অন্যযুগ/


মায়াৰ মায়ং

 নৱ ৰাজন

 

(প্ৰথম ভাগ)

 

মই গৈ পোৱাৰ অলপ আগেয়ে মেজিকখনে ষ্টেণ্ডটো এৰিলে। এতিয়া শেষৰখন মেজিক ৰৈ আছে। ড্ৰাইভাৰৰ কাষৰ ছীটটোত মোৰ বেগটো থ’লোঁ। ড্ৰাইভাৰৰ কাষৰ আনটো ছীট ইতিমধ্যে কোনোবাই বেগ এটা ৰাখি বুক কৰি থৈছেই।

'ছেঃ বহু সময় ৰ’ব লাগিব। অলপ আগতে আহি পোৱা হ’লে! এতিয়া মানুহ ভৰ্তি নোহোৱাকৈ মেজিকখনতো নাযাব। সোনকালে পোৱাগৈ হয়,আজিয়ে তিলক খুৰাৰ ঘৰলৈ যাব পাৰিলোঁহেঁতেন ।ইফালে পৰহিলৈ উভতিবই লাগিব।'–নিজৰ মাজতে ভোৰভোৰালোঁ।

এইবোৰ কাৰণতে বাইক এখন লাগে। এইবাৰ বাইকখন ল’ম বুলি টকাখিনি যোগাৰ কৰিছিলোঁৱে। ভন্টিৰ হঠাতে বিয়াখন পাতিবলগা হোৱা বাবেহে। ভাল ল’ৰা ,তাতে চাকৰিয়াল ।ঘৰৰ অৱস্থাও আমাতকৈ বহু ভাল। সেয়ে ধাৰ কৰি ,টিউশ্যনৰ মাননি আগতীয়াকৈ লৈ বিয়াখন পাতি দিলোঁ। ধাৰখিনি নমৰালৈ আৰু অন্ততঃ দুই-তিনিবছৰলৈ বাইক লোৱাৰ আশাটো বাদ দিলোঁ ।

'অৰ্ণৱ,অৰ্ণৱ '- ৰাস্তাৰ সিপাৰৰ পৰা চিঞৰ এটা উফৰি আহিল।

ঘূৰি চাই দেখিলোঁ-ৰাস্তাৰ সিপাৰৰ পৰা পল্লবীৰ দেউতাকে গাড়ীৰ ভিতৰৰ পৰাই চিঞৰিছে। মই  ৰাস্তাটো পাৰ হৈ গ’লোঁ।

'ঘৰলৈ যোৱা নেকি ?' -পল্লবীৰ দেউতাকে সুধিলে।

'হয় খুৰা। '

'তোমাৰ ৰূমলৈ যাম বুলিয়ে আহিছিলোঁ। এতিয়া ,ভালে হ’ল দিয়া,ইয়াতে লগ পালোঁ।

...অ’ শুনাচোন। মোৰ শাহুমাক বাত বিষে বৰকৈ জুৰুলা কৰিছে। গুৱাহাটীৰ বহু ডক্টৰক দেখুৱালোঁ। চেন্নাইলৈও নিলোঁ। কোনো কাম দিয়া নাই। মিছেচে কালি ক’লে–তোমালোকৰ তাত হেনো ভাল বেজ এজন আছে । বাত বিষৰ চিকিৎসাত তেখেত পাকৈত । তুমি ঘৰলৈ যোৱা যদি বেজজনৰ বিষয়ে অলপ খবৰ কৰিব পাৰিবা নেকি? '

'অলপ আগতে খুৰীয়েও ফোন কৰিছিল। তেখেতেও কথাখিনি ক’লে। পিছে...'

'কি পিছে...'

'মানে আপুনিও তন্ত্ৰ-মন্ত্ৰ বিশ্বাস কৰে?'

'যদিও বিজ্ঞানৰ ছাত্ৰ, একেষাৰে তন্ত্ৰ-মন্ত্ৰক নুই কৰিব নোৱাৰো। তাতে মিছেচে এইবোৰ বহু বিশ্বাস কৰে। ডক্টৰক ইমান দেখুৱাৰ পাছতো ভাল হোৱা নাই যেতিয়া সেয়ে ভাবিছো- মায়ঙৰ বেজজনক এবাৰ দেখুৱাই চাওঁ' - পল্লৱীৰ দেউতাকে পৰম বিশ্বাসেৰে কথাখিনি ক’লে।

'বাৰু ঠিক আছে। আজি ঘৰ গৈ পোৱালৈ সন্ধ্যাই হ’ব। মই কাইলৈয়ে খবৰ কৰি আপোনাক জনাম।'

'হ’ব দিয়া তেনেহ’লে। তুমি যাবা ।'

—পল্লৱীৰ দেউতাকে বিদায় লোৱাৰ পাছত মই মেজিকখনৰ কাষলৈ আহিলোঁ।

 পল্লৱী মোৰ ছাত্ৰী। মই শিক্ষকতা কৰা বিদ্যালয়খনত নৱম শ্ৰেণীত পঢ়ে। মই ব্যক্তিগতভাবে তাইক গণিত আৰু বিজ্ঞান পঢ়াওঁ। পঞ্চম শ্ৰেণীৰ পৰাই তাইক পঢ়ুৱাইছোঁ। ঘৰুৱা সম্পৰ্ক। সেয়ে, তেখেতসকলৰ কথা পেলাব নোৱাৰো। কাইলৈ পুৱাই তিলক বৰ্তাক লগ কৰিবগৈ লাগিব।

তিলক হাজৰিকা। বৰ্তমান মায়ঙৰ এজন প্ৰসিদ্ধ বেজ। ঐতিহ্যপূৰ্ণ মায়ঙৰ তন্ত্ৰ-মন্ত্ৰৰ সাধক।তেখেতে কিছুবছৰৰ আগতে শিক্ষকতাৰ পৰা অৱসৰ গ্ৰহণ কৰি,এতিয়া মন্ত্ৰ সাধনাত নিজকে সমৰ্পণ কৰিছে।

