মূল : ৰামকুমাৰ মুখোপাধ্যায়
অনুবাদ : কুমুদ ঘোষ আৰু সত্যেন চৌধুৰী
সংস্কৃতি
সংস্কৃতি
স্ত্ৰী লিঙ্গ৷ ১ সংস্কাৰ, গুণান্তৰাধন, মন্ত্ৰাদিশোধন৷ “শুক্লযজুৰ্বেদ”৷ ২ পৰিমাৰ্জন, প্ৰক্ষালন৷ মনুসংহিতা৷ কুল্লূক৷ ৩ উপনয়ন “দ্বিজসংস্কৃতি”, শ্ৰীমদ্ভাগৱত৷
– ঠিক কৈছে, কেৱল কাম কৰিলেই নহ’ব আজৰিৰো দৰকাৰ৷ তাঁতীৰ
মাঁকো বৰ ছট্ফটীয়া কিন্তু সিও ৰ’ব লগা হয় ঈদ, ভীম, শয়ন আৰু জাগৰণৰ তিথিত৷
– ৰৈ কি কৰে বুলি সুধিছে? হেৰি
ভাবে, ধোবাৰ গাধই যিদৰে কাণত কাণখন পেলাই জগত সংসাৰৰ কথা চিন্তা কৰে৷
– হয়, খোজোঁ কাঢ়ে৷ কেতিয়াবা দুভৰিৰে কেতিয়াবা চাৰি
ভৰিৰে৷ যেতিয়া দুভৰিৰে খোজ দিয়ে তেতিয়া পিঠিত ধোবাৰ কাপোৰ-কানি নাথাকে৷ ভৰিৰ
খোজবোৰ সৰু সৰু কিন্তু খোজ নিজৰ৷ ভৰিৰ ৰচি খুলি দিলে গাধই দীঘল দীঘল খোজ দিয়ে৷
দেখিলে ধাৰণা হ’ব জগতসংসাৰ জয় কৰিবলৈ গৈছে৷ কিন্তু খোজ কঢ়াটো নিজৰ নহয়, ধোবাৰ৷
দুমুঠি খাবলৈ দিব তাৰ বাবেই খোজ কঢ়া৷
– হয়, পেট আৰু মনৰ ভিতৰত বিৰাট এক গৰ্ত৷
– ‘গৰ্ত’ কি সুধিছে? সেইটো হৈছে গাঁত৷ প্ৰথম যেতিয়া গাঁতটো হ’ব
তেতিয়া মাৰ্বল খেলিলে৷ তাৰ পাছত ডাঙৰ হওঁতে হওঁতে এদিন আপোনাৰ ভৰি সোমাই পৰিল৷ বছ্,
দুটুকুৰা৷ তাৰ পাছত গাড়ীৰ চকাৰ কোবত একেবাৰে
পাটনাদ৷ মানুহ সোমাই পাতাল পাবগৈ৷ সীতা গ’লগৈ৷
– ৰামায়ণৰ কথা নাজানিমনে? টেলু চক্ৰৱতীয়ে ৰামায়ণ গায়৷ যেনে কণ্ঠ
তেনে হাত-ভৰিৰ নাচোন৷ সীতা ৰামৰ সংসাৰলৈ এই ন-কইনা হৈ আহে যদি অলপ পাছতে অশোক বনত
কান্দে৷ দুমুঠি ভাতৰ বাবে যে কতনা দুঃখ৷ যেতিয়া ভোক-পিয়াহ আঁতৰিল সীতা গাঁতত
সোমাল৷ হেৰি দুখ-বেজাৰত মনটো খাৰ হৈ গ’ল৷
– কোন ভাষাত ৰামায়ণ লেখা হৈছিল সুধিছে? দেৱভাষাত৷ সেই ভাষাত ব্যাখ্যা নাই৷
হাজাৰ হওক বিয়া, লগুন
দিয়নী, সাদভক্ষণৰ ভাষা৷
– দেৱভাষাৰ শব্দ কি কি সুধিছে? কিমান
শুনিব? ধৰক ‘মদ’ক বোলে মদিৰা, ‘হাড়িয়া’ক সুধা৷ জিতু বামুণে কোনোদিন
‘হাড়িয়া দে’ বুলি কোৱা নাই৷ তেওঁ কয় ‘সুধা’৷ তেওঁৰ এজনী তোলনীয়া জীয়েক আছে৷ তাইৰ
নাম সুধা৷ এটা কামতে দুটা কাম হৈ গ’ল৷ ল’ৰাক মাতিলে ‘কৃষ্ণ’ বুলি৷ লৰা’টোও আহিল
আৰু আপোনাৰ ‘কৃষ্ণ’ নামো হৈ গ’ল৷ ঈশ্বৰৰ নাম ল’লে পুণ্য বাঢ়ে৷
– সংস্কৃতি কথাষাৰ শুনিছোঁনে নাই
