অজিত ছিংনাৰ
এঘাৰ
সাতোৰজা,
পাচোঁৰজা
আৰু ৰজাবোৰৰ বিষয়াসকলৰ সভা টোপাকুছিত হৈ গ’ল৷ সভা এখনেই নহয়, দুখন
বহিছিল৷ সভাত যোগ দিছিল ৰহীয়াল বৰুৱা আৰু
জাগীয়লীয়া গোহাঁয়েও৷ চহৰী, গোভা আৰু উত্তৰখোলাৰ ৰজাই এই সভালৈ
আহিব পৰা নাছিল, কিন্তু কটকী পঠিয়াইছিল৷ সভাত যোগ দিছিল বিভিন্ন ৰজাৰ অধীনত থকা
গাঁওবোৰৰ মেনাবোৰেও৷ কোনো ৰজাৰ অধীনত নথকা কামপুৰ, যমুনামুখ আদি
অঞ্চলৰ গাঁওবোৰলৈ গৈ মেনাবোৰক তেমেকাহঁতে সভালৈ মাতি আনিছিল৷ তিনিদিন ধৰি চলা
প্ৰথম সভাখনত প্ৰথমে যুদ্ধ নকৰি চৰকাৰক কৰ কমাবলৈ অনুৰোধ কৰাৰ সিদ্ধান্ত কৰা হ’ল৷
তাৰ বাবে দৰকাৰ হ’লে ৰাইজ মেল পাতি প্ৰতিবাদ কৰিব৷ যদিহে চৰকাৰ মান্তি নহয় তেন্তে
যুদ্ধ কৰিব, অৰ্থাৎ এখন ধেৱা পাতিব৷ তিৱা ভাষাত ধেৱা মানে
যুদ্ধ৷ এই সভাতে সকলো ৰজাই ধেৱাখনত জিকিবৰ বাবে হোম সবাহ পাতিবলৈ সিদ্ধান্ত লৈছিল৷
দ্বিতীয় সভাখনত লক্ষণসিং ডেকাক সেনাপতি পাতি ধেৱাৰ সামৰিক দিশৰ দায়িত্ব দিয়া হ’ল৷
তেওঁ টোপাকুছি ৰজাৰো সেনাপতি৷ তেওঁৰ মতেই সহযোগীসকলক বাছনি কৰি ল’বলৈ সভাই অনুমতি
দিছে৷ আৰু টোপাকুছিৰ ৰজাই সকলোতে চকু দিয়াৰ দায়িত্ব লৈছে৷ আনফালে খাইগড়ৰ ৰজা শুভ
সিঙক সৈনিকবোৰৰ খোৰাকি যোগান দিয়াৰ দায়িত্ব দিয়া হৈছে৷
এতিয়া বাৰিষা
সোমাল৷ মানুহবোৰে খেতিত নালাগিলে নহয়৷ কিন্তু লক্ষণসিঙে ধেৱাৰ কাম পেলাই থ’ব খোজা
নাই৷ সেয়ে তেওঁৰ নিৰ্দেশ অনুসৰি খেতিৰ কামৰ লগতে ডেকাবোৰে যুদ্ধৰ আখৰাও কৰি
থাকিবলগা হৈছে৷ সেনাপতিয়ে কিছুমান ডেকাক যুদ্ধৰ প্ৰশিক্ষণ দি গাঁৱে গাঁৱে
পঠিয়াইছে৷ বয়সিয়ালসকলো বহি থকা নাই৷ মাজে মাজে কেইবাখনো গাঁৱৰ বয়সিয়াল মানুহ লগ হৈ
বিষয়বোৰ আলোচনা কৰি কেনেকৈ আগ বাঢ়িব তাৰে চিন্তা কৰিছে৷ কিন্তু বাৰিষা খেতিৰ কামৰ
বাবে সকলোবোৰ মানুহে লগ হৈ একো কৰিব পৰা নাই৷ বাৰিষা পাৰ হ’লে, খেতিৰ
কামো শেষ হ’ব৷ তাৰ পাছতহে ৰাইজে ভালদৰে ধেৱাৰ কামত ধৰিব পাৰিব৷
তেমেকা
লক্ষণসিঙৰ নিৰ্দেশ অনুসৰি ভিভিৰাম কমাৰৰ ওচৰলৈ যাবলৈ ধৰিলে অস্ত্ৰ-শস্ত্ৰৰ খবৰ
কৰিবলৈ৷ ভিভিৰামে বুঢ়া মোলানকটাৰ পৰা অলপ আঁতৰত জংঘলৰ মাজত কমাৰশাল পাতি লৈছে৷
তেমেকা আজি অকলশৰীয়া৷ কেৰ্পাই তাৰ লগত নাই৷ লক্ষণসিঙৰ নিৰ্দেশক্ৰমে কেৰ্পাই
কামপুৰ-যমুনামুখৰ ফালে গৈছে প্ৰশিক্ষণপ্ৰাপ্ত সৈনিক চাৰিজনক লৈ৷ সৈনিককেইজনে
সিফালৰ ডেকাল’ৰা কিছুমানক যুদ্ধৰ প্ৰশিক্ষণ দিব৷ তেনেদৰে বাৰিকা বুদ্ধেশ্বৰ,
কাতিৰাম,
দিনেশ্বৰ
গৈছে দন্দুৱা, ঘগুৱা, মায়ং আদি ঠাইলৈ৷ সিহঁতৰ লগতো গৈছে
কেইবাজনো সৈনিক৷ সৈনিকবোৰৰ লগত ঢাল-তৰোৱাল আছে৷ সেইবাবে সিহঁতক জংঘলৰ মাজেৰে
নিয়াটোহে নিৰাপদ৷ জংঘলৰ বাটবোৰ বাৰিকাবোৰেহে চিনি পায় বাবে সৈনিকবোৰক গন্তব্য
স্থানলৈ নিয়াটো বাৰিকাবোৰৰহে দায়িত্ব৷
তেমেকা ভিভিৰাম
কমাৰৰ ভাটিত উপস্থিত হ’ল৷ ইয়াত অকল ভিভিৰামে কাম কৰি থকা নাই৷ তেওঁৰ তত্ত্বাৱধানত
চোৱাবৰকে ধৰি দহজন মানুহে কাম কৰি আছে যুদ্ধৰ গতিৰে৷ এডাল ডাঙৰ আঁহতগছৰ তলতে
ভিভিৰামৰ কমাৰশালবোৰ গঢ়ি তোলা হৈছে৷ প্ৰতিখন শালতে অহৰহ কাম চলি আছে৷
তেমেকা আগতেও
দুবাৰ ইয়ালৈ আহিছিল লক্ষণসিঙৰ নিৰ্দেশত৷ সেয়ে ভিভিৰামে তাক চিনি পায়৷ কাষ আিহ
পোৱাৰ লগে লগে ভিভিৰামে তাক সুধিলে– “হেনাপতিয়ে কিবা খব’ পঠিয়াইছে নাকি?”
“খব’ মানে খব’
কঈবাহে পঠিয়াইছে৷ কিমান ঢাল-তউৱাল হাজা হৈছে তা’ খব’ কঈবাহে দিছে৷ হৈনিকবোঅ জোখাএ
ঢাল-তউৱাল আৰু কাফাই হোৱাগৈ নাই৷”
“হ’ব হ’ব৷
হ’বগৈ৷ মাত্ৰ লোহাবো’ ঠিকমতে আহি পালেই হৈ যাব৷ আমি কাম আগ বহাই নি আছং৷”
তৰোৱাল সাজিবলৈ
লোহাৰ প্ৰয়োজন৷ প্ৰয়োজন অনুসৰি লোহা সংগ্ৰহ কৰি দিব পৰা নাই বাবে ভিভিৰামে মাজে মাজে
কাম বন্ধ কৰিবলগীয়া হৈছে৷ লোহা সংগ্ৰহ কৰিবৰ বাবে কিছুমান মানুহক দায়িত্ব দি থোৱা
আছে৷ ঠায়ে ঠায়ে কিছুমান দা-কটাৰী-কোৰ আদি সজা কমাৰ আছে৷ তেওঁলোকে কিছুমান ঠাইৰ পৰা
লোহা আমদানি কৰে৷ লোহা গোটাবলৈ নিয়োগ কৰা মানুহবোৰে এনে কমাৰৰ সহায়ত লোহা গোটাইছে৷
তদুপৰি পুৰণি দা, কটাৰী, কোৰ, নাঙলৰ ফাল আদিকো
মানুহবোৰে গোটাই আনি ভিভিৰামক দিছেহি৷ পুৰণি বস্তুবোৰকো গলাই পিটি ভিভিৰামে যাঠি,
চুৰি
আদি সাজিছে৷ তেমেকাই তেওঁক সুধিলে– ‘‘কাকা! এতিয়া কেইখন ঢাল-তউৱাল নিবা পাআ
যাব?’’
