অন্যযুগ/


তিনিটা কবিতা

 অংকুৰণ আৰ্ফ


১) সৰাপাত

স্মৃতি হয় যদিও

এখিলা সৰাপাত

হৃদয়ত সেউজীয়া থাকিলে

ইয়ো হৈ পৰে এখিলা

চিৰ নতুন কুঁহিপাত।

    

২) ধুমুহা

গছে এদিন ধুমুহাক ক’লে-     

তোমাক ধন্যবাদ

কিয়নো, তোমাৰ কাৰণেই

মই কঠিন পৰিস্থিতিত বুজি পালো নিজৰ শক্তি আৰু

অস্তিত্বৰ উমান।

 

৩)বাঁহী

বতাহে এদিন বাঁহীক সুধিলে

ইমান সুৰৰ মাজতো তোমাৰ মাতত কিহৰ এই কৰুণতা 

বাঁহীয়ে ক’লে

কোনেও নেদেখা বুকুৰ মাজত যে

অতবোৰ অপূৰণ শূন্যতা!

***

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