অন্যযুগ/


অকণিৰ লেখা

 মোৰ গৰম বন্ধ 

 

এইবাৰ মই প্ৰথমে স্কুলৰ প্ৰজেক্টবোৰ কৰি ল’লোঁ৷ তাৰ পাছত অৰুণাচল প্ৰদেশৰ পাচিঘাটলৈ ফুৰিবলৈ গ’লোঁ৷ ঘৰলৈ আহি কেনভাছ আৰু বেগত পানী ৰঙেৰে ছবি আঁকিলোঁ৷ আগতে পানী ৰঙেৰে আঁকি পোৱা নাছিলোঁ৷ এদিন আমাৰ হিন্দী কিতাপখনৰ পৰা কবিতা এটা অসমীয়ালৈ অনুবাদ কৰি চালোঁ৷ ভাইটিৰ লগত বহুত খেলিলোঁ আৰু টিভি চালোঁ৷ আমাৰ গাঁৱৰ নামঘৰৰ ভাওনা-বৰসবাহলৈ গ’লোঁ৷ মামাঘৰলৈ গ’লোঁ৷ ৰেডিঅ’ত বকুল ফুলৰ দৰে নামৰ কিতাপখন শুনিলোঁ আৰু দুখন কিতাপ পঢ়িলোঁ৷ নাম-পলোৱা ছানী আৰু  Exam fever.

***

আৰাধ্যা শুভলক্ষ্মী,

চতুৰ্থ শ্ৰেণী,

অমৰ ঘোষ হ’লি আইলেণ্ড স্কুল৷


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