মই আকৌ তন্ত্ৰ-মন্ত্ৰত সিমান বিশ্বাসী নহওঁ। সকলো কথাকে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে চাব খোজো। সেয়ে বিভিন্ন কথাত মাৰ লগত মতানৈক্য হৈয়ে থাকে। বিশেষকৈ  সমাজত প্ৰচলিত ৰীতি-নীতিবোৰক লৈ।  অৱশ্যে এই 'নাপায়'বোৰক একেষাৰে উলাই কৰিবও নোৱাৰি। বিভিন্ন 'নাপায়' বিজ্ঞানসন্মত। কিন্তু সমাজত প্ৰচলিত বেছিভাগ 'নাপায়'  কোনো বৈজ্ঞানিক ভিত্তি নাই। যেনে– পুত্ৰ-জীৰ জন্মবাৰত মাকে মূৰ ধুৱ নোৱৰা, জন্মবাৰত চুলি কাটিব নোৱৰা, ৰাতি নখ কাটিব নোৱৰাৰ দৰে নীতি-নিয়মক লৈ মোৰ মাৰ লগত সততে কথাৰ কটা-কটি হয়।

 মই মাক কওঁ- ধৰি ল’লো এগৰাকী মাতৃৰ সাতটা সন্তান। আৰু সাতোটাৰ সাতোটা বাৰত জন্ম। তেনেহ’লে সেই মাকজনীয়ে দেখোন আজীৱন মূৰ ধুবই নোৱাৰিব।

মা তেতিয়া নিমাতে ৰয়।

লগতে মাক সোধো–টিউবলাইট ,এল ই ডি বাল্বৰ চকুত চাত মৰি ধৰা পোহৰত ৰাতি নখ কাটিব নোৱৰাটো কি যুক্তিসংগত ?

মা তেতিয়াও নিমাতে ৰয়।মাথোঁ ভেকাহি মাৰি কয়-তোৰ বিজ্ঞান তোৰ লগতে থ।

ময়ো মাৰ লগত বেছি লাগি নাথাকো।

মা এগৰাকী ধাৰ্মিক মহিলা। সমাজৰ নামতী হিচাপে যথেষ্ট নিয়ম নীতি পালন কৰি চলে। পুৱা গধূলি তুলসীৰ তলত চাকি জ্বলাই। মাক কেতিয়াবা সোধো-এইযে বাকী গছৰ তলত চাকি  নজ্বলাই তুলসীৰ তলতহে কিয় জ্বলাই? মায়ে একো নকয়। তুলসীয়ে বিশুদ্ধ অক্সিজেন এৰি দিয়ে আৰু  ভগৱানক অৰ্চনা কৰাৰ জৰিয়তে তুলসীৰ তলত বহি বিশুদ্ধ অক্সিজেন আহৰণ কৰাটো যে স্বাস্থ্যসন্মত, মাক বুজাই দিওঁ।

সমাজত প্ৰচলিত সকলো 'নাপায়'ক আমি একেষাৰে উলাই কৰিব নোৱাৰো।কিন্তু কিছুমান আওপুৰণি নিয়ম এৰিবৰ হ’ল।বিশেষকৈ মহিলাসকলৰ মাহেকীয়া হ’লে তেখেতসবক যে অস্পৃশ্য কৰি ৰখা হয়(বিশেষকৈ গাঁওবোৰত),

সেইটো কোনো কাৰণে মানি ল’ব নোৱাৰি। হাইজেনিক পেডসমূহ উপলব্ধ হোৱাৰ পাছত মাহেকীয়া সময়ত মহিলাগৰাকীক চুব নোৱৰাটো কেনে ধৰণৰ কথা ? ঋতুস্ৰাৱ এক স্বাভাৱিক প্ৰক্ৰিয়া।তথাপি এই সময়ছোৱাত কিছু মহিলা কিছু পৰিমানে দুৰ্বল হ’ব পাৰে।সেয়ে বাৰু তিনি-চাৰিদিনলৈ ভাত ৰন্ধাৰ পৰা গধুৰ বস্তু দঙালৈকে কামবোৰ কৰিবলৈ বাধা দি জিৰণি ল’বলৈ কোৱা কথাটো বাৰু যুক্তিসংগত বুলি মানি ল’ব পাৰি।কিন্তু মহিলাগৰাকীক অস্পৃশ্য কৰি ৰখা নিয়ম এৰিবৰ হ’ল।যেনে তেওঁক চুলে চোৱা হোৱা,তেওঁ চকী,বিছনা আদি চুব নোৱৰাটো, অন্ধবিশ্বাসৰ বাহিৰে আন একো নহয়।

ৰিৰ্তনশীল সমাজৰ সৈতে পৰম্পৰাগত ৰীতি-নীতিসমূহ শিথিল হোৱা খুবেই প্ৰয়োজন।   

তেনেতে ড্ৰাইভাৰজনে মেজিকখন ষ্টাৰ্ট দিয়াত সকাহ পালোঁ। প্ৰায় এঘন্টা ৰৈ ৰৈ আমনি লাগি গৈছিল।

তিনিমাহৰ মূৰত ঘৰলৈ ওলাইছো। গাড়ীখনত গাঁৱৰে বহুকেইজন লগ পালোঁ। গাঁৱৰ খা-খবৰসমূহ ল’লোঁ। ৰাস্তাটো সুচল হোৱাৰ বাবে মৰিগাঁৱৰ পৰা এতিয়া  ঘৰলৈ ৰাজহুৱা বাহনেৰে প্ৰায় এঘন্টাৰ বাট।দূৰত্ব ৩৮ কিঃমিঃ।

গুৱাহাটীলৈও এতিয়া যেন ৰিং এটাৰ বাট ।ৰাজহুৱা বাহনেৰে আবেলি গুৱাহাটীলৈ গৈও পুনৰ সুকলমে ঘূৰি আহিব পাৰি। নিজৰ বাহন হ’লেতো কথাই সুকীয়া।নাৰেংগীলৈ মায়ং বজাৰৰ পৰা মাত্ৰ ২৮ কিঃমিঃ। কেৱল গুৱাহাটীয়ে নহয়, জাগীৰোড,

মৰিগাঁও ,চামতা (সোণাপুৰ)– কেওফালে এতিয়া যোগাযোগ সুচল। বাৰিষাকালতো এতিয়া যাতায়াতত তেনে অসুবিধা পৰিলক্ষিত নহয়।

