অন্যযুগ/


নীলমণি ফুকনৰ শিল্প-কলা সমালোচনা : এক পৰ্যালোচনা

পঙ্কজ প্ৰতিম বৰদলৈ

 

শিল্পকলাৰ ৰসাস্বাদন এক প্ৰকাৰৰ আত্মিক অনুভূতি। চৌপাশৰ বাহ্যিক পৃথিৱীখনক এক অন্তৰ্দৃষ্টিৰে হৃদয়ংগম কৰি চোৱাৰ ক্ষমতা থাকিলেহে, তেনে জুমুঠিৰে তৈয়াৰ হোৱা কোনো এক শিল্পকলাৰ গূঢ় তত্ত্ব বা ৰহস্যক অনুধাৱন কৰিব পৰা যায়। শিল্পী এজনে যি কাল্পনিক সংখ্যা বা চিন্তাৰে এক শিল্পকৰ্ম নিৰ্মাণ কৰে সেই মানসিক দৃষ্টিক অনুধাৱন কৰিবলৈ সক্ষম নোহোৱা দৰ্শক এজনেও এক স্বয়ং সম্পূৰ্ণ স্বতন্ত্ৰ সত্তাৰে যেতিয়া এক শিল্পকলাক পৰ্যবেক্ষণ কৰি এক নিবিড় অথচ দীপ্তিময় আনন্দ লাভ কৰে, সেয়া বহু সময়ত ঈশ্বৰত্ব প্ৰাপ্তিৰ সমকক্ষ হৈ পৰে। গুণগ্ৰাহী ৰুচিৱান দৰ্শকে এনে এক অনুভৱৰ পাছত এক দাৰ্শনিক অথচ চেতনাদীপ্ত মানসিক অভিজ্ঞতাৰ সম্মুখীন হব পাৰে। প্ৰকৃত শিল্পকলা আৰু ৰসগ্ৰাহী দৰ্শক-দুয়োৰে সাৰ্থকতা সেইখিনিতেই। 

চাক্ষুস চেতনা যদিও শব্দপূৰ্ব এক অনুভৱ, তৎসত্তেও এই কথা কব পাৰি যে, চকুৰ দৃষ্টিৰে দেখা সেই প্ৰকৃতি, সমাজ বা মানৱৰ মাজত যদি এক শৈক্ষিক চেতনাই ক্ৰিয়া নকৰে তেন্তে সেই দৃষ্টি এক সাধাৰণ দৃষ্টিকোণ হিচাপেই পৰিগণিত হব। ঠিক একে ধৰণৰ দৃশ্যাংশই প্ৰচণ্ড মনোজাগতিক চেতনাসম্পন্ন তথা এক শৈল্পিক অনুভূতিসম্পন্ন চকুত এক অপূৰ্ব শিল্প হিচাপে ধৰা দিব পাৰে। ৰবীন্দ্ৰনাথ ঠাকুৰে এবাৰ কৈছিল, “পৃথিৱীৰ অধিকাংশ লোকে ভালো কৰে দেখে না- দেখাও পাৰেনা... 

এয়া সত্য আমাৰ চৌপাশৰ প্ৰকৃতিৰ মাজত এক নিবিড় সৌন্দৰ্যৰ সন্ধান কৰা মানুহৰ সংখ্যা মুষ্টিমেয় নহয়, নগণ্য হব। 

এই  প্ৰসংগ অনাৰ কাৰণ হল যে, শিল্পকলাৰ গুণগ্ৰাহী হোৱা বা ইয়াৰ প্ৰকৃত ৰসাস্বাদন কৰা যিদৰে এক জটিল মানসিক আৰু পৰিস্থিতিগত প্ৰক্ৰিয়া, ঠিক সেইদৰে শিল্পকলাৰ ৰসস্বাদন কৰি তথা অভিজ্ঞতাৰ প্ৰাপ্তিক এক বহল পৰিসৰত আলোচনালৈ আগবঢ়াই দিয়াটো অতিকৈ এক জটিল কাম। কলা সমালোচকসকলে এই জটিল কামটো সম্পাদনা কৰে আৰু ই কলাৰ গ্ৰহণযোগ্যতা আৰু অৰ্থক নতুন সংজ্ঞা প্ৰদান কৰে। 

ফ্ৰাঞ্চৰ বিশিষ্ট কবি আৰু সমালোচক শ্বাৰ্ল বডলেয়াৰে কোৱা কথাষাৰ প্ৰণিধানযোগ্য-  “To justify its existence, criticism should be partial, passionate and political, that is to say, written from an exclusive point of view, but a point of view that opens up the widest horizons.”

ডলেয়াৰৰ এই উক্তিৰ মৰ্মাৰ্থ এয়ে যে,  শিল্পকলাত সকলো ব্যাখ্যা কৰাৰ এক প্ৰচেষ্টা নাথাকে। মনৰ জড়তাক দূৰ কৰি ই কোনো অস্তিত্বৰ জাগতিক প্ৰৱহমান ধাৰাক মূৰ্ত কৰাৰ পাছত নিজ আত্মিক অৰ্থক বিঘ্নিত নকৰাকৈয়ে ইয়াৰ অৰ্থপূৰ্ণ স্থানৰ আভাস  দৰ্শকক দিয়ে। ই এটা কথা স্পষ্ট কৰে যে, শিল্প সমালোচনা বিষয়নিষ্ঠ আৰু বহু সময়ত বস্তুনিৰ্ভৰ হোৱাৰ  লগতে আন্তৰিক মানসিক সংযোগো সদা বিদ্যমান। 

শিল্পকলাৰ ইতিহাসত, শিল্পকলাৰ সমালোচকৰ প্ৰভাৱ সদায়েই বিদ্যমান। বিশ্বৰ বিভিন্ন শিল্পকলা পদ্ধতি বা আন্দোলনক উপলব্ধি কৰি তাক এক প্ৰভাৱশালী চিনাকি আগবঢ়োৱাত কলা-সমালোচকৰ ভূমিকা অপৰিসীম। ব্ৰিটিছ কলা-সমালোচক ৰজাৰ ফ্ৰাইৰ কথা এই প্ৰসংগত উনুকিয়াব পাৰি। বিংশ শতিকাৰ শিল্পকলা চেতনাক প্ৰভাৱান্বিত কৰি এক নতুন ৰূপ দিবলৈ সক্ষম হোৱা ফ্ৰাঞ্চৰ বিশিষ্ট চিত্ৰশিল্পী পল চেজানৰ “Post-Impressionism” কৰ্মৰাজিক তেনে এক নামেৰে সংজ্ঞাবদ্ধ কৰাৰ কৃতিত্ব ৰজাৰ ফ্ৰাইৰে আছিল। এয়া এক সাধাৰণ উদাহৰণহে। শিল্পীৰ শিল্পকৰ্মৰ গুণগত মানদণ্ড আৰু ইয়াৰ প্ৰভাৱৰ লগত শিল্পকলা সমালোচকৰ প্ৰয়োজনীতা অনুধাৱন কৰাত ডলেয়াৰে “The salon of 1846”-ত লিখা এই বাক্যটোৱেই সহায় কৰিব- How many artists today owe to the critics alone their sad little fame! 

উপৰোক্ত আলোচনাই এটা কথা নিশ্চিত কৰিছে যে শিল্পকলা আৰু শিল্পীৰ মাজত থকা স্ৰষ্টা আৰু সৃষ্টিৰ চিৰসেউজ সম্পৰ্কটো তথা সেই সম্পৰ্ক-উদ্ভূত শিল্পকলাক এক গ্ৰহণযোগ্য মানদণ্ডৰে নিৰিহ-নিপানীকৈ পৰ্যবেক্ষণ কৰি তাৰ এক ভাৱাৰ্থ সৰলকৈ ব্যাখ্যা কৰি তেনে শিল্পকৰ্মক অধিক দৰ্শকৰ মাজলৈ যোৱাৰ প্ৰকৃত দায়িত্ব এজন কলা-সমালোচকৰ। কলা-সমালোচকৰ এই সাৰ্বজনীন আৰু গ্ৰহণযোগ্য দৃষ্টিভংগীয়ে বহু শিল্পকলাৰ বৰ্তমান আৰু ভৱিষ্যত নিৰ্ণয় কৰে। গতিকে, ই একে সময়তে এক ধৰণৰ জাতীয় দায়িত্বতকৈ কোনোগুণে কম নহয়। এজন কলা-সমালোচকৰ কৰ্মৰাজিয়েই সেই সমাজ বা অঞ্চলটোৰ শিল্পকলাৰ দিশটোৰ এক ভেঁটি বা ভৱিষ্যত পটভূমি নিৰ্মাণ কৰিব পাৰে। অসমৰ শিল্পকলা সমালোচনাৰ পেক্ষাপটত নীলমণি ফুকন তেনে এক ব্যক্তি সত্তা। 

