অন্যযুগ/


অস্তমিত সূৰুযৰ অন্বেষণত

 স্পন্দন সমীৰ

 

(দ্বিতীয় অধ্যায়)

 

"শূন্যতা মানে আমি সাধাৰণতে একো নথকা অৱস্থা বুলি ভাবোঁ। কিন্তু শূন্যতা কেতিয়াও একো নথকা নহয়। শূন্যতা হৈছে সকলো থকাৰ আৰম্ভণি। এটা খালী কলহৰ ভিতৰত পানী ভৰাব পাৰি,  এটা খালী কোঠাত মানুহ থাকিব পাৰে,  এটা খালী মনেৰেহে নতুন কথা শিকিব পাৰি। গতিকে শূন্যতা অভাৱ নহয়,  শূন্যতা হৈছে সম্ভাৱনা।"

   নীৰেন বৰুৱা ছাৰে ক্লাছত কোৱা কথাবোৰে মোৰ সদায় মন মোহিছিল। তেখেতে পঢ়োৱা ভাৰতীয় আৰু ধৰ্ম দৰ্শনৰ কথাবিলাকৰ তত্ত্বগধুৰ বাবেই বুজিবলৈ যথেষ্ট কঠিন হয় ।

   সাগৰিকাই সেইবাবেই হয়তো প্ৰায়েই কৈছিল-

   বুজিছা স্পন্দন, আচলতে কি জানা- বৰুৱা ছাৰ মানুহজনেই মোৰ বাবে দুৰ্বোধ্য। অনবৰত কপালৰ ৰেখাকেইডাল কোঁচ খাই থাকে। কি বুজিবা তুমি তেওঁৰ কপালখন চাই!

সাগৰিকাৰ তৰল কথাবোৰৰ মাজতেই কিন্তু  প্ৰায়েই  বহু প্ৰশ্ন নিহিত হৈ থাকে। 

কৈ থকা  কথাখিনি আধাতে  সামৰি ছাৰে হঠাতে মোৰ কাষলৈ আহি সুধিলে-

কোৱাঁচোন স্পন্দন, শূন্যতাৰ দাৰ্শনিক দৃষ্টিভঙ্গী কি ? 

ছাৰৰ প্ৰশ্নটোৰ বাবে প্ৰস্তুত নাছিলোঁ যদিও থিয় হৈ মই নিৰ্ভয়ে কৈছিলোঁ-

- ছাৰ, বৌদ্ধ দৰ্শনত শূন্যতাৰ ধাৰণাটোই বোধহয় আটাইতকৈ গভীৰ অৰ্থ প্ৰকাশ কৰিছে। বৌদ্ধ দৰ্শনে কয়- শূন্যতাৰ বাবেই পৰিৱৰ্তন সম্ভৱ।

শূন্যতা মানে যে একো নাই তেনে নহয়। শূন্যতা মানে হ'ল- কোনো বস্তুৰে নিজা,  স্বতন্ত্ৰ,  অপৰিৱৰ্তনীয় সত্তা নাই। আমি ভাবোঁ যে মই,  মোৰ চকীখন, মোৰ  টেবুলখন,  মোৰ ঘৰখন- এই সকলোবোৰৰ নিজা এক স্থায়ী অস্তিত্ব আছে। কিন্তু  বৌদ্ধ দৰ্শনে কয়,  এইবোৰ সকলো বস্তু কাৰণ আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি আছে। ইয়াকে কয় প্ৰতীত্যসমুৎপাদ।

যিহেতু সকলো বস্তু আন কিহবাৰ ওপৰত নিৰ্ভৰশীল,  গতিকে কোনো বস্তুৱেই নিজে নিজে সম্পূৰ্ণ নহয়। এই নিজস্ব সত্তাৰ অভাৱটোৱেই হ'ল শূন্যতা।

