অন্যযুগ/


বিখ্যাত পেইণ্টিং কিছুমান শিশুৱে অঁকা ছবিৰ দৰে কিয়?

ড০ সঞ্জীৱ বৰা


“এইখন বিখ্যাত ছবি?? এনেকুৱাতো আমাৰ অমুকেও আঁকিব পাৰে!”

পিকাছো, পল ক্লী, জন মিৰো বা আধুনিক বিমূৰ্ত ছবি চালেই এনে কথা কিমানৰ মনলৈ কিমানবাৰ বা আহে তাৰ হয়তো হিচাপ নাই। কথাটো একেবাৰে অস্বাভাৱিকো নহয়৷ পিকাছোৰ কিছুমান মুখত আচলতে চকু দুটা য’ত থাকিব লাগে সেই ঠাইত নাই, মিৰোৰ ছবিত দুই-চাৰিটা ৰেখা, এটা গোল, অলপ ৰং; ক্লীৰ কিছুমান ছবি  যেন বহীৰ শেষ পৃষ্ঠাত শিশুৱে অন্যমনস্কভাৱে আঁকি থোৱা কিবা আঁক বাঁক যেন। অথচ এইবোৰেই আধুনিক কলাৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ কাম। তেনেহ’লে প্ৰশ্নটো সাধাৰণ, বিখ্যাত শিল্পীজনে ইমান বছৰৰ সাধনাৰ পাছতো আকৌ শিশুৰ দৰে আঁকিবলৈ ল’লে কিয়?

 

পিকাচো, পাবলো. ডোৰা মাৰৰ প্ৰতিকৃতি. ১৯৩৭. কেনভাছত তেল ৰং. মুছে পিকাচো, পেৰিছ.

পিকাচো, পাবলো. গুৱেৰনিকা. ১৯৩৭. কেনভাছত তেলৰং. মুচে ৰেইনা ছফিয়া, মাদ্রিদ.

ক্লি, পাউল. দা গ'ল্ডফিছ (Der Goldfisch). ১৯২৫. হামবাৰ্গাৰ কুনষ্টহালে, হামবাৰ্গ. ৱিকিমিডিয়া কমন্স,

মিৰো, জোৱান. দা বাৰ্থ অৱ দা ৱৰ্ল্ড (The Birth of the World). ১৯২৫. মিউজিয়াম অৱ মডাৰ্ণ আৰ্ট, নিউয়ৰ্ক. ৱিকিপিডিয়া

 আচলতে শিশুৱে ছবি আঁকাৰ সময়ত প্ৰথমেই বাস্তৱক “শুদ্ধকৈ অনুৰকণ” কৰিবলৈ চেষ্টা নকৰে। শিশুৱে মানুহ এজন আঁকিলে মূৰটো ডাঙৰ কৰে, হাত দুখন অসমান হয়, ঘৰটো আঁকিলে ভিতৰৰ মানুহজনকো দেখা যায়, আকাশৰ সূৰ্যটো কোণ এটাত ওলমি থাকে, ইত্যাদি৷ কাৰণ শিশুটোৱে চকুৰে যি দেখে কেৱল তাকেই নাআঁকে; সি যিটো জানে, যিটো গুৰুত্বপূৰ্ণ বুলি ভাবে, যিটো অনুভৱ কৰে, তাকেই আঁকে। শিশু-চিত্ৰ সম্পৰ্কে হোৱা গৱেষণাতো ছবিক কেৱল অসম্পূৰ্ণ বাস্তৱৰ প্ৰকাশ বুলি নেদেখি শিশুৰ নিজা দৃশ্যাত্মক চিন্তাৰ ৰূপ বুলি গণ্য কৰা হৈছে৷ Miriam Lindstrom-ৰ Children’s Art আৰু Jo Alice Leeds-ৰ শিশু-শিল্পৰ ইতিহাস সম্পৰ্কীয় অধ্যয়নত এই visual symbolism-ৰ গুৰুত্ব বিশেষভাৱে আলোচনা কৰিছে৷ এই আলোচনা পাছলৈ ৰাখোঁ৷