“এতিয়া পাঁচখন
তউৱাল আৰু পাঁচখন ঢাল নিবা পাঈবি৷ আউ আঠখন তউৱাল’ কাম আধা হৈ আছে৷ কাইলৈ লৈ যাবা
পাঈবি৷”
“আজি নহ’লে মই
পাঁচখন তউৱাল আউ ঢাল পাঁচখন লৈ হেনাপতিক দিমগৈ৷”
“হ’ব, লৈ
যাবি৷ তই অলপ হময় অ৷”
তেমেকা গছৰ
মূঢ়া এটাতে বহিল৷ ভিভিৰামে কমাৰশালৰ জুইত দিয়া লোহা উলিয়াই হাতুৰীৰে কোবাবলৈ ধৰিলে৷
তেওঁ মাজে মাজে লোহা টুকুৰা লুটিয়াই-বগৰাই চাই প্ৰয়োজন মতে পুনৰ কোবালে৷ তেমেকাই তাৰ
কামকে চাই থাকিল৷
চাৰিজন ডেকা আহি তাত
উপস্থিত হ’লহি৷ সিহঁতে দুটা বস্তাত কিবা বস্তু লৈ আনিছে৷ ডেকাকেইজন তেমেকাৰ চিনাকি৷
ভিভিৰামে সিহঁতক সুধিলে– ‘‘লোহা পাইছ না?”
“পাইছং অলপ৷”–
ডিম্ব নামৰ ডেকাজনে মাত দিলে৷
“কমাবোঅ’ পআ
আনিছ না?”
“অ কাকা,
হিন্ত’
পআই আনিছং৷”
“তেতিয়া হ’লে
লোহাবো’ ভালেই হ’ব৷ চাং লোহাবো’৷”
ডেকা চাৰিজনে
বস্তাত থকা লোহাবোৰ মাটিত বাকি দিলে৷ তেমেকাই চাই দেখিলে একোখন তৰোৱালৰ জোখত কটা
ডাঙৰ ডাঙৰ ৰ’ড কিছুমান৷ ৰ’ডবোৰ দেখি হাঁহি এটা মাৰি ভিভিৰামে মাত দিলে– ‘এনেকুৱা
অ’ড পালে ভাল৷ কষ্ট কম হয়৷ তউৱাল হাজা কামো হংকালে হয়৷ পুঅণি দা-কটাঈবো জোআ দি
তউৱাল হাজাটো ব আহুকাল৷ কষ্ট হয়৷ ভালো নহয়৷ পাঈলে তন্তে এনেকুৱা অ’ডেই আনিবি৷
তেতিয়া আমা’ কাম হহজ হ’ব৷ তউৱালো কম দিন’ ভিতঅতে বহুত হাজিবা পাঈম৷”
“অ এনেকুৱা
অ’ডেই আনিম৷ কমাবোঅক এনেকুৱা অ’ডকে গোটাবলৈ কৈ আহিছং৷”
“ভাল কথা৷
এনেকুৱা অ’ডেই আিনবি৷”
আহাৰ মাহ৷
বেলিটো ৰাতিপুৱাৰে পৰা উজ্জ্বল পোহৰ বিলাই আছে৷ বট গছডালত পাতবোৰে সূৰ্যৰ পোহৰ তলত
পৰিবলৈ দিয়া নাই৷ চাৰিখন কমাৰশালত অহৰহ জুই জ্বলি আছে৷ কমাৰশালকেইখনৰ ওপৰত একোখনকৈ
চালি দিয়া হৈছে বৰষুণৰ পৰা ৰক্ষা পৰিবলৈ৷ আহাৰ মাহৰ গৰম আৰু জুইৰ উত্তাপত ভিভিৰামৰ
আটিল উদং গাত উঠিছে ঘামৰ চিকমিকনি৷ জুইৰ ধোঁৱায়ো তেওঁক বৰ আমনি কৰিছে৷ তেওঁ
কান্ধত লোৱা গামোচাখনৰে বাৰে বাৰে মুখখন মচিছে৷ আনবোৰ কমাৰৰো অৱস্থা একেই৷ বগা বঙালৰ
অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ হ’লে এই গৰম তেওঁলোকে সহ্য কৰিবই লাগিব৷ কথাটো হৃদয়েৰে
অনুভৱ কৰিছে বাবে তেওঁলোকে একেৰাহে কাম কৰি গৈছে, গৰমলৈ তেওঁলোকৰ
ভ্ৰূক্ষেপ নাই৷ ভিভিৰামে শালৰ পৰা এডাল লোৰ ৰ’ড উলিয়াই হাতুৰীৰে কোবাবলৈ ধৰিলে৷ আন
কমাৰবোৰৰো হাতুৰী চলিছে৷ হাতুৰীৰ শব্দত চাৰিওফাল মুখৰিত হৈ পৰিছে৷ তেমেকাই
ভিভিৰামৰ কামবোৰকে একেথৰে চাই ৰ’ল৷
তেমেকাৰো গৰম লাগিছে৷ এনে গৰম তাৰ চিনাকি৷ গৰমক নেওচি সি চাৰিওফালে ঘূৰি ফুৰে– আজি যদি সি ধৰমতুলত কাইলৈ মাজবড়িত তাৰ পাছদিনা কামপুৰত৷ ৰ’দ-বৰষুণক, গৰম-ঠাণ্ডাক নেওচি ঘূৰি ফুৰাই তাৰ কাম৷ এতিয়াও সি ঢাল-তৰোৱাল লৈ কটহগুৰিলৈ যাব লাগিব৷ সি ভিভিৰামক ক’লে– ‘‘কাকা, ঢাল-তউৱালখিনি দিলে এই তেমেকা যাবা পাএ৷”
“অ কামত লাগি
থাকংতে ত’ কথা পাহঈএ গৈছিলং৷ ঐ ঢেপেলা! ঢাল-তউৱালখিনি লুকুৱাই থোৱা ঠাঈ পআ উলিয়াই
আনচোন৷”– ভিভিৰামে ঢেপেলা নামৰ ডেকাটোক পাচিলে৷
ঢেপেলাই লুকুৱাই
থোৱা ঠাইৰ পৰা ঢাল-তৰোৱালখিনি উলিয়াই আনি ভিভিৰামৰ সমুখত থ’লে৷ ভিভিৰামে তেমেকাক
ক’লে– ‘‘এইকেইখন এতিয়া লৈ যা৷ হেনাপতিক ক’বি লোহা আহি পাইছে৷ দুদিনমান পাছত আউ¸
তউৱাল
দিবা পাআ যাব৷ লোহা ঢাল আউ নাহাজং৷ লোহা পাবলৈ টান৷ গতিকে গঅ’ ছাল বিচাঈ ঢাল
হাজাহে ভাল হ’ব৷ ফুলগুঈ কোনোবা এজনে গঅ’
ছালেএ ঢাল হাজিছে বুলি হুনিছং৷ গ’ মাঈ হ’লেও ছাল আনিবা লাগিব৷”
“ঠিকে কৈছে৷ অজা আউ হেনাপতিয়ে ইয়া’ বাবে ব্যৱস্থা লৈছে৷ গ’ মাঈবলৈ চিকাঈ লগাইছে৷ গ’ মাঈবা পাঈলে ঢালবো’ গ’অ ছালেএ হাজিবা পাআ যাব৷”
“অ
অজা-হেনাপতিয়ে ঠিক কঈছে৷”
“মায়ং ফালে গ’
বেচি আছে৷ আমা’ টোপাকুছি দেওঅজাই হিফালেই বেচিকে চিকাঈ পঠাইছে৷ মায়ঙ’ অজালৈকো খব’
পঠাইছে গ’ মাঈ ছাল পঠাবলৈ৷”
“ব’ ভাল কাম কঈছে৷ আমি আউ ঢাল নাহাজং৷ জানা মানুহবোএ গ’অ ছাল’ পআ ঢাল হাজক৷”
তেমেকা বহাৰ পৰা
উঠিল৷ সি ঢাল-তৰোৱাল সুমুৱাই ৰখা বস্তাটো কান্ধত তুলি লৈ ভিভিৰামৰ পৰা বিদায় ল’লে
আৰু কটহগুৰিলৈ বুলি খোজ পেলালে৷
ভিভিৰামৰ কমাৰশালৰ পৰা কটহগুৰিলৈ গ’লে মাজতে পাৰ হ’ব লাগে নগাঁৱলৈ যোৱা ৰাস্তাটো৷ ৰাস্তাটোৰে মাজে মাজে গৰুগাড়ী-ম’হগাড়ী আহে৷ ঘোঁৰাত উঠি কোনো পুলিচ আৰু কোনো কোনো বিষয়াও আহে৷ ৰাস্তাটো পাৰ হওঁতে তেমেকা সদায় সাৱধান হয়৷ তাতে আজি তাৰ লগত আছে ঢাল-তৰোৱাল৷ ৰাস্তাটো পোৱাৰ লগে লগে সি ৰৈ কাণ উণালে কোনো গাড়ীৰ শব্দ নতুবা ঘোঁৰাৰ পদশব্দ শুনে নেকি বুলি৷ ৰাস্তাটো নিজম পৰি আছে৷ কোনো শব্দ নুশুনি সি ৰাস্তাটো পাৰ হ’ল আৰু কটহগুৰিলৈ বুলি গৈ থাকিল৷
তেমেকা কটহগুৰি
পাই চিধাই উঠিলগৈ লক্ষণসিঙৰ ঘৰত৷ লক্ষণসিঙৰ ঘৰৰ পিছফালে থকা বাৰীখনত এইকেইদিন ডেকা
কিছুমানক তৰোৱাল চলোৱাৰ প্ৰশিক্ষণ দি থকা হৈছে৷ বাৰপূজীয়া, টোপাকুছি,
কুঁহিগুৰি,
ফুলগুৰি,
সৰাগাঁও,
দীঘলী
আটী আদি গাঁৱৰ ডেকাক ইয়াতে প্ৰশিক্ষণ দি বিভিন্ন ঠাইলৈ পঠিয়াই থকা হৈছে৷ ইয়াত
প্ৰশিক্ষণপ্ৰাপ্ত ডেকাই আন গাঁৱৰ ডেকাবোৰক প্ৰশিক্ষণ দি আছেগৈ৷ লক্ষণসিঙে আজি
কাৱৈমাৰিলৈ দুজন আৰু বতাবাৰীলৈ দুজন প্ৰশিক্ষণপ্ৰাপ্ত ডেকাক পঠিয়াব৷ এইকেইজন ডেকাক
তেমেকাই বাট দেখুৱাই লৈ যাব লাগিব৷ তেমেকাই ঢাল-তৰোৱালৰ বস্তাটো বাৰাণ্ডাতে থৈ
লক্ষণসিঙৰ ঘৰত বন্ধা হিচাপে থকা মনবৰক মাতিলে– “মনব’, অ মনব’!”