কিন্তু আজিৰ পৰা চৈধ্য-পোন্ধৰ বছৰৰ আগলৈ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা অতি বিধ্বস্ত আছিল।বানপানীৰ সময়ত এই বৃহত্তৰ অঞ্চলটো বহিঃজগতৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ এটা নিৰ্জন দ্বীপলৈ পৰ্যবসিত হৈছিল ।ভুটভুটী (মেছিন নাও) সেইসময়ত যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল।বাৰিষাৰ দিনকেইটাত বজাৰৰ পৰা ঝাৰগাঁও বজাৰ নতুবা বুৰাবুৰী বজাৰলৈ মেছিন নাওৰে যাতায়াত কৰিবলগীয়া হৈছিল। এই যাত্ৰাৰ শেষৰটি যাত্ৰাৰ ময়ো সাক্ষী আছিলোঁ।সেই ভুটভুটীত মায়ং খনিকৰ দিপন চন্দ্ৰ নাথো আছিল।তেখেত পথটোৰ উন্নীতকৰণত কৰি থকা প্ৰযত্নৰ কথা আমাক কৈছিল।তেতিয়া মই মৰিগাঁও কলেজৰ তৃতীয় বৰ্ষৰ ছাত্ৰ। সিদিনা মায়ং বজাৰৰ ভুটভুটী ঘাটৰপৰা বুঢ়াবুঢ়ী পাওতে ২ঘন্টা লাগিছিল, স্থলপথৰে এই দবৰত্ব  মাত্ৰ ৮ কিঃমিঃ।পানী বাম হোৱা বাবে ভুটভুটীৰ পাংখা ঠায়ে ঠায়ে মাটিত লাগি ধৰাৰ বাবেই বেছি সময় লৈছিল।সেইদিনা মই মৰিগাঁও পাওগৈ মানে ১২ বাজিছিল,সেয়ে আৰু কলেজলৈ যোৱা নহ’ল।

প্ৰতিবছৰ বানে বুৰাবুৰীৰ পৰা মায়ং বজাৰলৈ ৰাস্তাটো কেইবাঠাইটো ভাগে। বান শুকুৱাৰ পাছত গড়কাপ্তানি বিভাগে খলা-বমা পথটি 'চেন্দ-গ্ৰেভেল' পাৰি কিছু মেৰামতি কৰে।আৰু তেনেকৈয়ে যাতায়াত চলি থাকে। সেইসময়ত দুই এজনৰ বাহিৰে ব্যক্তিগত বাহন তেনেকৈ নাছিলেই। মৰিগাঁৱৰ পৰা পৰিবহন নিগমৰ দুখন বাছ চলিছিল নিৰ্দ্দিষ্ট সময়ত ।তাৰে এখন ইতিহাস প্ৰসিদ্ধ কাজলিচকী(আহোম ৰজাৰ এখন ঐতিহাসিক চকী,য’ত কলং কপিলী ব্ৰহ্মপুত্ৰত মিলন হৈছে)লৈ গৈছিল,এখন মায়ং  তিনিআলিত ৰৈছিল।মায়ং বজাৰৰ পৰা ১০০ মিটাৰ পশ্চিমে অৱস্থিত মায়ং তিনিআলিটো মায়ঙৰ বাবে আজিও বিশেষ। কিয়নো ইয়াতে মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মায়ং গাওঁ পঞ্চায়তৰ কাৰ্যালয় অৱস্থিত।ইয়াৰ পৰা পূৱলৈ ভকতগাঁও হৈ জাগীৰোড-মৰিগাঁও পথ; উত্তৰে নাৰেংগী হৈ গুৱাহাটী মহানগৰ আৰু দক্ষিণেৰে পবিতৰা-চামতা হৈ নগাঁও-গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথ।

অফিচ কাছাৰীৰ লগতে ফুৰিবলৈ যাবলৈ সেই বাছ দুখনেই একমাত্ৰ সম্বল আছিল।খৰালি কালত যেনেতেনে চলি গৈছিল। কিন্তু বাৰিষাকালত বানপানীয়ে শিলগুটিসমূহ উটুৱাই নিয়াৰ বাবে বাটবোৰ পিছল হয়।ৰাতি অলপ বৰষুণ হ’লেই মানুহৰ চিন্তা,পাছদিনা গাড়ী চলিবনে নাই! তথাপি হাতৰ মুঠিত জীওটো লৈ মানুহে তেনেকৈয়ে বিপদ সংকুল যাত্ৰা কৰিছিল।ৰাতিপুৱা নিৰ্দিষ্ট সময়ত গাড়ী দুখন যোৱাৰ পাছত মৰিগাঁৱলৈ যাবলৈ বিশেষ সুবিধা নাছিল।তেতিয়া  মায়ং তিনিআলিৰ পৰা পবিতৰা অভয়াৰণ্যৰ কাষেৰে কলংপাৰ (কামৰূপ মহানগৰ জিলাৰ অধীনস্থ)লৈ চাইকেলেৰে গৈ,তাৰ পৰা পাব্লিক বাহনেৰে চামতা (ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰৰ কাষত) হৈ গুৱাহাটী আৰু চামতাৰ পৰা জাগীৰোড হৈ মৰিগাঁৱলৈ যাবলগীয়া হৈছিল।স্বাধীন অসমৰ প্ৰথমজনা মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামাংকৃত এই চামতা-কলংপাৰ-পথটো কলংপাৰলৈ তুলনামূলকভাবে সুচলেই আছিল।মায়ং তিনিআলিৰ পৰা চামতালৈ মাত্ৰ ১৮ কিঃমিঃ হে। যদিও কলংপাৰৰ পৰা পবিতৰাৰ কাষেৰে মায়ং তিনিআলিলৈ প্ৰায় ৫-৬ কিঃমিঃ দৈৰ্ঘ্যৰ পথটো তেতিয়া বৰষুণৰ দিনত একেবাৰে যাতায়াতৰ প্ৰতিকূল হৈ পৰিছিল। চাইকেল চলাই যোৱাটো দূৰৰে কথা ৰঙা আঠলুৱা মাটি চকাত লাগি ধৰাৰ ফলত চাইকেল ঠেলি নিবলৈয়ে অসুবিধা হৈছিল।২০০১-২০০৩ বৰ্ষত নগাঁও মহাবিদ্যালয়ত পঢ়ি থাকোতে আমাৰো কেইবাদিনো তেনে অভিজ্ঞতা হৈছিল।ৰঙা আঠলুৱা মাটি চকাত লাগি ধৰাৰ ফলত ঠায়ে ঠায়ে চাইকেল কান্ধত তুলি ল’বলগীয়া হৈছিল। তথাপি দূৰ হ’লেও সেই পথটো মনহা-ভকতগাঁও–মায়ং পথতকৈ কিছু পৰিমানে সুচল আছিল। সেইসময়লৈ অৰ্থাৎ ২০০৩ চনলৈ গোবৰ্দ্ধন (কামৰূপ মহানগৰ জিলাৰ অধীনস্থ) 'কাজলিমুখ সেতু'খনৰ নিৰ্মাণৰ কাম সম্পন্ন হৈছিল যদিও পথটোৰ অৱস্থা সুচল নাছিল।সেয়ে গুৱাহাটীলৈ যাবলগা হ’লেও (চন্দ্ৰপুৰ হৈ বহু চমু যদিও) চন্দ্ৰপুৰ-নাৰেংগীৰে নগৈ কলংপাৰ হৈ যাবলগীয়া হৈছিল। বানপানীৰ সময়ত এই চামতা-কলংপাৰ পথটি,পবিতৰাৰ কাষৰ তামোলডুবাত বানত বুৰগৈ সেইফালেৰেও যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল। মুঠতে বানপানীৰ সময়ত আমাৰ অঞ্চলটো এটা নিৰ্জন দ্বীপলৈ পৰ্যবসিত হৈছিল।অপ্ৰিয় সত্য– প্ৰধানতঃ এই পয়ালগা যাতায়াত ব্যৱস্থাৰ বাবে সেই সময়ত মায়ঙলৈ ছোৱালী বিয়া দিবলৈ বা নিবলৈ উজনিৰ সমাজে অস্বীকাৰ কৰিছিল।