অৱশ্যে আমি ডাঙৰ হোৱাৰ লগে লগে “শুদ্ধকৈ” আঁকিবলৈ শিকোঁ। গছ মানে এনেকুৱা, মানুহৰ মুখৰ অনুপাত এনেকুৱা,  পাৰিপাৰ্শ্বিক এনেকুৱা, ছাঁ এনেকৈ পৰে। এইবোৰ শিকাটো শিল্পীৰ বাবে অতি প্ৰয়োজনীয়। ৰেনেছাঁৰ পৰা ইউৰোপীয় বিদ্যায়তনিক পৰম্পৰালৈ শিল্পশিক্ষাৰ এটা বৃহৎ অংশই আছিল পৰ্যবেক্ষণ, এনাটমী, পাৰিপাৰ্শ্বিক আৰু গুৰুৰ অনুকৰণ। কলাৰ সমস্যাটো কলা শিক্ষা লোৱাত নহয়। যেতিয়া নিয়মটোৱেই শিল্প হৈ যায়- তেতিয়াই ই সমস্যা হৈ পৰে৷ হয়তো শিল্পী এজনে তেতিয়া ভালকৈ আঁকিব জানে, কিন্তু নতুনকৈ চাব নজনা হৈ পৰে। কাৰণ তেওঁ নিয়ম কিছু শিকি পেলাইছে৷ এই নিয়মবোৰ ছবিৰ কল্পনাতকৈ আগত মনত দোলা দি থাকে৷ শিশুৰ সুবিধাটো ঠিক এইখিনিতেই৷ কাৰণ সি এতিয়াও “এইদৰে আঁকিব লাগিব” বুলি শিকা নাই। তেনে নিয়মত সি সোমাই পৰা নাই৷

আধুনিক শিল্পকলাৰ বহু শিল্পীয়ে এই স্বাধীনতাটোৱেই উদযাপন কৰিছিল। বিংশ শতিকাৰ আৰম্ভণিৰ আঁভা-গ্ৰেডে বিদ্যায়তনিক প্ৰকৃতিবাদৰ বহু নিয়মৰ পৰা আঁতৰি নতুন দৃশ্য-ভাষা বিচাৰিবলৈ ধৰিলে। শিশুৰ অংকন, লোকশিল্প আৰু সেই সময়ত ইউৰোপীয়সকলে প্ৰিমিটিভ আৰ্ট বুলি শ্ৰেণীবদ্ধ কৰা বহু অ-পশ্চিমীয়া শিল্পৰ পৰা তেওঁলোকে নতুন সম্ভাৱনা দেখা পালে। আজিৰ শিল্প-গৱেষণাই “প্ৰিমিটিভ” শব্দটো ব্যৱহাৰ কৰাৰ ঔপনিৱেশিক সমস্যাবোৰ স্পষ্টকৈ দেখুৱাইছে। তথাপি ইতিহাসত দেখা যায় যে ক্লী, কাণ্ডিনস্কি, মিৰো, পিকাছো আদি বহু আধুনিক শিল্পীয়ে শিশুৰ স্বতঃস্ফূৰ্ত আঁকনি আৰু প্ৰচলিত নিয়মৰ বাহিৰৰ সৰল ৰূপভাষাৰ প্ৰতি গভীৰ আগ্ৰহ দেখাইছিল আৰু অনুপ্ৰেৰণা লাভ কৰিছিল।

পল ক্লীৰ ছবিয়েই যদি আমি চাওঁ-- কেতিয়াবা ঘৰ, মুখ, গছ, মাছ বা মানুহ দুই-চাৰিটা ৰেখাতেই চিনিব পাৰি। কিন্তু এই সৰলতাৰ আঁৰত সংগীত, জ্যামিতি, ৰংতত্ত্ব আৰু দৃশ্য গাঠনিৰ গভীৰ চিন্তা সোমাই আছিল। Rudolf Arnheim-ৰ perception theory-ৰ আধাৰত ক্লীৰ ছবি আৰু শিশু ছবিৰ গ্ৰাফিক গঠনৰ তুলনাৰ গৱেষণাও হৈছে। দুয়োৰে মাজত মিল আছে, সেই বুলিয়েই ক্লীৰ ছবি শিশুৰ ছবি হৈ নাযায়। পাৰ্থক্যটো হ’ল, শিশুৱে যিটো স্বাভাৱিকভাৱে কৰে, ক্লীএ সেই সৰলতাক সচেতন শিল্পভাষালৈ ৰূপান্তৰ কৰিছে৷