অন্যহাতেদি ছাৰ, খ্ৰীষ্টীয় দ্বিতীয় শতিকাতে দাৰ্শনিক আচাৰ্য পণ্ডিত নাগাৰ্জুনে কৈছিল- "পৃথিৱীৰ কোনো বস্তুৰে নিজা স্থায়ী সত্তা নাই। সকলো বস্তু আন বস্তুৰ ওপৰত নিৰ্ভৰশীল। ফুল এপাহ ৰ'দ,  পানী আৰু মাটি অবিহনে নিজে ফুল হ'ব নোৱাৰে। সেয়ে ফুলৰ নিজা বুলি ক'বলৈ একো নাই,  সেয়ে সি শূন্য।" এই শূন্যতা দুখৰ নহয়, ই মুক্তিৰ। আমি তেতিয়াই বুজি পাওঁ যে একোৱেই চিৰস্থায়ী নহয়। অন্যহাতেদি অদ্বৈত বেদান্ততো কৈছে- যি দেখিছোঁ সেয়া মায়া,  আৰু মায়াৰ আঁৰত যি আছে সেয়া হ'ল শূন্য নহয়, পূৰ্ণ...।

ছাৰে মোৰ কথাখিনি শেষ হ'বলৈ নিদি মাথোঁ ক'লে- বহাঁ।

মোৰ উত্তৰত তেখেত সন্তুষ্ট হ'ল নে নাই বুজিবকে নোৱাৰিলোঁ।

এইবাৰ ছাৰে মোৰ কাষতে বহা সাগৰিকাক উদ্দেশ্য কৰি সুধিলে-

-   কোৱাঁচোন সাগৰিকা, শূন্যতাক তুমি বৈজ্ঞানিক দৃষ্টিৰে কেনেদৰে চাবা?

অকণো বিচলিত নোহোৱাকৈয়ে  সাগৰিকাই  কৈ গ'ল-

- বিজ্ঞানৰ মতে মহাকাশত যি শূন্যতা আছে তাতো একো নাই বুলি ক'ব নোৱাৰি। সেই শূন্যতাতো শক্তি আছে,  সেই শূন্যতাত  কম্পন আছে। পৰমাণুৰ ভিতৰৰ বেছিভাগ অংশই খালী। আমাৰ শৰীৰটোও বেছিভাগেই শূন্য অথচ এই শূন্যৰ মাজতে  চলি আছে  সমগ্ৰ বিশ্ব।

ছাৰে সাগৰিকাক বহিবলৈ কৈ পুনৰ কৈ গ'ল-

- ঠিক তেনেদৰে জীৱনৰো কিছুমান শূন্যতা আছে। জীৱনত কেতিয়াবা এনেকুৱা সময় আহে যেতিয়া সকলো খালী খালী লাগে। কোনো কামত মন নবহে, কোনো মানুহৰ লগত কথা পাতিবলৈ মন নাযায়। আমি ভয় খাওঁ। কিন্তু এই শূন্যতাৰ সময়খিনিহে আচলতে নিজক লগ পোৱাৰ সঠিক সময়। নিজক বুজাৰ সময় ঠিক যেন গান এটা শেষ হোৱাৰ পাছৰ নিৰৱতাখিনিৰ দৰে। নিৰৱতা নাথাকিলে গানৰ মূল্যই নাথাকিলহেঁতেন।

তাৰ পাছত ছৰে সন্মুখৰ খিৰিকিখনেৰে নীলা আকাশখনৰ ফালে চাই পুনৰ ক'বলৈ ধৰিলে-

- শূন্যতাক ভয় কৰিব নালাগে। শূন্যতাক আমি শুনিব লাগে কাৰণ শূন্যতাই আমাক শিকায় যে আমি পূৰ্ণ হ'বলৈ চেষ্টা কৰাৰ প্ৰয়োজন নাই,  আমি ইতিমধ্যে পূৰ্ণ হৈয়ে আছোঁ,  মাথোঁ মাজে মাজে খালী হ'ব লাগে নতুনকৈ ভৰি উঠিবলৈ।