তেমেকাৰ মাত
শুনি মনবৰ বাৰীৰ ফালৰ পৰা আহি তাৰ কাষত হাজিৰ হ’ল৷ তেমেকাই তাক সুধিলে– ‘‘হেনাপতি
ডাঙঈয়া নাই নাকি?”
“আছে৷ বাঈ
ভিতঅতে ডেকাবোঅ’ লগত আছে৷ আহ তালৈকে৷”
“ব’ল৷”
তেমেকাই
ঢাল-তৰোৱালৰ বস্তাটো কান্ধত লৈ মনবৰৰ পিছে পিছে গৈ লক্ষণসিঙৰ কাষত হাজিৰ হ’ল৷
বাৰীৰ ভিতৰত দহজন ডেকাই অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ লৈ আছে৷ তেমেকাক দেখাৰ লগে লগে
লক্ষণসিং তাৰ কাষ চাপি আহিল৷ তেওঁ সুধিলে– “কেইখন তৰোৱাল পালা? আৰু ঢাল?”
“তউৱাল পাঁচখন
আউ ঢালো পাঁচখন৷ ভিভিআম কাকাই কৈছে লোহা ঢাল আউ নাহাজে৷”
“ঠিকে আছে৷ লোহা
ঢালৰ বৰ শব্দ হয়৷ গঁড় মাৰি ছালেৰে ঢাল সাজিবলৈ দিয়া হৈছে৷ তুমি ইয়াৰ পৰা চাৰিজন
সৈনিক লৈ যাবা৷ দুজন বতাবাৰী গাঁৱৰ বাবে আৰু দুজন তোমালোকৰ গাঁৱৰ বাবে৷ আজিয়েই লৈ
যাবা৷”
“হ’ব হেনাপতি৷”
লক্ষণসিঙে
পশ্চিম আকাশৰ দুৱাৰডলিত ভৰি থোৱা বেলিটোলৈ চাই পুনৰ ক’লে– “যোৱাঁ তোমালোকে ভাত খাই
লোৱাঁগৈ৷ তোমালোকৰ যাবৰ সময় হৈছেই৷”
তেমেকা চাৰিজন
সৈনিকৰ লগত পাকঘৰলৈ আহিল৷ সিহঁতে মনবৰক ভাত দিবলৈ ক’লে৷
ভাত খাই উঠি
তেমেকাই লক্ষণসিঙৰ পৰা বিদায় লৈ বতাবাৰী গাঁৱলৈ খোজ ধৰিলে৷ তাৰ লগত চাৰিজন সৈনিক৷
সৈনিককেইজনৰ হাতত আাছে ঢাল-তৰোৱাল৷
সাধাৰণতে
বতাবাৰীলৈ যোৱা বাটেৰে নগৈ আন এটা বাটেৰে তেমেকাই খোজ পেলালে৷ এই বাটটো বেছি লুংলুঙীয়া৷ এই বাটেৰে আন কোনো মানুহ নাহে৷ তেমেকা আৰু তেমেকাৰ নিচিনা বাৰিকাবোৰেহে
আহে৷ অহা-যোৱা খুব কম হোৱা বাবে মাটিত মানুহৰ খোজৰ চিন নায়েই বুলিব পাৰি৷ সেইবাবে
এইটোক বাট বুলি কোনেও ধৰিব নোৱাৰে৷
তেমেকাহঁত গৈ
থাকিল৷
এঠাইত হঠাতে
এজাক হাতীৰ লগত সিহঁত মুখামুখী হ’ল৷ হাতীৰ জাকটো সিহঁতৰ বাটটো পাৰ হৈ উত্তৰ দিশত
থকা আটীটোৰ ফালে গৈছে৷ সিহঁতে নিশ্চয় আটীটোত থকা ঘাঁহ-বন, গছৰ ডাল-পাত খাই
কেইদিনমান থাকিব৷ হাতীবোৰ এইটো অঞ্চলত এনেদৰেই ঘূৰি ফুৰে৷
এটা সময়ত
হাতীবোৰ তেমেকাহঁতৰ বাটটো পাৰ হৈ গুচি গ’ল৷ তেমেকাহঁতে যাবলৈ ভৰি লৰাওঁতেই সিহঁতৰ
ওচৰত ওলাল এটা দঁতাল হাতী৷ তেমেকাহঁত গছ বগুৱাত পাকৈত৷ হাবি-জংঘলত ঘূৰি ফুৰিব লাগে
বাবে সিহঁতে গছত উঠা অভ্যাস এটা গঢ়িয়েই লৈছেþ৷ সিহঁত জোৰেৰে
দৌৰ মাৰি গৈ এডাল ডাঙৰ গছত উঠিল৷ হাতীটো খেদা মাৰি আহি সিহঁত উঠা গছডালৰ তল পালে৷
তেমেকাহঁতে গছৰ ওপৰৰ পৰা হাতীটোক চাই থাকিল৷ হাতীটোৱে গছৰ তলত তেমেকাহঁতক নাপাই
কিছু সময় ৰৈ লাহেকৈ জংঘলৰ মাজলৈ গুচি গ’ল৷ তেমেকাই মাত দিলে– ‘‘এইটো জাক’ পআ খেদা
খোৱা অকলহঈয়া হাতী৷ ই চাগে’ হাতী জাকটো’ মুখিয়াল হ’বা খুজিছিল৷ তা’ বাবে ই এতিয়া
থাকা মুখীয়াল হাতীটো লগত যুঁজিছিল৷ কিন্তু তাক বলে নোৱাঈলে৷ হেইবাবে মুখিয়াল
হাতীটোৱে ইয়াক জাক’ পআ খেদি দিছে৷”
“এনেকুৱা হাতী
ব’ আপদীআ৷’’– দেৱেশ্বৰ নামৰ সৈনিকজনে মাত দিলে৷ “হাতীটোক দেখিয়েই ধঈবা পাঈছিলং
ই কেনেকুৱা ধঅণ’৷ যুঁজত হাঈ এনেকুৱা হাতী ব’ খঙাল হৈ থাকে৷ কাউবাক কাখত পালে আক’মণ
কএ৷ এনেকুৱা হাতীয়ে মানুহ মাএ৷ হন্মুখত পালে গউ-ছাগলীকো মাএ৷ আমা’ ভাগ্য ভাল আছিল৷
আমি এই গছডালত উঠিবা পাঈলং৷ গছডালত উঠিবলৈকো হুবিধা আছে৷ হেই কাণে আমি
পাঁচটাই হংকালে উঠিবা পাঈলং৷”
“হাতীটো দূঅলৈ
গ’ল না?”
“অ অলপ হময় অচোন৷”
কিছু সময় গছৰ
ওপৰত থাকি তেমেকাহঁতে হাতীটোৰ উমান ল’লে৷ হাতীটোৰ কোনো উমঘাম নাপাই সিহঁত গছৰ তললৈ
নামি আহিল আৰু সতৰ্কতাৰে নিজৰ বাটত খোজ পেলালে৷
বেলি মাৰ যাবলৈ
কিছু সময় থাকোঁতে তেমেকাহঁত বতাবাৰীত উপস্থিত হ’ল৷ জংঘলৰ বাকীখিনি বাটত সিহঁতে
কোনো আহুকালৰ সন্মুখীন হোৱা নাছিল৷
বতাবাৰী গাঁও পায়েই তেমেকাই খুৰাকৰ জীয়েক ৰহেমাইৰ ঘৰলৈ পোনালে৷ পিছে পিছে সৈনিককেইজন৷ ৰহেমাইৰ ঘৰৰ চোতালত ভৰি থৈয়েই তেমেকাই মাত দিলে– “ৰহেমাই, অ’ ৰহেমাই৷ ঘঅত আছ না?”
