অন্যযুগ/


মহাবৃত্ত


মৃদুল শৰ্মা


৯ ব্যাস৷

প্ৰথমে দেৱব্ৰত ভীষ্মই মোলৈ বাৰ্তা প্ৰেৰণ কৰিছিল মাতৃদেৱীয়ে স্মৰণ কৰা বুলি৷ অৱশ্যে তেওঁ তেওঁৰ মাতৃদেৱী বুলিহে উল্লেখ কৰিছিল৷ কিন্তু মই নিশ্চিত আছিলোঁ যে মোৰ গোপন জন্মবৃত্তান্ত পাৰদৰ্শী ৰাজনীতিজ্ঞ তথা শাস্ত্ৰজ্ঞ পণ্ডিত ভীষ্মৰ অজ্ঞাত হৈ ৰোৱা নাই৷

হস্তিনাপুৰত উপস্থিত হোৱাৰ পাছত, যথোপযোগ্য উপকৰণেৰে মোক স্বাগত-সম্ভাষণ জ্ঞাপন কৰাৰ পাছত মাতৃদেৱী সত্যৱতীয়ে মোক যেতিয়া আহ্বান জনাইছিল তেওঁৰ নিঃসন্তান বিধৱা বধুদ্বয় অম্বিকা আৰু অম্বালিকাত গৰ্ভ উৎপাদন কৰিবৰ অৰ্থে, প্ৰথমে মই অতিশয় আশ্চৰ্য বোধ কৰিছিলোঁ৷

তেখেতে তেখেতৰ কুমাৰী কালৰ সকলো বৃত্তান্ত তেতিয়াই মোৰ সম্মুখত বিবৃত কৰিছিল নিঃসঙ্কোচে৷ তেখেতে কৈছিল–

অজ্ঞতাবশতঃ তথা নিজৰ অজ্ঞাতসাৰে মই যেতিয়া সতিত্ব ত্যাগ কৰিবলগীয়া হ’লেই, সেই ত্যাগক কেন্দ্ৰ কৰি মই ঋণাত্মক চিন্তা কৰি জীৱন ব্যতীত কৰাতকৈ যোগাত্মক পৰিণতি এটাৰ ফালে ক্ৰমান্বয়ে আগ বাঢ়িব খুজিছোঁ পুত্ৰ! তোমাৰ পিতৃ মহাত্মা পৰাশৰৰ প্ৰতি মোৰ যিমান অভিযোগ আছে তাতকৈ বহু বেছি অভিযোগ আছে ভাৰতবৰ্ষৰ এই অত্যাচাৰী কুৰুবংশৰ প্ৰতি৷ এই বংশৰ উৎপীড়ণ, নিস্পেষণ মই অনেক দেখিছোঁ৷ সম্প্ৰতি মই মোৰ পিতৃ ধীৱৰ-ৰাজৰ দৃষ্টিভঙ্গীকে অনুসৰণ কৰিছোঁ পুত্ৰ! হস্তিনাপুৰৰ এই ৰাজবংশ সমূলে উৎপাটন কৰিব পাৰিলেহে মই আৰ্যসকলে আৰ্যভিন্নসকলৰ ওপৰত চলাই অহা হাজাৰ বছৰৰ উপহাসৰ মূল্য পৰিশোধ কৰিব পাৰিম৷’

কিন্তু মাতৃ! ময়োতো আৰ্য!’

‘হয় বৎস। তুমি আৰ্য৷ ময়ো আৰ্য৷ কিন্তু প্ৰকৃততে আৰ্য কোন জানানে? চিন্তা-মনীষাত যিসকল শ্ৰেষ্ঠ সেইসকলেই আৰ্য নহয় জানো? কিন্তু কেৱল জন্মৰ জৰিয়তে লাভ কৰা আৰ্য বোলা পৰিচয়টোক অৱলম্বন কৰি ভাৰতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অনগ্ৰসৰ জনগোষ্ঠীবোৰৰ ওপৰত এচাম লোকে সৰ্বদা শোষণ চলাই অহা তোমাৰ দৃষ্টিত ধৰা পৰা নাইনে? জন্মসূত্ৰে ক্ষত্ৰিয় বোলা মদমত্ত, ক্ষমতান্ধ এচাম লোকে সৰ্বসাধাৰণ মানুহৰ ওপৰত কিমান হাজাৰ বছৰ উৎপীড়ণ অব্যাহত ৰাখিছে তুমিতো নিশ্চয় লক্ষ্য কৰিছা পুত্ৰ!’