ছাৰে ক্লাছটো শেষ কৰি লাহেকৈ ওলাই গ'ল। আমি ক্ষন্তেকৰ বাবে সকলো নিৰৱ হৈ ৰ'লোঁ।

মনে মনে  ভাবিলোঁ চাৰৰ কথাখিনিয়েই সত্য। শূন্যতা মানে শেষ নহয়। শূন্যতা মানে শূন্যৰ পৰা আৰম্ভ কৰাৰ এক সাহস। প্ৰতিটো ৰাতিৰ শেষত থকা এটি পুৱা,  প্ৰতিটো শূন্যতাৰ শেষত  থাকে এটি পূৰ্ণতা ।

 

***

এইমাত্ৰ শেষ হোৱা বৰুৱা ছাৰৰ দৰ্শনৰ ক্লাছটোত তেওঁ কোৱা কথাখিনিকে  ভাবি ভাবি সাগৰিকা, মই আৰু সাগৰিকাৰ বান্ধৱী নাচৰিন ফুটপাথটোৱেদি আগুৱাইছিলোঁ "মমতা ৰেষ্টুৰেণ্ট" অভিমুখে।

তেতিয়াই সাগৰিকাই দিছিল সেই বাতৰিটো। অনাকাংক্ষিত বাতৰিটোত মই অৱশ্যে অকণমান আচৰিত নোহোৱাকৈও থকা নাছিলোঁ।

-   অলকাৰ বিয়া স্পন্দন, গম পাইছানে নাই ?

মোৰ কাণৰ ওচৰলৈকে মুখখন আনি সাগৰিকাই ফুচফুচাই কথাটো কৈছিল।

-   ধেৎ কি কৈছা? মই প্ৰায় আচৰিত হৈয়ে ওলোটাই প্ৰশ্ন কৰিছিলোঁ সাগৰিকাক।

অলকাইতো মোক কোনো দিন কোৱা নাই যে তাইৰ বিয়াৰ যা-যোগাৰ চলিছে!! -মিছা কৈ মোক জ্বলাব নালাগে দিয়াঁ।মই অলকাৰ প্ৰেমিক নহ'য় সহপাঠীহে বুজিছা। মই হাঁহি ক'লোঁ।

কথাখিনিক কোনো গুৰুত্ব নিদিয়াৰ ছলেৰে নাচৰিনে ক'লে-

-   বিবাহ এক চিৰন্তন সত্য, চিৰাচৰিত সামাজিক ব্যৱস্থা,  তাতেনো ইমান আচৰিত হ'ব লগা কি আছে বা নতুনত্বইনো কি? এইবুলি নাচৰিনে সাগৰিকাৰ মুখলৈ চালে।

-   তুমি ঠিকেই কৈছা নাচৰিন, আচৰিত হ'ব লগা ইয়াত একোৱেই নাই কিন্তু অলকাৰ কথাটোযে অলপ বেলেগ জানা!

-   মানে?  কি ল'ৰা বিদেশত চাকৰী কৰে নেকি? নে কাৰোবাৰ দ্বিতীয় পত্নী হ'বলৈ গৈ আছে অলকা?

মই হাঁহি হাঁহি সাগৰিকাক সুধিলোঁ।

-এঃ মিছাতে ধেমালিখন নকৰিবাচোন স্পন্দন। সেইবিলাক একো নহয় হে। ক'ম বাৰু পাছত। অলপ সময় লাগিব। প্ৰথমতে চাহ খাই লওঁ দিয়াঁ। ক্লাছ নাই যেতিয়া বহু সময় পাম কথা পাতিবলৈ। এতিয়া কিন্তু ছাৰে ক্লাছত কোৱা শূন্যতাৰ অৱধাৰণাটোৰ কথা নাপাতো দেই।

এইবুলি সাগৰিকা আৰু নাচৰিন ৰেষ্টুৰেণ্টখনলৈ সোমাই গ'ল মোৰ আগে আগে। সাগৰিকাৰ কথাৰ কোনো উত্তৰ দিয়াৰ প্ৰয়োজন বোধ নকৰিলোঁ