ঘৰৰ ভিতৰৰ পৰা ওলাই আহি তেমেকাক দেখি ৰহেমায়ে মাত দিলে– “অ’ কাকা আহিছ? আহ আহ, এতিয়া বাআণ্ডাতে বহচোন৷”
ৰহেমায়ে
বাৰাণ্ডাত ঢাৰি পাৰি দিলত তেমেকাহঁত তাতে বহিল৷ তেমেকাহঁতক ঘামি-জামি অহা দেখি
ৰহেমায়ে এচুঙাকৈ পানী আনি দিলে, লগতে একোখনকৈ বিচনীও দিলে৷ তেমেকাই
বিচনীৰ বা লৈ লৈ তাইক সুধিলে– “বৈনাইটো ঘঅত নাই নাকি?”
“নাই, পথাঅত
আলি দিবা গৈছে৷ গধূলিহে আহি পাব৷”
“অ’ গধূলি হ’বএ হ’ল৷ অলপ পাছতে আহি পাব নিশ্চয়৷ আমি আজি ত’ ঘঅতে থাকিম৷ ইয়াতে আমা দুজন হৈনিক থাকিব৷ তন্ত ঘঅতে আখিবি৷ মই কাইলৈ আন দুজন হৈনিক আমা গাঙলৈ লৈ যাম৷”
“হ’ব দে৷”
“অহেমাই! তন্ত
গাঙ’ বাঈকা কোন?”
“পদেশ্ব’৷ তাক’
পথাঅলৈ যোৱা দেখিছিলং৷”
“নহ’লে
গধূলিলৈকে অ’ব’ লাগিব৷ হকলোৱে পথাঅ’পা আহি পাক৷ এতিয়া গাঙত মতা মানুহ নায়েই
চাগে’৷”
“কোনোবা দুই-এটা
থাকিবা পাএ৷ বেছিভাগেই পথাঅত আছেগৈ৷”
তেমেকাই
সৈনিককেইজনৰ লগত কথা পাতি থাকিল৷ মাজতে ৰহেমায়ে এচুঙাকৈ চাহ দি গ’ল৷ চাহৰ লগত
খাবলৈ তাই তেমেকাহঁতক দিলে একোটাকৈ চেনিকল৷
গধূলি হ’ল৷
পথাৰত কাম কৰি থকা মানুহবোৰ ঘৰলৈ ঘূৰি আহি আছে৷ কান্ধত কোৰ এখন লৈ পুহবৰো আহি
ওলাল৷ সি আিহয়েই তেমেকাক দেখি মাত দিলে– “অ জেঠেঈ দেখোন৷ কিমান হময়ত পালিহি?”
“অলপ হময় হ’ল৷
খেতি কাম আগ বাহিছে না?”
“কালিলৈ
এবিঘামান মাটিত ব’কা দিম৷”
“মঅহে নহৈছেগৈ৷
আইজ’ কামত ঘূঈ থাকংতে খেতিত ধঈবাই পাআ নাই বুলিবা পাঈ৷ পিতায়ে যি কঈছে হেয়াই৷
এইকেইজন আমা’ ধেৱা হৈনিক দেই!”
তেমেকাই
সৈনিককেইজনক পুহবৰৰ লগত চিনাকি কৰি দিলে৷ তাৰপাছত সি ক’লে– “তন্ত’ গাংবুআ, মেনা
আউ বাঈকাক লাগিছিল৷ গাঙ’ আন বয়সিয়াল মানুহখিনি আহিলেও ভাল হ’ব৷ বাঈকাক কৈ ইয়ালৈকে
ডেকা-বুআ হকলোকে গধূলি হময়তে মাতি দিলে ভালেই হ’ব৷ কথা এটা আলচ কঈবা লাগে৷ কথাটো
হকলোৱে জানক৷”
“হ’ব, বাঈকাক
কথাটো কৈ আহং৷”
“ডেকা-বুআ
হকলোকে মাতিছে বুলি ক’বি৷”
“অ তেনেকৈয়ে
ক’ম৷”
পুহবৰ ওলাই গ’ল৷
বাৰিকাক মানুহ
মাতিবলৈ কৈ পুহবৰ অলপ পাছতে ঘৰত আহি হাজিৰ হ’ল৷
কিছু সময় পাৰ
হ’ল৷ এজন-দুজনকৈ মানুহ আহি পুহবৰৰ চোতালত হাজিৰ হ’ল৷ ৰহেমায়ে মানুহবোৰক বহিবলৈ
চোতালত ঢাৰি পাৰি দিলে৷ মানুহবোৰ বহিল৷ পুহবৰে চোতালৰ মাজত এটা মাটিচাকি জ্বলাই
দিয়াত চোতালখন পোহৰ হৈ পৰিল৷
গাঁৱৰ সকলোবোৰ
ডেকা আৰু বয়সিয়াল মানুহ গোট খোৱাৰ পাছতে তেমেকাই ক’বলৈ ধৰিলে– ‘‘গাংবুআ, মেনা
আউ আইজ, এটা কথা আমি হকলোৱে জানং৷ ইংআজে ক’ লগাই লগাই আমাক কষ্ট কঈলেও খাবা
নোপোৱা কঈলে৷ মই গম পাইছং, এইখন গাঙলৈকো মৌজাদাঅ মানুহ আহিছিল আউ
কঅ নামত ডকাইত’ দএ বস্তু-বাহানি লৈ গৈছিল৷ হয় না নহয় আইজ৷”
“হয় হয়৷”–
চাৰিওফালৰ পৰা সমৰ্থন আহিল৷
“গাংবুআ আৰু
মেনাই ভালদএ জানে, টোপাকুছিত পাঁচো অজা-হাতোঅজা আউ বিষয়ববীয়াই আলচ
কঈ কঅ’ পাআ এহাই দিবলৈ ডিচিক আৱেদন কঈব’৷ আৱেদন নাকচ কঈলে আইজ মেল পাতিব৷ এই আইজ
মেল’ যোগেদি আমা’ জিলা ডিচিক কৈ চঅকাঅক আৱেদন কঈব’৷ যদি চঅকা’ মান্তি হয় একো কঈবা
নাথাকিব৷ যদিহে চঅকা মান্তি নহয় তেন্তে যুদ্ধ কঈব’ লাগিব৷ পাঁচোঅজা-হাতোঅজাই নিজ
নিজ এলেকাত হৈন্য-বাহিনী ঠিক কঈছে৷ টোপাকুছি অজা আউ হেনাপতিয়ে হকলোবিলাক চম্ভালি
আছে৷ খাইগ’ অজাও বহি থকা নাই৷ হৈনিকবিলাক’ বাবে খোৱাবস্তু গ’টাই আছে৷ আজি ম’ লগত
হেনাপতি লক্ষণসিঙে চাঈজন হৈনিক পঠাই দিছে৷ দুজন মই ইয়াত থৈ যাম৷ ইন্তে ইয়া’ ডেকাবোঅক
যুদ্ধ হিকাব৷ আমা’ ডেকাবোএ হিকিবা লাগিব৷ হিকিবি না ডেকাহঁত?”