মই মাতৃৰ সৰল যুক্তিক আঘাত কৰিবলৈ ইচ্ছা কৰা নাছিলোঁ৷ সেয়েহে নৈতিকতাৰ প্ৰসঙ্গ উত্থাপন কৰিছিলোঁ৷ কিন্তু এইবাৰো মাতৃয়ে মোৰ নিজৰ কৰ্মৰ উদ্ধৃতি দাঙি ধৰি মোক মৌন হৈ ৰ’বলৈ বাধ্য কৰিলে৷

সেই সময়ত ময়ে সংকলন কৰা চতুৰ্বেদৰপৰা বিভিন্ন উদ্ধৃতি দাঙি ধৰিলে তেখেতে৷ আৰু মই আগ বাঢ়ি গ’লোঁ জম্বুদ্বীপৰ অন্যতম প্ৰতাপী ৰাজ্য হস্তিনাপুৰৰ ৰাজবংশ কৌৰৱৰ ধ্বংসৰ সোপানেৰে৷

সেই যাত্ৰা উধ্বৰ্মুখী নাছিল৷

আছিল অধোগামীহে৷


১০ ভীষ্ম৷

জগতৰ লোকচক্ষুত মই মহাবীৰ পৰম প্ৰাজ্ঞ ভীষ্ম৷ যি চৰম আত্মত্যাগেৰে এটা প্ৰায় অনন্ত, আপোন ইচ্ছাধীন জীৱন এনে কষ্ট ভুগিবলৈকে সাজু হৈছিলনে? কোনে বাৰু জানে মই শেষ নিশ্বাস ত্যাগ নকৰা পৰ্যন্ত আৰু কিমান কি সহ্য কৰিবলগীয়া আছে!

হস্তিনাপুৰৰ ৰাজ সিংহাসনৰ সুৰক্ষাকে সৰ্বাগ্ৰত ৰাখিলেও মই যেন মোৰ প্ৰতিজ্ঞা ৰক্ষাকহে সৰ্বাধিক গুৰুত্ব দিছিলোঁ৷ অন্যথা হস্তিনাপুৰৰ কুৰু ৰাজবংশৰ অন্তিম সময় উপস্থিত হোৱা বুলি জানিও মই জানো বিকল্প চিন্তা কৰিব নোৱাৰিলোহেঁতেন? জীৱনৰ অন্তিম ক্ষণতো জানো মই মোৰ প্ৰতিজ্ঞা ভংগ কৰিব নোৱাৰিলোহেঁতেন? সুযোধন আৰু যুধিষ্ঠিৰক আমন্ত্ৰণ কৰি আমি তেওঁলোকৰ মাজত জানো মিত্ৰতা প্ৰতিষ্ঠা কৰিব নোৱাৰিলোহেঁতেন?

মই যদি হস্তিনাপুৰৰ সিংহাসনত আৰোহণ কৰিলোহেঁতেন?

তেন্তে নিশ্চিতভাৱে এই ভয়ঙ্কৰ গৃহযুদ্ধৰ সূচনা নহ’লহেঁতেন৷

আৰু...

মই যদি যুদ্ধক্ষেত্ৰত একাদিক্ৰমে পঞ্চপাণ্ডৱক এজন এজনকৈ বধ কৰিলোহেঁতেন... তেনে কৰাটো মোৰ কাৰণে একেবাৰে সহজ কাম আছিল...

প্ৰকৃততে তেওঁলোকতো কোনো কাৰণতে মোৰ ৰক্ত-সম্পৰ্কৰ নাছিলেই৷ আছিল যদিও অবৈধভাৱেহে আছিল! কিন্তু যি অবৈধ সম্পৰ্কসূত্ৰত মই সন্দেহপৰায়ণ– কুন্তী আৰু মাদ্ৰীৰ সৈতে বিদূৰৰ গোপন যৌনিক সম্পৰ্ক, সি কিন্তু প্ৰমাণহীন৷

তেন্তে? মই বিভ্ৰান্ত৷ কি শক্তিয়েনো সুদীৰ্ঘদিন মোৰ মনটোক বিভ্ৰান্ত কৰি ৰাখিলে? সুযোধনৰ দৰে শিষ্ট, সদাচাৰী, উদাৰ আৰু অন্যায়ৰ বিৰুদ্ধে সৰ্বদা মুখৰ মোৰ প্ৰপৌত্ৰক কি কাৰণে মই দুৰ্যোধন বুলি মানি লৈছিলোঁ? সেই সুযোধনকে তেওঁ আহ্বান কৰা মহাযুদ্ধৰ প্ৰধান সেনাপতিৰ দায়িত্বত থাকি মই প্ৰতাৰণা কৰিলোঁ কিয়

আঃ! ভৱিষ্যতৰ মানুহেতো সুযোধনক দুৰ্যোধন বুলিয়ে বিশ্বাস কৰিব! কোনেনো চিন্তা কৰিব যে কোনো সুস্থ মনৰ পিতৃ-মাতৃয়ে নিজৰ সন্তানক শুভৰ পৰিৱৰ্তে অশুভসূচক শব্দৰে নামাকৰণ কৰিব নোৱাৰে! সম্ভৱতঃ কোনেও নকৰিব। একেদৰেই ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ নামবাচক শব্দদ্বয়োতো মানুহে ইঙ্গিতস্বৰূপেহে সৃষ্টি কৰা! কিন্তু এইবোৰ কথা নিশ্চয় প্ৰতিষ্ঠা কৰিবলৈ ভৱিষ্যতৰ পৃথিৱীখনত আৰু কোনো নথাকিবগৈ।

