইট নজ্বলে৷
২) সৰল আৰু বহুমুখী :
প্ৰায়ে ডিজাইনত অতি সাধাৰণ হয়, যাৰ ফলত শিশুৰ কল্পনা শক্তিয়ে অগ্ৰাধিকাৰ পায়৷
৩) বিভিন্ন বয়স আৰু
স্তৰৰ উপযোগী : এটা শিশুৱে এক বছৰ বয়সত ইয়াৰে খেলিব পাৰে আৰু সাত
বছৰ বয়সতো ইয়াক নতুন ধৰণে ব্যৱহাৰ কৰিব পাৰে৷
৪) পৰিৱৰ্তন আৰু সালসলনি
কৰিবলৈ উৎসাহিত কৰে : এইবোৰে শিশুক বস্তুবোৰ সলনি কৰিবলৈ,
একত্ৰিত কৰিবলৈ আৰু নতুন ৰূপত কল্পনা কৰিবলৈ আমন্ত্ৰণ জনায়৷
শিশুৰ সৰ্বাংগীন বিকাশত
ইয়াৰ ভুমিকা
১) জ্ঞানীয় বিকাশ
(Cognitive Development)
যেতিয়া এটি শিশুৱে এনে নিয়মবিহীন
সামগ্ৰীৰ সৈতে খেলি থাকে, তেতিয়া তেওঁলোকৰ কেৱল সময় কটোৱাই নহয়—বৰঞ্চ তেওঁলোকে একেলগে
মগজুৰ, আৱেগিক আৰু সামাজিক বিকাশৰ এক জটিল পৰীক্ষা-নিৰীক্ষা চলাই থাকে৷ উন্নয়নমূলক
মনোবিজ্ঞানৰ গৱেষণাই দেখুৱাইছে যে এই ধৰণৰ খেলে তলত দিয়া কথাবোৰৰ সৈতে জড়িত স্নায়ৱিক
পথসমূহ (neural pathways) শক্তিশালী কৰে৷
সমস্যা সমাধান:
Open-ended toy ৰ খেলে কোনো সমাধান নিদিয়াকৈ স্বাভাৱিকতে প্ৰত্যাহ্বানৰ সৃষ্টি কৰে৷
যদি এটা ব্লকৰ টাৱাৰ বাৰে বাৰে ভাঙি পৰে, তেন্তে শিশুটিয়ে বিভিন্ন পদ্ধতিৰে পৰীক্ষা-নিৰীক্ষা
কৰিব লাগিব—যেনে বহল ভেটি ব্যৱহাৰ কৰা, বেলেগ উচ্চতা বা বিকল্প গাঁথনিৰ চেষ্টা কৰা৷
সিহঁতে সজা দলংখন ভাঙি পৰিলে কি কৰিব লাগে, অথবা দুখন চকীৰ মাজৰ খালী ঠাইখিনিত কাপোৰ
এখনেৰে কেনেকৈ দলং সাজিব লাগে, সেইটো ঠিক কৰা৷ কোনো এটা সামগ্ৰীয়ে সিহঁতে ভবাৰ দৰে
কাম নকৰিলে নিজৰ পৰিকল্পনাটো কেনেকৈ সলনি কৰিব লাগে, সেইটো শিকা৷ এই প্ৰক্ৰিয়াটোৱে
মগজুৰ কাৰ্যবাহী ক্ষমতা আৰু জ্ঞানীয় নমনীয়তা গঢ়ি তোলে৷
প্ৰতীকী চিন্তা : যেতিয়া
এটা শিশুৱে শিকে যে এটা কাঠৰ ব্লকে মটৰ গাড়ী, ফোন বা কেকৰ ৰূপ ল’ব পাৰে, তেতিয়া
তেওঁলোকৰ মাজত বিমূৰ্ত চিন্তাৰ (abstract thought) ক্ষমতা গঢ়ি উঠে৷ এই যে এটা বস্তুৱে
আন কিবা এটা প্ৰতিনিধিত্ব কৰিব পাৰে বুলি বুজি পোৱা কথাটো গণিত আৰু জটিল যুক্তিবাদৰ