“অঁ হিকিম
হিকিম৷”– ডেকাবোৰে মাত দিলে৷
“তেন্তে দুজন
হৈনিক ইয়াত আখিলং৷ ইন্ত খোৱাবোৱা আইজে দিবা লাগিব৷”
“হ’ব হ’ব,
চিন্তা
কঈবা নালাগে৷”– গাঁওবুঢ়াই মত দিলে৷
“তেন্তে কালি পআ
ডেকাবোএ যুদ্ধ হিকিব৷”
“অঁ অঁ, কালি
পআই হিকিম৷”
ডেকাবোৰৰ পৰা
সঁহাৰি পাই তেমেকাৰ ভাল লাগিল৷
ৰহেমাই আৰু
গাঁৱৰে দুজনী ছোৱালীয়ে ৰাইজৰ মাজলৈ ৰঙাচাহ লৈ আহিল৷ সকলোৱে ৰঙাচাহ খাই খাই ইংৰাজ
চৰকাৰৰ কথা কৈ থাকিল৷
এটা সময়ত
সকলোবোৰ মানুহ ঘৰাঘৰি গুচি গ’ল৷
ৰাতিৰ ভাত খাবৰো
হৈ আহিল৷ ৰহেমায়ে ভাত খাবলৈ মাতিলত তেমেকাই পুহবৰ আৰু সৈনিককেইজনৰ লগত পাকঘৰত বহি
ভাত খালে৷ সিহঁতৰ পিছতে ৰহেমাইহঁতৰ ভাত খোৱা হ’লত তেমেকাই শুব বিচাৰিলে৷
এটা কোঠাত ঢাৰি
পাৰি সৈনিক চাৰিজন আৰু তেমেকা শুবৰ বাবে পুহবৰে বিছনা ঠিক কৰি দিলে৷ সেই বিছনাত
বাগৰ দিয়াৰ অলপ পাছতে ভাগৰুৱা তেমেকাহঁত টোপনি গ’ল৷
পাছদিনা
ৰাতিপুৱা শুই উঠি ৰঙা চাহ একাপ খাই দুজন সৈনিকক লগত লৈ তেমেকাই নিজৰ গাঁও
কাৱৈমাৰিলৈ খোজ ল’লে৷ কাৱৈমাৰিলৈ ইয়াৰ পৰা এমাইলমানৰ বাট৷
বাৰ
আন্ধাৰ হোৱাৰ
লগে লগে যুদ্ধবিদ্যাৰ প্ৰশিক্ষণ বন্ধ কৰি দিয়া হ’ল৷ তেমেকাই এইকেইদিন ঘৰতে থাকি
খেতিৰ কামৰ উপৰি যুদ্ধবিদ্যাও শিকি আছে৷ আকাশত পূৰ্ণিমাৰ জোন আছে যদিও ইয়াৰ পোহৰত
যুদ্ধৰ আখৰা কৰিব নোৱাৰি৷ প্ৰশিক্ষণপ্ৰাপ্ত সৈনিককেইজনক নিজৰ ঘৰতে তেমেকাই
খুৱাই-বুৱাই ৰাখিছে৷ অৱশ্যে মাজে মাজে আন কিছুমান ডেকায়েও গধূলিৰ সাঁজটো খুৱাবলৈ
আৰু নিজৰ ঘৰতে ৰাখিবলৈ লৈ যায়৷ আজি ভদ্ৰেশ্বৰে সিহঁতৰ ঘৰতে সৈনিককেইজনক ভাত খুৱাব
আৰু ৰাতিও ৰাখিব৷
ঘৰৰ খেতিৰ কামত
বাপেকক সহায় কৰিব লাগিব বুলি তেমেকাই আহিবৰ সময়ত কৈ আহিছে লক্ষণসিঙক৷ সেনাপতিয়েও
কৈছে বিশেষ দৰকাৰ নহ’লে তাক নামাতে বুলি৷ তাক মাত্ৰ নিৰ্দেশ দিছে গাঁৱৰ ডেকাবোৰৰ
লগত যুদ্ধৰ প্ৰশিক্ষণ ল’বলৈহে৷ বাৰিকা হ’লেই যুদ্ধবিদ্যা জানিব নালাগে বুলি কথা
নাই৷ সময়ত আত্মৰক্ষাৰ বাবেও ইয়াৰ প্ৰয়োজন হ’ব৷ সেই নিৰ্দেশ অনুসৰিয়েই সি আগবেলাটো
পথাৰৰ কামত লাগে আৰু ভাতিবেলা যুদ্ধৰ প্ৰশিক্ষণত ভাগ লয়৷ কেতিয়াবা গধূলিলৈকে পথাৰৰ
কামত লাগি থাকিবলগীয়া হ’লে তাৰ প্ৰশিক্ষণত ভাগ লোৱা নহয়গৈ৷
তেমেকা ঘৰত
উপস্থিত হৈ গাটো ধুই লোৱাৰ কথা চিন্তা কৰিলে৷ গৰমত দিনৰ দিনটো সি ঘামিছে৷ গাৰ
ঘামখিনি ধুই পেলালেহে তাৰ সতেজ লাগিব বুলি সি চিন্তা কৰিলে৷ সি গামোচা এখন লৈ নাদৰ
পাৰলৈ গ’ল আৰু নাদৰ পানী উঠাই সি ভালদৰে গা ধুলে৷ নাদৰ পানীখিনি শীতল৷ তাৰ গাটো
জুৰ পৰি আহিল৷ গা ধোৱাৰ পাছতে সি নিজৰ কোঠাত উপস্থিত হোৱাৰ সময়তে তাৰ মুখৰ পৰা
আপোনা-আপুনি ওলাই আহিল– “ওহ! এতিয়াহে ভাল লাগিছে৷”
তেমেকাই ঘৰৰ
ভিতৰৰ পৰা আহি চোতালত থিয় হৈ চাৰিওফালে এবাৰ নিৰীক্ষণ কৰিলে৷ সি দেখিলে চাৰিওফালে
ফৰিংফুটা জোনাক৷ সি চোতালত পীৰা এখন পাৰি বহি জোনটোলৈ চাই ৰ’ল৷ ভাদ মাহৰ পূৰ্ণিমাৰ
জোন–আকাশখন ফৰকাল, জোনাকে যি অনিন্দ্যসুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে
তাকে চাই সি মুগ্ধ হৈ ৰ’ল৷ আকাশৰ পৰা জোনাকে এক শীতলতাও তাৰ দেহত সিঁচি দিছে৷
“কাকা! ভাত দিছং,
আহ
খাই ল৷”
মালতীৰ মাতত
তেমেকাৰ তন্দ্ৰা ভাগিল৷ সি লাহেকৈ পীৰাৰ পৰা উঠিল আৰু পাক ঘৰলৈ বুলি খোজ ল’লে৷
ভিতৰত ৰূপেশ্বৰ
আৰু দেউৰামে তালৈকে অপেক্ষা কৰি আছে ভাত খাবলৈ৷ সি উপস্থিত হোৱাৰ লগে লগে
ৰূপেশ্বৰে ক’লে– ‘দে ভাত খাং৷ কালিলৈ বহুত কাম আছে৷”
“অঁ দে৷”
তেমেকা, ৰূপেশ্বৰ
আৰু দেউৰামে ভাত খাবলৈ ধৰিলে৷ ভাতৰ লগত পিঠাগুৰি আৰু গাজ টেঙাৰে ৰন্ধা কাৱৈমাছৰ
তৰকাৰি৷ তেমেকাৰ বৰলৈ ভোকো লাগি আছিল৷ গাজ টেঙাত কাৱৈমাছ দি ৰন্ধা তৰকাৰিখন তাৰ
জিভাত বৰকৈ জুতি উঠিল৷
ভাত খাই উঠি
তেমেকা পুনৰ আগৰ পীৰাখনতে বহিল আৰু জোনাকে সৃষ্টি কৰা চাৰিওফালৰ পৰিৱেশ চাই ৰ’ল৷
ৰূপেশ্বৰ আৰু দেউৰামে তামোল এখন এখন খাই শুবলৈ গ’ল৷ সৰুমাই আৰু মালতীয়েও ভাত খাই
ভিতৰলৈ গৈ বিছনা ল’লে৷ তেমেকা এতিয়া চোতালত অকলশৰীয়া৷ তাৰ ফুটুকীলৈ মনত পৰিল৷ সি
ভাবিলে– এনেকুৱা জোনাক সি অকলে উপভোগ কৰিব নে? তাৰ লগত ফুটুকী
থাকিলে এই জোনাক আৰু বেছি ভাল লাগিলহেঁতেন৷ ফুটুকীৰ প্ৰয়োজনীয়তা অনুভৱ কৰি সি বহাৰ
পৰা উঠিল আৰু ফুটুকীৰ ঘৰলৈ যাবলৈ ধৰিলে৷
ফুটুকীৰ ঘৰ পাই
তেমেকাই ফুটুকী শোৱা কোঠাটোৰ সন্মুখত থিয় হ:ল আৰু মাত দিলে– “ফুটুকী অ ফুটুকী!”
“তেমেকা কাকা
নাকি?”– ফুটুকীৰ মাতত টোপনিৰ আভাস৷
“অঁ ময়েই৷ আহচোন
বাহিঅলৈ৷”
ফুটুকী বাহিৰলৈ
ওলাই আহিল৷ তাই সুধিলে– “এই আতিখনত আহিছ কিয়া? কিবা কাম আছে
নাকি?”
“দেখা নাই,
ইমান
ধুনীয়া জোনাক৷ আহ কলঙ’ পাঅ পআ ফুঈ আহং৷”
“ধেৎ, এতিয়া
যাবা নালাগে৷ কোনোবাই আতিখনত ঘূঈ ফুআ দেখিলে কি ভাবিব?”
