স্পন্দন সমীৰ
প্ৰথম অধ্যায়
সাগৰিকাই কথাবোৰ তেনেকৈয়ে কয়। আগপিচ একো চিন্তা নকৰে। মুখত যি আহে এফালৰ পৰা বলকি যায়। অৱশ্যে কেতিয়াও কোনোদিন
কিন্তু তাই সত্যৰ অপলাপ কৰা নাই। সাগৰিকাৰ এই স্বভাৱটোৰ বাবেই হয়তো সকলোৱেই তাইক সমীহ
কৰি চলে যদিও তাইক বেয়া পাইছোঁ বুলি কোৱা আৰু ভৱা মানুহৰ সংখ্যা আঙুলিৰ মূৰত গণিব পাৰি। সাগৰিকাই ভাবে মানুহবোৰ যিমানেই শিক্ষিত
হৈছে যুক্তিৰ তুলাচালনীৰে সকলোবোৰকে জুখিবলে লৈছে। যুক্তিৰ বন্যাত উটি গৈছে আমাৰ প্ৰেম
আৰু হৃদয়ৰ আবেগ-বিহ্বল অনুভৱবোৰো। মানুহবোৰ হৈ পৰিছে এটি এটি যন্ত্ৰবৎ ৰবটৰ দৰে। মগজুত
সন্দেহৰ এটি কীট লালন পালন কৰি চলি ফুৰিছে অহৰহ। সাগৰিকাৰ মতে আজিৰ আমাৰ শিক্ষা সামাজিক বিকাশৰ বাবে অৰ্থহীন। এই শিক্ষা লক্ষ্যহীন। এই শিক্ষাত নাই কোনো সামাজিক কিম্বা বৌদ্ধিক উত্তৰণৰ
ইংগিত। এনে শিক্ষাক সামাজিক তথা বৌদ্ধিক প্ৰমূল্যবিহীন বুলি ইয়াৰ প্ৰয়োজনীয়তাক সজোৰে
নাকচ কৰে সাগৰিকাই।
সাগৰিকাৰ কথাবোৰ আজিও মাজে কোনো অসতৰ্ক মূহুৰ্তত মোৰ মন-মগজুত দোলা দি বৃত্তাকাৰে
ঘূৰি থাকে। সাগৰিকা মোৰ বাবে আজি এক অতীত। হেৰাই যোৱা এক সোণালী সপোন।
***
বহু বছৰৰ মূৰত অপ্ৰত্যাশিতভাৱে পোৱা সাগৰিকাৰ চিঠিখনে মোক সেই স্মৃতিৰ দলিচাখন
পুনৰ সেউজ কৰি তুলিলে। বন্ধু
ৰক্তিমৰ হাতত পঠোৱা হালধীয়া খামৰ সেই চিঠিখন। অলপদিনৰ আগতে ৰক্তিম গৈছিল হায়দৰাবাদলৈ কিবা কোম্পানিৰ কামত আৰু তাতেই হেনো লগ পাইছিল সাগৰিকাক।
সাগৰিকাৰ চিঠিখন পঢ়ি বহু সময়লৈকে মই এক মানসিক উত্তেজনা অনুভৱ কৰিছিলোঁ। অন্তৰ্দ্বন্দত
ভুগিবলগীয়া হৈছিল বহু সময়। পাতল হালধীয়া এটা খামৰ ভিতৰত ভৰাই পঠিওৱা চিঠিখন অৱশ্যে
এতিয়াও মোৰ পৰিবাৰ চয়নিকাই সযতনে ৰাখি থৈছে। কেতিয়াবা কেতিয়াবা আজৰি সময়ত চয়নিকাই হেনো
চিঠিখন উলিয়াই পঢ়ে আৰু চিঠিখনত
সন্নিৱিষ্ট কথাবোৰ লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰে নিজকে। হয়তো চিঠিখনৰ কথাবোৰক লৈ
তেওঁৱো সংশয়ৰ দোমোজাত। সঁচাকৈয়ে সাগৰিকাৰ চিঠিৰ কথাবোৰে আমাৰ দুয়োকে বাৰু মনোকষ্ট দিছে
নেকি?