তদুপৰি কিয় মই মোৰ মৃত্যুৰ উপায় মই আশৈশৱ স্নেহেৰে সিক্ত কৰি ৰখা পাণ্ডুৰ জ্যেষ্ঠ পুত্ৰ যুধিষ্ঠিৰৰ সম্মুখত গোপনে ব্যক্ত কৰিছিলোঁ? ধৰ্মৰ প্ৰতিভূৰূপে কৌশলপূৰ্বক প্ৰতিষ্ঠিত সেইজন যুধিষ্ঠিৰৰ সম্মুখত যি নিকৃষ্ট পন্থা গ্ৰহণ কৰি নৃশংসভাৱে নিজৰ স্নেহাৰ্হ-শ্ৰদ্ধাৰ্হ পিতামহক প্ৰশ্ন কৰিব পাৰে– ‘পিতামহ, আপোনাক আমি কি উপায়েৰে বধ কৰিব পাৰিম?’

এইটো প্ৰশ্ন মোৰ সম্মুখত দুবাৰকৈ উত্থাপন কৰিছিল যুধিষ্ঠিৰে৷ কুৰুক্ষেত্ৰত যুদ্ধ আৰম্ভ হোৱাৰ প্ৰাক্ মুহূৰ্ততো যুধিষ্ঠিৰে মোৰ সম্মুখলৈ আহি নিম্নগ্ৰামত মোক প্ৰস্তাৱ দিছিলহি–

পিতামহ৷ অনুগ্ৰহ কৰি আমাৰ দলত যোগদান কৰক৷’

ইমান নিৰ্লজ্জ, ইমান কৰ্কশ, ইমান যান্ত্ৰিক, ইমান নিৰ্মম, ইমান নৃশংস!

অথচ সেই যুধিষ্ঠিৰকে মই ধৰ্মৰাজ বুলি, ধৰ্মৰ প্ৰতীতিসম্পন্ন ৰাজপুৰুষ বুলি স্বীকাৰ কৰিছিলোঁ কিয়? কিহে মোৰ বুদ্ধিভ্ৰম ঘটাইছিল?

যি অৰ্জুনক আশৈশৱ মই মোৰ কোলাত লৈ ডাঙৰ কৰিছিলোঁ, যি অৰ্জুনক জগতৰে সৰ্বশ্ৰেষ্ঠ ধনুৰ্বিদ হ’ব লাগিব বুলি বাৰম্বাৰ ঘোষণা কৰিছিলোঁ, যি অৰ্জুনক মোৰ প্ৰত্যাশা অনুসৰিয়ে সৰ্বশ্ৰেষ্ঠ সমৰশস্ত্ৰৱিদ দ্ৰোণই জগতৰে সৰ্বশ্ৰেষ্ঠ যোদ্ধা বুলি সামাজিকভাৱে ঘোষণা কৰিছিল সেই অজুৰ্নে মোক নিৰস্ত্ৰ অৱস্থাত এক প্ৰতীকী নপুংসক ব্যক্তিৰদ্বাৰা প্ৰায় অন্তৰীণ কৰি পৃষ্ঠভাগৰপৰা বাণাক্ৰান্ত কৰি পৰাস্ত কৰিলে কিয়?

যন্ত্ৰণাত কাতৰ হৈ শৰশয্যাত এই তুচ্চ জংগম শৰীৰ ত্যাগৰ বাসনাৰে ছটফটাই থাকিবলগীয়া অৱস্থাত আজিহে মোৰ উপলব্ধি হৈছে, মোৰ কাৰণে হস্তিনাপুৰৰ সুৰক্ষাতকৈ চিৰন্তন কাললৈ নিজে অমৰ হৈ ৰোৱাৰ, সৰ্বকালৰ সৰ্বজনৰে ধন্যবাদৰ পাত্ৰ হোৱাৰ, ব্যক্তিগতভাৱে চিৰন্তন খ্যাতি অৰ্জন কৰাৰ বাসনাহে আছিল অধিক গুৰুত্বপূৰ্ণ৷

মোৰ বাৰু ভুল ক’ত হ’ল?

গৃহকন্দলত লিপ্ত সকলোকে বঞ্চিত কৰি মই যদি হস্তিনাপুৰৰ সিংহাসনত আৰোহণ কৰিলোহেঁতেন! হয়তো হস্তিনাপুৰ ৰক্ষা পৰিলহেঁতেন৷ হস্তিনাপুৰৰ আয়ূঃকাল বৃদ্ধি হ’লহেঁতেন৷ একে সময়তে ভাৰতবৰ্ষৰ সমস্ত ৰাজকুলো সুৰক্ষিত হ’লহেঁতেন৷ সমগ্ৰ জম্বুদ্বীপ উপযুক্ত পুৰুষ-শূন্য হৈ নপৰিলহেঁতেন৷

এই মুহূৰ্ততহে মোৰ উপলব্ধি হৈছে, তেনে হোৱাহ’লেহে মোৰ প্ৰতিজ্ঞা প্ৰকৃততে সাৰ্থক হ’লহেঁতেন৷