“গাঙ’ চব মানুহ
হুলে৷ এতিয়া কোনেও নেদেখে৷ কলঙ’ পা’ নহ’লেও এনেই বাটত ফুঈম আহ৷ জোনাকত ভাল লাগিব৷”
ধুনীয়া জোনাকে
ফুটুকীকো হাত বাউল দি মাতিছে৷ সেই আহ্বানক তাইৰ নেওচা দিবলৈ মন যোৱা নাই৷ তাই ক’লে–
“ব’ল বাউ৷ বেচি দেঈ নকঅং কিন্তু৷”
“অঁ বেছি দেঈ
নকঅং, আহ৷”
দুয়ো কথা পাতি
পাতি বহল পথাৰখনৰ পাৰত উপস্থিত হ’ল৷ এইখন পথাৰতে গাঁৱৰ বেছিভাগ মানুহে খেতি কৰে৷
ইয়াতে সিহঁতৰ খেতিমাটিও আছে৷ সিহঁত থিয় হৈ পথাৰখনলৈ চাই ৰ’ল৷ পথাৰখনৰ বহু অংশতে
ধানৰোৱা হৈ গৈছে৷ ধানবোৰক দূৰৰ পৰা ক’লা ক’লা দেখা গৈছে৷ যি অংশত ধান ৰোৱা হোৱা
নাই তাত থকা পানীবোৰ জোনাকত জিলিকি উঠিছে৷ নিশাচৰ চৰাই কিছুমান উৰি ফুৰাও সিহঁতৰ
চকুত পৰিল৷ পথাৰৰ মাজত ৰেটেওটুৱা [বৰবালি বগুৱা] চৰাই এজনীয়ে ‘ৰেটেওটৌ ৰেটেওটৌ’
বুলি মাতি জোনাক নিশাৰ সৌন্দৰ্যত ঋদ্ধি দান কৰি আছে৷
কিছু সময়
পথাৰখনলৈ চাই থকাৰ পাছত তেমেকাই ক’লে– “ব’ল এতিয়া কলঙ’ পাঅ’ পআ আহং৷”
দুয়ো কথা পাতি
পাতি আহি কলঙৰ পাৰত উপস্থিত হ’ল৷ তেমেকাই পাৰত বহি ফুটুকীকো বহিবলৈ দিলে৷ দুয়ো চাই
ৰ’ল কলংখনলৈ৷ জোনৰ পোহৰত কলঙৰ পানীখিনিক বগা দেখা গৈছে৷ নদীখনৰ সিপাৰে একোছা
একোছাকৈ থকা বিৰিণাবোৰক একো একোটা ক’লা ভালুক যেন লাগিছে৷ কিছু সময় জোনাক উপভোগ
কৰাৰ পাছত তেমেকাই ক’লে– “এনে ধুনীয়া জোনাক আউ উপভোগ কঈবলৈ পাম না নাপাম নাজানং৷”
“কিয়া নাপাবি?”
“এই যুদ্ধখন আহি আছে৷ যুদ্ধত মঈবাও পাঅং৷”
“এই! মআ কথা
নক’বি৷”– ফুটুকীয়ে তেমেকাৰ মুখত হাতেৰে সোপা দিলে৷ “আমি কেতিয়াও নমঅং৷”
তাক ইমান মৰম
কৰা ফুটুকীজনীক এবাৰ আঁকোৱালি ল’বলৈ তেমেকাৰ মন গ’ল৷ সি তাইক গাৰ কাষলৈ চপাই আনি
জোৰেৰে সাবটি ধৰিলে৷ ফুটুকীয়েও তাক আৱেগেৰে সাবটি ধৰি ক’লে– “তই কেতিয়াও মআ কথা
নক’বি৷ মই কিবা হৈ যাং৷”
“আউ নকং দে৷–
তেমেকাই মাত দিলে৷ “আমি নমঅং বুইছ৷ আমি জীয়াই থাকিম৷ অ ম’ মঅম’ ফুটুকী, ত’ক
দেখিলেই খুব মঅম কঈবা মন যায় অ! ম’ মঅম’ হোণজনী ঐ!”
তেমেকাই ফুটুকীক
আৰু জোৰেৰে সাবটি ধৰাত দুয়ো ভাৰসাম্য ৰাখিব নোৱাৰি বননিত বাগৰি পৰিল৷ তেমেকাই তাইৰ
চকুলৈ একেথৰে চাই ৰ’ল৷ তায়ো তেনেকৈয়ে তাৰ চকুলৈ চাই থাকিল৷ তেমেকাই তাইৰ মুখখন
কাষলৈ চপাই আনি চুমা খাবলৈ ধৰিলে৷ তেমেকাকো তাই উপৰ্যুপৰি চুমা খালে৷ দুটা যৌৱনে
উতলা কৰা দেহা৷ সিহঁতৰ গাত উত্তেজনা বাঢ়ি আহিল৷ অমান্য যৌৱনৰ তাগিদাত সিহঁতে
বতাহত যৌৱনৰ গোন্ধ এৰি দিবলৈ চেষ্টা কৰিলে৷ সিহঁত আদিম বাসনাৰ ঢৌত উটি গ’ল আৰু এটা
সময়ত বৈ থকা নৈৰ পাৰৰ বতাহত সিহঁতে যৌৱনৰ গোন্ধ এৰি দিলে৷
উত্তেজনাই চৰম
সীমা পাৰ হোৱাৰ পাছতে সিহঁতৰ দেহা শাঁত পৰি আহিল৷ সিহঁত বাস্তৱলৈ ঘূৰি আহি পাহৰি
যোৱা কলংখনক দেখিলে, বননিত বাগৰি থকা বুলি গম পালে আৰু জোনটোক
দেখিলে৷ লগে লগে ফুটুকীয়ে মাত দিলে– “এয়া কি হৈ গ’ল? বিয়া আগতে আমি
এই কাম কঈবা নালাগিছিল৷”
“হয় কথাটো৷”–
তেমেকাই উত্তৰ দিলে৷ “মই নিজকে চম্ভালিয়েই আখিব নোআঈলং৷ চব কথা পাহঈ গ’লং৷ ত’ও
তেনেকুৱা হ’ল হ’বলা৷ তয়ো চম্ভালিব নোৱাঈলি৷ নহ’লে কথাটো ম’ক মনত পেলাই দিবা পাঈলি
হয়৷ হয় না?”
“ওঁ৷”– ফুটুকীয়ে
মূৰ দুপিয়ালে৷
“যি হ’ল হ’ল৷
মনত লৈ নাথাকিবি৷”
“যদি মঅ গা বন্ধ
হৈ যায়?”
“চিন্তা নকঈবি৷
তেনে হোৱা বুলি জানিলেই ত’ক আনি ঘঅত হুমুৱাম৷ আজিয়েই লৈ যাং তেনেহ’লে৷ ত’
আই-পিতায়েও আমা’ মন খোৱা-খুই আছে বুলি জানে৷ আমা’ ঘঅ মানুহেও জানে৷ ব’ল, আজিয়েই
লৈ যাং৷”
“আজি নালাগে৷ গা
বন্ধ নহ’বাওতো পাএ৷ চাই লং৷”
হঠাতে নদীৰ পৰা
কিহবাৰ শব্দ উিট আিহল৷ নদীখনত সৰু সৰু মাছ কিছুমানে যেন ধেমালি কৰি জাঁপ মাৰিবলৈ
ধৰিছে৷ তেমেকাই ধৰিব পাৰিলে এয়া নদীত মাছৰ উজান আহিছে৷ সি ফুটুকীক ক’লে– “এয়া মাছ’
জহা আহিছে৷ জালএ মাছ ধঈবলৈ ব’ ভাল হৈছে৷ মই জালএ আউ তই জাকৈএ মাছ ধঈবি নাকি?”