মিৰোৰ The Birth of the Worldলৈ চালে আপুনি আৰু স্পষ্ট হ’ব৷ প্ৰথম দৃষ্টিত এনে লাগে যেন বিশাল কেনভাছখনত ৰং পৰি গৈছে, কিছুমান দাগ, ৰেখা আৰু সৰু সৰু ছাপ কিছুমান| ঠিক শিশুৱে ৰং লৈ খেলাৰ দৰে কথা। মিৰোৱে ছবি আঁকোতে ৰেনেছাঁ যুগৰ পৰা চলি অহা প্ৰাকৃতিক দৃশ্য অঁকাৰ পুৰণি নিয়মবোৰ ইচ্ছা কৰিয়েই এৰি দিছিল। তেওঁ ৰং ছটিয়াই, দাগ বহুৱাই, ৰং লেপি দি, কিছুমান আঁচ আৰু একেবাৰে সাধাৰণ কিছুমান চিন ব্যৱহাৰ কৰি নিজাকৈ এক নতুন শৈলী গঢ়ি তুলিছিল। তেওঁ এনেদৰে অঁকাৰ অৰ্থ এইটো নহয় যে তেওঁ ছবি আঁকিব জনা নাছিল বা নোৱাৰিছিল। বৰঞ্চ, ছবি অঁকাৰ পুৰণি সকলো নিয়ম ভালদৰে জনাৰ পিছতো তেওঁ সচেতনভাৱেই সেই নিয়মবোৰ ভাঙি নতুন কিবা এটা কৰাৰ সিদ্ধান্ত লৈছিল বুলি নিউয়ৰ্কৰ মিউজিয়াম অৱ মডাৰ্ণ আৰ্ট (MoMA)-এ ব্যাখ্যা কৰিছে৷

পিকাছোৰ ক্ষেত্ৰত এনে সন্দেহ আৰু ভুল-বুজাবুজিটো আমাৰ অলপ বেছিকৈয়ে হ’ব৷ তেওঁৰ ছবিবোৰ চাই  বাস্তৱ মুখ আঁকিব একেবাৰেই নাজানিছিল নে কি? এনে ভাব হ’ব৷ কিন্তু তেওঁৰ কিশোৰ অৱস্থাত অঁকা একাডেমিক কলাবিলাক আৰু প্ৰতিকৃতিসমূহেই সেই সন্দেহ দূৰ কৰিব। তেওঁ কলা শিক্ষা সৰু কালতেই আৰম্ভ হৈছিল আৰু বাস্তৱ দৃশ্য সংৰচনাত পাৰ্গত আছিল। পাছত তেওঁ বাস্তৱৰ এনাটমী আৰু নৈসৰ্গিক ঠাচ ভাঙি পেলালে৷ কলাৰ বিদ্যায়তনিক ঠাচ জানিছিল বাবেই সেইবোৰ উপেক্ষা কৰিছিল। এইখিনিতে আধুনিক বিমূৰ্ত কলা আৰু শিশুৰ কলাৰ মৌলিক পাৰ্থক্য ওলাই পৰে৷ এটা হৈছে অনিচ্ছাকৃত ভুল, আনটো সচেতন পৰিৱৰ্তন।

কবিতাৰ প্ৰসংগত কথাটো হ’ব এনেকুৱা- ফুল ফুলিছে, চৰাই উৰিছে, মোৰ মন ভাল- এনে সহজ শব্দবোৰ সৰু শিশুৱেও লিখিব পাৰে। বিখ্যাত কবিয এজনে ফুল, বৰষুণ, পথ, ঘৰ, মাটি, প্ৰেম আদি অতি সাধাৰণ শব্দ ব্যৱহাৰ কৰে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে দুয়োটা কবিতা একে। অসমীয়া কবিতাৰ কথালৈ চাওকক্ষ হীৰেন ভট্টাচাৰ্যৰ বহু কবিতাৰ সাৰ্থকতা জটিল শব্দ বয়নত নহয়৷ অতি চিনাকি শব্দৰ ভিতৰত নতুন অনুভৱৰ গভীৰতা সৃষ্টি কৰাই তেওঁৰ কাব্যশিল্প। কলাৰ প্ৰসংগতো কথাটো একেই৷ মূল কথা হৈছে- সৰলকৈ কৰা আৰু সৰল যেন দেখুওৱা একে কথা নহয়। বহু বছৰ ভাষা আয়ত্ত কৰাৰ পাছত কবিয়ে এটা সৰু বাক্যত যি কৰিব পাৰে, বহু বছৰৰ কলা সাধনা, ৰং কৌশল আয়ত্ত কৰাৰ পাছত শিল্পীয়েও দুই-এডাল ৰেখাৰে সেই কাম কৰিব পাৰে।

