ড০ ৰাস্না ৰাজখোৱা
বিশ্বাস
কৰা নে নকৰাঁ নাজানো
আতঁৰি
যোৱাৰ কথা নাছিল
আকাংক্ষা
আৰু উৎকণ্ঠাই হাতত ধৰি
লাহে লাহে লৈ গৈছিল
নিলগলৈ... নিলগলৈ... বহু নিলগলৈ
ধৰিবকে নোৱাৰিলোঁ
দাপোণত
মোৰ শান্ত মুখ
অথচ
শুবও নোৱাৰোঁ, সাৰে থাকিবও নোৱাৰোঁ
মন অৰণ্যত অহৰহ পক্ষীৰ কল্লোল
ভিৰৰ
মাজতো
ইমান নিঃসংগ মানুহবোৰ
কেতিয়াবা
নাখাওঁ নবওঁ যেন লাগে
একান্ত ইচ্ছা আছিল, উভতি অহাৰ
উভতনি পথ যে ৰুদ্ধ
এতিয়া
ক’ৰপৰা কেনেকৈ আৰম্ভ কৰোঁ
জীৱনৰ এটা নতুন সংগীত
ৰ’দজিলিকা
সপোন এটাই ক’লে
তুমি য’ত থিয় হৈ আছা
তাৰ পৰাই, তেনেকৈয়ে
যেনেকৈ
মৰুভূমিত পানী অবিহনেও
বালিক সাবটি
জীয়াই থাকে গছ৷