মেজিকখন আহি ঝাৰগাঁও বজাৰত ৰ’লহি। তাতে পেছেঞ্জাৰ তিনিজনো নামিল।ময়ো ৰাস্তা কাষৰ দোকানখনৰ পৰা পানী এবটল কিনি ল’লোঁ।

তাহানিৰ যাতায়াত ব্যৱস্থাৰ কথাই আজি মনত দোলা দি আছে। তলে-ওপৰে মানুহভৰ্তি সেই বাছ দুখনত ওলমি অহাৰ কথা বাৰে বাৰে মনলৈ আহিছে। বানে থকা সৰকা কৰা ওখোৰা-মোখোৰা ৰাস্তাটোত মৰিগাঁৱৰ পৰা মায়ং বজাৰ পাওতে প্ৰায় দুই-আঢ়ৈঘন্টা লাগিছিল। সেই ক’লাদিনটোৰ কথা আজিও স্পষ্টকৈ মনত আছে–

সিদিনা আছিল ২০০৫ চনৰ ১৭ অক্টোবৰ। লক্ষ্মীপূজাৰ বতৰ ।সমগ্ৰ অঞ্চলটোত উলহ-মালহ পৰিৱেশ। লক্ষ্মীপূজা মানেই ঘৰে ঘৰে  আলহীৰ সমাগম। প্ৰতিঘৰলৈ আলহী আহে পূজা চাবলৈ। সেইদিনাই কাতি বিহু হোৱা বাবে বহু আলহী নিজ নিজ গৃহলৈ পুৱাই ৰাওনা হৈছিল। বানপানীয়ে থকা সৰকা কৰি যোৱা ৰাস্তাটি গড়কাপ্তানি বিভাগে দুই-তিনিটা শিলগুটি চটিয়াই দায় সাৰিলে। আগৰাতি প্ৰচণ্ড বৰষুণ। প্ৰায় পঞ্চল্লিজন যাত্ৰী কঢ়িয়াই নিয়া  AXA-2241 নম্বৰৰ "গৃহলক্ষ্মী" বাছখন  বজাৰৰ পৰা কিছুদূৰ গৈ (২ নং মূৰকাটাত) শিলগুটি নথকা পিছল ৰাস্তাত খোপনি হেৰুৱাই, কাষৰ পানী ভৰ্তি দ খাৱৈত বাগৰি পৰে ।স্থানীয় লোকৰ তৎপৰতা ত্বেও দহজন আলহী যাত্ৰীয়ে প্ৰাণ বিসৰ্জন দিলে।বাছখনত স্থানীয় লোক বহুকেইজন আছিল যদিও তেওঁলোক সাঁতুৰি বাছখনৰ পৰা বাহিৰলৈ আহিবলৈ সক্ষম হয়। মৃত ব্যক্তিসকল আছিল–অনিমা ডেকা, ৪৫ বছৰ (জাগী গাঁও, মাক); মৃনাল ডেকা, ২৮ বছৰ (জাগী গাঁও, পুতেক); কাকলি বৰা, ২৮ বছৰ (বাঘজাপ, মাক); মইনা বৰা, (বাঘজাপ, জীয়েক); যতীন নাথ, ৭৫ বছৰ (বৰভগীয়া,বাপেক); ৰাজেন নাথ, ২৫ বছৰ, (বৰভগীয়া, পুতেক); জোন বৰা, ২৬বছৰ (বৰঙাবাৰী); কবিতা ডেকা, ১৫ বছৰ(বৰমপুৰ, মনহা); মঃ হাকিম আলি, ৬ বছৰ(গৰুমৰা দলনি), ইয়েচমিন খাতুন, ১বছৰ

এই দহটা শৱদেহ বগা কাপোৰেৰে ঢাকি ৰাস্তাৰ কাষত শুৱাই থোৱা সেই কৰুণ দৃশ্যটি মনত ভাহি উঠিছে।

এই মৰ্মান্তিক ঘটনাটিৰ খবৰ পায়,তদান্তীন্তন মৰিগাঁও জিলাৰ উপায়ুক্ত মহোদয় ততাতয়াকৈ ঘটনাস্থনীলৈ আহিল। উত্তেজিত ৰাইজৰ ধৰ্য্যৰ বান্ধ চিঙিল।ক্ষোভত ৰাইজে উপায়ুক্ত মহোদয়ক তাতে জবাবদিহি কৰি অপদস্থ কৰে। যেন ইমানদিনে আবেদন কৰি অহাৰ পাছতো যাতায়াতৰ সু-ব্যৱস্থা কৰি নিদিয়াৰ পোতক তোলে। ঘটনা বিষম দেখি স্থানীয় বিধায়ক ঘটনাস্থলী নোপোৱাকৈয়ে পলায়ন কৰিবলগীয়া হ’ল। আমি নিজেও সেই দুঃসময়ৰ সাক্ষী আছিলোঁ।