এটা কথা মন কৰিছে নিশ্চয়৷ শিশু এটাই মাকৰ ছবি আঁকিলে মাকৰ মুখত ডাঙৰ ডাঙৰ চকু দিব পাৰে। আমি ক’ম এনাটমী ভুল। কিন্তু শিশুটোৰ বাবে যদি মাকৰ চকুৱেই আটাইতকৈ মনত পৰা বস্তু, তেন্তে তাৰ ছবিখন তাৰ অনুভৱৰ ফালৰ পৰা ভুল হ’ব নেকি? আধুনিক শিল্পীয়েও ঠিক এই প্ৰশ্নই উত্থাপন কৰে। চকুৱে যিটো দেখে তাকেই আঁকিব লাগিব বুলি আমি ভাবো কিয়? মনটোৱে যিটো অনুভৱ কৰে তাক আঁকিব নোৱাৰি জানো? এডৱাৰ্ড মাংকৰ The Scream-ৰ মুখখন সঁচা মানুহৰ দৰে নহয়; কিন্তু আতংকৰ অনুভৱটো বাস্তৱ। পিকাচোৰ গোৱেৰ্ণিকাৰ মানুহবোৰৰ গঠন, নিয়ম নমনা ৰেখাৰ কটা-কটি৷ যুদ্ধত ভাঙি পৰা মানুহ আৰু সমাজ প্ৰকাশ কৰিবলৈ সেই বিকৃতি অধিক শক্তিশালী ৰূপক হৈ উঠিছে৷ শিশুৰ ছবিবোৰতো বাহ্যিক বাস্তৱৰ তুলনাত ভিতৰৰ জগতখনে বেছি গুৰুত্ব পায়। স্পেনিচ Civil War-ৰ সময়ত শিশুৱে অঁকা যুদ্ধৰ ছবিসমূহৰ ওপৰত হোৱা এক গবেষণাতো দেখা গৈছে যে শিশুৰ বাচিক প্ৰকাশ অভিজ্ঞতা, স্মৃতি আৰু মানসিক সংঘাতক তেওঁলোকে নিজস্ব ৰূপত কল্পনা আৰু প্ৰকাশ কৰে৷

 শিশুৰ দৰে আঁকিলেই যে সকলো বিখ্যাত শিল্প হ’ব- কথাটো তেনে নহয়। তিনিটা বৃত্ত আঁকি, চাৰিডাল ৰেখা টানি আধুনিক কলা বুলি নাম দিলেই মীৰো বা ক্লীৰ ছবিৰ সমপৰ্যায়ৰ নহয়৷ শিশু-চিত্ৰও সকলো একে নহয়, আৰু আধুনিক শিল্পও সকলো একে সফল নহয়। শিল্পৰ ক্ষেত্ৰত- ই কিমান কঠিন সংৰচনা সেইটো প্ৰশ্ন বা উদ্দেশ্য হ’ব নোৱাৰে। প্ৰশ্ন হ’ল, শিল্পীয়ে কিয় এই ৰূপটো নিৰ্বাচন কৰিলে? ৰেখা, ৰং আৰু স্থানৰ মাজত কি সম্পৰ্ক সৃষ্টি কৰিলে? আগৰ দৃশ্য ৰচনাৰ একঘেয়ামীৰ পৰা ইয়াত কি সলনি কৰিলে? আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, সেই সৰল ৰূপটোৱে আমাক নতুনকৈ কি দেখিবলৈ বা অনুভৱ কৰিবলৈ দিলে? সেয়েহে গৱেষকসকলেও শিশু-কলাক এতিয়া একেবাৰে “pure spontaneous genius” বুলি কল্পনা কৰিবলৈ এৰিছে৷ শিশুৰ ছবিতো সংস্কৃতি, পৰিৱেশ, দেখা ছবি আৰু সামাজিক অভিজ্ঞতাই অন্য ৰূপত থাকে।