মূল ভেঁটি৷
কাৰ্যকৰী স্মৃতিশক্তি
(Working memory) : শিশুৱে খেলাৰ বস্তুবোৰ সালসলনি কৰাৰ সময়ত, মনত এটা খেলৰ
পৰিস্থিতি ধৰি ৰাখিবলৈ একে সময়তে একাধিক তথ্য মনত ৰখাৰ প্ৰয়োজন হয়৷ এটা শিশুৱে ব্লকৰ
অৱস্থান মিলাওঁতে বা পৰৱৰ্তী সময়ত কি সা-সঁজুলিৰ প্ৰয়োজন হ’ব পাৰে সেয়া নিৰ্ধাৰণ কৰোঁতে
তেওঁলোকে খেলৰ গোটেই পৰিস্থিতিটো মনত ৰাখিব লগীয়া হ’ব পাৰে৷
সৃষ্টিশীল আৰু বহুমুখী
চিন্তা (Creative and Divergent Thinking)
Closed-ended toys বোৰত সাধাৰণতে “সফলতা”ৰ এটা হে পথ থাকে—যেনে
সঠিক বুটামটো টিপিলে খেলনাটোৱে নিৰ্দিষ্ট কাম কৰে৷ ইয়াৰ বিপৰীতে Open-ended toy ৰ
খেলনাবোৰৰ অসীম পথ থাকে৷ ব্লকবোৰ সজোৱাৰ বাবে কোনো বিশেষ পদ্ধতি নাথাকে৷ যিহেতু ইয়াত
পূৰ্ব-নিৰ্ধাৰিত ফলাফল নাথাকে, তেতিয়া তেওঁলোকে নিজাকৈ পৰিস্থিতি, কাহিনী আৰু সমাধান
উদ্ভাৱন কৰিবলগীয়া হয়৷ ফলত এই প্ৰক্ৰিয়াটোৱে
কাল্পনিক চিন্তাধাৰাক উদ্দীপিত কৰে আৰু শিশুক নতুন সম্ভাৱনা অন্বেষণ কৰিবলৈ উৎসাহিত
কৰে আৰু বহুমুখী চিন্তা (divergent thinking) বিকাশৰ পথ খোল খায়৷ সৃষ্টিশীলতাৰ ওপৰত
কৰা অধ্যয়নত দেখা গৈছে যে যিবোৰ শিশুৱে নিয়মবিহীন খেলত অংশগ্ৰহণ কৰে, তেওঁলোকৰ মাজত
কেৱল একক উদ্দেশ্যৰে খেলা শিশুৰ তুলনাত অধিক সৃষ্টিশীলতা আৰু মৌলিক চিন্তা দেখা যায়৷
উদাহৰণস্বৰূপ, কাঠৰ ব্লক ব্যৱহাৰ কৰা
এটা শিশুৱে এদিন এটা ঘৰ সাজিব পাৰে আৰু পিছদিনা এখন জলদস্যুৰ জাহাজ বনাব পাৰে৷ প্ৰতিটো
সৃষ্টিৰ বাবে মৌলিক চিন্তা আৰু কাল্পনিক সমস্যা সমাধানৰ প্ৰয়োজন হয়৷
বৈজ্ঞানিক চিন্তাধাৰাৰ উকমুকনি
এনে সামগ্ৰীৰ ব্যবহাৰে শিশুৰ বৈজ্ঞানিক
চিন্তাধাৰাৰ ভেটি প্ৰস্তুত কৰে৷ উদাহৰণস্বৰূপে, ব্লকৰ সহায়ত এটা টাৱাৰ সাজোঁতে, শিশুৱে
স্বাভাৱিকতে তলত দিয়া ধাৰণাবোৰ অন্বেষণ কৰে:
* ভাৰসাম্য (Balance)
* সমমিতি (Symmetry)
* কাৰ্য আৰু কাৰণ (Cause and effect)
* স্থানিক সজাগতা (Spatial awareness)
* গাণিতিক সম্পৰ্ক (Mathematical relationships)