মোৰ বিয়াৰ পিছত চয়নিকাই এবাৰহে লগ পাইছিল সাগৰিকাক। প্ৰথম পৰিচয়তে তেওঁ আকৰ্ষিত
হৈছিল সাগৰিকাৰ প্ৰতি। সোঁতৰ বিপৰীতে চিন্তাকৰা মানুহবোৰৰ প্ৰতি মোৰ পত্নী চয়নিকাৰো
আছে এক অহৈতুক প্ৰীতি। সেয়েহে হয়তো সাগৰিকা তেওঁৰ মনৰ নাৰী।মই কিন্তু সাগৰিকাক আজিলৈকে বুজিবকে নোৱাৰিলোঁ।
সাগৰিকা মোৰ সহপাঠী। মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ত পঢ়ি থকা দিনবোৰত তাই আছিল মোৰ বিশেষ লগৰীয়া।
বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত পাৰ কৰিছিলোঁ বহু সময় একেলগে। বিশ্ববিদ্যালয় সপ্তাহ উপলক্ষে
অনুষ্ঠিত নাট প্ৰতিযোগিতাত নাটক কৰিছিলোঁ একেলগে। ভাগ লৈছিলোঁ বহু সাংস্কৃতিক প্ৰতিযোগিতাত।
সাগৰিকা মোৰ জীৱন-যৌৱনৰ সোণালী সাক্ষী।
সেইবোৰ আজিৰ পৰা বহু বছৰৰ আগৰ কথা। মই এতিয়া বাৰ্ধক্যৰ দূৱাৰদলিত।পৰিপূৰ্ণ মোৰ এখন সংসাৰ। তথাপিও
বিস্মৃতিয়ে যেন কেতিয়াবা মোক লৈ যাবলৈ বিচাৰে জীৱনৰ অন্য এটি পাৰলৈ মই নজনাকৈয়ে।
সাগৰিকাৰ চিঠিখনে কিয় জানো আকৌ এবাৰ ভবাই তুলিলে সেয়া মই নাজানোঁ।
এদিন কলেজৰ পৰা খোজকাঢ়ি ঘৰলৈ গৈ থকা অৱস্থাত সাগৰিকাই মোক সুধিছিল-
- তোমাৰ বাৰু জীৱন সম্পৰ্কে ধাৰণা কি?
একো নভৱাকৈয়ে হাঁহি হাঁহি সাগৰিকাক কৈছিলোঁ-
-বুজিছা জীৱন সম্পৰ্কে
মোৰ তেনে কোনো বিশেষ কোনো ধাৰণাই নাই।দেউতাই কয়- “জীৱনটো বৰ জটিল, স্বাৰ্থ আৰু প্ৰেমৰ
অপূৰ্ব সমাহাৰ”। মায়ে কয় – “জীৱনটো সুমধুৰ, পথাৰৰ মাজৰ এটি উঁইৰ
হাফলুৰ দৰেই। যি ফালৰ পৰাই চোৱা তোমাৰ নাকৰ পোনে পোনে দেখিবা।” মই কিন্তু জীৱনক বুজিবলে
চেষ্টাও কৰা নাই আৰু নকৰোঁও বুজিছা সাগৰিকা। মোৰ বাবে জীৱনটো বৰ সৰল। জীৱন জীৱনতকৈয়ো ডাঙৰ।
মোৰ উত্তৰত সিদিনা মৌন হৈ ৰৈছিল সাগৰিকা।
আন এদিন আকৌ কেণ্টিনত চাই খাই থাকোঁতে অকণো সংকোচ নকৰাকৈয়ে পোনপটিয়াকৈয়ে সাগৰিকাই
মোক সুধিছিল-
-
তুমি বাৰু মোক ভাল পোৱানে?
সাগৰিকাৰ এই প্ৰশ্নত মই বিব্ৰত হোৱা
নাছিলোঁ। সাগৰিকাক মই ওলোটাইহে সুধিছিলোঁ-
তোমাক ভাল পোৱা বা নোপোৱাৰ কথা এই সময়ত আহিল ক’ৰপৰা আৰু কিয়?
