অন্যযুগ/


ওমলা পদ্য

অংকুৰিতা ফুকন

(১)

ঘৰচিৰিকাৰ চিৰিক্ চিৰিক্

শগুণে বোলে খাওঁ,

বোৱাৰী-পুৱাতে সাউদ ককায়ে

বেহালৈ মেলিলে নাও।


(২)

সাউদৰ ঘৰত খৰিয়াল লাগিল

আকাশৰ কলহ ফুটা,

সাউৰণীৰ হেনো ফুৰিবলৈ মন

বৰষুণে লগালে লেঠা।

 

(৩)

নাখায় নাখায় একোকে নাখায়

আজি সাউদৰ লঘোণ

টকলা মূৰত বেল এটা সৰি

হাবিত মৰিল শগুণ।

 

কবিৰ ঠিকনা: 

দেৰগাঁও, ভ্ৰাম্যভাষ: ৮০১১৭৪৮১৪৩

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