সেই দু্ৰ্ঘটনাটিৰ পাছতে যেন বিভাগ সাৰ পালে।আধুনিক মায়ঙৰ নিৰ্মাতা,মায়ং খনিকৰ দিপন চন্দ্ৰ নাথদেৱ আৰু বৰ্তমানৰ মায়ং আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰফুল্ল কুমাৰ ভূঞাদেৱৰ নেতৃত্বত সেই বছৰে মায়ং উন্নয়ন সমিতিৰ এটি সঁজাতি দলে তদানীন্তন গড়কাপ্তানি বিভাগৰ আয়ুক্ত মোহন বড়োক লগ কৰি কাজলিচকীৰ পৰা মায়ং-মনহা হৈ ভকতগাঁৱলৈ NBMRK( নখোলা-ভকতগাঁও-মনহা-ৰজামায়ং-কাজলিচকী)নামেৰে কেঁচা পথটি পকীকৰণৰ বাবে আবন্তন দিবলৈ জোৰকৈ আৱেদন কৰিলে। আৰু ২০০৬ চনত উক্ত পথটিৰ নিবিদা হ’ল। আৰু ক্ষীপ্ৰতাৰে কাম সমাপণ হোৱাৰ পাছত ২০০৮ চনত সমগ্ৰ পথটি যাতায়াতৰ বাবে সুচল হৈ পৰিল।পাছত নাৰেংগীৰ পৰা মায়ং-ভকতগাঁও-চিধা মৰিগাঁও-নগাঁও-ৰূপহী-লাওখোৱা-নলতলীলৈ এই পথটি অসম ৰাজ্যিক ঘাইপথ -৩ (ASH-3) নামেৰে নামাংকৃত কৰা হয়।বৰ্তমান গুৱাহাটীৰ নাৰেংগীৰ পৰা ভকতগাঁৱলৈ মুঠ ৫০ কিঃমিঃ দৈৰ্ঘ্যৰ এই পথটি হোমেন বৰগোহাঞি ৰাজ্যিক পথ নামেৰে নামাংকৃত কৰা হৈছে।

ঠিক এঘন্টাৰ পাছত মেজিকখন বজাৰত ৰ’লহি। ইতিমধ্যে সন্ধ্যা নামিছে। লাইটৰ পোহৰত আধুনিক মায়ং বজাৰখন মায়াময় হৈ পৰিছে।

   এইখনেই মায়ং

   মায়াৰ মায়ং

   মন্ত্ৰনগৰী মায়ং

   হাজাৰজনৰ কৌতূহলৰ মায়ং...

 

*** 

হোমেন বৰগোহাঞি পথৰ লোণমাটি গাঁৱৰ শেষ প্ৰান্তৰ তিনিআলিটো (যিটোক মণ্ডল তিনিআলি বুলি কোৱা হয়)ত হাজৰিকা বেজৰ ঘৰ। তিলক হাজৰিকাৰ দেউতাক পেছাত মণ্ডল আছিল বাবে মানুহে সেই তিনিআলিটোক মণ্ডল তিনিআলি বুলি কয়। প্ৰকৃতিৰ ৰম্য নগৰী চনকালৈ তেখেতৰ পদূলিৰ সন্মুখেৰে যায়। তেখেতে শিক্ষকতাৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত মন্ত্ৰ চৰ্চাত বেছিকৈ মনোনিৱেশ কৰিছে, যদিও বহুদিনৰে পৰা মন্ত্ৰ সাধনা কৰি আহিছে। আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয় যদিও তেখেতক বেজ হিচাপে জনা মোৰ বেছি দিন হোৱা নাই। তেখেতক এজন শিক্ষক হিচাপেহে সৰুৰে পৰা জানিছিলোঁ। সামাজিক কামবোৰতো তেখেত যথেষ্ট আগবঢ়া।

পুৱাই গাটো পখালি হাজৰিকা খুৰাৰ ঘৰলৈ ওলালোঁ। বেজৰ ঘৰ। মাৰ কথা-বাহী গাৰে যাব নাপায়। চোতালৰ পৰাই কেইবাজনো মানুহ বাৰাণ্ডাত বহি থকা দেখিলোঁ। ঘৰটো চিনি পাওঁ যদিও তেনেকৈ অহা নহয়। সেয়ে চুচুক চামাককৈ বাৰাণ্ডালৈ বুলি আগবাঢ়িলোঁ । তেনেতে অতিথিকেইজনে তেখেতৰ পৰা বিদায় লৈ যাবলৈ ওলাল। টেবুলত থকা সাঁচিপাতৰ পুথিকেইখন কাঠৰ আলমিৰাটোত ভৰাই থৈ, খুৰাই মোক বাৰণ্ডাৰ চকীখনতে বহিবলৈ ক’লে।   

: বোপা, তই আমাৰ ৰজামায়ঙৰ ৰজনী ককাইৰ ডাঙৰটো ল’ৰা নহয়নে ?  মৰিগাঁৱৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় এখনত যে কাম কৰ- তয়েই নহয় জানো ?

: হয় খুৰা

: কচোন বোপা । কি সকামতনো আহিলি ?

: আপোনাৰ ওচৰলৈকে আহিলোঁ।

মোৰ এজনী ছাত্ৰীৰ আইতাকৰ বাত বিষ।বহু চিকিৎসা কৰিও কোনো নিৰাময় নোহোৱাত, আপোনাৰ ওচৰলৈ আনিব খুজিছে।সেয়ে,মোক অলপ খবৰ কৰি যাবলৈ ক’লে।

: এৰা, ঈশ্বৰক চিন্তি  বাতবিষকে ধৰি বিভিন্ন বিষ উপশমৰ চেষ্টা কৰি আহিছো। ইতিমধ্যে বহুলোক আৰোগ্যও হৈছে। এতিয়ালৈ দেশ-বিদেশৰ বহু ৰোগীৰ চিকিৎসা কৰিছোঁ। অলপ আগত যে যোৱা দেখিলি-তেওঁলোক কলকাতাৰ। মানুহজনৰ বাত বিষ। তেওঁ কলকাতাৰ এজন প্ৰসিদ্ধ অভিযন্ত্ৰা। বৰ্তমান চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। ইউটিউবতে এই বিষয়ে গম পাই মোৰ ওচৰলৈ আহিছে। এইকেইদিন তেওঁক বাতবিষ নিৰাময় মন্ত্ৰৰে চিকিৎসা কৰাইছিলোঁ।আজি কলকাতালৈ যাবগৈ।এসপ্তাহতে তেখেতে বহুখিনি নিৰাময় হোৱা বুলি জনাইছে