নীলমণি ফুকনৰ প্ৰথম পৰিচয় কবি আৰু কবিতাৰ যোগেদি নীলমণি ফুকনে এক অসাধাৰণ বুৎপত্তি দেখুৱাই অসমৰ আধুনিক কবিতাক এক বিশেষ মাত্ৰা দিবলৈ সক্ষম হৈছে। একে সময়তে অসমৰ শিল্পকলা সমালোচনাৰ দিশটোলৈ নীলমণি ফুকনৰ গুৰুত্বপূৰ্ণ অৱদান আছে ফুকনৰ কবিতা বা সাহিত্যিক চেতনাৰ দিশটোক লৈ যথেষ্ট চিন্তা-চৰ্চা, সমালোচনা আদি প্ৰকাশ পাইছে। একে সময়তে কিন্তু তেখেতৰ শিল্প-কাব্য সম্পৰ্কীয় চেতনা বা এই বিষয়ক তেখেতৰ কৰ্মৰাজিক লৈ বিস্তৃত আলোচনা এতিয়াও হোৱা নাই। এইখিনিতে স্পষ্ট কৰি লোৱা উচিত হব যে, যদিও নীলমণি ফুকনৰ শিল্পকলা সম্পৰ্কীয় কৰ্মৰাজি বা তেখেতৰ কবিতাৰ মাজত এক নিবিড় সম্পৰ্ক আছে, তৎসত্তেও এই লেখক তেখেতৰ শিল্পকলা সম্পৰ্কীয় কৰ্মৰাজিক তেখেতৰ কাব্যিক চেতনাৰ পৰা পৃথক কৰি এক স্বতন্ত্ৰ দৃষ্টিৰে পৰ্যালোচনা কৰাৰহে পক্ষপাতী। মৌচুমী কন্দলীৰআমি সেই কাব্যিক সত্তাটোৰ নিবিড় উপস্থিতি অনুভৱ কৰোঁ, দৰাচলতে তেখেতৰ ব্যক্তিসত্তাত অহৰহ দুজনৰ সমান্তৰাল উপস্থিতি… এজন কবিতাৰ স্ৰষ্টা, আনজন শিল্পকলাৰ দ্ৰষ্টা।’’- বাক্যাংশৰে নীলমণি ফুকনৰ দুটা ধাৰাৰ কৰ্মৰাজিক একৰৈখিক পৰিপূৰক দৃষ্টিৰে চোৱাৰ প্ৰয়াস কৰা হৈছে। ই একে সময়তে নীলমণি ফুকনৰ কবিতা আৰু শিল্পকলাৰ তুলনামূলক আলোচনাৰ দৃষ্টিভংগীক এক গণ্ডীৰ মাজত আৱদ্ধ কৰি তেখেতৰ কলা-সমালোচনাৰ বাগধাৰাক ভিন্নমাত্ৰিক দৃষ্টিৰে পৰ্যালোচনা কৰাত কিছু পৰিমাণে নিৰুৎসাহ কৰিছে। কিছু পৰিপূৰকতা থকা সত্তেও নীলমণি ফুকনৰ শিল্পকলা সমালোচনাৰ দিশটোৰ এক নিজস্ব আৰু নিৰ্মোহ বিশ্লেষণৰ প্ৰয়োজনীয়তা আছে বুলিহে অনুভৱ হয়। 

নীলমণি ফুকনৰ শিল্পকলা সম্বন্ধীয় ৰচনাসমূহত একেআগি তথা আমনিদায়ক ভাষাৰ ব্যৱহাৰ নাছিল। একে সময়তে যদিও তেখেতে বিশ্বৰ আৰু দেশৰ লব্ধপ্ৰতিষ্ঠ কলা-সমালোচক বা অন্যান্য শিল্পীলোকসকলৰ সান্নিধ্য বা লেখা পঢ়াৰ সুযোগ পাইছিল, তেখেতে কিন্তু তেনে কোনো লেখকৰ লিখনশৈলী তথা ঠাঁচ আদিৰ দ্বাৰা প্ৰভাৱান্বিত হোৱা নাছিল। বৰঞ্চ এক সৰল, ৰসগ্ৰাহী অথচ নতুন আৰু আকৰ্ষণীয় ভাষাৰ জৰিয়তে শিল্পকলা সমালোচনাৰ দৰে জটিল তথা আমনিদায়ক বিষয়টোকো তেওঁ সৰস আৰু অন্তৰস্পৰ্শী কৰি তুলিছিল। নীলমণি ফুকনৰ প্ৰতিভা আৰু এই দক্ষতাক স্বীকৃতি দিয়াৰহে প্ৰয়োজনীয়তা আছে। বৰঞ্চতেখেতৰ সাৰ্থক কলা ৰচনাকেইখন শিল্পকলা সমালোচনাৰ পাঠ বোলাতকৈ একো একোটা নিটোল শব্দশিল্প, একোটা সমান্তৰাল কাব্যপাঠ”-(মৌচুমী কন্দলী) বুলি কৈ একীভূত কৰাতকৈ! নীলমণি ফুকনক কেৱল সফল কবি আৰু তেখেতৰ ৰচনা প্ৰবাহত এক কাব্যিক অনুভূতি বিৰাজমান বাবেই তেখেতৰ সকলো লেখাই কাব্যিক দৃষ্টিভংগীৰে চোৱাটোও গ্ৰহণযোগ্য নহয়৷ উদাহৰণস্বৰূপে যদি তেখেতৰশিল্পকলাৰ উপলব্ধি আৰু আনন্দশীৰ্ষক শিল্পকলা দৰ্শনৰ লেখাটো পঢ়া যায় তেন্তে তাত যি সমালোচক নীলমণি ফুকনৰ স্বতন্ত্ৰ উপস্থিতি অনুভৱ কৰিব পাৰি৷ কবি হিচাপে এক উচ্ছ্বসিত ব্যক্তিগত আৱেগৰ জোৱাৰেৰে পৰিপূৰ্ণ হৈ থকা বাবে তেখেতৰ শিল্পকলা সম্পৰ্কীয় ৰচনাতো সেই আৱেগ প্ৰকাশ পায়। তাৰ অৰ্থ এয়া নহয় যে ই তেখেতৰ কাব্যিক চেতনাৰ একমাত্ৰ প্ৰভাৱ মাত্ৰ৷

যদিও বিশ্বৰ কেইবাগৰাকীও বিখ্যাত চিত্ৰ-ভাস্কৰ্য শিল্পী ভাল কবিও আছিল, যেনে মাইকেলেঞ্জেলো, হাৰ্বাৰ্ট ৰীড, উইলিয়াম ব্লেকে লগতে কলা-সমালোচনাও কৰিছিল, কিন্তু তেখেতসকলৰ কৰ্মৰ যদি মূল্যায়ন কৰা হয়, তেন্তে প্ৰতিটো দিশতে তেখেতসকলৰ স্বতন্ত্ৰতাৰ প্ৰভাৱ দেখা যায়। উপৰোক্ত আলোচনাৰ জৰিয়তে লেখকে বৰ্তমানলৈকে নীলমণি ফুকনৰ শিল্প সমালোচনাক লৈ কৰা বিভিন্ন লেখকৰ কৰ্মৰাজিক এক ভিন্ন দৃষ্টিভংগীৰে চোৱাৰ প্ৰয়াস কৰা হৈছে৷ একে সময়তে নীলমণি ফুকনৰ ভাল কবিতা লিখে বাবেই ভাল কলা-সমালোচনা কৰে আৰু ভাল চিত্ৰ বা ভাস্কৰ্য চায় বাবেই ভাল কবিতা লিখিব পাৰে ধৰণৰ ধাৰণাটোক পুনৰ বিবেচনা কৰাৰ প্ৰয়াস কৰা হৈছে৷

২৩/২৪ খৃষ্টাব্দত জন্ম গ্ৰহণ কৰা ৰোমান লেখক আৰু নৌসেনা বিষয়াপ্লিনি দ্যা এল্ডাৰNaturalis Historica অৰ্থাৎ Natural History গ্ৰন্থখনত গ্ৰীচৰ ভাস্কৰ্য আৰু চিত্ৰশিল্পীৰ বৰ্ণনা আছে আৰু ইয়েই সম্ভৱতঃ বিশ্বৰ প্ৰথম কলা-সমালোচনা। প্ৰাচীন কালৰ দাৰ্শনিকসকলেও কলাক এক তাত্ত্বিক দৃষ্টিকোণেৰে চোৱাৰ প্ৰয়াস কৰিছিল। প্লেটই তেওঁৰ The Republic  নামৰ গ্ৰন্থখনত চিত্ৰশিল্পীক “Creator of appearance’’ বুলি বৰ্ণনা কৰিছিল। আনহাতে এৰিষ্টটলে তেওঁ Poetics  গ্ৰন্থত “Art is a moral issue, since it deals with human character’’ বুলি সহমত আগবঢ়াইছিল। এই সূত্ৰেই আগবঢ়া কলা-সমালোচনাই সোতৰৰ পৰা কুৰি শতিকালৈ বিভিন্ন উত্থান-পতনৰ মাজেৰে আগ বাঢ়িছিল। যদিও James Elikins আদিৰ মতে কলা- সমালোচনাক এটা বিষয় হিচাপে নৱজাগৰণৰ পাছৰ পৰাই প্ৰসাৰ আৰু প্ৰচাৰ হয়। কলা ইতিহাস আৰু কলা-সমালোচনাৰ যে এক তাত্ত্বিক ভিন্নতা আছে, সেয়াও ওঠৰ শতিকাৰ ব্ৰিটিছ চিত্ৰকৰ Jonathan Richardson-য়ে তেওঁৰ কিতাপ An essay of the theory of painting -ত প্ৰকাশ কৰিছিল। 