“নাই নধঅং৷ ব’ল
ঘঅলৈহে যাং৷ তয়ো ধঈবা নালাগে৷ ঘঅত গৈ হুই থাকগৈ৷”
দুয়ো বহাৰ পৰা
উঠি ঘৰলৈ খোজ ল’লে৷
ফুটুকীক ঘৰত থৈ
তেমেকা নিজৰ ঘৰলৈ খোজ ল’লে৷ ঘৰ পায়েই সি দেউৰামক টোপনিৰ পৰা উঠাই কলঙত মাছৰ উজান
অহাৰ কথাটো ক’লে৷ দেউৰামে কথাটো জানিয়েই ৰৈ নাথাকিল, তাৰ চকুৰ টোপনি
পলাই ফাট মাৰিলে৷ সি পুৰঙনি জাল এখন লৈ খোজ ল’লে৷ গৈ থাকোঁতে সি চিঞৰি কৈ গ’ল–
‘কলঙত জহা আহিছে ঐ লকাইহঁত! আহ কোনে কোনে মাছ মাঈবি ওলাই আহ৷”
মাছ মাৰিবলৈ মন
আছিল যদিও সেয়া তেমেকাই মনৰ পৰা পৰিহাৰ কৰিলে৷ ফুটুকী নাহে যেতিয়া সিও মাছ মাৰিবলৈ
নাযায়৷ সি বিছনাত বাগৰ দিলে৷ তাৰ মনত অলপ আগতে ঘটি যোৱা ঘটনাটোৱে দোলা দিবলৈ
ধৰিলে৷ কিছু সংকোচ আৰু অপৰাধী ভাব এটাও তেমেকাৰ মনলৈ আহিল৷ কিন্তু সিতো এই কাম কৰিব
বুলি ভবাই নাছিল৷ কেনেকৈ যে ঘটি গ’ল ঘটনাটো৷ সি কথাটো ভালদৰে ভাবিবলৈ ধৰিলে৷ সি
ভাবি পালে যে ইটোৱে সিটোক মন খোৱা দুজন ডেকা-গাভৰুৱে বহুদিনলৈকে সংযমেৰে থাকিব
নোৱাৰে৷ ইটোৱে সিটোক বিচাৰে যেতিয়া সিহঁত যৌৱনৰ তাড়নাত সংগমত লিপ্ত হ’বই৷ ই একো
অস্বাভাৱিক নহয়৷ বিয়াৰ আগতে হোৱাটোও স্বাভাৱিকেই৷ ইয়াত বিয়া নোহোৱাটোৱে বাধাৰ
সৃষ্টি কৰিব নোৱাৰে৷ কথাখিনি মনলৈ অহাত তেমেকাৰ মনৰ পৰা সকলো ধৰণৰ সংকোচ আঁতৰি
গ’ল৷ কিন্তু আজি প্ৰথম নাৰীৰ দেহাৰ সুৱাস ল’বলৈ পাই তাৰ মনটো এতিয়াও আনন্দত অস্থিৰ
হৈ আছে৷ ই যে কেনে এক স্বৰ্গীয় সুখ! সেই সুখৰ আমেজ তাৰ দেহাৰ সিৰে সিৰে এতিয়াও
বৈয়েই আছে৷ দিনত কৰা কঠোৰ পৰিশ্ৰম সত্ত্বেও তাৰ টোপনি অহা নাই এই আমেজৰ বাবেই৷ সি
বিছনাখনত ইকাতি-সিকাতি কৰি থাকিল৷
দেউৰামে মাছৰ
উজান অহাৰ খবৰটো দি যোৱাৰ অলপ পাছতে ৰাস্তাত কিছুমান মানুহে কথা পাতি পাতি গৈ থকা
বুলি তেমেকাই ধৰিব পাৰিলে৷ এইবোৰ নিশ্চয় মাছ মাৰিবলৈ যোৱা মানুহ৷ নদীত উজান অহা মাছ
জালেৰেহে ভালদৰে ধৰিব পাৰি৷ মানুহবোৰে চাগে’ জালহে লৈ গৈছে৷
তেমেকাই আজিৰ
ঘটনাটোৰ আমেজ বহু সময় লোৱাৰ পাছত তাক লাহে লাহে ভাগৰেও জুমুৰি দি ধৰিলে৷ লগে লগে
নিদ্ৰাদেৱীয়ে তাক আমনি কৰিবলৈ লৈছে৷ এটা সময়ত সি টোপনিত ঢলি পৰিল৷
পাছদিনা
ৰাতিপুৱা শুই উঠি বাহিৰলৈ আহিয়েই সি দেখিলে চোতালত বৰ চালনিখনত পাহাৰ হেন হৈ থকা
নাৰমাছ৷ সি আচৰিত হ’ল– দেউৰামে ইমান মাছ ধৰিলে নে? মাকক সুধি সি গম
পালে দেউৰামে ওৰে ৰাতিটো মাছ মাৰিছে৷ সি ৰাতি টোপনি নামাৰিলেই৷
তেমেকাৰ শুই উঠা
দেৰি হৈছে৷ সি চকুকেইটা মোহাৰি মোহাৰি মাক আৰু মালতীলৈ চালে৷ মাক আৰু মালতীয়ে
মাছবোৰ বাছিবলৈ সাজু হৈছে৷ ইমানখিনি মাছ একেদিনাই খাই শেষ কৰিব নোৱাৰি৷ সি জানে, গোটেইবোৰ মাছকে মাক আৰু মালতীয়ে প্ৰথমে বাছি ল’ব, তাৰ পাছত খাবৰ
বাবে অলপ ৰাখি বাকীবোৰ শুকুৱাব৷ শুকান মাছ
বেছি হ’লে চুঙাত ভৰাই শুকতিও কৰা হয়৷ পাছত দৰকাৰ অনুসৰি চুঙাৰ পৰা শুকতি উলিয়াই
ৰান্ধি খাব পৰা যায়৷ সি মাকক সুধিলে– “দেউআম ক’লৈ গ’ল?”
“হি এতিয়াও মাছ
মাঈ আছেগৈ৷ জহা হেনো এতিয়াও আহি আছে৷ মাছ মাঈবলৈ পালে তাক একো নালাগে৷ ভাত-পানীও
এঈব এইটোৱে৷ লগত নিয়া খালৈকেইটা ভআ বাবে মাজে মাজে ঘঅত মাছ থৈ গৈছে৷ কেইবাবাও হি
মাছ থৈ গৈছে৷ আতি নুহুলেই৷”
“হি মাছ মাঈ ব’
ভাল পায়৷”
তেমেকাই কথাষাৰ
কৈ নাদৰ পাৰলৈ খোজ ল’লে৷ সি বাল্টিৰে পানী তুলি মুখ-হাত ধুলে৷ সি চোতাললৈ
ঘূৰি আিহ দেখিলে খালৈ এটা আনি দেউৰাম উপস্থিত হৈছে৷ তাৰ হাতত থকা খালৈটো মাছৰে
ভৰ্তি৷ সি বৰচালনীখনত খালৈৰ মাছখিনি বাকি দি ক’লে– ‘‘মাছ’ উজান কমিছে৷ কিন্তু
এতিয়াও বহুত মাছ ধঈব পাআ যাব৷ মই আক’ যাং৷”
কথাষাৰ কৈয়েই
দেউৰামে খোজ ল’লে কলঙলৈ৷
তেমেকাৰ শুই উঠা
দেৰি হৈছে যদিও পথাৰলৈ নোযোৱাকে নাথাকিল৷ সি বোৱা গৰুহাল গোহালিৰ পৰা উলিয়াই
পথাৰলৈ তেমেকাই খোজ ল’লে৷ নাঙলটো পথাৰতে আছে৷ সি গৰুহাল নি জুঁটি হাল
বালেই হ’ল৷
গৰুহাল খেদি নি
তেমেকা পথাৰত উপস্থিত হৈ গৰুহালক ‘হ হ’ বুলি কৈ ৰখালে৷ তাৰপাছত সিহঁতৰ ডিঙিত যুৱলি
জুঁটিলে৷ আজি ফুটুকীহঁতৰ পথাৰত বোকা দিছে৷ ফুটুকীহঁতৰ পথাৰখন সিহঁতৰ পথাৰৰ লগতে
লাগি আছে৷ মাকৰ লগত ধান ৰুই থকা ফুটুকীলৈ সি এবাৰ চাই পঠিয়ালে– তাই তলমূৰ কৰি ধান
ৰুই আছে৷ তাই হয়তো তাক দেখিছে৷ কিন্তু ৰাতি হৈ যোৱা ঘটনাটোৰ বাবে লাজতে মূৰ তুলি
চাব পৰা নাই৷
তেমেকাই গৰুহাল
নাঙলত জুঁটি লোৱাৰ পাছতে হাল বাই থকা ৰূপেশ্বৰৰ পিছে পিছে বাবলৈ ধৰিলে৷ এইবাৰ
যুদ্ধৰ আয়োজনত লাগি থাকোঁতে সি পথাৰৰ কামত ভালকৈ লাগিব পৰা নাছিল৷ দেৰি হৈছে যদিও
আৰু এসপ্তাহৰ ভিতৰত সিহঁতৰ হাল উঠিব৷
বেলিটোৱে বেমাৰী
শামুক এটাৰ গতিৰে পূব আকাশত বগাই আহি থাকিল৷
বেলিটো আহি আহি
পূব আকাশত চাৰি বেগেতমান উঠিল৷ হাল মেলিবৰ সময় হৈ আহিলেই৷ ৰূপেশ্বৰে নিজৰ হালখন
খুলি তেমেকাকো হাল মেলিবলৈ ক’লে৷ তেওঁৰ কথা মতে হাল খুলি তেমেকাই গৰুকেইটা জংঘলৰ
ভিতৰত মেলি দিবলৈ লৈ গ’ল৷ গৰুকেইটা জংঘলত এৰি দি ঘূৰি আহি সি ফুটুকীহঁতৰ পথাৰ পালেগৈ৷ ফুটুকীৰ দেউতাকে হাল মেলি ঘৰলৈ ইতিমধ্যে গুচি গৈছে৷ ৰূপেশ্বৰো ঘৰলৈ
গ’ল আন কাম নথকা বাবে৷ পথাৰত এতিয়া ফুটুকীৰ মাক মিলেমাই আৰু ফুটুকীহে আছে ধান ৰুই
ৰুই৷ ফুটুকীয়ে তালৈ লাজুক লাজুক চাৱনিৰে মাজে মাজে চাই আছে৷ তেমেকাই ফুটুকীৰ লাজুক
চাৱনিৰ অৰ্থ বুজি পাইছে৷ সি মিলেমাইক ক’লে– “খুঈ, এইবা’ হকলোএ
খেতি কাম হেখ হ’ল৷ আমা’, তন্ত আউ কেপাইহঁত’হে আছেগৈ৷”
“আমা’ পতেক বছএই
দেঈ হয়৷ অকলহঈয়া মানুহ৷ তাতে অলপ বেমাঈ৷ অকলে কিমাননো কঈব!”