সুধিছে? নাই, শুনা নাই৷ সেই
যুৰীয়া আখৰবোৰত বৰ গোলমাল৷ সাক্ষৰতাৰ ছোৱালীজনীয়ে কৈছিল, ‘বৰদেউতা, এক সপ্তাহতে
আপুনি শিকি যাব৷’
– নাই, শিকা নাই৷ পোকৰত
জোক লগাই কি লাভ কওকচোন বাৰু? যুৰীয়া বলধ উঠি গ’ল, যুৰীয়া আখৰ থাকেনে আৰু? চাব কোনোবা এদিন উঠি গৈছে৷ আৰু এজনী ইন্দিৰা
গান্ধী আহিলেই তুলি দিব৷
– নহয়, হেৰি ‘সংস্কৃতি’ আন্দাজ কৰিব পৰা নাই৷ কিন্তু
‘সংক্ৰান্তি’ জানো৷ ওৰেটো মাহ সং কৰিলে, এইবাৰ নাটক শেষ৷ নতুন নাটক আৰম্ভ হ’ব৷ বছৰত
বাৰটা মাহ মানে বাৰখন নাটক৷ য’তদিন জী থাকিব বছৰেকত বাৰখন নাটক কৰিব৷ এয়ে হ’ল
সংসাৰ৷
– হয়, ঠিক কৈছে, এয়াও সং৷ সাৰ কি? ধানৰ পতান উৰুৱাই দিয়াৰ পাছত যিখিনি
পৰি থাকিল সেয়া সাৰ৷ সংসাৰৰ ‘সাৰ’ হ’ল ‘সং’৷
– সাহিত্যৰ কথা সুধিছে? নাই, সেইটো শুনা নাই৷
– ৰবীন্দ্ৰনাথ ঠাকুৰ কোন সুধিছে?
জানো৷ বহাগ মাহত বজাৰৰ চালিৰ তলত তেওঁৰ গুণ-গান
হয়৷ বজাৰৰ চালিৰ ওপৰত তেওঁৰ এটি পদ্য আছে, মোৰ নাতিটোৱে পঢ়ে৷
– হয়, তেওঁৰ ছবি মদনৰ ঘৰত দেখিছোঁ৷ মদনৰ ঘৈণীজনী হাপানিত
বৰকৈ ভুগিছে৷ ক’লে ডাক্টৰক দেখুৱাবলৈ কলিকতালৈ যাব৷
– নজৰুল কোন সুধিছে? জানো৷
আহ্, গানবোৰ কি যে ভালকৈ কৰিছিল৷
মধু বিশ্বাসৰ বাঁহীত শুনিলে ধাৰণা হ’ব পৰাণ জুৰ পৰি গৈছে৷ ‘শূন্য এ বুকে পাখি মোৰ’,
আহা
কি বাণী৷ সংগীত হ’ল ... চাওক আকৌ ‘সং’ আহি গ’ল৷
– নহয়, মোৰ কণ্ঠ নাই৷ তবে জুনুকা বজালোঁ,
আকৌ খঞ্জৰি বজালোঁ৷ মধুৰ দলৰ স’তে আগতে বছৰত
দুই-এবাৰ গৈছোঁ৷ দুই-তিনিটা দিন আনৰ ঘৰত অন্ন পালেও সংসাৰৰ লাভ৷ তাৰ উপৰি
দুই-তিনিটা দিন সুৰ আৰু তালত পাৰ গৈ গ’ল৷ সংসাৰলৈ উভতিলে আকৌ বেতাল৷ ধোবাৰ কাপোৰৰ
টোপোলা কঢ়িওৱা কাম৷
– কাৰ কণ্ঠ ভাল বুলি সুধিছে? খোকন বিশ্বাসৰ তুলনা নাই৷ নাট কোম্পানীৰ গায়ক
আছিল৷
– কোতুলপুৰত দেখিছোঁ৷ কণ্ঠস্বৰ উঠি গৈ
টঙীত কিন্তু অলপো খুঁট নাপাব৷ জোৎস্না দত্তৰো কণ্ঠ আছিল৷ ‘কবি’ নাটকত গান গাইছিল৷
– হয়, ৰেডিঅ’ৰ গান শুনো, ৰবীৰ গান চেলুনত বাজে৷ গান ভাল কিন্তু মানুহজনক
আজিলৈকে দেখিবলৈ পোৱা নাই৷ নেদেখিলে মজা নাহে৷ ধৰক দুখৰ গীতটি গাইছে অথচ আপোনাৰ
চকু দুটা দেখিবলৈ পোৱা নাই, সেয়া বাৰু হয়নে? ৰসৰ গান গাব অথচ মুখখন দেখিবলৈ নাপাম, সেয়া বাৰু হয়নে?
