অন্যযুগ/


অ’নাম

প্ৰয়াগ শইকীয়া

বলি আৰু বামন

দুয়োৰে অনামত উপস্থাপন

বলি দানী মহাবলী ত্ৰিলোকৰ

অধিকাৰী দনুজ

 

বামন অৱতাৰী

দশাৱতাৰৰ পঞ্চমজনা

বিচাৰিছিল

মহাবলী দনুজক পদৰ জোখাৰে

মাটি তিনিখোজ

অৱতাৰী ঈশ্বৰে ছলনাৰ

এখোজেৰে ললে সৰগ

এখোজেৰে মৰত


মহাদানী বলিয়ে কলে

তৃতীয়টি পদ থোৱা মোৰ শিৰত

বলি পালেগৈ পাতাল তৃতীয়টি খোজৰ ভৰত

 

আমি জানো শইচৰ শিপাবোৰ মাটিৰ তললৈ যায়

শইচৰ উৎসৱ অনামত

পাতালৰ মহাবলিয়ে

দান পাত্ৰ লৈ বামনৰ পৰীক্ষাক দুনাই দিবলৈকে নেকি বছৰি ওলায়

 

মন মতলীয়া কৰে পুৰাণৰ কথাই

যি দানী

তেওঁ দনুজাৰিকো যায় চেৰাই

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