ভাৰতবৰ্ষত দৃশ্য শিল্পকলাৰ সমালোচনাৰ কোনো তাৎক্ষণিক প্ৰমাণ উপলব্ধ নহয় যদিও অষ্টমৰ পৰা ত্ৰয়োদশ শতিকাৰ ভিতৰত কেইবাখনো শিল্পশাস্ত্ৰ যেনে- মানষোল্লাসা, মনমাৰা শিল্পশাস্ত্ৰ,শিল্পৰত্ন, আদিত স্থাপত্য কলা আদিৰ আৰ্হিৰ বৰ্ণনা দিছে। বিষ্ণুধৰ্মোত্তৰ পুৰাণৰ চিত্ৰসূত্ৰত ঋষি মাৰ্কণ্ডেয় আৰু ৰাজকুমাৰ ব্ৰজৰ মাজৰ কথোপকথনত চিত্ৰৰ উৎপত্তি স্বৰ্গৰ অপেশ্বৰী উৰ্বশীৰ যোগেদি হোৱা বুলি কৈছিল। ওঠৰ শতিকাতহে পশ্চিমীয়া পদ্ধতিৰ কলা ইতিহাস বা সমালোচনা ভাৰতবৰ্ষ পাইছে যদিও A.K Coomerasmay, J. swaminathan আদিৰ প্ৰথম প্ৰচেষ্টাত এক ভাৰতীয় কলা-সমালোচনাৰ ধাৰা স্থাপিত হয়। পৰৱৰ্তী পৰ্যায়ত কমলা দেৱী চট্টোপাধ্যায়, পুপুল জয়াকাৰ, জয়া আপাস্বামী, ষ্টেলা কমৰিচ, অ চি গাংগুলী, মুল্ক ৰাজ আনন্দ,অশোক বাজপেয়ী, কপিলা বাৎসায়ন, বি এন গোস্বামী, জছলীন ধমিজা, গায়ত্ৰী সিনহা আদিয়ে ভাৰতৰ ইতিহাসত কলা-সমালোচনা নামৰ এক নতুন যুগৰ সূচনা কৰিছিল। ভাৰতবৰ্ষত কলা-সমালোচনা আৰু কলা ইতিহাসৰ সুকীয়া বৈশিষ্ট্যসম্পন্ন ভিন্নতা স্থাপন কৰা সহজ নহয়, কিয়নো প্ৰায় একেসকল ব্যক্তিয়েই দুয়োটা ধাৰাত কাম সম্পাদন কৰি আহিছে। 

এইখিনিতে পাঠকৰ মনত প্ৰশ্ন উঠিব পাৰে যে, নীলমণি ফুকনৰ ক্ষেত্ৰত এই প্ৰসংগ টানি অনাৰ প্ৰয়োজনীতা কত। প্ৰকৃততে অসমৰ চিত্ৰ সমালোচনা আৰু ইতিহাসৰ যি এক চালুকীয়া পৰিবেশ বৰ্তমানেও বিৰাজমান সেয়া অনুধাৱনত পাঠকক সহায় কৰাৰ বাবে, লগতে এই দিশত নীলমণি ফুকনৰ ঐকান্তিক অৱদানক বিশ্লেষণ কৰাৰ পূৰ্বে পটভূমিৰ এক সম্যক ধাৰণা দিয়াৰে প্ৰয়াস কৰা হৈছে। 

অসমত কলা বিষয়ক চিন্তা-চৰ্চা বৰ্তমানেও চালুকীয়া অৱস্থাত আছে বুলি কলেও বঢ়াই কোৱা নহব। সত্তৰৰ দশকৰ পৰা কিছু চিন্তা-চৰ্চা চলিছে যদিও পদ্ধতিগত আৰু বিজ্ঞানসন্মত দৃষ্টিৰে কলাৰ ৰসাস্বাদন কৰি ইয়াৰ স্তৰীভূত অনুভৱক প্ৰাঞ্জল ভাষাৰে সাধাৰণ দৰ্শক, পাঠকলৈ আগবঢ়াই নিয়াত একাণপতীয়াকৈ লাগি থকা লোকৰ অভাৱ বৰ্তমানেও আছে। 

সাহিত্য আলোচনাৰ দৰে শিল্প সমালোচনাত ভিৰ নাই। শিল্পৰ গুণগ্ৰাহী দৰ্শকক পথ নিৰ্দেশনা দি কলাৰ সৌন্দৰ্যক অধিক হৃদয়ংগম কৰাত সহায় কৰোঁতাৰ সংখ্যা প্ৰায় নগণ্য।

নীলমণি ফুকনে নিজেই জ্যোতিপ্ৰসাদক আধুনিক কলা সমালোচনাৰ অন্যতম পথিকৃৎআখ্যা দি থৈছে। যদিও জ্যোতিপ্ৰসাদৰ শিল্পকলা সম্পৰ্কীয় একমাত্ৰ প্ৰবন্ধটোৱেই হৈছে-অসমীয়া স্থাপত্যৰ নৱৰূপ’ (ৰচনাকাল ১৯৪৭ চন)। তেখেতৰ আন কিছু লেখা যেনে, ‘শিল্পীৰ পৃথিৱী’, ‘আইদেউৰ জোনাকী বাট’, ‘অসমৰ ফ্লিম শিল্পআদিত চালুকীয়াকৈ চিত্ৰ-ভাস্কৰ্য, স্থাপত্যৰ বিষয়ে উল্লেখ আছে। ইউৰোপত থকা কালছোৱাত জ্যোতিপ্ৰসাদৰ ইউৰোপীয় চিত্ৰশিল্প, ভাস্কৰ্য আৰু স্থাপত্যৰ লগত সংযোগ স্থাপন হৈছিল। নীলমণি ফুকনে আকৌ নিজেই লিখিছে, “এতিয়ালৈকে প্ৰকাশিত জ্যোতিপ্ৰসাদৰ লেখাসমূহত চিত্ৰকলা সম্পৰ্কত মাত্ৰ এটা আৰু ভাস্কৰ্য সম্বন্ধে বাৰটামান বাক্যহে পোৱা যায়। ” (জ্যোতিপ্ৰসাদৰ শিল্প-চিন্তা)

যদিও অসমীয়া শিল্প-স্থাপত্য আৰু ভাস্কৰ্যক লৈ জ্যোতিপ্ৰসাদৰ এক গভীৰ, দীপ্ত আৰু সুদূৰপ্ৰসাৰী চিন্তা আৰু আঁচনি আছিল, তৎসত্তেও কব পাৰি যে বিশেষকৈ অসমীয়া কলা-সমালোচনা বা কলা-ইতিহাস চৰ্চাৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদৰ অৱদান শূন্য আৰু জ্যোতিপ্ৰসাদকপথিকৃৎবুলি অভিহিত কৰাটো নীলমণি ফুকনৰ এক স্বভাৱজাত বিনয়হে মাত্ৰ। পুষ্প গগৈয়ে জ্যোতিপ্ৰসাদৰ অৱদানৰ কথা স্বীকাৰ কৰিও কৈছে যে, ‘প্ৰকৃতপক্ষে কলা সমালোচনা বুলি কবলৈ গ'লে নীলমণি ফুকনেহে অসমত ইয়াৰ পূৰ্ণ বিজ্ঞানসন্মতভাৱে পাতনি মেলিছে আৰু কলা-সমালোচনাক গভীৰভাৱে মনোযোগ দি গ্ৰহণ কৰিছে (সূত্ৰধাৰ, ১৯৯০)