– টিভিৰ কথা সুধিছে? দেখিছোঁ৷ গাঁৱত এতিয়া দহ-বাৰ ঘৰত টিভি৷
বস্তুটো বাকচৰ নিচিনা৷ ৰং ক’লা৷ ভিতৰৰ মানুহবোৰ টিক্লা টিক্লা৷ টিভিত বৰ নিচা৷
এবাৰ চালে আৰু এৰিব নোৱাৰিব৷ সন্ধিয়া হ’লেই মন যাব৷ প্ৰত্যেকদিনাই একোখনকৈ চিনেমা৷
– থিয়েটাৰ জানো, কেলাবৰ ল’ৰাবোৰে কৰে৷ আচৰটো জেলৰ নিচিনা,
চাৰিওফালে দেৱাল৷ পাছত সন্মুখৰ কাপোৰ আঁতৰাই
দিয়ে৷ তেতিয়া কথা আৰম্ভ৷
– ভাল কিন্তু স্বভাৱ বৰ নৰম৷ কাজিয়া হয়
কিন্তু কণ্ঠস্বৰ ওপৰলৈ নাযায়৷ ফট্কৈ এনেকে মৰি যাব যে ধৰিবই নোৱাৰিব৷ অকণমান
টোপনিয়ালেই ধৰিব নোৱাৰিব যে কাৰ পথাৰৰ শইচ কোনে চপালে৷
– নহয় হেৰি, সকলো সময়তে চিঞৰিব
লাগিবনো কিয়? চোৰে
বাৰু মানুহ মাতি সিন্ধি খান্দেনে? সি হাতত সাৰে ভৰিত সাৰে কামটো সমাধা
কৰি গুচি যায়৷ কিন্তু যাৰ ঘৰত সিন্ধি দিলে? তেওঁ বাৰু পুৱাতে উঠি চাউল-পাত ধুই চৰুত নিদিবনে?
চোৰনো
কোন জনা নাযায়৷ সেয়ে এনেকৈ টেঁটুফালি চিঞৰিব লাগিব যাতে গাঁৱৰ সকলোৰে কাণত পৰে৷ যি
কুকুৰৰ কাম তাৰ কাণত সোমাল, বাকীবোৰৰ পেটত সোমাল৷
– শ্ৰেষ্ঠ অভিনেতা কোন কোন সুধিছে?
ৰামকৃষ্ণ আৰু নটী বিনোদিনী৷ ঈশ্বৰ আছিল বাবেই
তিৰোতা মানুহজনী ক’ৰ পৰা ক’লৈ উঠিল ভাবকচোন৷ ভগৱন্ত হ’ল মণি, যাকে
চুইছে তেৱেঁই সোণ হৈ পৰিছে৷
– অ’ ৰামকৃষ্ণ আৰু বিনোদিনীৰ চৰিত্ৰ৷
তাতেনো কিডাল হ’ল?
