অন্যযুগ/


নিৰ্মাণ

লক্ষ্যজিৎ বৰা
 
কবিতাৰ নিৰ্মাণ পানীকথা৷ লুটিয়াই দিওঁ৷ শিশুৰ বাবে থিঅৰিৰ গুৰিবোৰ চিকুণাই দিওঁ
আত্মপঠন জৰুৰী বাবে কেঁচা তামোলৰ ভৰুণ থোকলৈ চাই বহি থাকোঁ
 
শিপাই যোৱা কথাই নৈৰ দৰে পিহি থাকে৷
গতিশক্তিৰ বাবে কমি গৈ থাকে স্থিতিশক্তি৷
 
ফৰ্ম ইম্‌পৰ্টেণ্ট।
 
যুদ্ধৰ বাবে৷ চমঝোতাৰ বাবে৷ মানুহ হোৱাৰ বাবে৷
গছ স্বাধীন৷ নিৰৱে মৰি থাকিব পাৰে৷ শতৰুৰ চোতালত গজি উঠিব পাৰে নিৰলে৷
 
গছ পদ্য
গছ পৰম সত্য
আৰু মানুহ লুটিয়াই দিলে
 
নিৰ্মাণত স্বধৰ্ম জৰুৰী, যদিও
সকলো ধৰ্ম নিকৃষ্ট৷
 
অনুকৰণ সহজ কলা বাবে মহাকাব্য আজিও জীয়াই আছে৷ জীয়াই আছে দ্ৰোণাচাৰ্য৷
জীয়াই আছোঁ আমি৷
 
নিৰ্মীয়মান বস্তু ভেজাল
‘‘ইয়াত শুদ্ধ দেশী ঘিঁ পোৱা যায়৷’’
 
নিৰ্মাণৰ বাবে মই বেনভোগী শিক্ষক৷ তেওঁলোক ছাত্ৰ৷ আৰু মানুহ হোৱাৰ গৌৰৱ আটাইতকৈ ডাঙৰ পেৰাডক্স৷
 
কোনোৱে চেষ্টা নকৰে
 
জিৰাফে জিৰাফ
গছে গছ
শ্ৰব্য ৰূপ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