১১ ব্যাস৷

অতীতৰ সন্তান মই৷ মোৰ বিচৰণক্ষেত্ৰও অতীতেই৷

মোৰ অতীত৷

সম্ভৱতঃ জম্বুদ্বীপৰো অতীত৷

অম্বিকা-অম্বালিকাৰ সন্তান সৃষ্টিৰ কাৰণে নিয়োগ কৰিবলৈ ৰাজমাতা সত্যৱতীয়ে তেওঁৰ প্ৰাকবৈৱাহিক পুত্ৰ ব্যাসক অৰ্থাৎ মোক মতাই আনিছিল৷

ৰাজকুমাৰী অম্বিকা-অম্বালিকাৰ কাৰণে বনবাসী ব্যাসৰ ৰুক্ষ ৰূপটো শ্ৰদ্ধা জনাবলগীয়া কিম্বা প্ৰীতিভাজন নাছিল, বৰং আছিল জন্মবৃত্তান্ত আৰু কুলকেন্দ্ৰিক ঘটনাপ্ৰৱাহ শ্ৰৱণৰ ফলত ঘৃণাৰেহে পৰিপূৰ্ণ৷ বিদূৰৰ মাতৃ শুদ্ৰীৰ সেই সমস্যা নাছিল৷ কাৰণ দাসী হোৱা বাবে বিভিন্ন ৰাজপুৰুষক শাৰীৰিক সঙ্গদান কৰাৰ অভিজ্ঞতাৰে পুষ্ট আছিল তেওঁ৷

তদুপৰি অসাহায়া গৃহবন্দী ৰাজমহিষীদ্বয়ে জন্ম দিবলগীয়া অথবা জন্ম দিব নোৱৰা সন্তানৰ ক্ষেত্ৰত, সেই সন্তান পুত্ৰই হ’ব নে পুত্ৰীয়ে হ’ব নজনাকৈ, জন্ম হ’বলগীয়া সন্তানদ্বয়ৰ তুলনাত তেওঁৰ সন্তান সকলো দিশৰপৰাই শ্ৰেষ্ঠ আৰু পাৰদৰ্শী হওক– এই কামনাৰে তেওঁ কায়মনোবাক্যে সেই যুগৰ অন্যতম শ্ৰেষ্ঠ বুলি চিহ্নিত পুৰুষ ব্যাসক সঙ্গদান কৰিছিল৷

হয়, মই স্পষ্টভাৱে স্মৰণ কৰিব পাৰিছোঁ, সেই দাসীয়ে অন্তঃকৰণেৰে মোৰ ওচৰত আত্মসমৰ্পণ কৰিছিল৷

পিতৃদেৱে শৈশৱতে শিক্ষা দিছিল যে মই সৰ্বদা মাতৃপৰায়ণ হ’ব লাগিব৷ গতিকে মাতৃ সত্যৱতীৰ প্ৰতি মই কায়মনোবাক্যে কৰ্তব্যনিষ্ঠ হ’ব খুজিছিলোঁ৷ মই আছিলোঁ সঙ্গমৰ প্ৰতি আগ্ৰহী নাৰীশৰীৰৰ প্ৰতি মাতৃবাক্যজনিত কাৰণত নীতিগতভাৱে অনুগত৷

তাত ক্ৰিয়াশীল হৈ আছিল মোৰ উচ্চ বংশকেন্দ্ৰিক ক্ষত্ৰিয় ৰাজতন্ত্ৰৰ প্ৰতি থকা দীৰ্ঘকালিন বিতৃষ্ণা আৰু ঘৃণা৷

প্ৰথম দুয়োগৰাকী মাতৃ হ’ব খোজা নাৰীৰে পুত্ৰ সন্তানপ্ৰাপ্তিৰ লিপ্সা আছিল অনিচ্ছুক, বিতৃষ্ণাজনিত কিম্বা আনৰ যোগেদি ঘৃণনীয়ভাৱে প্ৰণোদিত৷

... সম্প্ৰতি মই মোৰ সমগ্ৰ জীৱনৰ অভিজ্ঞতাসমূহ লক্ষ্য কৰি দেখিছোঁ যে মোৰ জীৱনটো ঘৃণাৰেই পৰিপূৰ্ণ৷ অথচ মই মোৰ সমগ্ৰ জ্ঞানবত্তাৰে চিৰন্তন মানৱৰ কল্যাণৰ বিষয়েই চিন্তা কৰি আহিছোঁ৷ মানৱাত্মাৰ জয়যাত্ৰা কেৱল প্ৰেমৰ জৰিয়তেহে সম্ভৱ বুলিও মই বাৰম্বাৰ ঘোষণা কৰি আহিছোঁ৷ অথচ নিজৰ প্ৰতিটো জীৱনৰ পদক্ষেপতে মই যে কিদৰে ঘৃণাৰ পৃষ্ঠপোষকতাকে কৰি আহি আছোঁ, এই কথা ভাবি মই আশ্চৰ্যবোধ কৰোঁ৷

কি শক্তিয়ে বাৰু মোৰ অজ্ঞাতেই প্ৰেমৰ পৰিৱৰ্তে কেৱল ঘৃণাৰ মাজলৈ আকৰ্ষিত কৰি লৈ যায় মোক? মোৰ সমস্ত কৃতকৰ্মলৈ লক্ষ্য কৰি মই দেখা পাইছোঁ, প্ৰতিটো আৰম্ভণিতে দেখোন কাৰ্যবোৰ প্ৰেমেৰে প্ৰণোদিত আছিল৷ অথচ সমাপ্তিৰ পৰ্যায়লৈ সেই সমস্তখিনি কেৱল ঘৃণাৰ স্তুপ হৈ পৰিলগৈ কিয়, কেনেকৈ?