– চৰিত্ৰ হ’ল মমতাজ আৰু চাজাহান৷ ঠিক
কথা৷ কোনোৱে নক’ব যে তেওঁলোক চৰিত্ৰহীন৷
– ভাল বাৰু, বুজিলোঁ৷
তেওঁলোক জী থকা নাই, তেওঁলোকৰ
ভাও দিছে অন্যই৷ আপোনাৰ বুদ্ধিৰ শেষ নাই, আপুনি বুদ্ধিসাগৰ৷ আমাৰ গাঁৱত বান্ধৱ অপেৰা বুলি
দল এটা আছে৷ আখৰাৰ দিনতে চেগ পালে অলপ ঘূৰি-ফুৰি আহোঁ৷ কোনো এক সপ্তাহত দেখিলোঁ
গনেশ নন্দীয়ে দৰাৰ ভাও দিছে৷ পাছৰ সপ্তাহত দেখিলোঁ গণেশৰ ঠাইত ৰবি৷ মইতো আকাশৰ পৰা
সৰি পৰিলোঁ৷
– নাই নাই, দৰা সলোৱা নাই৷ বিডিঅ’ নাই বাবেই অফিছত ভাও
দিছিল গণেশে৷ গণেশ নাই বাবেই যাত্ৰাত ভাও দিছিল ৰবিয়ে৷ এতিয়া ছোৱালীজনীয়ে কাৰ ভাও
দিছে সেয়া আপুনিও নাজানে ময়ো নাজানো৷ সেয়া ক’ব পাৰিব নাট পৰিচালকে৷
– অ’ বুজিছোঁ৷ ৰামকৃষ্ণ, বিনোদিনী,
চাজাহান,
মমতাজ
এওঁলোক পকা, বন্ধা চৰিত্ৰ৷ সলনি হৈছে আচৰৰ মানুহবোৰ৷ হেৰি
আজৱ সঙ্গ৷ পাঁচ বছৰৰ মূৰে মূৰে ভোট হৈছে৷ নতুন মানুহ আহিছে আকৌ আঁতৰি গৈছে৷ চাই
চাই আমাৰ বৰ আমোদ লাগিছে৷ হেৰি আপুনিতো চৰিত্ৰ নহয়, ভাও দিছে কিয়?
– সেয়াতো হয়েই, অনুষ্ঠান নাথাকিলে ভাও দিব কেনেকৈ? ভাও দিবলৈ হাৰমনি লাগিব, বাঁহী লাগিব, ৰং লাগিব, পোহৰ লাগিব৷ কথা পাহৰি গ’লে মদন বাড়ুৱে তলৰ পৰা
সোঁৱৰাই দিব৷ ‘দলমাদল’ নাটক হৈছিল বজাৰত৷ মদনমোহন আৰু গয়লা থিয় হৈ আছে মঞ্চত৷
নন্তু মেদা কথা পাহৰি লাজত ৰঙা-ছিঙা৷ শেষত হেঁচা-ঠেলাত দৈৰ টেকেলি এৰি দলমাদল
কামানটোকে মদনমোহনৰ হাতত তুলি দিলে৷ মানুহে বাৰু কেতিয়াবা কামান তুলিব পাৰেনে?
– হ’বনো কি! নেড়ু বামুণ তেতিয়া দলৰ
মূৰ৷ ছোঁ-ঘৰত বাপেকৰ নাম ধৰি গালি পাৰিহে এৰিলে৷ নন্তু মেদাই কান্দি কান্দি ক’লে,
‘গাত
দেও লম্ভিছিল৷ ধাৰণা হ’ল ময়েই মদনমোহন৷’ এতিয়া চৰিত্ৰ আৰু ভাও মিলি গ’লে কি হ’ব?
– অ’ মিলি যোৱা ভাল নহয়৷ যিজন মানুহে
ভাও দিছে তেওঁ বুজিব লাগিব ‘চৰিত্ৰ’ বেলেগ বস্তু৷ মিলি গ’লেই গণ্ডগোল৷ বৰ ভাল কথা
ক’লে৷ আপুনি বৰ জ্ঞানৰ কথা ক’লে৷ ৰাতি যিমানে হয় আৰু নিচা যিমানে জমে আপুনি সিমানে
ভাল ভাল কথা কয়৷ আপুনি যদি আৰু এমাহৰ আগেয়ে পদধূলা দিলেহেঁতেন পঞ্চা দিগৰৰ প্ৰাণ