প্ৰকৃততে এই কথাষাৰেই সত্য। অসমীয়া কলা-সমালোচনাৰ বা ইতিহাস চৰ্চাৰ বাটকটীয়া হিচাপে নীলমণি ফুকনহে অধিক গ্ৰহণযোগ্য। সমগ্ৰ অসমৰ শিল্প চেতনাক আলোড়িত কৰা জ্যোতিপ্ৰসাদ অসমীয়া ইতিহাসতেই এক ভোটাতৰা। তৎসত্তেও কলা-সমালোচনাৰ দিশত নীলমণি ফুকনহে এই সন্মানৰ প্ৰাপ্য। নীলমণি ফুকনৰ শিল্পকলাৰ চৰ্চা যাত্ৰাক কিছু অনুধাৱন কৰিলে এই উক্তিৰ যুক্তি সাব্যস্ত হব। 

নীলমণি ফুকনৰ শিল্পকলাক শৈশৱ-কৈশোৰত প্ৰাকৃতিক পৰিৱেশ আৰু সেই পৰিবেশক তেখেতৰ মনশ্চক্ষুৰ নিবিড় আৰু গভীৰ দৃষ্টিৰে হৃদয়ংগম কৰিব পৰাৰ সৃজনশীল শক্তিয়ে প্ৰগাঢ় ৰূপত গঢ়ি তুলিছিল। কৈশোৰকালতে তেখেতৰ বাবে 'হাতীৰ বিপুলাকাৰ গাটো- বিশেষকৈ কাণ দুখন আৰু শুঁৰডাল অপূৰ্ব সুন্দৰ বস্তু" হৈ পৰে। নাহৰণিৰ ফালৰ পৰা কাপোৰ বেছিবলৈ অহা বেপাৰীৰ টিনৰ পেৰাটোৰ ওপৰত থকা গোলাপফুলৰ থোপাটো একঅভিনৱ সৌন্দৰ্যৰ বস্তু আছিল।" দেৰগাওঁ হাইস্কুলত পঢ়ি থকা কালতে তেওঁক ঘৰৰ সমীপৰ নেঘেৰিটিং দলৰ আটকধুনীয়া স্থাপত্যই মোহিত কৰিছিল। ফুকনৰ ভাষাৰেইদেওপাহাৰটোৱেই আছিল মই দেখা প্ৰথম শিল্প সংগ্ৰহালয়।

চুবুৰীয়া কুমাৰ গাঁৱৰ মৃৎ শিল্পই তেওঁৰ কিশোৰ মন দোলায়িত কৰিছিল আৰু মৃৎপাত্ৰৰ প্ৰতি এক ধৰণৰ প্ৰীতিৰ ভাৱ গঢ়ি উঠিছিল। পৰৱৰ্তী পৰ্যায়তো এই সহজাত প্ৰীতিভাৱটোৰ বাবেই পৈণত কালত সুযোগ পালেই মৃৎশিল্প চুই চোৱাৰ এক তীব্ৰ আগ্ৰহ তেওঁ অনুভৱ কৰিছিল। দেওপাহাৰ চোৱাৰ তেখেতৰ সেই হৃদয় চমৎকৃত কৰা অভিজ্ঞতা তেখেতৰ এই দুটা কাব্যতে পৰিস্ফূত হৈ পৰিছে-দেওপাহাৰৰ নিজান দুপৰীয়াটো আজিও মোৰ কাৰণে এটা অবিস্মৰণীয় দুপৰীয়া হৈ আছে, …ভাৰতৰ শিল্পকলাৰ বিশ্বৰূপহে যেন দৰ্শন কৰিছিলোঁ সেইদিনা।পাছৰ কালত মূলতে কবি হিচাপেই প্ৰসিদ্ধ হোৱা নীলমণি ফুকনৰ গদ্য সাধনাৰ আৰম্ভণিনেঘেৰিটিঙৰ শিৱদৰ বিষয়ে আছিল আৰু ৰামধেনুত ১৯৭২ চনত এই লেখাটো প্ৰকাশ হৈ ওলাইছিল। 

নীলমণি ফুকনে ইতিহাস আৰু কলা সম্পৰ্কীয় লেখাৰেই লেখক জীৱনৰ পাতনি মেলিছিল বুলি কোৱাটো অত্যুক্তি কৰা নহব। স্কুলীয়া ছাত্ৰ হৈ থকা কালতেইদেৰগাঁৱৰ বুঢ়ীগোঁসানী দেৱালয়’, ‘ৰূপৰে টোলোঠা সোণৰ দোৰেপতি’-(অসমীয়া কাপোৰ), ‘জাংফাই কেৰুজোৰ পনিয়লি’- বাখৰবোৰ (অসমীয়া অলংকাৰ), ‘জাপি সৰুদৈয়া টুপি ঐ লাহৰী’-(জাপি), ‘হাতো মেলি নঘঁহিবি মালতী’- (অসমীয়া প্ৰসাধন), ‘মোৱা মাছ পকণি- খৰিচা শুকনি(আই)’- আদি অসমৰ লোককলা, শিল্প তথা লোকজীৱনৰ বিভিন্ন দিশক প্ৰতিনিধিত্ব কৰা লেখা প্ৰকাশ কৰিছিল।  নীলমণি ফুকনৰ কবিসত্তাটোৰ লগত পৰিচয় হোৱাৰ পূৰ্বতেই যে শিল্পকলাৰ লগত সংযোগ থকা এজন অনন্য নীলমণি ফুকন আছে, এই লেখাসমূহ তাৰেই পৰিচায়ক। 

দেৰগাঁৱৰ শিৱদল সম্পৰ্কীয় লেখা পঢ়ি ৰাজমোহন নাথৰ দৰে পণ্ডিত পুৰাতত্ত্ববিদ আহি তেখেতক উৎসাহ দিয়াটোৱে নীলমণি ফুকনৰ শিল্পকলাৰ প্ৰতি থকা কৌতূহলক গাঢ়তা দিছিল। দেৰগাঁৱৰ দৰে এখন মফচলীয়া সৰু গ্ৰাম্য চহৰত থাকি চাৰিওকাষৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু উপস্থিত থকা স্থাপত্য আৰু শিল্পকলাক হৃদয়ংগম কৰিব পৰাটোৱেই আচলতে নীলমণি ফুকনৰ সৃজনীশীলতা, কাব্যিক ব্যক্তিত্ব তথা শিল্পকলাৰ চেতনাক অনুভৱ কৰিব পৰাৰ চেতনাস্ৰোতটোৰ ভেঁটি নিৰ্মাণ কৰিছিল। 

 নীলমণি ফুকনৰ শিল্পকলাৰ সমালোচনাৰ ভেঁটি সুদৃঢ় কৰা এই দ্বিতীয় স্তৰটো মূলতঃ তেখেতৰ গুৱাহাটীলৈ আগমন আৰু কটন কলেজত শিক্ষাগ্ৰহণ কৰাৰ সময়ৰ পৰাই আৰম্ভ হৈছে বুলি কব পাৰি। তেখেতৰ নিজৰ ভাষাৰেইকটন কলেজলৈ আহিয়েই দ্বিতীয় কি তৃতীয় দিনাই ৰাজ্যিক সংগ্ৰহালয়টো চাবলৈ গৈছিলোঁ ...মই দেখা কটনৰ প্ৰথম কলা প্ৰদৰ্শনীখনত থকা তৰুণ দুৱৰাৰ এখন আৰু ড° ভূপেন হাজৰিকাৰ দুখন ছবি আজিও পাহৰা নাই। সেই প্ৰদৰ্শনীখনেই মই দেখা প্ৰথম প্ৰদৰ্শনী।’’ নীলমণি ফুকনে ছবি অঁকাৰ চেষ্টাও কৰিছিল, কিন্তু সেই বৃথা চেষ্টাক হৃদয়ংগম কৰিব পাৰি তেখেতে চিত্ৰ-ভাস্কৰ্য চোৱা বিষয়টোতহে গুৰুত্ব আৰোপ কৰিবলৈ ধৰিলে। 


নীলমণি ফুকনে নিজে অঁকা গ্ৰন্থৰ প্ৰচ্ছদ

কটন কলেজৰ শৈক্ষিক পৰিৱেশ তথা গুৱাহাটীৰ তদানীন্তন পৰিৱেশে নীলমণি ফুকনক তেখেতৰ আগ্ৰহৰ বিষয়বস্তুবোৰ জুঁকিয়াই-ফঁহিয়াই চোৱাৰ সুযোগ দিলে। দেৰগাঁৱৰ চকিয়াল গাঁৱৰ গ্ৰাম্য সৰলতাৰে সিক্ত কিশোৰ যুৱকজনৰ বাবে সেয়া আছিল আত্মোপলব্ধিৰ সময়। এই আত্মোপলব্ধিত যদিও কিছু জড়তা আৰু দুৰ্বোধ্যতা আছিল, তথাপি ই আছিল নিজৰ মন আৰু বিৱেকক আলোড়িত কৰি চমকিত কৰিব পৰা এছোৱা সময়। ফুকনে নিজেই কৈছে– “কটনলৈ অহাৰ পিছতহে লাহে লাহে মোৰ জীৱনে আগৰ সুঁতি সলাই এটা নতুন সুঁতি লবলৈ আৰম্ভ কৰিলে। মোৰো যে এটা সৃজনীশীল মন আৰু কল্পনা শক্তি আছে এই কথাটোৰো লাহে লাহে উমান পালোঁ।আকৌকটনৰ উপৰি সেই সময়ৰ গুৱাহাটীৰ পৰিৱেশতে পোৱা সাহিত্য, সংগীত, শিল্পকলাৰ সংবাদ, সম্পদে মোক আকৰ্ষিত কৰিছিল। সিবোৰে মোৰ বোধ আৰু সংবেদনক দিছিল এটা বিস্তৃতি। ’’