—তিলক বৰ্তাৰ কথা শুনি মই আচৰিত হ’লোঁ।

বিজ্ঞানৰ অগ্ৰগতিৰ পাছতো তন্ত্ৰ-মন্ত্ৰৰ ইমান প্ৰভাৱ ! অভিযন্ত্ৰা হৈও তন্ত্ৰ-মন্ত্ৰৰ ওপৰত ইমান বিশ্বাসী।

তেখেতৰ পৰা আৰু বেছি সময় নলৈ, কথাকেইটামানকে  জানিব খুজিলোঁ–

: বাৰু খুৰা-এই মন্ত্ৰ সাধনাৰ প্ৰতি আপুনি কেনেকৈ আকৰ্ষিত হ’ল ?

: এল পি স্কুলত পঢ়ি থাকোতে তেতেলীগুৰিৰ বাঘডুবিত মন্ত্ৰৰে বাঘ বন্ধা দেখিছিলোঁ। আৰু তেতিয়াই ক’ব নোৱৰাকৈয়ে তন্ত্ৰ-মন্ত্ৰৰ প্ৰতি আকৰ্ষিত হ’লোঁ।

আমাৰ পৰিয়ালতে যথেষ্ট মন্ত্ৰ পুথি আছিল।দেউতাই মন্ত্ৰ সাধনা কৰা নাছিল যদিও মন্ত্ৰবোৰ সুন্দৰকৈ সাঁচিপাতৰ পুথিত সংগ্ৰহ কৰি থৈছিল। জনা হোৱাৰে পৰা সেই পুথিসমূহ অধ্যয়ন কৰিবলৈ ল’লোঁ। আমাৰ পৰিয়ালৰে মুহিনী হাজৰিকা (লোক গৱেষক লোকেন্দ্ৰ হাজৰিকাৰ ককায়েক)ক গুৰু হিচাপে মানি লৈ মন্ত্ৰৰ চৰ্চা কৰিছিলোঁ।

: তেঁতেলিগুৰিত মন্ত্ৰৰ জৰিয়তে যে বাঘ বন্ধা আপুনি  দেখিছিল- কোনজন বেজে এই অসাধ্য সাধন কৰিছিল?

: গোটেই ঘটনাটো কৈছোঁ, মন দি শুন–

তহতৰ গাঁৱৰ (ৰজামায়ঙৰ) চুৰা বেজ। তেতিয়াৰ এজন প্ৰসিদ্ধ বেজ। তেওঁৰ প্ৰকৃত নাম আছিল-মুহিৰাম নাথ। বাঘবন্ধা মন্ত্ৰ, বিষবাণ মন্ত্ৰৰ বাহিৰেও মুহিৰাম নাথে মোহিনী মন্ত্ৰ, মালশ্ৰম মন্ত্ৰ, লুকী মন্ত্ৰ, উৰণ মন্ত্ৰ, ভূত-প্ৰেত বন্ধা মন্ত্ৰ, সৰ্প দংশনৰ বিষ নিৰাময় কৰা মন্ত্ৰ আয়ত্ত কৰিছল। তেখেতৰ মন্ত্ৰ সাধনাৰ স্বীকৃতি অঞ্চলটোতে সীমাদ্ধ নাথাকি চৌদিশে বিয়পি পৰিছিল।

তেতেলিগুৰি-মায়ং বজাৰৰ পৰা উত্তৰে তিনি কিঃ মিঃ নিলগত অৱস্থিত এখনি সৰু নৈপৰীয়া গাঁও। তেতিয়া গাঁওখন অটব্য হাবি-জংঘলৰে আবৰা আছিল। তাতে ক’ৰবাৰ পৰা দুটা পোৱালিসহ বাঘ এজনী আহি থিতাপি লৈ গাঁওবাসীৰ নিদ্ৰা হৰণ কৰিছিল। লাহে লাহে গৰু-ছাগলী নোহোৱা হ’ব ধৰিছিল। ৰাইজ উপায়ন্তৰ হৈ খোকা মণ্ডলৰ সৈতে  আৰু এজনক ৰজামায়ঙৰ চুৰাবেজৰ ওচৰলৈ পঠিয়াই দিলে। চুৰাবেজ যাবলৈ মান্তি হ’ল।তেওঁ সৌকা বেটডাল আৰু মন্ত্ৰপুথিৰ জোলোঙাটো লৈ তেঁতেলিগুৰিলৈ ৰাওনা হ’ল। লগত গ’ল ৰজামায়ঙৰ  কবিৰাম নাথ, মহিন্দ্ৰ খটাখুৰ, ফুলগুৰীয়া চিকাৰী সহিতে দহ-বাৰজন সাহসী যুৱক। খোকা মণ্ডলৰ ঘৰতে বেজ সহিতে আটাইকেইজনে জিৰণি ল’লে। চাহ-মুড়িৰে অতিথিকেইজনক আপ্যায়ন কৰিলে। চুৰাবেজে সেয়া নাখালে। মন্ত্ৰৰ বিধানমতে বাঘিনী বধ নোহোৱালৈ এঁৱা পিঠাগুৰি আৰু গাখীৰ-পানীৰ বাহিৰে আন একো গ্ৰহণ নকৰে।

: সিদিনাই বাঘটো বান্ধিলেনে ?

: নাই। সিদিনা আটাইকেইজন খোকা মণ্ডলৰ ঘৰতে ৰাতিটো কটালে। পুৱতী নিশা বাঘ বান্ধিবলৈ থিৰাং কৰিলে। কথামতে পুৱতী নিশা আটাইকেইজনে গা-পখালি ,কবিৰাম আৰু বাকীকেইজনৰ সহিতে  বাঘিনীজনী থকা হাবিডৰা পালেগৈ। বাঘনীজনী থকা ঠাইৰ পৰা দহ নল মান আঁতৰে আঁতৰে,চুৰাবেজে  সৌকা বেটডাল ঘূৰাই ঘূৰাই  বাঘ বন্ধা মন্ত্ৰ উচ্চাৰণ কৰি সাত পাক ঘূৰিলে।

বেজৰ লগে লগে কবিৰামহঁতো ঘূৰিল।মন্ত্ৰ উচ্চাৰণ কৰি হোৱাৰ পাছত বেট ডালেৰে মাটিত একোব দিলে। তেনেতে বাঘিনীজনীৰ গেঙনী শুনা গ’ল।তেতিয়া বিষবাণ মন্ত্ৰ প্ৰয়োগ কৰিলে। বিষবাণ মন্ত্ৰ প্ৰয়োগ কৰাৰ পাছত বাঘিনীজনৰ আৰু মাত নুশুনা হ’ল।

: তাৰমানে মন্ত্ৰৰ জৰিয়তে চুৰাবেজে বাঘিনীজনী বশ কৰিলে?