“আমি আক’ যুদ্ধ
কামত লাগংতেই দেঈ হ’ল৷ বেছি নাই আউ৷ এইটো হপ্তাহতে হেখ কঈম৷ তন্তও হেখ হ’ব৷ বাউ,
ধান
উই থাক৷ মই গৈ থাকং৷ ফুটুকী যাং দেই৷”
“অ৷”– ফুটুকীয়ে
চমুতে উত্তৰ দিলে৷
তেমেকাই ঘৰলৈ
যাবলৈ ধৰিলে৷ পথাৰখন এতিয়া নিজম পৰিছে৷ পথাৰৰ মানুহবোৰ ঘৰলৈ যোৱা বাবে পথাৰখনত এটা
নিমাওমাও পৰিৱেশৰ সৃষ্টি হৈছে৷ মিলেমাই আৰু ফুটুকীহে পথাৰত আছে বোকা দিয়া
মাটিখিনিত ধান ৰুই শেষ কৰিবলৈ৷
তেমেকাই ঘৰৰ ওচৰ
পাওঁ পাওঁ হওঁতে কোনোবাই চিঞৰা শুনিবলৈ পালে সি৷ অলপ পাছতে আন এগৰাকী মানুহৰ
চিঞৰ-বাখৰো তাৰ কাণত পৰিল৷ চিঞৰকেইটা ফুটুকীহঁতৰ লগতে লাগি থকা হাবিখনৰ পৰাই আহিছে
বুলি সি ধৰিব পাৰিলে৷ সি দৌৰ লগালে চিঞৰ অহাৰ ফাললৈ বুলি৷
অলপ পাছতে
তেমেকা চিঞৰ-বাখৰ হৈ থকা ঠাইত উপস্থিত হ’ল৷
ঠাইখিনিত
উপস্থিত হৈ তেমেকাই দেখিলে দুটা ডেকাই ফুটুকীক ধৰি নিব বিচাৰিছে জোৰ-জবৰদস্তি কৰি৷
মাক মিলেমাই আৰু ফুটুকীয়ে চিঞৰ-বাখৰ কৰি সিহঁতক বাধা দিছে৷ কিন্তু ফুটুকীহঁত
সিমান সফল হ’ব পৰা নাই৷ দুজন গোনা ম’হ হেন চেহেৰাৰ ডেকাল’ৰাক ফুটুকীহঁতে বাধা
দিবলৈ অসমৰ্থ হৈ পৰিছে৷ ফুটুকীক দুয়োটাই মিলি চোঁচৰাই নিবলৈ ধৰিছে৷ তেমেকাৰ তেজ
তগবগাই উঠিল৷ তাৰ প্ৰেয়সীক আন কোনোবাই ধৰি লৈ যাব খোজে? চাই ল’ব তাক! সি
এডাল গছৰ ডাল লৈ ডেকা দুটাক আক্ৰমণ কৰিবলৈ আগ বাঢ়ি গ’ল৷ সি গছৰ ডালটোৰে দুয়োটাকে উধাই-মুধাই কোবাবলৈ ধৰিলে৷ সিহঁতে ফটুকীক এৰি দিবলৈ বাধ্য হ’ল৷ এইবাৰ সিহঁতে
তেমেকাক ফেপেৰি পাতি ধৰিলে৷ সিহঁতেও দুডাল গছৰ ডাল লৈ তাক আক্ৰমণ কৰিলে৷
যুদ্ধবিদ্যা এইকেইদিন তেমেকাই শিকিছে৷ সি সেয়া প্ৰয়োগ কৰি ডেকা দুটাক ভালদৰেই
পিটিলে৷ সিহঁত তিষ্ঠিব নোৱাৰি পলাবলৈ বাধ্য হ’ল৷ এজনে তাক যাওঁতে কৈ গ’ল– “চাই ল’ম
ত’ক৷ ম’ক চিনি পোৱা নাই৷ এদিন চিনি পাবি৷ ফুটুকীক মই নিহে এঈম৷”
“কুকু, ময়ো
চাই ল’ম ত’ক৷ ফুটুকীক চকু নিদিবি৷ নহ’লে চকুগুটি উলিয়াই আনিম৷”
তেমেকাই সিহঁতক
অলপ দূৰ পিছে পিছে খেদি গ’ল৷ সি খেদি যোৱা দেখি সিহঁতে ভিৰাই ল’ৰ মাৰি জংঘলত
সোমাল৷ জংঘলৰ মাজত সিহঁতক খেদি যোৱাটো নিজৰে মংগল নহ’ব বুলি ভাবি সি ৰৈ গ’ল৷ সি ভাবিলে– ক’ব নোৱাৰি এই বদমাছ দুটাই লুকাই
থাকি তাৰ মূৰত ৰামটাঙোন মাৰিব পাৰে৷
তেমেকা ঘূৰি আহি
ফুটুকীৰ কাষত হাজিৰ হ’ল৷ সি তাইক সুধিলে– “ইন্তে কোন?”
“এটা ভেবেলীৰ
ককায়েক৷ আনটোক চিনি নাপাং৷ গঐমাঈ গাঙ’এ হ’বা পাএ৷”
“হেই গেলাই
বোলাটো? ত’ক যে জাকৈ বাই থাকংতে জ’কাইছিল আউ বিয়া পাতিবা বাবে খব’ কঈছিল৷”
“অঁ হেইটোৱেই৷
বদমাছ’ জাত৷ মন নকআ ছোৱালীকো নিবলৈ জো’ কএ৷”
“ব’ল, ধান
উবা নালাগে আউ৷ ঘঅলৈকে ব’ল৷”– তেমেকাই ঘৰলৈ গুচি অহাত গুৰুত্ব দিলে৷
“অঁ যাবাঅ হময়
হৈছেই৷”
“মইচোন তন্তক
ধান উই থাকা দেখা পাই গৈছিলং৷ তাতে হিন্তে আহিছিল নাকি?”
“নাই, ম’
বাহি’ ফুঈবা লাগাত জংঘল’ ফালে গৈছিলং৷ হিন্তে আগএ পআ জংঘলতে লুকাই আছিল ম’ক ধঈবলৈ৷
মই কামফেআ কঈ উঠিছংহে তাতে হিন্তে দুটা আহি ওলাল আউ ম’ক ধঈ নিবা খুজিলে৷ মই
চিঅ-বাখ’ কআত আই তাত ওলালগৈ আউ হিন্ত পআ এউৱাব খুজিলে৷ আয়েও ভালকে যুঁজিলে৷ নহ’লে
তই আহি পোৱা আগতে ম’ক দাঙি নিলেহেঁতেন৷ ভাইগ’ ভাল আছিল তই আহি পালি৷ আহি ম’ক অক্ষা
কঈলি৷ নহ’লে ম’ক গঐমাঈ পোৱালেগৈহেঁতেন৷”
“যি হ’ল হ’ল৷
এতিয়া ঘঅলৈ ব’ল৷”
তেমেকাৰ কথাত
সকলোৱে জংঘলৰ পৰা ওলাই পথাৰৰ আলিত ভৰি দিলে৷ মিলেমাই, ফুটুকী আৰু
তেমেকাৰ যুঁজ-বাগৰ কৰা ভাগৰ লাগি আছে৷ সিহঁতে পথাৰৰ মাজত থকা গছজোপাৰ গুৰিলৈ খোজ
ল’লে৷ গছডালৰ গুৰি পাই তিনিও বহিল গছৰ ছাঁত৷ ফুটুকীয়ে মাকক সুধিলে– “আই, তন্তে
তাক লাই দিছিলি নাকি? হি যে ইমান হাহখ কঈলে৷”
“নাই, তাক
মই চিনিয়েই নাপাং৷ আজিহে দেখা পাইছং৷ তা’ ঘঅ পআ ত’ক খুজিবা আহং বুলি খব’ পঠাইছিল৷
আমি আহিবাই নিদিলং৷”
“দুইখন ঘঅ মত
থাকিলে হ’বা পাএ৷”– তেমেকাই মাত দিলে৷ “যদি দুইখন ঘঅ মত আছে৷ কিন্তু ছোৱালী মত
নাই৷ তেনেকুৱা হ’লে কিছুমানে ছোৱালীক ধঈ লৈ যায়৷ বীএন আউ মিনতিহঁত’ ঘঅ দুখন’ মত
আছিল৷ মিনতিহে বীএনক ভাল নাপাইছিল৷ মিনতিহঁত’ ঘঅ মানুহ’ মততহে বীএনে মিনতিক ধঈ নি
ঘ’ হুমুৱাইছিল৷ ই আক’ ঘ’-ছোৱালী হকলোএ অমতত ছোৱালী ধঈ নিবা খোজে৷ ইয়া’ এখন বিচা’
হ’বা লাগে৷”
“অঁ ইয়া বিচা’
হ’বা লাগে৷”
“মই আজি জেলা
লগত কথা পাতিম৷ ব’ল এতিয়া গৈ থাকং৷”
তিনিওজন বহাৰ
পৰা উঠিল আৰু ঘৰলৈ আহিবলৈ ধৰিলে৷