ৰক্ষা পৰিলহেঁতেন৷
– কৈছোঁ৷ নাট হৈছে ‘কাৰ্গিল’৷ যুদ্ধৰ
ঘটনা৷ মাৰপিট হৈছে পাহাৰৰ ওপৰত৷ এইফালে ভাৰত সিফালে পাকিস্তান৷ গুলি ফুটিছে গুৰুম
গুৰুম ফটাচ্ ফটাচ্৷ আমাৰ মানুহো মাৰিছে সিহঁতৰ মানুহো মৰিছে৷ প্ৰথমৰ ফালে আমাৰ
বেছি মৰিছিল সিহঁতৰ কম৷ পাছত সিহঁতবিলাকৰ মহামাৰী লাগিল৷ এটা গুলিত তিনিটা মানুহ
মৰে৷ শেষত আমাৰ জয়৷
– নাই নাই, ইয়াত কোনো গোলমাল নাই৷ যুদ্ধৰ পাছত যিয়ে যাৰ
ধূলি সেয়া জোকাৰি উঠি গ’লগৈ৷ শুনিছোঁ দুই দেশৰ প্ৰধানৰ বোলে দেখাদেখি হৈছে৷ কোনে
জানো ক’লে, খোৱা-বোৱাও
ভাল হৈছে৷ বিবিধ ব্যঞ্জন আছিল৷ শুনিছোঁ তাজমহল চাবলৈ গৈছিল৷ যাবইতো, এনে বস্তু ক’তো নাপাব৷
– হয় পঞ্চা৷ পঞ্চা আছিল আমাৰ সেনাপতি৷
হেৰি, পঞ্চা সেই যে
মঞ্চত পৰিল আৰু নুঠিল৷ সকলোৱে ভাবিলে জ্ঞান নাই, পানী ছটিয়ালে
উঠিব৷ আৰু লৰচৰ নকৰিল৷ মুখত সোপা দি মৰিল৷ শংকৰ ডাক্তৰে হাতৰ পালছ্ চাই দেখে
মাত-বোল নাই৷ ইমান মৰামৰি হ’ল, মৰিল এক পঞ্চা৷ চৰিত্ৰ আৰু ভাও মিলি গ’ল,
বছ্
খতম৷
– উপন্যাস? শুনা নাই৷ ক’ত থাকে?
– অ’ লাইবেৰিত৷ জানো৷
– নহয় নহয়, তাত কেতিয়াও সোমোৱা নাই, কিন্তু নভেল কি জানো৷
– জানো মানে সুবল ৰায়ৰ ল’ৰাৰ মুখত
শুনিছিলোঁ৷ ল’ৰা ডাঙৰ হ’লত সুবল ৰায়ে চাহৰ দোকানৰ দায়িত্ব ল’ৰাৰ হাতত তুলি দিলে৷
তাৰ পাছত নভেল আনিবলৈ লাইবেৰিলৈ গৈছিল৷
– ‘নভেল’ কথাষাৰ তেওঁৰ ল’ৰাৰ মুখত
শুনিছোঁ৷ এদিনাখন দেউতাকক কৈছিল ‘নভেল নপঢ়িবা দেউতা, চৰিত্ৰ বেয়া হ’ব৷’ হেৰি, নভেলত কি থাকে? ছোৱালী বিষয়ক কেলেঙ্কাৰী?
– অ’ চবেই থাকে৷ যাত্ৰাৰ কিতাপৰ নিচিনা?
আচলতে সুবলদাৰ ল’ৰাটোৱে পাঠশালা পৰ্যন্ত
পঢ়িছিল৷ সেয়ে মোৰ নিচিনাকৈ তাৰো নভেল পঢ়া নহ’ল৷ আচ্চা, নভেলত কাৰ কথা থাকে?
– আমাৰ কথাও থাকে বুলি কৈছে? দুখে কেওড়া আছে? কি কৈছে?
– দেখা নাই? হেৰি, সেয়া নিজেই লিখি দিয়ে৷
– কি লিখিব? সেইটো ভাবিব লগা কথা৷ সংকীৰ্তন হ’লে ... চাওক
আকৌ ‘সং’ আহি গ’ল৷ ৰাধা বোলক কৃষ্ণ বোলক তাতো সং৷ মোক লৈ এটা সং লিখিব? ঘৈণীজনী
বাদ যাবনো কিয়? মোক