মোৰ ভাগ্যলিপিয়েই নেকি এয়া?

মানৱৰে ভাগ্যলিপি নেকি এয়া?

চিৰন্তন মানৱৰে ভাগ্যলিপি নেকি এয়া?

প্ৰেমৰ পৰিৱৰ্তে ঘৃণা আৰু ফলস্বৰূপে হিংসা, নৃশংসতা; অমৃতৰ পৰিৱৰ্তে মৃত্যু, প্ৰজ্ঞালোকৰ পৰিৱৰ্তে অজ্ঞানতাৰ তমসা, সুখৰ পৰিৱৰ্তে দুখ... এইবোৰেই মানৱ জীৱনৰ শেষ সত্য নেকি? যদি এয়ে সত্য... যদি এয়ে সত্য, তেন্তে এই অৱস্থাৰপৰা নিস্কৃতিৰ উপায় কি?

নিজৰ ভাবনাই মোক নিজকে ভ্ৰূকূটি কৰিছে, বিদ্ৰুপ কৰিছে৷

মোৰ অন্তৰাত্মাই যেন মোকে সুধিছে, মই প্ৰকৃততে বিচাৰিছিলোঁ কি?

প্ৰকৃততে মোৰতো একো আকাংক্ষা নাছিল; মোক কেৱল কিছুমান ক্ষেত্ৰত কিছুমান কৰণীয় দেখুৱাই দিয়া হৈছিল আৰু কোৱা হৈছিল যে সেইখিনি কৰিব পাৰিলেই মই কৃতকাৰ্য হ’ম৷ মোক প্ৰকাৰান্তৰে কৃতকাৰ্যতাৰ সংজ্ঞা শিকোৱা হৈছিল আৰু সেইখিনি আহৰণ কৰাৰ পাঠ দিয়া হৈছিল৷

প্ৰাকৃতিকভাৱে মই নো প্ৰকৃততে কি বা কোন, মোৰ অস্তিত্বৰ প্ৰয়োজন বা বিশাল মহাপ্ৰকৃতিৰ মাজত আছেনে নাই, যদি আছে তাৰ স্বৰূপ কেনে– এনে ভিত্তিগত প্ৰশ্নৰ জন্ম হ’ব পৰা মন এটা মোৰ মাজত বিকশিত হ’বলৈ দিয়াই নহ’ল৷ মোৰ অনুভৱ, সকলো মানৱ শিশুৰ ক্ষেত্ৰতে এইটোৱেই ঘটি আহিছে৷ সম্ভৱতঃ ভৱিষ্যতৰো প্ৰতিজন মানুহেই এনেকৈয়ে জন্ম হ’ব, মৰিবও এনে ব্যৱস্থাৰ মাজেদিয়েই, অসহায়ভাৱেই৷

এনে সংঘটনৰ ফলস্বৰূপেই অঘোষিত যুদ্ধ একোখনৰ যোদ্ধাৰূপে নিজৰে বিৰুদ্ধে নিজকে প্ৰস্তুত কৰোঁতেই প্ৰতিজন মানুহৰ জীৱন শেষ হৈ পৰিছে৷ এনে স্ববিৰোধী যোদ্ধা মানুহেই সময়ে সময়ে আন যিকোনো মানুহকে প্ৰতিযোদ্ধাৰূপে লাভ কৰি আন একোখন যুদ্ধত শস্ত্ৰচালনা কৰে আৰু হত্যা কৰে মানুহকে৷

উঃ! কোন প্ৰাকৃতিক প্ৰাণীয়ে বাৰু স্বজাতিক এনেকৈ হত্যা কৰিব পাৰে?

মানুহৰ বাহিৰে কোনেও নোৱাৰে৷

কিন্তু ময়োতো মানুহ!

ময়োতো এক হত্যাকাৰী!

পৰিচিত-অপৰিচিত লক্ষ লক্ষ মানুহৰ শাৰীৰিক মৃত্যুৰ পটভূমি ৰচনাত নিজৰে অজ্ঞাতে মই জানো হত্যাকাৰীৰএ ভূমিকা পালন কৰা নাছিলোঁ?