-আহিলে দাদা।

মমতা ৰেষ্টুৰেণ্টলৈ সোমাই যাওঁতেই সচৰাচৰ আনদিনাৰ দৰেই  মালিক কাণাইদাই এটি মিচিকিয়া হাঁহিৰে সম্ভাষণ জনাই ক'লে-

-দাদা আজি জেলেপী বনাইছোঁ।গৰম জেলেপী খাব পাৰিব। ভাল লাগিব।

কোনো উত্তৰ নিদি মই মাথোঁ মূৰটো দুপিয়াই হাঁহি এটি মাৰি সোমাই গ'লোঁ ৰেষ্টুৰেন্টখনৰ ১৮ নম্বৰ কেবিনটোলৈ।

  সাগৰিকা আৰু নাচৰিনে ইতিমধ্যেই কেবিনটোত দুখন চকী অধিকাৰ কৰি বহি লৈছে। কোঠাটোত বিয়পি পৰা এক অনামী সুগন্ধিয়ে মনটো ভৰাই তুলিছে। অকণো পলম নকৰি মই তৃতীয়খন চকীত বহি পৰিলোঁ। অলকা হয়তো মোমায়েকৰ ঘৰলৈ গৈছে। মোমায়েকক যদিও তাই বৰ ভাল নাপায় মাকে এক প্ৰকাৰ জোৰ কৰিয়েই হয়তো  লৈ গৈছে। এই কথাখিনি অলকাই মোক কৈছিল যদিও মই সাগৰিকাক এই বিষয়ে একো কোৱা নাছিলোঁ। অলকাই কলেজৰ ক্লাছ ক্ষতি হোৱাৰ কথা কৈছিল  যদিও মাকৰ কথা তাই কিজানি পেলাব নোৱাৰিলে। মোমায়েকৰ ঘৰৰ পালনাম গতিকে মাকে তাইক লৈ যাবই। তিনি বছৰৰ মূৰে মূৰে তিনিদিনীয়াকৈ পাতে এই পালনাম।

ইতিমধ্যে তিনিকাপ চাহ আৰু এখন প্লেটত কেইখনমান জেলেপী আনি ধৰণীয়ে আমাৰ আগত ৰাখি গ'ল।

-   জেলেপীকেইখন গৰম হৈয়ে আছে বুজিছা। সাৱধানে খাবা ওঁঠ পুৰিব পাৰে।

  মোৰ কথাখিনিত হাঁহিৰ খলকনি উঠিল।

পৰম তৃপ্তিৰে জেলেপী-চাহ খাই থাকোতেই সাগৰিকাক কলোঁ-

-   কোৱাচোন এতিয়া অলকাৰ বিয়াৰ কাহিনীটো।

 জাঁপ এটা মাৰি উঠাৰ দৰে সাগৰিকাই ক'লে-

- উৱা, তুমিচোন এতিয়ালৈকে অলকাৰ বিয়াৰ কথাকে ভাবি আছা।কথাটো কি?

পুনৰ নাচৰিনৰ ফালে চাই সুধিলে-

- স্পন্দনৰ হিয়াত অবুজ এক বেদনাই ঢৌ খেলি যোৱা যেন অনুভৱ হৈছে নেকি বাৰু তোমাৰ নাচৰিন?

নাচৰিনে কোনো উত্তৰ নিদি মাথোঁ হাঁহি হাঁহি চাহৰ পিয়লাটোত চুমুক দিলে।

এইবাৰ সাগৰিকাক কটাক্ষ কৰি মই  ক'লোঁ-

- আৰু তোমাৰ কথা আৰু ভাব-ভঙ্গিমাত মোৰ এনে লাগিছে তুমি যেন মোৰ প্ৰেমত পৰিছা। নে কি কোৱা নাচৰিন?