শিশুৱে বিভিন্ন ধাৰণাবোৰ পৰীক্ষা কৰি
চোৱাৰ লগে লগে তেওঁলোকৰ যুক্তিবিজ্ঞানৰ দক্ষতা বৃদ্ধি পায় আৰু বস্তুবোৰে কেনেকৈ কাম
কৰে সেই বিষয়ে গভীৰ জ্ঞান লাভ কৰে৷
২) মানসিক হতাশা হ্ৰাস
কৰে আৰু গভীৰ আত্মবিশ্বাস গঢ়ি তোলে
পৰম্পৰাগত খেলনাবোৰত কিছুমান চৰ্ত
থাকে: যেনে ধৰক, চাৰিচুকীয়া ফুটাটোত চাৰিচুকীয়া সঁজুলিটো ভৰাওক; কুকুৰে ভুকা শব্দ কৰিবলৈ
এই বুটামটো টিপক ইত্যাদি৷ শিশুসকলৰ বাবে, বিশেষকৈ যিসকলে ভাষা বা নিৰ্দেশনাবোৰ বুজিবলৈ
নিজাকৈ অলপ সময় লয়, এই কঠিন নিয়মবোৰ কেতিয়াবা এটা পৰীক্ষাৰ দৰে অনুভৱ হ’ব পাৰে৷ যদি
সিহঁতে খেলনাটো খেলাৰ ‘শুদ্ধ’ উপায়টো বিচাৰি নাপায়, তেন্তে সিহঁত হতাশ হৈ পৰে আৰু নিজকে
অসফল বুলি ভাবিবলৈ লয়৷ Open-ended toy বোৰৰ খেলে সেই মানসিক চাপ সম্পূৰ্ণৰূপে নাইকিয়া
কৰে৷ কোনো নিয়মৰ বাধ্যবাধকতা নোহোৱাকৈ মুকলিকৈ খেলিবলৈ দিলে, আমি আমাৰ সন্তানক এক
হাতাশামুক্ত পৰিৱেশ উপহাৰ দিব পাৰোঁ৷ য’ত সিহঁতে নিজৰ আত্মবিশ্বাস গঢ়ি
তুলিব পাৰে, নিজৰ দক্ষতা জুখিব পাৰে আৰু নিজে কিমান যোগ্য সেই কথা আৱিষ্কাৰ কৰিব পাৰে৷
যিহেতু কাঠৰ টুকুৰা বা মেগনেটিক টাইলছৰ সহায়ত ঘৰ সজাৰ কোনো ‘শুদ্ধ’ বা ‘ভুল’ নিয়ম নাই, গতিকে শিশুটি কেতিয়াও বিফল হ’ব নোৱাৰে৷ সিহঁতৰ প্ৰতিটো সৃষ্টিয়েই একোটা সফলতা৷ এই স্বাধীনতাই এক গভীৰ নিৰাপদ আৱেগিক পৰিৱেশ সৃষ্টি কৰে, যাৰ ফলত সিহঁতৰ আত্মবিশ্বাস বৃদ্ধি পায় আৰু কোনো ভুল কৰাৰ ভয় নোহোৱাকৈ নতুন কিবা এটা চেষ্টা কৰিবলৈ সাহস পায়৷
Open ended toys ৰ খেলত স্বাভাৱিকতে
ভুল হ’লে বাৰে বাৰে কৰাটো (trial and error) জড়িত হৈ থাকে৷ যেতিয়া এটা ব্লকৰ টাৱাৰ
ভাঙি পৰে, তেতিয়া শিশুৱে হতাশা নিয়ন্ত্ৰণ কৰি পুনৰ চেষ্টা কৰিব লাগিব—যিয়ে সহনশীলতা
আৰু আৱেগিক নিয়ন্ত্ৰণ গঢ়ি তোলে৷ ইয়াত কোনো প্ৰগ্ৰেমিং বা ৰিম’ট নাই যিয়ে
সমস্যাটো ঠিক কৰিব; ইয়াৰ সমাধান কেৱল শিশুটিৰ নিজৰ অধ্যৱসায় আৰু সৃষ্টিশীলতাৰ মাজতহে