১২ বিদুৰ৷

শিশু অৱস্থাত মোৰ শিক্ষাদানৰ ব্যৱস্থা কৰিছিল স্বয়ং ভাৰতশ্ৰেষ্ঠ মহৰ্ষি ব্যাসদেৱে৷ আমাৰ প্ৰপিতামহী শান্তনুসতী সত্যৱতীৰ বিশেষ আগ্ৰহত৷

কিন্তু ব্যাসদেৱৰ প্ৰৰোচনাতে আকস্মিকভাৱে এদিন আমাক প্ৰপিতামহী শান্তনুপত্নী সত্যৱতী হস্তিনাপুৰৰপৰা অন্তৰ্হিত হৈছিল৷

আৰু মোৰ মাতৃ শুদ্ৰীয়ে মোক ৰাজতন্ত্ৰৰ অত্যাচাৰী ৰূপটোৰ সৈতে পৰিচয় কৰাই দিছিল৷ মাতৃদেৱীয়ে মহৰ্ষিৰ ভৱিষদ্বাণী স্মৰণ কৰি মোক কৈছিল যে আসন্ন এক ঘোৰতৰ গৃহযুদ্ধত হস্তিনাপুৰ আক্ৰান্ত হব।

কিন্তু মই প্ৰাপ্তবয়স্ক হৈ উঠি শৈশৱ-কৈশোৰৰ ঘটনাপ্ৰৱাহ স্মৰণ কৰি উপলব্ধি কৰিব পাৰিছোঁ, মোৰ যোগেদি যেন কুৰুবংশৰ ধ্বংসক অগ্ৰসৰ কৰিবলৈ পিতামহী সত্যৱতীৰ আছিল এটা পৰিকল্পনা৷

দাসীপুত্ৰ হিচাপে ৰাজতন্ত্ৰত মোৰ ভূমিকা হ’ব লাগে এজন দাসৰ৷ কিন্তু জ্যেষ্ঠসকল সচেতন আছিল যে একে সময়তে মই নীতিগতভাৱে এক ৰাজপুত্ৰও৷ সেয়েহে মোৰ স্থান আছিল অপৰ দাসসকলতকৈ কিছু উচ্চ৷ 

মোৰ অৱস্থানক লৈ পিতামহী সত্যৱতীৰো দৃষ্টি আছিল প্ৰখৰ৷

কিন্তু মোৰ মাতৃ পৰিশ্ৰমি এগৰাকী দাসী হোৱা কাৰণেই তেওঁ সকলো ৰাজপুৰুষৰ কাৰণেই সুলভা আছিল৷ সেয়ে সম্ভৱতঃ তেওঁক সকলোৱে সুলভা বুলিছিল৷ অথবা গোষ্ঠীগতভাৱে তেওঁ শুদ্ৰ বাবে তেওঁক শূদ্ৰী বুলিছিল অনেকেই৷ আৰু সেই দাসী সুলভাক উপায়ান্তৰ ৰাজৰাণী আম্বালিকাই নিয়োগ কৰিছিল যৌনসম্ভোগৰ দৰে কাৰ্যত!

মহৰ্ষি ব্যাসদেৱৰ সৈতে৷

বিড়ম্বনাৰ বিষয় এয়ে যে সুলভা, পৰিশ্ৰমি অথবা শুদ্ৰী জন্মসূত্ৰে মোৰ জননীৰ প্ৰকৃত নাম নাছিলেই৷

মোৰ অসহায়া মাতৃৰ সৈতে মহৰ্ষিৰ যৌন সম্ভোগৰ ফলস্বৰূপে জন্মলাভ কৰা মই বিদূৰ, হস্তিনাপুৰৰ ৰজা হোৱাৰ সকলো গুণেৰে সমৃদ্ধ হৈও মহামন্ত্ৰী হৈ ৰৈ যোৱা এই দাসীপত্ৰ বিদূৰ বিতুষ্ট, আৰু সম্প্ৰতি ক্ষত-বিক্ষত৷ নিজৰ জৈৱিক অস্তিত্বক লৈয়ে মই সন্দিহান : প্ৰকৃততে মই কি বা কোন? ভাৰত ৰাজ্যৰ ৰাজধানী হস্তিনাপুৰত মোৰ অস্তিত্ব কিহত?

কিন্তু প্ৰকৃত ক্ষত্ৰিয় বুলি প্ৰচাৰ কৰা, ক্ষমতাশালী লোকসকলৰ অন্তঃসাৰশূন্যতাই মোক কিছু দূৰলৈ সাহসী কৰি তুলিছিল৷

আনহাতে মই সামান্য সময়ৰ বাবেও বিস্মৃত হ’ব নোৱাৰোঁ যে নীতিগত কাৰণতে মই এক ৰাজপুত্ৰ৷ হস্তিনাপুৰৰ সিংহাসনত আৰোহণৰ বাবে সৰ্বাধিক যোগ্যতা থকা সত্তেও কেৱল দাসীপুত্ৰ হোৱা বাবেই মই হৈ ৰ’লোঁ বঞ্চিত৷

অৱশ্যেই ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুতকৈ বয়সত মই প্ৰায় এবছৰে কনিষ্ঠ। কেৱল সেয়েই মই মন্ত্ৰীপদৰ কাৰণেহে যোগ্য হৈ পৰিলোনে? আন একো কাৰণ নাছিলনে?