আৰু মোৰ ঘৈণীজনীক লৈ লিখি দিয়ক৷ ধৰক লায়লা-মজনু, মমতাজ-চাজাহান, উত্তম-সুচিত্ৰাৰ দৰে দুখে-ফুলু৷
– অসুবিধা কিহৰ? বুঢ়া-বুঢ়ী? সেয়াতো এতিয়াহে৷ আমাৰ বয়স কুমলীয়া আছিল৷ ভোটৰ
এখন ছবি আছে৷ চাব? কামটো
বৰ ভাল কৰিছিল৷ ছবিখন চাই বৰ আনন্দ লাগিছিল৷ মোৰ মুখত যে ইমান ৰং ছবি নেদেখিলে
বিশ্বাস নহ’লহেঁতেন৷ আৰু অলপ কম বয়সত ছবিখন তোলা হ’লে সং লিখাত আপোনাৰ সুবিধা
হ’লহেঁতেন৷
– আমাৰ জীৱন-যুঁজৰ বিষয়ে সুধিছে? ভাল বিষয়৷ সেয়া বিনোদৰ স’তে মোৰ হৈছিল৷
তাৰ ঘৈণীজনীয়ে আমাৰ জিকাবোৰ ৰাতিৰ পৰত ছিঙি লৈ পলাই গ’ল৷ পুৱা উঠি বোকাত ভৰিৰ চাপ
বিচাৰ-খোচাৰ কৰাত চোৰ ধৰা পৰি গ’ল৷ বিনোদৰ স’তে হতাহতি৷ আৰু কাৰো স’তে যুঁজ অথবা
মৰামৰিৰ একোৱেই হোৱা নাছিল৷ মনটো মোৰ নৰম, ফুলুৰো সেয়ে৷
– চুটিগল্প? ‘গল্প’ জানো, এয়া আপোনাৰ স’তে মোৰ গল্প হৈছে৷ ঘটনাটো ‘চুটি’
হ’লেই গণ্ডগোল৷ নিজৰ মা হ’ল ‘মা’ আৰু সতীয়া মা হ’ল ‘ছোটোমা’৷
– হয়, ‘ছোটো’ৰ অন্য মানেও আছে৷ ‘লোক’ মানে
এনেয়ে মানুহ আৰু ‘ছোটলোক’ মানে বজ্জাৎ৷ সিফালে চালে টেকেলি পিঠা আৰু নুফুলিব,
গাইগৰুৰ গাখীৰ শুকাই যাব৷ সি আছিল নিতাই তাঁতী৷
পুখুৰীত নিজেই চেঁপা পাতি থৈ আহিল৷ ভাবিলে ডাঙৰ ডাঙৰ মাগুৰ-শিঙি সোমাই থাকিব৷ পুৱা
উঠি দেখিলে তেওঁৰ চেঁপাত কিলবিলাইছে কেঁচু৷ আপোনাৰ চেঁপাটোৰ কাষতে নিতায়ে তাৰ
চেঁপাটো পাতি থৈছে৷ পানী-কটাৰ গুণত তাৰ চেঁপাত মাগুৰ নাচিছে৷
– অ, ‘ছোটো’ মানে এখুদও হয়৷ মোৰ মনটো ডাঙৰ,
আপোনাৰ এখুদ৷ যাৰ মন এখুদ তেওঁ খুৱাব বুন্দিয়া৷
যাৰ মন ডাঙৰ তেওঁ খুৱাব ৰসগোল্লা৷ খাঁহঁতৰ ডাঙৰজনৰ মনটো এখুদ, সৰুজনৰ মনটো ডাঙৰ৷ তেওঁলোকৰ ঘৰত দুবছৰ কাম কৰিছিলোঁ৷
সৰুজনাই পথাৰলৈ মুড়ি আনিলে গুড় থাকিব, ডাঙৰজনে আনিলে নিমখ৷ ক’লে কৈছিল গুড়ত ফেন
উঠিছে৷ হেৰি, ফেন
গুড়ত উঠা নাই মনত উঠিছে৷
– আচ্চা, বুজিছোঁ৷ গল্পটো চুটি হ’লে চুটিগল্প হ’ব,
আহল-বহল হ’লে দীঘল গল্প৷ ভাল, কিন্তু কথাটো জানো ভাল হ’ব? বোৱাৰীজনী ওখ-পাখ হ’লে ‘ডাঙৰ বোৱাৰী’ আৰু
চুটি-চাপৰ হ’লে ‘সৰু বোৱাৰী’? আকৌ ধৰকচোন মজলীয়া জোখৰ হ’লে বাৰু গল্পটোক
‘মাজুগল্প’ বুলিমনে?