শিশুৱে আঁকিবলৈ লওঁতে প্ৰথমে নাভাবে, “মানুহে এইখনক আৰ্ট বুলি ক’বনে?” কিবা এটা তাৰ বাবে গুৰুত্বপূৰ্ণবাবেই সি আঁকে। ৰঙা ৰংটো ভাল লাগিছে সেয়ে দিছে, মানুহজন ডাঙৰ, ঘৰটো নিজৰ, সূৰ্যটো বিস্ময়ৰ বস্তু শিশুৰ বাবে। আধনিক কলাৰ বহু শিল্পীয়ে দীৰ্ঘ শিক্ষা, ইতিহাস আৰু কৌশলৰ মাজেৰে আকৌ সেই মুক্ত মন বিচাৰি লয়৷ শিল্প আৰু ইয়াত দৃশ্যৰ নকল নহয়, চিন্তা আৰু অনুভৱৰ বিষয়হে হৈ পৰে। শিশুৰ ছবি আৰু মহান কলাৰ মিলটো এইখিনিতেই।

সেয়ে বিখ্যাত ছবিবোৰ শিশুৰ আঁকনিৰ দৰে লাগে বুলি কোৱাতো বা ভবাতো একেবাৰেই ভুল নহয়৷ কিন্তু কথাটো ওলোটা কৰি ক’লেহে বেছি যুক্তিযুক্ত হ’ব। বিখ্যাত শিল্পী আকৌ শিশু হৈ নাযায়। এইবাৰ তেওঁ বহু বছৰ ধৰি শিকা কিছুমান অভ্যাস, কৌশল ইচ্ছাকৃতভাৱে এৰি দিয়ে, যাতে সকলো আকৌ নতুনকৈ চাব পাৰে। এই এৰি দিয়া, নসাৎ কৰা জ্যামিতি, ব্যাকৰণৰ ফলতে চিন্তাৰ দৃশ্যাত্মক উপস্থাপন একেবাৰেই সৰল হৈ পৰে, ফলত দেখাত শিশুৰ ছবিৰ দৰে হৈ পৰে৷

           শিশুৱে এইকাৰণে সহজকৈ আঁকে, কাৰণ সি এতিয়াও কলাৰ জটিল নিয়মবোৰ শিকা নাই। বিখ্যাত শিল্পীয়ে সহজকৈ আঁকে এই কাৰণে যে তেওঁ নিয়মবোৰ শিকিছে, কৌশলবোৰ বুজিছে আৰু কোনটো ৰাখিব আৰু কোনটো এৰি দিব লাগে, সেইটো তেওঁ জানি উঠিছে। এই দুয়োটাৰ মাজত দেখাত দূৰত্ব অতি কম যেন লাগিলেও ইয়াৰ তাৎপৰ্য বহু বেছি। কিন্তু শিল্পৰ ইতিহাসত সেই দূৰত্ব পাৰ হ’বলৈ কেতিয়াবা এটা সম্পূৰ্ণ জীৱন লাগি যায়। ইয়াত সময়েই মূল কাৰক৷ শিশুৰ বাবে ছবি খনেই কেৱল সময়৷ শিশুৱে কি আঁকিছে সেয়াই তাৰ বাবে বৰ্তমান৷ বিখ্যাত ছবিবোৰত কি আঁকিছে-তাতকৈ, তেওঁ কি কৌশল ত্যাগ কৰি এই ৰূপ দিছে সেয়া বেছি গুৰুত্বপূৰ্ণ হৈ পৰে৷ এই ইচ্ছাকৃত ত্যাগে ছবিখন একেবাৰেই সৰল কৰি তোলে৷ সৰল ছবি বিলাকৰ অন্তৰালত এজন চি্ত্ৰকৰৰ সাধনা, ব্যক্তিগত কচৰৎ, সামাজিক-সাংস্কৃতিক, ৰাজনীতি-অৰ্থনীতিৰ ইতিহাস থাকে৷ তেনে ছবি কেৱল এখন চায়েই ইয়াৰ অৰ্থ বা জনপ্ৰিয়তা সাধাৰণতেই নিৰ্ণয় কৰা নহয়৷ এয়া দীঘলীয়া অধ্যয়ন আৰু আগ্ৰহৰ বস্তু৷ 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