: হয়। বাঘ বোলন মন্ত্ৰৰ জৰিয়তে বাঘিনীজনী বান্ধিলে।

ইতিমধ্যে কবিৰাম নাথক চুৰাবেজে মায়ঙৰ ৰজাক খবৰ দিবলৈ পঠিয়ালে। লগতে বাৰিকাৰ জৰিয়তে ৰাইজক খবৰ দিয়ালে। বাঘ বোলন মন্ত্ৰৰ জৰিয়তে বাঘ ধৰা মানে মায়ঙত এক বৃহৎ উৎসৱ। বহুৱা বাৰিকাই ৰাইজক খবৰ দিয়াৰ লগে লগে ৰাইজ হিল দ’ল ভাঙি তেতেলীগুৰিলৈ ওলাল ,বাঘিনী চাবলৈ।কোনোবাই যদি যাঠি নিছে ,কোনোবাই জোং । কোনোবাই যদি ভলুকা বাঁহ নিছে, কোনোবাই পহাজাল (মৰাপাটৰে নিৰ্মিত জাল)। ৰজামায়ং, লোনমাটি,ঔগুৰি,সতীভেটি, বুঢ়ামায়ং, শিলডুবি, বৰদিয়া আদিৰ মানুহ উবুৰি খাই পৰিলগৈ।

বাঘিনীজনী ধৰা কহাবিখনিৰ পৰা অলপ নিলগৰ হাবিডৰাত চাৰিওফালে ভলুকাবাঁহ পুতি পাহজালেৰে  বেৰি 'জালিঘৰ' বা 'ঘেৰজালি' সজোৱা হ’ল।

অৱশ্যে বাঘিনীজনী সোমাব পৰাকৈ সন্মুখফালটো খোলা ৰখা হ’ল। ঘেৰজালিৰ মাজৰ ওখ হাবিবোৰ ভাঙিবলৈ হাতীভাঙী ৰাইজে দিয়া শালগছৰ খুটা এটা ঘেৰজালিৰ মাজেৰে সুমুৱাই, দুইমূৰ ৰছীৰে বান্ধি হাবিখনিৰ ওপৰেৰে অনা-নিয়া কৰিলে, যাতে হাবিখনৰ বিৰিণাবোৰ ভাঙি বাঘিনীজনী চাবলৈ ৰাইজৰ সুবিধা হয়। ঘেৰজালি প্ৰস্তুত কৰোতে দিনটো পাৰ হ’ল। ঘেৰজালিৰ চাৰিওফালে ৰাইজে ইকৰা বিৰিণাৰে অস্থায়ী চালি দি ৰাতিটো তাতে পাৰ কৰিলে।তাতে খোৱাবোৱাৰ ব্যৱস্থাও কৰিলে।

পাছদিনা সূৰ্য উদয় হোৱাৰ পাছত, বেজে ঘেৰজালিলৈ বাঘিনীজনী অনাৰ দিহা কৰিলে।প্ৰথমে  চুৰাবেজে বাঘিনীজনীক বাঘ বোলন মন্ত্ৰৰ পৰা মুক্ত কৰি দিলে।  ৰাইজে যাঠি, জোং, দা লৈ চাৰিওফালে ঘেৰি থাকিল। ইফালে চুৰাবেজে পুনৰ বাঘ বোলন মন্ত্ৰ উচ্চাৰণ কৰিবলৈ ধৰিলে।বাঘিনীজনী কেনিও পলাব নোৱাৰি ঘেৰজালিত প্ৰৱেশ কৰিলে। দুই পোৱালিসহ বাঘিনীজনীক ঘেৰজালিত দেখা পাই ৰাইজে আনন্দত উকিয়াবলৈ ধৰিলে।

মায়ং মৌজাৰ লগতে পকৰীয়া মৌজাৰ প্ৰায়বোৰ গাঁৱৰ ৰাইজ বাঘ চাবলৈ আহিল। তেতেলিগুৰিৰ সেই হাবি লোকে লোকাৰণ্য হৈ পৰিল।

লাহে লাহে বেলি লহিয়াবৰ হ’ল। ৰাইজে দিনটো বাঘৰ সৈতে ৰং তামাছা কৰিলে। বেজে ৰজাৰ অনুমতি লৈ বাঘটো বধিবলৈ ৰাইজক নিৰ্দেশ দিলে।

নিৰ্দেশ পাই গোপাল বিষয়াই জখলাৰে বগাই গৈ জা বন্দুকেৰে বাঘিনীক গুলি কৰিলে।গুলি খাই বাঘিনীজনী মাটিত ঢলি পৰিল। পাছত ৰাইজে বাঘিনীৰ ছাল, নখ, দাঁত ভগাই ল’লে।

মন্ত্ৰৰ সহায়ত বাঘ ধৰা আৰু বধ কৰাৰ সেয়াই শেষৰটো ঘটনা-যি আমি স্ব-চক্ষে প্ৰত্যক্ষ কৰিছিলোঁ।

: বাঃ বাঃ যেন সাধুকথা । এতিয়া বিশ্বাস কৰিবলৈয়ে টান লাগে। —মই বিনয়েৰে শলাগিলোঁ।

: খুৰা, আপুনি হেনো ৰাজভৱনলৈও নিমন্ত্ৰিত হৈছিল ?

: ওঁ ..তেতিয়া অসমৰ ৰাজ্যপাল আছিল লোকনাথ মিশ্ৰ।তেখেতে ইতিমধ্যে তন্ত্ৰ-মন্ত্ৰত যথেষ্ট গৱেষণা কৰিছে। ৰাজ্যপালৰ দায়িত্ব লোৱাৰ পাছত এদিন তেখেতে মৰিগাঁৱৰ উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমাক ৰাজভৱনলৈ মাতি পঠিয়াইছিল ।

: আপুনি অকলে গৈছিল নে ?