– গল্পক লৈ তৰ্ক কৰা ভাল নহয়, বৰ ভাল কথা কৈছে৷ গল্পৰ ৰাস্তা পুখুৰীৰ পূব পাৰত
যদি তৰ্ক-বিতৰ্কৰ ৰাস্তা পশ্চিম পাৰত৷ তৰ্কৰ মান ডাঙৰ হোৱা হ’লে বিনোদ উকিল সবাতোকৈ
ডাঙৰ গল্পকাৰ হ’লহেঁতেন৷ সবাতোকৈ ডাঙৰ গল্পকাৰ কোন কওকচোন বাৰু? বামুণচুবুৰীৰ
খুদিৰামৰ পেহীয়েক৷ কেঁথাৰ এপিঠিত এটা গল্প, আনপিঠিত আৰু
এটা৷ ৰাজপুত্ৰৰ ঘোঁৰা আৰু পেহীৰ বেজীৰ চলন এক– টগবগ টগবগ টগবগ টগবগ৷ ৰাজপুত্ৰৰ
তৰুৱালখন চিক্মিকাইছে যদি পেহীৰ বেজীটোৱেও চকু দহিছে৷ ৰাজপুত্ৰৰ স’তে ৰাক্ষসবোৰৰ
সংঘাত ...৷ আকৌ ‘সং’৷
– সংঘাত নাজানিমনে? সংগ্ৰাম থাকিব আৰু সংঘাত নাথাকিব? হেৰি, বাঁহৰ গুৰি পুতিলে ডাৱৰৰ আগত৷ অলপমান
স্থিৰ হোৱাৰ পাছত আকাশৰ পৰা পানী পৰিল৷ বোকামাটি পৰিলে পোকবোৰ ততাতৈয়াকৈ ওলাব৷
গুৰি এটাই, কিন্তু পোক সিঁচৰতি হ’ব চাৰিওফালে৷ একোটা পোকৰ মূৰত একোটা চৰু তুলি
দিয়ক৷
– হাড়িয়াৰ চৰুনে সুধিছে? সেয়া
হ’লে বৰ ভাল হয়৷ হাড়িয়া পালে পথাৰৰ গৰুৰ পৰা বাঁহৰ মূঢ়া সকলো ঘোঁৰা হৈ দৌৰিব৷
চৰুৰ ভিতৰত বাঁহপোকে পাক মাৰিব৷ কেইদিনমানৰ পাছত সেইটো বন্ধাকবি৷
– হয়, ‘গল্প’৷ বাঁহ
পোকটোৱে হাড়িয়াৰ চৰুৰ স’তে কেইটামন দিন কিনো ফিচিং-ফাচাং কৰিলে কোনে জানে! এইবাৰ
চৰুটো ফালি আপুনি গল্পটো ৰান্ধি খালে৷ যাৰ জলা দি খোৱাৰ ইচ্ছা জলা দি খাওক, যাৰ ভাজি খোৱাৰ ইচ্ছা ভাজি খাওক৷
– গল্প খাব নোৱাৰিব? নাখাব৷ আপোনাৰ ইচ্ছা নহ’লে কোনোৱে জোৰ নকৰে৷
আপুনি যেনেকৈ হাড়িয়া খাই গৈছে তেনেকৈয়ে খাই যাওক৷ কিন্তু বাঁহ বৰ বজ্জাৎ৷ পেটে
নাখালে কিন্তু দেখিলেনে পিঠিত সহিব লগা হ’ল৷ কেতিয়া যে কোনে মূৰত মাৰিব, পাছফালে সুমুৱাই দিব কোনে ক’ব৷
– লোক? হয়, জানো হেৰি৷ আপুনি এজন লোক, মই এজন লোক৷ ঘৰত বিষধৰ সাপ অথবা কেঁকোৰা ওলালে
আপোনাৰ মোৰ ঘৈণী, ছোৱালীয়ে
মাৰি পেলাব৷ কিন্তু এডাল পাঁচহাত দীঘল চকৰী ফেঁটী অথবা শংখচূড় ওলালে লোকক মাতিব
লাগিব৷ তেনেহ’লে গল্প এটা শুনক৷ মোৰ তেতিয়া বিয়া হৈছে৷ এদিনাখন ৰাতি ...
– হয়, গল্প৷ আমাৰ ঘৰত
...
– ঘটনা হয়নে নহয় ক’ব নোৱাৰিম কিন্তু
আপুনি য’ত বহিছিল তাতে সাপডাল মৰা হৈছিল৷
– সঁচা হয়নে! মিছা হ’লে ক’মনো কিয়?