এইবুলি মই নাচৰিনৰ মুখলে চাই সমৰ্থন বিচাৰিলোঁ।

এইবাৰো নাচৰিনৰ কোনো উত্তৰ নাই। মাথোঁ ওঁঠত সেই পৰিচিত মিচিকিয়া হাঁহিটোৰে পৰিস্থিতিটো বোধহয় উপভোগ কৰাত ব্যস্ত হৈ পৰিছিল তাই।

মোৰ বাক্যবাণত সিদিনা হয়তো ধৰাশায়ী হৈছিল সাগৰিকা। নিজকে চম্ভালি লৈ মোৰ দুচকুত চকু থৈ কৈছিল-

- নহয় অ' স্পন্দন,  মই তোমাৰ প্ৰেমত  পৰাৰ কথা বাদেই কোনোদিন কেতিয়াও তোমাৰ প্ৰতি আকৃষ্ট হোৱাৰ কথাও ভাবিব নোৱাৰোঁ।

চাহৰ কাপটো প্লেটখনৰ ওপৰত ৰাখি সাগৰিকাই ক'লে-

- প্ৰকৃততে জানা, সিদিনা তুমি লিখা কবিতাটোৰ কথাখিনিয়েই চিৰসত্য। সেই যে তুমি লিখিছিলা "সমান্তৰাল দুডাল ৰেখা,

গতি যাৰ বিপৰীতমুখী

তাৰ মিলন জানো সম্ভৱ? " 

 কবিতাটো এবাৰ গাই দিবা নেকি স্পন্দন? বৰ ভাল লাগিছিল কবিতাটো। এবাৰ গাই দিয়া না।

গোৱানা এবাৰ প্লিজ বুলি অনুৰোধৰ ভঙ্গিমাৰে মোৰ মুখৰ ফালে চাই আছিল সাগৰিকাই।

  এইবাৰ নাচৰিনেও সাগৰিকাৰ অনুৰোধক সমৰ্থন কৰি ক'লে-

 - গোৱানা এবাৰ। তোমাৰ এই কবিতাটো আমাৰ সকলোৰেই বৰ প্ৰিয় জানা। ই যে জীৱনৰ এক জীৱন্ত সত্যৰ প্ৰকাশ।

  সাগৰিকাই পুনৰ ক'লে-

- তুমি বোধহয় এটা কথা নাজানা, কানাইদায়ো তোমাৰ এই কবিতাটো বৰ ভাল পায়।

সাগৰিকাৰ কথাত সেইবাৰ মই উচপ খাই উঠিছিলোঁ।

কানাইদা আৰু কবিতা!!!কথাবোৰ কিবা বুজিব নোৱৰা যেন লাগিছিল।

মোৰ চকুত চকু ৰাখি সাগৰিকাই ক'লে-

- কাণাইদাই তোমাৰ এই কবিতাটো হেনো বহুবাৰ পঢ়িছে অকলে অকলে। তেওঁৰ প্ৰিয় কবিতাসমুহৰ অন্যতম এই কবিতা।

মই কোনো উত্তৰ নিদিলোঁ।

কাণাইদাৰ লগত কথা পাতোতে তেওঁ প্ৰায়েই কয়- যোৱা  চল্লিছটা বছৰে এই ৰেষ্টুৰেণ্টলৈ বহু ছাত্ৰ-ছাত্ৰী আহিছে। বহু প্ৰেমিক প্ৰেমিকাই ঘন্টাৰ পাছত ঘন্টা ৰেষ্টুৰেণ্টত অতিবাহিত কৰিছে প্ৰেম আৰু যৌৱনৰ মিঠা বলিয়া সুবাস সানি। কিন্তু আজিলৈকে তেওঁ দেখা নাই কোনো এগৰাকী কলেজীয়া দিনৰ প্ৰেমিক-প্ৰেমিকাক পতি-পত্নী ৰূপে সংসাৰ কৰি জীৱন বাটত আগবঢ়া।

এৰা ঠিকেই, কলেজীয়া দিনৰ প্ৰেম যেন সমান্তৰাল দুডাল ৰেখা গতি যাৰ বিপৰীতমুখী তাৰ মিলন জানো সম্ভৱ? তাৰ মিলন জানো সম্ভৱ??

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