: নাই। প্ৰথমবাৰ লক্ষীবেজো  গৈছিল।

লক্ষীবেজ, বুঢ়ামায়ঙৰ এজন প্ৰসিদ্ধ বেজ। তেখেত বিশেষকৈ লুকী মন্ত্ৰ, বাতি চলোৱা মন্ত্ৰ ,লাঠি চালনা মন্ত্ৰত সিদ্ধহস্ত আছিল।

: মিশ্ৰ চাৰে বহুকেইটা মন্ত্ৰ শিকিছিল। মিশ্ৰ ছাৰৰ জীয়ৰীৰ স’তে এতিয়াও মোৰ যোগাযোগ আছে।

: সিদিনা তাত তন্ত্ৰ-মন্ত্ৰ প্ৰদৰ্শন কৰিছিল নে ?

: ওঁ। ময়ো দেখুৱাইছিলোঁ। লক্ষীবেজেও দেখুৱাইছিল। মই মন্ত্ৰৰ জৰিয়তে ফলা বাঁহ এটুকুৰা জোৰা লগাইছিলোঁ। লক্ষীবেজেও লুকীমন্ত্ৰ প্ৰয়োগ কৰি তাতে অন্তৰ্ধান হৈছিল। ৰাজ্যপাল মহোদয় হতবাক  হৈ পৰিছিল। প্ৰায় চাৰিঘন্টা কেনেকৈ পাৰ হৈছিল-তলকিবই নোৱাৰিছিলোঁ।

তেখেতে আমালৈ পৰম আগ্ৰহেৰে অপেক্ষা কৰি আছিল। ড্ৰয়িং ৰোমত বহিব নিদি তেখেতে জিৰণি কোঠাতে আমাক বহিব দিছিল।

তাৰ পাছত আৰু কেইবাবাৰো তেখেতৰ ওচৰলৈ গৈছিলোঁ। ৰজামায়ঙৰ সমাজসেৱক, শিক্ষক গোপালচন্দ্ৰ নাথ, লোক গৱেষক লোকেন্দ্ৰ হাজৰিকাও মোৰ স’তে ৰাজভৱনলৈ গৈছিল।

: বাৰু ... এইবোৰ ইমানতে এৰোঁ...কৈ থাকিলে কাহানিও শেষ নহয়।

: ৰচোন... তোৰ দেউতাৰাইওতো মন্ত্ৰ সাধনা কৰে।শুনিছো,বৰ্তমান তাৰ ওচৰলৈও বহু দেশ বিদেশৰ লোক আহে।  দেউতাৰৰ লগত এইবোৰ কথা আলোচনা নকৰ নেকি ?

: দেউতাই আগৰেপৰা কিছু মন্ত্ৰ সাধনা কৰে বুলি জানো।কিন্তু  গভীৰভাৱে সাধনা কৰা বুলি গমেই নাপাও। অৱশ্যে মোৰ তেনেকৈ ঘৰত থকাও নহয়। ঘৰত থকাকেইদিন কিন্তু কিছু মানুহক দেউতাক লগ কৰিবলৈ অহা দেখো। সঁচা কথা ক’বলৈ গ’লে খুৰা, মই এই তন্ত্ৰ-মন্ত্ৰৰ প্ৰতি বৰ বিশেষ আগ্ৰহীও নহয়।

: তাৰমানে তই মায়ঙৰ তন্ত্ৰ-মন্ত্ৰবোৰ বিশ্বাস নকৰ ?  

: বিশ্বাস মা...নে...

: বুজিলোঁ। মানে তোৰ মতে আমাৰ এই তন্ত্ৰ-মন্ত্ৰবোৰ ভুৱা?

: নাই ,নাই খুৰা । মই ভুৱা বুলি ক’ব খোজা নাই। মোৰ তেনে কোনো ধৃষ্টতা নাই।অৱশ্যে সকলো কথাকে বৈজ্ঞানিক দৃষ্টিভংগীৰে ফঁহিয়াই চাওঁ।

: চা – যদিও বৰ্তমান বিজ্ঞানৰ যুগ, কিন্তু বিজ্ঞানৰো এক সীমাৱদ্ধতা আছে।এটা পৰিসৰত বিজ্ঞানো দিশহাৰা হৈ পৰে। বিজ্ঞানে সৃষ্টি কৰা ৰ’বট মানুহৰ দৰে কাৰ্যক্ষম ,কিন্তু উন্নতিৰ চৰম শিখৰত উপনীত হোৱাৰ পাছতো আজিলৈ কিয় তাত  প্ৰাণৰ সঞ্চাৰ সম্ভৱ হোৱা নাই ? অভিজ্ঞ চিকিৎসকজনৰো নিজৰ সন্তানৰ অপাৰেচন কৰাৰ সময়ত হাতখন কিয় কঁপে ? কিয় নেদেখাজনৰ ওচৰত শৰণাপন্ন হয় ?

হাজৰিকা খুৰাই একপ্ৰকাৰে খঙৰেই মোলৈ প্ৰশ্ন কেইটা এৰিলে । অৱশ্যে মোৰ পৰা কিবা শুনাৰ তেখেতৰ কোনো আগ্ৰহ দেখা নাপালোঁ।

মইনো কিয় তেনেকৈ ক’ব লাগে! মোৰ নিজৰ ওপৰতে খং উঠিল।

: নাই নাই খুৰা, মই আমাৰ গৌৰৱময় ঐতিহ্যক লৈ সদায় গৰ্ব  কৰো।বাহিৰত যেতিয়া আমাক তন্ত্ৰ-মন্ত্ৰৰ কথা সোধে,গৰ্বত বুকুখন ফুলি উঠে।

: বাৰু ,তোক আৰু সময় দিব নোৱাৰিম।মই এফালে যাবলগীয়া আছে। আকৌ কেতিয়াবা সময় লৈ আহিবি। এইবিষয়ে অলপ বহলাই আলচ কৰিম।

মই তেখেতক সেৱা এটা জনাই বিদায় ল’লোঁ।

যদিও হাজৰিকা খুৰাই বিনম্ৰতাৰে মোক বিদায় দিলে, তথাপি ভিতৰি ভিতৰি মোৰ ওপৰত অসন্তুষ্ট হৈ থকা যেন ভাৱ হ’ল।

(আগলৈ)

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