মিছা ক’লে পাপ হয়৷ মোৰ মূৰৰ ওচৰত মনসাৰ
চাৰিহাতমান দীঘল এখন বাহন৷ ফুলুৰ চকুত পৰিছিল৷ মইতো টোপনিত লালকাল৷ ফুলুৱে চাদৰৰ
আঁচলখন লৰচৰ কৰে আৰু সাপডালে খোঁট মাৰে৷ পিছুৱাই নি নি সাপডাল ঘৰৰ বাহিৰত৷ তাৰ পাছত
ফুলুৰ মাত শুনি মানুহে আহি মাৰি দিলে৷ ফুলু নথকা হ’লে লখিন্দৰ হৈ গ’লোহেঁতেন৷
আপোনাৰ বিশ্বাস নহ’লে সুধি চাওক৷
– ‘লোক’ মানে মতা মানুহো হয় মাইকী
মানুহো হয়? হেৰি,
চহৰত কত কিযে হয়৷ গোপাল চেটাৰ্জীতো কেতিয়াবাই
মৰিল৷ তেওঁ ছোৱালীজনী বিয়া দিছে দুৰ্গাপুৰলৈ৷ সেয়ে গোপালৰ ঘৈণীজনী অকলে থাকে৷ কয়
বোলে মতাৰ ভেঁটি এৰি ক’লৈকে নাযায়৷ বামুণৰ ঘৰৰ নিয়ম, নাতি-নাতিনী নহ’লে জোঁৱাইৰ
ঘৰলৈ যোৱা নিষেধ৷ শেষত ছোৱালীৰ সূতিকাঘৰ তুলিবলৈকে যোৱা বছৰ দুৰ্গাপুৰলৈ গৈছিল৷
সেয়ে সুধিলোঁ, ‘মীৰাৰ ছোৱালীজনী কেনে হৈছে অ’?’ ক’লে, ‘ভাল’৷ কথা-বতৰাৰ মাজত মাজে-সময়ে
‘মাৰ্কেট’ বুলি উচ্চাৰণ কৰে৷ পাছত বুজিলো জোঁৱাই বৰ উপাৰ্জনশীল, পুৱা-গধূলি
দোকান-বজাৰলৈ যায়৷ চহৰৰ কথা বেলেগ৷ তাত চাহতো পানী ঢালে মালতো পানী ঢালে৷
– ‘লোক’ মানে জনগণ? হেৰি মূলতকৈও সুদ বেছি হৈ গৈছে৷ লোকচানটো বুজক৷
আকৌ এজন ‘লোক’ আহিল৷ এইবাৰ চম্ভালক৷ তাতকৈ চিধা কথাত কওক আপোনাৰটো আপোনাৰ লোকৰটো
লোকৰ৷ লোকৰটো ‘লোকসংস্কৃতি’, আপোনাৰটো ...৷ হেৰি, আপোনাৰটো
কি?
– কেৱল সংস্কৃতি? সেয়া কেনেকৈ হয়? আপুনি মোৰ বাবে ‘লোক’, মই আপোনাৰ বাবে
‘লোক’৷ আপোনাৰটোও তেনেহ’লে লোকসংস্কৃতি৷ এটা দৰাৰ পক্ষ, আনটো কন্যাৰ পক্ষ কিন্তু বিয়াত দুয়োটাই মিলিত
হ’ল৷ হেৰি, আজিকালি
কত কিযে মিলি গৈছে৷ ৰামচন্দ্ৰপুৰত কন্যাৰ দেউতাকৰ স’তে দৰাৰ মাকজনী মিলি গ’ল৷ এনে
বস্তুক কি সংস্কৃতি বুলিব ভাবক৷ গোপালৰ ঘৈণীজনীয়ে দুৰ্গাপুৰলৈ গৈ সেই এটা কথা
শিকিলে৷ তাইক সুধিলে ক’ব ‘মাৰ্কেট’৷ আচলতে শাহুআইক খাতিৰ কৰিবলৈকে জোঁৱাই বাৰে বাৰে
দোকান-বজাৰলৈ গৈছে৷ ঘিঁউৰ লুচি, আলুৰ দম, ফুলকবিৰ তৰকাৰী ৰন্ধা হৈছে, পোনপটীয়াকৈ মিঠাই আহিছে৷ হেৰি, চহৰত খাতিৰক মাৰ্কেট বোলে৷
– যি কৈছে, মানুহৰ পৰা কত কিযে শিকা হয়৷ সৎ সঙ্গত সৎ,
অসৎ সঙ্গত অসৎ৷ আকৌ ‘সং’ আহি পৰিল৷ ‘সঙ্গ’ৰ স’তে
‘সঙ্গ’ যুৰিলে ‘সংঘ’৷ আমাৰ গাঁৱৰ মুকুল সংঘ৷
– হয়, আজিলৈ ইমানতে থাকক৷ আপোনাৰ দৰে মানুহৰ স’তে
দুটামান কথা পাতিলে বৰ আনন্দ হয়৷ ধাৰণা হয় সং দিছোঁ৷
(আগলৈ)