থাকে৷
৩) স্বতন্ত্ৰভাৱে খেলাৰ
অভ্যাস বৃদ্ধি কৰে
ধৰক আপুনি এটা দামী, চকু চাট মৰা খেলনা
কিনি আনিলে, শিশুটিয়ে মাত্ৰ দহ মিনিটমান খেলিলে আৰু তাৰ পিছত ক’লে, “মোৰ আমনি
লাগিছে!” আৱদ্ধ বা নিৰ্দিষ্ট নিয়মেৰে খেলা খেলনাবোৰৰ আকৰ্ষণ সোনকালে শেষ হৈ যায় কাৰণ
ইয়াৰ সম্ভাৱনাবোৰ সীমিত৷ কিন্তু Open-ended খেলনাবোৰ আপোনাৰ সন্তানৰ বয়স বঢ়াৰ লগে
লগে উপযোগী হৈয়েই থাকে৷ এটা সৰু ল’ৰা-ছোৱালীয়ে কাঠৰ সৰু সৰু টুকুৰা বোৰ ৰামধেনুৰ ৰং চিনি পাবলৈ বা এটাৰ
ওপৰত আনটো সজাবলৈ ব্যৱহাৰ কৰিব পাৰে; চাৰি বছৰীয়া এজনে তাক খেলনা ফাৰ্ম এখনৰ বেৰ হিচাপে
ব্যৱহাৰ কৰিব পাৰে; আৰু ছয় বছৰীয়া এজনে তাক এটা জটিল মাৰ্বল দৌৰোৱা পথ হিচাপে ব্যৱহাৰ
কৰিব পাৰে৷ যিহেতু শিশুৰ মনটো বিকশিত হোৱাৰ লগে লগে খেলখনো সলনি হৈ থাকে, সেয়েহে সিহঁতে
বহু সময় ধৰি ইয়াত মগ্ন হৈ থাকিব পাৰে আৰু শিশুৱে কাৰো সহায় নোলোৱাকৈ নিজে নিজে খেলাৰ
অভ্যাস কৰে৷
৪) ভাষা আৰু আৱেগিক
প্ৰকাশ
এই ধৰণৰ খেলাবস্তুবোৰে শিশুৰ ভিতৰৰ
জগতখন প্ৰকাশ কৰিবলৈ এখন খালী কেনভাছৰ দৰে কাম কৰে৷ কাঠৰ সৰু পুতলা বা পশু-পক্ষীৰ মূৰ্তিৰ
সৈতে খেলাৰ সময়ত শিশুৱে প্ৰায়েই নিজৰ দৈনন্দিন অভিজ্ঞতা আৰু আৱেগবোৰ খেলনাবোৰৰ ওপৰত
জাপি দিয়ে৷ সিহঁতে হয়তো স্কুলৰ কোনো এটা ঘটনা অভিনয় কৰি দেখুৱাব পাৰে, কথা-বতৰা
পাতিব পাৰে, বা দিনটোৰ কোনো এটা কঠিন মূহূৰ্তক খেলৰ ছলেৰে সহজ কৰি ল’ব পাৰে৷ ভাষাৰ
বিকাশ আৰু আৱেগ নিয়ন্ত্ৰণৰ বাবে এই গঠনহীন কাল্পনিক খেল অতি গুৰুত্বপূৰ্ণ মাধ্যম৷
অভিভাৱকৰ বাবে প্ৰয়োজনীয় :
Open-ended খেলৰ দিশলৈ ধাবিত হোৱাৰ
অৰ্থ এইটো নহয় যে আপুনি কোনো দামী দোকানত শ শ টকা খৰচ কৰিব লাগিব৷ আচলতে, আটাইতকৈ
ভাল Open-ended খেলনাবোৰৰ কিছুমান সম্পূৰ্ণ বিনামূলীয়া আৰু সেইবোৰ ইতিমধ্যে আপোনাৰ
পাকঘৰৰ ড্ৰয়াৰত বা পেলাই দিয়া টেমাত সোমাই আছে৷
তলত কিছুমান Open-ended খেলাবস্তুৰ
নাম দিয়া হ’ল৷
*কাৰ্ডবৰ্ডৰ বাকচ (কাৰ্টুন)