বিদ্ৰোহ-বিক্ষোভৰ অন্তৰ্দাহ যিমানেই নহওক কিয়, সামাজিকভাৱে মই সৰ্বদা প্ৰশান্ত হৈ থাকিবলৈ প্ৰয়াস কৰিছিলোঁ আৰু নিৰন্তৰ অনুশীলনৰ ফলস্বৰূপে আহৰণ কৰিছিলোঁ সংযম আৰু সৌম্যতা প্ৰদৰ্শন কৰাত৷

সেয়ে ৰাজমহিষী কুন্তীয়ে মোক যেতিয়া গোপনে শতশৃঙ্গলৈ আৱাহন কৰিছিল তেতিয়া মই প্ৰথমে সন্দেহবশতঃ ব্যক্তিগতভাৱে মই মোৰ কৰণীয় সম্পৰ্কে, সৰ্বশ্ৰদ্ধাৰ্হ ঐতিহাসিক কুৰু ৰাজবংশৰ প্ৰতি সামান্য দাসীপুুত্ৰ ৰাজকুমাৰস্বৰূপে মোৰ কৰ্তব্য সম্পৰ্কে তথা সমগ্ৰ জম্বুদ্বীপৰ ভৱিষ্যত সম্পৰ্কে কৰ্মপন্থা স্থিৰ কৰিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল৷ কিন্তু মোৰ দাম্পত্য-জীৱনত যিসকল ক্ষত্ৰিয়ই অশেষ ক্ষত সৃষ্টি কৰিছে সেই গৌৰৱান্বিত অহংকাৰী ভাৰতশ্ৰেষ্ঠ ক্ষত্ৰিয় কুলৰে ৰমণী প্ৰাক্তন ৰাজেশ্বৰী কুন্তীক উপভোগ কৰিবলৈ মই পশ্চাদপসৰণ নকৰিলোঁ৷

প্ৰজাৱতী কুন্তীয়ে মোক ব্ৰাহ্মণ হিচাপেই আৱাহন কৰিছিল মিলনৰ উদ্দেশ্যে৷ প্ৰাকবিৱাহ কালতেই৷

কিন্তু কালক্ৰমত তেওঁ মোৰ ভাতৃবধূ হোৱাৰ পাছতো ভাতৃৰ ঔৰসত সন্তানোৎপাদনৰ প্ৰয়াস নকৰি মোক আৱাহন কৰাত মই আশ্চৰ্যবোধ কৰিছিলোঁ৷ কিন্তু কুন্তীয়ে স্বয়ং মোক অৱগত কৰিছিল যে ভ্ৰাতা পাণ্ডুৱে অজ্ঞাত কাৰণত স্ত্ৰীসংসৰ্গৰপৰা আঁতৰি থাকিবলৈ বাধ্য হৈ তেওঁক অপৰ পুৰুষৰ সন্তান জন্ম দিয়াৰ অনুমতি প্ৰদান কৰিছে৷

ঘটনাবোৰ মই তেতিয়াও বুজিবলৈ সক্ষম হোৱা নাছিলোঁ৷ ভ্ৰাতা পাণ্ডুৰ পুৰুষত্ব সম্পৰ্কে মোৰ মনত এক প্ৰকাৰ সন্দেহৰ সৃষ্টি হৈছিল৷ পাণ্ডুৱে কুন্তীক জনোৱামতে ঋষি কদমে এদিন এক মৃগীৰ সৈতে সম্ভোগলিপ্ত হৈ থকা অৱস্থাত পাণ্ডুৱে অনাহুতভাৱে সেই স্থানত উপস্থিত হৈ ঋষিক বিৰক্ত কৰি তুলিছিল৷ সেই কাৰণে ঋষি কদমে পাণ্ডুক নাৰী-সংসৰ্গত লিপ্ত হ’লেই মৃত্যুবৰণ কৰিবলৈ অভিশাপ দিছিল৷ সেই কাৰণতেই হেনো পাণ্ডুৱে আনকি দুগৰাকীকৈ সুন্দৰী পত্নীৰ সৈতেও সম্ভোগ বাঞ্ছা কৰা নাছিল!

হাঁহি উঠিছিল মোৰ৷ কাৰণ তেনে বৃত্তান্ত মোৰ কাৰণে বিশ্বাসযোগ্য নাছিল৷

কাৰণ মই একাধিক ঋষিৰ বৃত্তান্ত জানো যিসকলে লোকচক্ষুৰ সম্মুখতে স্ত্ৰীসংসৰ্গত লিপ্ত হ’বলৈ কদাপি কুণ্ঠিত হোৱা নাছিল৷

পাণ্ডুবিবৃত সেই আখ্যান মই অন্তৰেৰে বিশ্বাস কৰিব নোৱাৰিলোঁ৷ কাৰণ, ভ্ৰাতা পাণ্ডুৱে শৈশৱৰেপৰাই শাৰীৰিকভাৱে অনেক প্ৰত্যাহ্বানৰ মাজেদি জীৱন ধাৰণ কৰিবলগীয়াত পৰা মই স্বচক্ষে প্ৰত্যক্ষ কৰিছোঁ৷ 

অৰ্থা, ভ্ৰাতা পাণ্ডু সন্তানোৎপাদনাৰ্থে সামথ্যৰ্বান নহয় নেকি? নিজৰ প্ৰতি উত্থাপন কৰা এনে এটা প্ৰশ্নৰ সম্ভাব্য উত্তৰে মোক কঁপাই তুলিলে অভ্যন্তৰলৈকে৷

ইয়াৰ মানে কি? কুৰুবংশৰ পুৰুষগণে পুৰুষাণুক্ৰমে কিবা অজ্ঞাত অভিশাপ বহন কৰি ফুৰিছে নেকি?