-
এয়া মোৰ প্ৰশ্নৰ উত্তৰ নহয়।তুমি
নিজকে এক নিৰাপদ দূৰত্বত ৰাখি এনেদৰে কৈছা নহয় জানো? প্ৰচণ্ড ক্ষোভেৰে মোক কথাখিনি কৈ মোৰ পৰা মুখখন ঘূৰাই দিছিল।সাগৰিকাক কি উত্তৰ
দিম সিদিনা মই ভাৱি পোৱা নাছিলোঁ।
তেনেতে অলকা আগবাঢ়ি আহি সেই চিনাকি হাঁহিটোৰে ক্ষমা কৰিবা বন্ধু, আমনি কৰিলোঁ বুলি কোৱাতহে
আমি সম্বিত ঘূৰাই পালোঁ।
কথাবোৰ শেষ হৈছিল সিদিনা তাতেই উত্তৰবিহীনভাৱেই।
মহাবিদ্যালয়ত অলকা , সাগৰিকা আৰু মই দুটা বছৰে দৰ্শন বিষয়ত সন্মান সহকাৰে অধ্যয়ন কৰিছিলোঁ। আমাৰ মাজত এক এৰাব নোৱাৰা সম্বন্ধৰ সৃষ্টি হৈছিল। দৰ্শন
বিভাগত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা
সাধাৰণতে সদায়েই নগণ্য তাতে আকৌ দৰ্শনত অৰ্নাচ ! আমিও মাথোঁ তিনিওজনেই আছিলোঁ। গতিকে আমি সদায়েই একেখন বেঞ্চতেই বহিছিলোঁ।
আমাৰ সম্বন্ধবোৰৰ মাদকতাই আছিল কিছু সুকীয়া।
***
নীৰেন বৰুৱা ছাৰৰ কথাই বেলেগ আছিল। বিষয়টো যিয়েই নহওক কিয় ছাৰৰ নিৰ্মোহ বিশ্লেষণে
বিষয়টোক সদায়েই উপভোগ্য কৰি তুলিছিল। বৰুৱা ছাৰৰ মুখখন দেখিলেই মোৰ কিবা এক অনাবিল
তৃপ্তিত মন ভৰি গৈছিল।
আজি অলপ দিন হ’ল নীৰেন বৰুৱা ছাৰ ঢুকাল। অৱসৰ লোৱাৰ পিছৰ সময়খিনি হেনো
ছাৰে বৰ কষ্টত পাৰ কৰিবলগীয়া হৈছিল। বৰুৱা ছাৰৰ দুয়োটি পুত্ৰই অভিযন্তা। ডাঙৰটো ফিনলেণ্ড
আৰু সৰুটো অষ্ট্ৰেলিয়াত থাকে। দুয়োটাই তাতেই বিয়া-বাৰু পাতি নিগাজীকৈ বসবাস কৰিছে।
অৱসৰ গ্ৰহণ কৰাৰ সাতমাহমান আগতে হঠাতে এদিন ছাৰৰ পৰিবাৰ অমিয়া বাইদেউৰ মৃত্যু হৈছিল
এক দুৰাৰোগ্য ৰোগত। মাকৰ মৃত্যুৰ সময়তো লৰা দুটি নাহিল ।কি যে এক যন্ত্ৰণা। এয়া এক
নিৰ্লজ বিৰম্বনা সময়ৰ। অমিয়া বাইদেউ
ৰসায়ন বিভাগৰ অধ্যাপিকা আছিল আমাৰ মহাবিদ্যালয়খনতে। অতি মৰমিয়াল অমিয়া বাইদেউ বিভাগটোৰ সকলো ছাত্ৰ-ছাত্ৰীৰে
প্ৰিয় বুলি এটা সুনাম আছে। নীৰেন বৰুৱা ছাৰ কিন্তু সম্পূৰ্ণ বিপৰীত। ছাৰৰ প্ৰতি আছিল
আমাৰ বিভাগটোৰ সকলোৰে এক অজানা ভয় অথচ অপৰিসীম শ্ৰদ্ধা আৰু সেইবাবেই হয়তো ছাৰৰ ব্যক্তিত্বক
নতুনৰ ন’বোলেৰে সদায়েই ৰঙীণ কৰি ৰাখিছিল। ভাৰতীয়
দৰ্শনৰ মুঠ ন’খন স্কুলৰ কথা ছাৰৰ মুখেদি আখৈ ফুটাদি ফুটিছিল। ন্যায়, বৈশেষিক, সাংখ্য, যোগ, বেদান্ত আৰু মীমাংসাৰ
দৰে ছয়খন আস্তিক স্কুল আৰু বৌদ্ধ, জৈন আৰু চাবাৰ্কৰ দৰে তিনিওখন নাস্তিক স্কুলৰ কথা কৈ যাওঁতে
ছাৰৰ মুখমণ্ডলত কিবা এক অপৰূপ আভায়ে আলোকিত কৰি তোলা সদায়েই পৰিলক্ষিত হৈছিল। সেই ছাৰৰ
শেষ পৰিণতিৰ কথা ভাৱিলেও কিবা এক অজানিত এটি ক্ষোভ আৰু শোকে ব্যতিব্যস্ত কৰি তোলে।
(ক্ৰমশঃ)