*প্লাষ্টিক/ষ্টিলৰ বাটি আৰু চামুচ
*কাগজৰ টেপ (Painter’s Tape)
* বিল্ডিং ব্লক (কাঠ, ফোম বা প্লাষ্টিকৰ
সৰু সৰু ব্লক বা টুকুৰা)
*মেগনেটিক টাইলছ
(Magnetic tiles)
* ৰেচমী কাপোৰ বা ডাঙৰ কাপোৰৰ টুকুৰা,
চোফাৰ কুচন আৰু কম্বল/চাদৰ
* মুখৰ আকৃতি বা চকু-নাক নথকা অতি
সৰল পুতলা বা পেগ ডল (Peg dolls)
* মাটি, বালি বা পানীৰ দৰে স্পৰ্শ
কৰিব পৰা সামগ্ৰী যেনে: প্ৰাকৃতিক সামগ্ৰী (খৰি/কাঠি, শিল, শামুকৰ খোলা, পাত), স্লাইম,
প্লে দো
* আৰ্ট বা কলা-সামগ্ৰী (ৰং, বোকা মাটি/ক্লে,
মাৰ্কাৰ)
* বস্তুৰ খুচুৰা অংশ (বুটাম, কাপোৰৰ টুকুৰা, খালী পাত্ৰ, বল, ৰছী আৰু সূতা)
* ভাও লোৱা খেলৰ সামগ্ৰী
(Pretend-play materials)
অভিভাৱকে কেনেকৈ সহায়
কৰিব পাৰে
এনে খেলৰ ক্ষেত্ৰত অভিভাৱকসকলৰ
বাবে আটাইতকৈ কঠিন কামটো হ’ল—একো নকৰাকৈ থকাটো৷ প্ৰাপ্তবয়স্ক হিচাপে, আমাৰ স্বভাৱগত অভ্যাস হ’ল সোমাই পৰা
আৰু খেলটো শুধৰাই দিয়া—ধৰি লওক টাৱাৰটো কেনেকৈ সাজিলে বাগৰি নপৰিব দেখুৱাই দিয়া ইত্যাদি৷
তেনেক্ষেত্ৰত আমি তলত দিয়া কাম খিনি কৰিব পাৰো৷
১) নিৰীক্ষণ কৰক :
প্ৰথমে আঁতৰত বহক আৰু চাওক, সিহঁতক
খেলৰ নেতৃত্ব ল’বলৈ দিয়ক৷ সিহঁতৰ কাহিনীটোক আপোনাৰ মতে পৰিচালনা কৰাৰ ইচ্ছাৰ পৰা বিৰত
থাকক৷
২) প্ৰশ্ন কৰাৰ পৰিৱৰ্তে বৰ্ণনা কৰক :
সিহঁতক “তুমি কি বনাইছা?” বুলি সোধাৰ পৰিৱৰ্তে (যি সিহঁতৰ ওপৰত এটা নিৰ্দিষ্ট উত্তৰ দিয়াৰ
চাপ সৃষ্টি কৰে), আপুনি যি দেখিছে তাৰে বৰ্ণনা কৰক: “বঢ়িয়া, তুমি দেখোন সেউজীয়া ব্লকবোৰৰ
ওপৰত নীলা ব্লকবোৰ ৰাখিছা৷”
৩) নিৰ্দেশনা নহয়, কেৱল সামগ্ৰী যোগান
ধৰক: সামগ্ৰীবোৰ আগবঢ়াই দিয়ক কিন্তু ইয়াৰ ব্যৱহাৰ শিশুসকলক নিজেই স্থিৰ কৰিবলৈ দিয়ক৷
৪) খেলি-মেলি পৰিৱেশটোক আদৰি লওক: প্ৰকৃত
সৃষ্টিশীল পৰীক্ষা-নিৰীক্ষা কেতিয়াও চাফ-চিকুণ হৈ নাথাকে৷ ঘৰৰ এটা চুক এনেদৰে থৈ দিয়ক
য’ত
সিহঁতে সজা কম্বলৰ গুহাটো বা ব্লকৰ চহৰখন কেইদিনমানৰ বাবে তেনেকৈয়ে থাকিব পাৰে, যাতে
কাইলৈও সিহঁতে খেলখন আগুৱাই লৈ যাব পাৰে৷
৫) বিভিন্নতা প্ৰদান কৰক: ইয়াত নিৰ্মাণ
সামগ্ৰী, প্ৰাকৃতিক বস্তু, আৰ্ট চাপ্লাই আৰু নাট্য খেলৰ সঁজুলি অন্তৰ্ভুক্ত কৰক৷
৬) খেলনাবোৰ সালসলনি কৰি ৰাখক
(Rotate toys): কম খেলনা উপলব্ধ থাকিলে শিশুৱে খেলত গভীৰভাৱে মনোনিৱেশ কৰিব পাৰে৷
৭) খেলনাবোৰ সহজে ঢুকি পোৱা বাস্কেট
বা বাকচত ৰাখক যাতে শিশুৱে নিজৰ পছন্দবোৰ দেখিব পায়৷
Open ended খেলাবস্তুবোৰে বিকাশৰ বাবে
সৰল, কাৰ্যকৰী সঁজুলিসমূহলৈ ঘূৰি অহাৰ ইংগিত দিয়ে—যিবোৰ সঁজুলিয়ে প্ৰজন্ম ধৰি মানুহৰ
শিক্ষা আৰু বৃদ্ধিত সহায় কৰি আহিছে৷ শিশুক Open ended খেলৰ সামগ্ৰী আৰু সেয়া
সৃষ্টিশীলভাৱে ব্যৱহাৰ কৰাৰ স্বাধীনতা প্ৰদান কৰি আমি এনে এক পৰিৱেশ সৃষ্টি কৰিছোঁ,
য’ত
শিশুৰ মন বিকশিত হয়, কল্পনাশক্তি উৰা মাৰে আৰু শিকিবলৈ তথা জীয়াই থাকিবলৈ প্ৰয়োজনীয়
মৌলিক দক্ষতাসমূহ স্বাভাৱিকতে গঢ়ি উঠে৷ ই সিহঁতৰ আমনি লগা মূহূৰ্তখিনিক সুৰক্ষিত কৰে,
নতুন পৰীক্ষা কৰিবলৈ দিয়ে আৰু নিজৰ মতেৰে পৃথিৱীখনক আৱিষ্কাৰ কৰিবলৈ সুবিধা দিয়ে৷
বুটাম থকা খেলনা কমাই দি কৌতূহল জগাই তুলিব পৰা সঁজুলি যোগান ধৰি, আমি কেৱল আমাৰ সন্তানক
মনোৰঞ্জনেই দিয়া নাই—বৰঞ্চ আমি সিহঁতক শিকাইছোঁ যে সিহঁতৰ নিজৰ চিন্তাধাৰাবোৰ অতি
মূল্যৱান, শক্তিশালী আৰু অসীম সম্ভাৱনাৰে ভৰা৷ যিহেতু আমি এক ক্ৰমান্বয়ে জটিল হৈ পৰা
পৃথিৱীত বাস কৰিছোঁ, গতিকে সৃষ্টিশীলভাৱে চিন্তা কৰা, নতুন সমস্যা সমাধান কৰা, আৱেগ
নিয়ন্ত্ৰণ কৰা আৰু কাৰ্যকৰীভাৱে সহযোগিতা কৰাৰ ক্ষমতা ইত্যাদিবোৰ এই সমাজত টিকি থাকিবৰ
বাবে খুবেই জৰুৰী৷ বৰ্তমান যুগত আমি শিশুক দিব পৰা আটাইতকৈ ডাঙৰ উপহাৰটো কোনো দামী
বা অত্যাধুনিক খেলনা নহয়, বৰঞ্চ সৰল সামগ্ৰী যি শিশুটিক দিয়ে কল্পনা কৰা, সৃষ্টি কৰা
আৰু খেলাৰ পূৰ্ণ স্বাধীনতা৷ সেইবাবেই এই খেলৰ সামগ্ৰীসমূহক বৰ্তমান শিক্ষাবিদ, মনোবিজ্ঞানী
আৰু শিশু বিকাশ বিশেষজ্ঞসকলে সুস্থ শিশু বিকাশৰ বাবে অপৰিহাৰ্য আহিলা হিচাপে স্বীকৃতি
দিছে৷