ধৃতৰাষ্ট্ৰ, পাণ্ডু আৰু মোৰ নিজৰ জন্মৰ বৃত্তান্তৰ সৈতে সাম্প্ৰতিক পৰিস্থিতিৰ তুলনা কৰি চালোঁ মই। আৰু মহাৰাজ বিচিত্ৰবীৰ্যৰ প্ৰসঙ্গ... মহৰ্ষি ব্যাসৰ প্ৰসঙ্গ... অনেক প্ৰসঙ্গ। সকলো প্ৰসঙ্গ গৈ গৈ অৱশেষত যৌনজীৱনতে শেষ হয়গৈ ...

 

ইতিমধ্যে কুন্তীয়ে অনেক প্ৰৱন্ধ কৰি মোক মানসিকভাৱে প্ৰস্তুত কৰি তুলিছিল তেওঁৰ সৈতে সংসৰ্গত অংশ গ্ৰহণ কৰিবৰ বাবে৷

মই হেনো ঋষি ব্যাসৰ পুত্ৰ; সেয়ে মই ব্ৰাহ্মণ!

মই ব্ৰাহ্মণ; সেয়ে মই দেৱতা!!

মই হেনো ধৰ্মৰ প্ৰসঙ্গত সৰ্বদা উচিত চিন্তা কৰোঁ; সেয়ে মই ধৰ্ম!!!

আৰু দেশ-কাল-পৰম্পৰা অনুসাৰেই সময়বোৰ অতিক্ৰান্ত হ’ল৷ জন্ম হ’ল যুধিষ্ঠিৰৰ৷ জ্যেষ্ঠপুত্ৰৰ জন্মৰ বাৰ্তা লাভ কৰি ভ্ৰাতা পাণ্ডুৰ পাণ্ডুবৰ্ণৰ মুখমণ্ডল সমূলঞ্চে অমাৱস্যাৰ গগনৰ দৰে হৈ উঠিছিল৷ তাত বিৰাজ কৰিছিল তাৰকামণ্ডলৰ দৰে বিন্দু বিন্দু স্বেদ৷

আৰু লাহে লাহে মই কুন্তীৰ সকলো ইতিবৃত্ত সম্পৰ্কেও অৱগত হ’লোঁ৷

যদিও কুন্তীয়ে মোক দুৰ্বাসাৰ বৰদানৰ শক্তি প্ৰমাণ কৰাৰ ইচ্ছাৰেহে সূৰ্যদেৱতাৰ অনুগ্ৰহত প্ৰথম সন্তানটিক জন্ম দিয়া বুলি জনাইছিল, তথাপি মোৰ মনত কুন্তীৰ সেই প্ৰাক্‌-বৈৱাহিক সন্তানটিৰ প্ৰতি আছিল অকাৰণ বৈষম্য৷ সম্ভৱতঃ সেই বৈষম্যৰ অন্তৰালত মোৰ নিজৰে জন্মৰ ইতিবৃত্তৰ সৈতে জড়িত পৰস্পৰবিৰোধী মানসিকতাৰ ক্ৰিয়া বিদ্যমান আছিল৷

মোৰ চৰ-অনুচৰৰ অনুসন্ধান আৰু বিগত কিছুকালৰ ইতিহাস স্মৰণ কৰি মই আৱিষ্কাৰ কৰিলোঁ যে অধিৰথ আৰু ৰাধাৰ পুত্ৰ কৰ্ণই কুন্তীৰ প্ৰথম পুত্ৰ৷ মহামুনি দুৰ্বাসাৰ অগ্নিসম ব্যক্তিত্বৰ প্ৰভাৰেইতো জাজ্বল্যমাণ সুতপুত্ৰ কৰ্ণ!

... আৰু লোকসমাজত প্ৰচাৰ হল যে কুন্তীয়ে বায়ুদেৱতাক স্মৰণ কৰি জন্ম দিলে ভীমক আৰু ইন্দ্ৰদেৱক মনতে ধাৰণ কৰি জন্ম দিলে অৰ্জুনক৷ কিন্তু ভীমসেনক লৈ মই অদ্যাপি সন্দিহান৷ ভীমসেনৰ জন্মৰ ক্ষেতত যেন কুন্তীদেৱীয়ে মোকো ছলনাহে কৰিলে! কাৰণ ভীমৰ সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্য কোনোটোৱেই মোৰ লগত সামান্যও নিমিলে৷

অতীতলৈ ঘূৰি চাই আজিও মোৰ হাঁহি উঠে যে অদৃশ্য কোনোবা দেৱতাক স্মৰণ কৰি কুন্তীয়ে বাৰম্বাৰ মোৰ পৌৰুষ সত্ত্বা শৰীৰত ধাৰণ কৰিছিল! 


(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