নীলমণি ফুকনৰ শিল্পকলা বিষয়ক আগ্ৰহক বাস্তৱ ৰূপ দিয়াত গুৱাহাটীৰ অৱদানৰ কথা ওপৰত উল্লেখ কৰা হৈছে। নৱযুগ কাকতত প্ৰকাশ পোৱাআধুনিক অসমীয়া শিল্প আৰু শিল্পীনামৰ প্ৰবন্ধটোক তেখেতৰ শিল্পকলা সম্বন্ধীয় প্ৰথম প্ৰবন্ধ বুলি কব পাৰি। তেখেতৰ  বিশিষ্ট সাহিত্যিক  চন্দ্ৰপ্ৰসাদ শইকীয়াৰ দ্বাৰা সম্পাদিত অসম বাতৰিত নীলমণি ফুকনৰ শিল্পকলা সম্পৰ্কীয় লেখা চেগাচোৰোকাকৈ প্ৰকাশ পাইছিল। দ্য আছাম ট্ৰিবিউন কাকততো তেখেতে অজন্তা গুহাচিত্ৰ সম্পৰ্কে এটা লেখা প্ৰকাশ হোৱাৰ কথা জনা যায়।

গুৱাহাটী কৰ্মসূত্ৰে থাকিবলৈ লোৱাৰ পাছৰ পৰাই নীলমণি ফুকনৰ শিল্পকলা চৰ্চাই এক পৰিৱেশ পায়৷ গুৱাহাটীৰ বৌদ্ধিক পৰিমণ্ডল আৰু থাওকতে উপলব্ধ চালুকীয়া সমলেৰে ফুকনে এই দিশত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰে ৷ নীলমণি ফুকনৰ বাবে "শিল্পকলা দৰ্শন বা চৰ্চা বিনোদন বিলাসৰ বস্তু নহয়, দেখাক দেখি কৰা কামো নহয়,.. শিল্পকলা চৰ্চা, জীৱন চৰ্চা, মনুষ্যত্ব চৰ্চাৰেই নামান্তৰ ৷"

গুৱাহাটীৰ মফচলীয় পৰিৱেশত আগশাৰীৰ শিল্পীৰ চিত্ৰ প্ৰদৰ্শনী বা ভাস্কৰ্য চোৱাৰ কোনো সুযোগ বা সুবিধা নাছিল৷ ইণ্টাৰনেট আদি বৰ্তমান উপলব্ধ আধুনিক সুবিধাৰ অভাৱো এক অন্তৰায় আছিল৷ তৎসত্বেও নীলমণি ফুকনে শিল্পকলা সম্পৰ্কে এক প্ৰণালীবদ্ধ অধ্যয়ণ আৰম্ভ কৰে৷ হাৰ্বাৰ্ট ৰীডৰ মিনিং অৱ আৰ্ট, এৰিখ নিউটনৰ য়ুৰোপীয়ান পেইণ্ট এণ্ড স্কাল্পছাৰ, কেনিথ ক্লাৰ্কৰ লেণ্ডস্কে ইন টু আৰ্ট আৰু ৰজাৰ ফ্ৰাইৰ ভিছন এণ্ড ডিজাইন আদি গ্ৰন্থৰ অধ্যয়ণন তেখেতক বিশ্ববন্দিত শিল্পীসকলৰ শিল্পকৰ্মৰ লগত চিনাকী হোৱাৰ সুযোগ দিয়ে৷ শিল্পকলাৰ এই ৰসাস্বাদনে তেওঁক এক গভীৰ মনস্তাত্বিক উদ্দীপনাত অৱগাহন কৰাই এক ইন্দ্ৰিয়াতীত অনুভৱেৰে সিক্ত কৰি তুলিছিল৷ ৰেমব্ৰেণ্টৰগুড ছামাৰিটান’’ আৰু ৰুবেঞ্চৰডেড খ্ৰাইষ্ট’’ ছবি দুখনে তেখেতক এনে আৱেগৰ আতিশযৰে আহ্লাদিত কৰিছিল যে,“ভাবাৱেগৰ আতিশয্যত উধাতু খোৱাদি গৈ এদিন সেই সময়ৰ ৰামধেনুৰ সম্পাদক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ চেনীকুঠিত থকা অফিচত লগ কৰিছিলোঁগৈ আৰু আগ-গুৰি নোহোৱাকৈ ওলাব লগা সংখ্যা ৰামধেনুত ছবি দুখন ছপাব লাগে বুলি অনুৰোধ কৰিছিলোঁগৈ৷’’

নীলমণি ফুকনে শিল্পকলা বা ছবি চোৱাটো এটা মহৎ কৰ্ম ৰূপে জ্ঞান কৰে ৷ কবিতা নিলিখাকৈ বা গান এটা নুশুনাকৈ তেখেতে বহু দিন পাৰ কৰিছে কিন্তু ছবি এখন নোচোৱাকৈ এদিনো থকাৰ কথা তেখেতৰ মনত নাই বুলিয়েই কৈছে ৷ গতিকে উপৰোক্ত দিশৰ পৰ্যালোচনাই নীলমণি ফুকনৰ শিল্পকলাৰ প্ৰতি থকা আগ্ৰহ, ইয়াৰ পটভূমিগত দৃষ্টিকোণ আৰু তেখেতৰ এই চৰ্চাক লৈ থকা অত্যধিক গুৰুত্ব আৰু কৰ্ষণক অনুধাৱন কৰিব পৰা যায়৷ 

শিল্পকলাৰ ৰসাস্বাদনৰ কোনো এক নিৰ্দিষ্ট পৰিভাষা নাই, ইয়াৰ কোনো এক স্থিৰ দৃষ্টিভংগীও নাই ৷ ব্যক্তিমাত্ৰেই এই প্ৰক্ৰিয়া ভিন্ন হোৱাটো স্বাভাৱিক আৰু এই ক্ষেত্ৰত শিল্পীৰ সৃষ্টিৰ প্ৰক্ৰিয়াৰ ভিন্নতাও এক অন্যতম দিশ ৷ বৰ্তমান ডিজিটেল যুগত শিল্পকলাৰ ভাষাগত, উপকৰণগত আৰু অভাৱনীয় বৈচিত্ৰ্যৰ বাবে একৰৈখিক সূত্ৰবিধি গ্ৰহণ কৰাটো সম্ভৱ নহয় ৷ তেনেস্থলত শিল্পকলা সমালোচক এজনে বা কলা-ইতিহাসবিদ এজনে কেনে ধৰণেৰে এনে দিশ এটাৰ উপস্থাপন কৰে সেয়া অতি চমকৃত।

বহু সময়ত শিল্পকলাৰ বিভিন্ন পদ্ধতি, তত্ত্ব বা আকাৰ-প্ৰকাৰ, পূৰ্ব প্ৰচলিত ধাৰা, ৰঙৰ ব্যৱহাৰ, পটভূমিৰ উপস্থাপন আদি বহু দিশৰ লগতে শিল্পকলাৰ যি এক অনুৰণিত উপজীৱ্য তাক অনুধাৱন কৰি, নিজা চিন্তা-দৰ্শনেৰে এক সাৰ্বিক প্ৰয়াসেৰে হৃদয়ংগম কৰিব পৰা চেতনাক দৰ্শকৰ মাজলৈ সৰল ভাষাৰে লৈ আহে ৷ এই গোটেই প্ৰক্ৰিয়াটো এটা জটিল প্ৰক্ৰিয়া আৰু বস্তুগত আৰু বিষয়গত জ্ঞানৰ লগত জীৱন, প্ৰকৃতি তথা সমাজ চেতনাৰ এক গভীৰ উপলব্ধি সম্পন্ন ব্যক্তিৰ বাবেহে এই কাৰ্য সম্ভৱ হৈ উঠে ৷ একে সময়তে এক সৃজনীশীল চেতনা হব পাৰিলেহে এই প্ৰক্ৰিয়া সহজসাধ্য হব পাৰে ৷ ঠিক একে কাৰণতে আৰু আন পৰিস্থিতিগত কাৰণৰ বাবেও বহু আঞ্চলিক ভাষাত শিল্পকলা সমালোচনাৰ দিশটো আশাপ্ৰদ নহয় ৷ অসমীয়া ভাষাও এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় ৷ 

নীলমণি ফুকনে অসমৰ শিল্প সমালোচনা আৰু চৰ্চালৈ এক পদ্ধতিগত সম্পৰীক্ষা আনে আৰু ইও যে সমাজ-সংস্কৃতিৰ প্ৰতিনিধিত্বকাৰী এক সমকালীন চৰ্চা সেইটো প্ৰতিষ্ঠা কৰে৷ পূৰ্বে উল্লেখ কৰি অহাৰ দৰে নীলমণি ফুকনৰ লেখক জীৱনৰ প্ৰথম লেখাটোৱেই এনে এক দিশৰ ওপৰত লিখা হৈছিল ৷ নীলমণি ফুকনৰ শিল্পকলা সম্পৰ্কীয় লেখাসমূহ তেখেতৰ মূলত তিনিখন প্ৰকাশিত গ্ৰন্থত থূপাই থোৱা আছে ৷ সেই কেইখন হৈছে লোককল্প দৃষ্টি, ৰূপ বৰ্ণ বাক আৰু শিল্পকলা দৰ্শন ৷ ইয়াৰ উপৰি তেখেতে আন কেইবাটাও প্ৰবন্ধ যেনে- "° আনন্দ কুমাৰ স্বামী", "চিত্ৰ প্ৰকাৰ", "ভাৰতীয় ভাস্কৰ্যত যক্ষ-যক্ষী", "শোভা ব্ৰহ্মৰ ছবি", "বেণু মিশ্ৰ-কিছু স্মৃতি কথা, কিছু ছবিৰ কথা" আদি প্ৰবন্ধ লিখিছে ৷ এই সকলোৱে তেখেতৰ নীলমণি ফুকন ৰচনাৱলীত ঠাই পাইছে ৷  একে সময়তে পোনপটীয়াকৈ যিকোনো সমালোচনা সম্পৰ্কীয় নহলেও এলানি লোক-সংস্কৃতি সম্পৰ্কীয় লেখাহে তেখেতে লিখিছে ৷ সেই কথা ওপৰত উল্লেখ কৰি অহা হৈছে। মূলতঃ কবিতাৰ পিছত নীলমণি ফুকনে অসমীয়া শিল্পকলা চৰ্চাৰ বিষয়টোলৈ এক অসামান্য অৱদান আগ বঢ়াইছে ৷ তেখেতৰ বহুকেইটা ভ্ৰমণ কাহিনী আৰু ভাষণতো এই বিষয়টোৱে ঠাই পাইছে ৷ প্ৰকৃতাৰ্থত অসমীয়া ভাষাত শিল্পকলা চৰ্চা আৰু সমালোচনাক ইমান পোনপটীয়াকৈ এক লিখন বিষয়বস্তু হিচাপে নীলমণি ফুকনেই আগ বঢ়াই আনিছে ৷ 

শিল্পৰ আধুনিক, লোককলা আৰু শাস্ত্ৰীয় কলা- এই তিনিটা দিশত নীলমণি ফুকনে নিজৰ স্বকীয় চিন্তা আৰু চাপ ৰাখিছে ৷ লোক কল্পদৃষ্টি প্ৰকৃততেই অসমৰ লোকজীৱনত থকা শিল্প-সৌন্দৰ্যৰ এক খতিয়ান ৷ কৃষিজীৱি চহা গ্ৰাম্য জীৱনৰ পৰম্পৰাগত শিল্পৰ চানেকি হিচাপে এই গ্ৰন্থখনে অসমৰ লোক-শিল্পকলাৰ চৰ্চা আৰু গৱেষণাক, বিশেষকৈ ইয়াৰ সংৰক্ষণৰ বাবে এক নিৰন্তৰ প্ৰয়াসক গ্ৰহণ কৰাৰ বিষয়ে সচেতন কৰি তুলিছে ৷ ভাৰত চৰকাৰৰ এটা জলপানি লাভ কৰি যুগুত কৰা এই গ্ৰন্থখনত থকা বৰ্তমান দুস্প্ৰাপ্য  আৰু অমূল্য আলোকছবি তথা কলাবস্তুসমূহৰ উল্লেখে এই গ্ৰন্থখনক অসমৰ লোক-শিল্পকলা চৰ্চাৰ এখন আপুৰুগীয়া গ্ৰন্থলৈ পৰিণত কৰিছে ৷ মূলতঃ এই গ্ৰন্থখন যদিও এক ক্ষেত্ৰ অনুসন্ধানৰ জৰিয়তে সংগ্ৰহিত তথ্যৰ আধাৰত প্ৰণয়ন কৰা এক গ্ৰন্থতৎসত্তেও এই গ্ৰন্থখনতে নীলমণি ফুকনৰ মৌলিক চিন্তা, বিষয়ৰ ওপৰত থকা দখল, জ্ঞান তথা এক নিৰ্দিষ্ট নিৰপেক্ষ আৰু মুক্ত চিন্তাৰ উমান পোৱা যায় ৷ বিৰিঞ্চি কুমাৰ বৰুৱাৰ অসমৰ লোক-সংস্কৃতি (১৯৬১)-ত অসমীয়া লোকশিল্পৰ কিছু আভাস দিয়া হৈছিল, আনহাতে যুগল দাসৰ অসমৰ লোককলা (১৯৬৮)-তো লোক শিল্পকলাৰ মূল বিৱৰণ আগবঢ়োৱা হৈছিল ৷ কিন্তু নীলমণি ফুকনৰ লোককল্প দৃষ্টিয়ে পদ্ধতিগত আৰু আৰ্হিগত বিষয়বোৰৰ পৰা অসমৰ লোক জীৱনৰ আধাৰ স্বৰূপ পৰম্পৰাগত জীৱনশৈলী আৰু দৰ্শনকো এক নিৰ্দিষ্ট বিশ্লেষণেৰে ফঁহিয়াই চোৱাৰ প্ৰয়াস কৰিছে ৷ ইয়াৰ প্ৰভাৱে কেনেদৰে লোকশিল্পক উজ্জীৱিত আৰু কিছুসময়ত নিস্প্ৰভ কৰিছে সেয়া ব্যাখ্যা কৰিছে ৷ অসমৰ মৃৎশিল্পৰ পৰা স্বৰ্ণশিল্পলৈকে আৰু অসমৰ লোকশিল্পৰ বিভিন্ন প্ৰতীকৰ সুন্দৰ ব্যাখ্যাৰে এই গ্ৰন্থখনে বহু গৱেষণাৰ সমল দাঙি ধৰিছে ৷ অসমৰ লোক শিল্পকলাৰ এখন আপুৰুগীয়া হাতপুথিস্বৰূপ লোক কল্পদৃষ্টি মূলতঃ এখন তথ্যধৰ্মী গ্ৰন্থ ৷ লোক শিল্পকলাৰ চেতনাধাৰী পাঠকৰ আগত এনে কম প্ৰচলিত বিষয় প্ৰাঞ্জল ভাষাৰে তুলি ধৰাতেই তেখেতৰ মহৎ উদ্দেশ্যৰ আভাস পোৱা যায়।  

১৯৮৮ চনত প্ৰকাশিত ৰূপ বৰ্ণ বাক নীলমণি ফুকনৰ শিল্পকলা বিষয়ক দ্বিতীয় ফচল ৷  বাৰটা প্ৰবন্ধ, দহটা শিল্প আৰু শিল্পকেন্দ্ৰিক কবিতাৰে এই সংকলনখন সমৃদ্ধ হৈছে ৷ ৰামকিংকৰ বেইজৰ মৃত্যুৰ পাছত লিখা সোঁৱৰণী লেখাটোৱেও নীলমণি ফুকনৰ বেইজৰ শিল্প কৰ্মৰ প্ৰতি থকা প্ৰৱল অনুৰাগক প্ৰতিফলিত কৰে ৷ নীলমণি ফুকনে গভীৰ অন্তৰ্দৃষ্টিৰে ৰামকিংকৰ বেইজৰ ৰচনাৰাজিক পৰ্যবেক্ষণ কৰিছিল ৷ৰামকিংকৰৰ মূৰ্তিবোৰৰ নিজস্ব সত্তা আছে ৷ গভীৰভাৱে আৱেগপূৰ্ণ একোটা জীৱন্ত চাওতাল মূৰ্তিবোৰ দেখিলে ভাব হয় যেন সিহঁতৰ অৱয়বৰ অভ্যন্তৰত সোমাই থকা প্ৰাণে বা জৈৱিক শক্তিয়ে অহৰহ দেহাৱয়বৰ ওপৰলৈ ওলাই আহিবলৈ বিচাৰিছে, দেহাবয়ৱক কৰি তুলিছে স্ফীত, তেজোদ্দীপ্ত আৰু স্পন্দিত৷’’- এনে স্থিৰ, স্পষ্ট আৰু অনুভূতিপ্ৰৱণ বৰ্ণনা নীলমণি ফুকনৰ বাবেহে সম্ভৱ ৷ এই সংকলনখনৰ দুটা আপুৰুগীয়া প্ৰৱন্ধ হৈছে বিশিষ্ট চিত্ৰশিল্পী পল চেজান আৰু পিকাছোক লৈ লিখা প্ৰবন্ধ দুটা ৷ এই দুজন চিত্ৰকৰৰে ৰসগ্ৰাহী দৰ্শক আছিল নীলমণি ফুকন ৷ পল চেজান নীলমণি ফুকনৰ অন্যতম প্ৰিয় শিল্পী ৷ চেজানৰ শিল্পসত্তাই নীলমণি ফুকনক আলোড়িত কৰি ৰাখিছিল ৷ পল চেজানক লৈ লিখা এই প্ৰবন্ধত চেজানৰ শিল্পকৰ্মৰ এক বিস্তৃত ধাৰণা দিয়াৰ লগতে নীলমণি ফুকনৰ নিজা চিন্তা আৰু অনুভৱৰ প্ৰকাশ মূৰ্তমান হৈ উঠিছে ৷ পল চেজানৰ শিল্পকৰ্মই নীলমণি ফুকনক উচ্ছ্বসিত কৰি তোলে, কেতিয়াবা নীলমণি ফুকন হৈ পৰে স্তৰীভূত আৱেগৰ জোৱাৰ-ভাটা ৷ চেজানৰমডাৰ্ণ অলিম্পিয়া’’ নামৰ ছবিখনৰ অন্তৰালত থকা চেজানৰ শ্বাসৰুদ্ধকাৰী  অস্বাভাৱিক মানসিক উত্তেজনাক যিদৰে অনুভৱ কৰিব পাৰে, ঠিক সেইদৰে চেজানৰ নিসৰ্গ চিত্ৰবোৰৰ সুষমাক প্ৰকৃত উপলব্ধি কৰাটোত সফল হৈছে ৷ চেজানৰ শিল্পকৰ্মৰ যি এক অন্তৰ্ভূত দৰ্শন, তাক হৃদয়ংগম কৰাত নীলমণি ফুকন সফল হৈছে ৷

চেজানৰ কাৰণে জগতখন আছিল বস্তুভিত্তিক ৷ প্ৰকৃতিৰ যি ৰূপ আমি বাহিৰৰ পৰা দেখিছোঁ, সি প্ৰকৃতিৰ চলনাময়ী বহিঃধৰণ মাথোন ৷ ৰৈ আছে এক সনাতন বিমূৰ্ত জগত, এক জ্যামিত্যিক অস্তিত্ব, সেই জগতখন, সেই অস্তিত্ব বায়ৱীয় নহয়সি কঠিন ঘন আকাৰ বিশিষ্ট ৷ ’’ চেজানৰ কৰ্ম আৰু দৰ্শনক লৈ এনে গূঢ় উপলব্ধি নীলমণি ফুকনৰ বাবেহে সম্ভৱ৷

পল চেজানৰ চিত্ৰৰ মাজত যদি এক নিসংগ, মানৱীয় আৰু দাৰ্শনিক অনুভূতিৰ উপলব্ধি অনুভৱ কৰিছিল, পিকাছোৰ ছবিৰ মাজত আছিল অহৰহ সম্পৰীক্ষা,অন্তহীন বৈচিত্ৰ্যৰ বিপুলায়তন সৃষ্টিৰ ঐক্যহীন অস্থিৰতা৷ গভীৰ জীৱনবোধ, মননশীল অনুভূতিৰ প্ৰাৱল্য তথা স্থিৰ বোধশক্তিসম্পন্ন বাবেই নীলমণি ফুকনে দুয়োজন শিল্পীৰ কৰ্মক এক নিৰলস প্ৰজ্ঞাৰ কষটি শিলত ঘঁহি-মাজি চোৱাৰ যোগ্যতা লাভ কৰিছিল ৷  নীলমণি ফুকনে পিকাছোৰ সম্বন্ধে লিখা সুদীৰ্ঘ প্ৰবন্ধটোত পিকাছোৰ চিত্ৰকলা চৰ্চাৰ প্ৰভাৱ, বিস্তাৰ তথা গুণগত মান আৰু চেতনাস্ৰোতৰ প্ৰভাৱ আদি সকলো দিশ আলোচনা কৰিছে ৷ পিকাছোৰ সৰ্বশ্ৰেষ্ঠ কীৰ্তি হিচাপে স্বীকৃত হোৱাগোৱেৰ্নিকা’’ ছবিখনক লৈ নীলমণি ফুকনে লিখিছিল-জটিল ডিজাইন আৰু একেবাৰে ব্যক্তিগত প্ৰতীকবোৰে সমৃদ্ধ এই চিত্ৰখনে প্ৰথমতে দৰ্শকৰ মাজত বিচিত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল৷ নিতান্ত জটিল হোৱা সত্তেও চিত্ৰখনৰ মহৎ বিষয়বস্তু, নাটকীয় ট্ৰেজিক উপলব্ধিৰ গভীৰ আৱেদনত শেষত কোনো দৰ্শকেই মুগ্ধ আৰু বিহ্বল নোহোৱাকৈ থাকিব নোৱাৰিলে৷’’

এই গ্ৰন্থখনতে নীলমণি ফুকনৰ কেইবাটাও উল্লেখযোগ্য শিল্পকলা বিষয়ক প্ৰবন্ধই স্থান পাইছে ৷আধুনিকতাৰ বাৰ্তাবাহী জনদিয়েক অসমীয়া চিত্ৰকৰ’’ প্ৰবন্ধই অসমৰ আধুনিক চিত্ৰশিল্পৰ পৰিক্ৰমাক ৰেখাংকৃত কৰিছে ৷ একে সময়তেকবিতা চিত্ৰ-কবি-চিত্ৰকৰআন এটা অতি আকৰ্ষণীয় প্ৰবন্ধ ৷জ্যোতিপ্ৰসাদৰ শিল্পচিন্তাত জ্যোতিপ্ৰসাদৰ সামগ্ৰিক শিল্পচেতনাৰ পৰিকাঠামো আৰু কৰ্মৰাজিক আলোকপাত কৰিছে ৷চিত্ৰকলাবিষয়ক লেখাটো আধুনিক চিত্ৰকলা শিক্ষাৰ ক্ষেত্ৰতে এটা দিশনিৰ্দেশক প্ৰবন্ধ ৷ সংকলনখনিৰ শিল্পকৰ্ম আৰু শিল্পকেন্দ্ৰিক কবিতাসমূহ একোটা নিটোল শিল্পকৰ্ম ৷

দুই এটা চেগা-চোৰাকৈ লিখা লেখাৰ পাছত ৰূপ-বৰ্ণ-বাকৰ প্ৰায় এক দশকৰ পাছত ১৯৯৮ চনত প্ৰকাশ পায় নীলমণি ফুকনৰ আন এখন উল্লেখযোগ্য গ্ৰন্থ শিল্পকলা দৰ্শনমূলতঃ চুটি ৰচনা এলানিৰ সংকলন হৈছে এই সংকলনটি ৷ এই সংকলনখনিৰ কেইবাটাও লেখাৰ মাজেৰে শিল্পৰ নান্দনিক আৰু কলাগত সুষমাৰ অন্তৰালত থকা দাৰ্শনিক উপস্থিতি তথা জীৱন চৰ্চাৰ লগত শিল্পৰ সংযোগ প্ৰকাশিত হৈছে ৷

ৰাজস্থানী অনুচিত্ৰৰ বিষয়ে আলোচনা কৰাকিষাণগড়ৰ ৰাধা’’ শীৰ্ষক লেখাটোত নীলমণি ফুকনে শিল্পী নিহালচাঁদৰবানিথানি’’ ৰাধাৰ মাজত মূৰ্তমান হৈ উঠাভাৰতীয় নাৰীৰ অন্তঃহীন জীৱনৰ সহজ সৌন্দৰ্যৰ স্নিগ্ধ অভিব্যক্তিক বুজাত ভুল কৰা নাই ৷ এই সংকলনখনিৰ এটা অন্যতম আপুৰুগীয়া লেখা হৈছে ব্ৰাঁকুছি ৷ আধুনিক ভাস্কৰ্যকলাৰ এই অন্যতম পথিকৃৎজনৰ বিষয়ে এক সৰল অথচ সৃজনীশীল দীপ্ততাৰে ৰঙীন নাতিদীৰ্ঘ লেখাত নীলমণি ফুকনে ব্ৰাকুছিৰ জীৱন আৰু কৰ্মক অৱলোকন কৰাৰ সাৰ্থক প্ৰয়াস কৰিছে ৷ নীলমণি ফুকনে লিখিছে- ব্ৰাঁকুছি প্ৰধানকৈ অৱয়ৱী (figurative) এজন আকৃতি সচেতন শিল্পী, কোনো ৰচনাই তেওঁৰ বিমূৰ্ত নহয়, বিষয়বস্তু নিৰপেক্ষ নহয় ৷ কিন্তু তেওঁৰ অধিকাংশ ৰচনাক বিমূৰ্ত বুলি কব পাৰি 

এই সংকলনখনিৰ অতি প্ৰয়োজনীয় আৰু কলাৰসিকসকলৰ বাবে প্ৰাঞ্জল ভাষাত লিখা আপুৰুগীয়া প্ৰবন্ধটোৱেই হৈছে-শিল্পকলাৰ উপলব্ধি আৰু আনন্দ ৷’  মূলত জন বাৰ্ঝাৰ বিখ্যাত গ্ৰন্থ Ways of Seeing-অক আধাৰ কৰি নীলমণি ফুকনে ছবি বা ভাস্কৰ্য শিল্পৰ ৰসাস্বাদনৰ এক প্ৰক্ৰিয়াৰ লগত পাঠকক চিনাকি কৰাই দিছে৷ শিল্পকলাৰ ৰসোগ্ৰাহী দৰ্শকক প্ৰাথমিকৰ পৰা শিল্পৰ দৰ্শনলৈকে সকলো দিশৰ এক গ্ৰহণযোগ্য সম্যক ধাৰণা এই প্ৰবন্ধটোৱে দিছে ৷ সংকলনখনৰ বাকীকেইটা প্ৰবন্ধত নীলমণি ফুকনৰ সমসাময়িক কেইবাজনো শিল্পীৰ শিল্পকৰ্মৰ এক সঠিক মূল্যায়ন প্ৰকাশ পাইছে ৷ জীৱেশ্বৰ বৰুৱা আৰু অসমৰ চিত্ৰকলা শিক্ষাৰ বিষয়ক প্ৰবন্ধটো এই বিষয়ৰে এক আপুৰুগীয়া সমল ৷

এই তিনিখন গ্ৰন্থৰ বাদেও নীলমণি ফুকনে শিল্পকলা সম্পৰ্কীয় আন  এলানি লেখাও অসমীয়া শিল্প-সাহিত্যত সংযোজন কৰি থৈছে।আনন্দ কুমাৰ স্বামীনামৰ প্ৰবন্ধটো  বিশিষ্ট কলা-ইতিহাসবিদ আৰু সমালোচক আনন্দ কুমাৰস্বামীৰ কৰ্মৰাজিৰ এক বিস্তৃত মূল্যায়ন মাত্ৰ বুলি  নকৈ এক ঐতিহাসিক দলিল হিচাপেও কব পৰা যায়। বাকী চিত্ৰ প্ৰকাৰ, ভাৰতীয় ভাস্কৰ্যত যক্ষ আৰু যক্ষী তথা শোভা ব্ৰহ্ম সম্পৰ্কীয় লেখাবোৰ নীলমণি ফুকনৰ নিৰলস প্ৰজ্ঞাৰ পৰিচায়ক ৷

তেখেতৰ ছাত্ৰাৱস্থাৰ এই বিষয়ক লেখাসমূহত লোককলা আৰু লোকজীৱনৰ চাপ পৰিছে ৷ ইতিহাস, লোককলা আৰু লোকাচাৰৰ সফল আলোচনাৰে লেখা সেইলানি লেখাৰ বৌদ্ধিক গুৰুত্ব আজিও হ্ৰাস হোৱা নাই ৷ 

দুই এটা ভ্ৰমণ অনুভৱৰ ৰচনাতো নীলমণি ফুকনে শিল্পকলা সম্পৰ্কীয় চৰ্চা কৰিছে৷ প্ৰকৃততে তেখেতৰ ভ্ৰমণত শিল্পকলা দৰ্শনে আগস্থান পায় ৷বাৰাণসী-সাৰনাথত এটা দুপৰীয়ালেখাটিত তেখেতৰ বাৰাণসী ভ্ৰমণৰ অভিজ্ঞতাৰ সমান্তৰালকৈ বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ কলাভৱনৰ আপুৰুগীয়া সম্পদ দৰ্শনৰ অভিজ্ঞতাৰ কথাও বৰ্ণনা কৰিছে ৷ আকৌ গোৱাৰ পানাজীত সাহিত্য অকাদেমুিৰ বঁটা লবলৈ গৈ নীলমণি ফুকনে বিশিষ্ট চিত্ৰশিল্পী লক্ষ্মণ পাইৰ ঘৰলৈ গৈ তেখেতৰ ছবি চাইছিলগৈ ৷আৰৱ সাগৰত দিনৰ এবেলা, এটা ৰাতিলেখাটোত তেখেতে ইয়াৰ এক সুন্দৰ বৰ্ণনা দিছে ৷ মূলতঃ এইখিনি লেখাৰেই নীলমণি ফুকনে অসমীয়া শিল্পকলা চৰ্চাৰ দিশটোক সমৃদ্ধ কৰিছে ৷ 

নীলমণি ফুকনৰ কাব্য চেতনাৰ প্ৰাৱল্যই নীলমণি ফুকনৰ অসমীয়া আধুনিক কবিতাৰমহীৰূহহিচাপে স্থাপিত কৰিছে ৷ বৈচিত্ৰ্যধৰ্মী, গভীৰ চিন্তা বিজড়িত, মন-প্ৰাণক আন্দোলিত কৰিব পৰা কবিতাৰে ফুকনে প্ৰায় অৰ্ধ শতিকাৰো অধিক সময় পাঠকক চমকিত কৰি আহিছে৷ চিত্ৰকলাৰ প্ৰতি থকা অনুৰাগে তেখেতৰ কাব্য চৰ্চাক এক মাত্ৰা দিছে ৷ কবিতাত তেখেতে অনেক Colour epithet ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰিছে৷ কবিয়ে নিজেই স্বীকাৰ কৰিছেমোৰ কবিতা চাক্ষুস হৈ পৰাৰ গুৰিতে চিত্ৰকলাৰ লগত থকা দীঘলীয়া অন্তৰংগতা ৷ কিন্তু কবিতাৰ মাধ্যম যে ভাষা ।কবিতালৈ যে ৰং আৰু ৰেখাৰ মহিমা আনিব নোৱাৰি সেই কথা পাহৰি যোৱা নাই ৷’’

শিল্পকলা সমালোচনা আৰু কলা-ইতিহাস চৰ্চাৰ ক্ষেত্ৰত অসমীয়া ভাষাত নীলমণি ফুকনেই বাট কাটিছে আৰু সেই বাটেৰেই ড° মৌচুমী কন্দলী আৰু মুষ্টিমেয় কিছু সংখ্যক লোক আগ বাঢ়িছে ৷ কিন্তু বৰ্তমানেও কলা সমালোচনা, গৱেষণা আৰু ইয়াৰ ইতিহাস চৰ্চা চালুকীয়া হৈয়ে আছে ৷ নীলমণি ফুকনে অসমীয়া ভাষাত শিল্পকলা চৰ্চাৰ এক স্বতন্ত্ৰ বাগধাৰাৰ আৰম্ভণি কৰাত সফল হৈছে ৷ যদি এক নিৰ্মোহ বিশ্লেষণ কৰা হয় তেন্তে এই বাগধাৰা নীলমণি ফুকনৰ ৰসঘন চেতনাৰ প্ৰগাঢ় অনুভূতিসম্পন্ন আন্দোলিত আৱেগৰ স্পষ্ট প্ৰকাশ, বহু সময়ত ই শিল্পকলা সমালোচনাৰ তাত্ত্বিক আৰু পদ্ধতিগত কৌশলৰ মূল্যায়ন নোহোৱা সত্তেও ফুকনৰ ৰুচিৱান পৰিশীলিত লিখন কৌশলে ইয়াক এক নতুন মাত্ৰা দিয়াত সফল হৈছে ৷

সমসাময়িক ভাৰতৰ আগশাৰীৰ শিল্পকলা সমালোচকসকলৰ লগত চিন্তা আৰু মেধাৰ নৈকট্য থকা সত্তেও এক স্পষ্ট, নিৰ্দিষ্ট আৰু  শিল্পকলা সমালোচনা আৰু কলা ইতিহাস চৰ্চাৰ এক পদ্ধতিগতবাগধাৰাৰ উপস্থিতিৰ অভাৱ অনুভৱ হয় ৷ নীলমণি ফুকনৰ এনে বিষয়ৰ লেখাসমূহকো কাব্যিক প্ৰভাৱৰ দৃষ্টিকোণেৰে পৰ্যালোচনা কৰি নীলমণি ফুকনৰ স্বতন্ত্ৰ শিল্পকলা চৰ্চাক এক গণ্ডীৰ ভিতৰত ৰাখি থলে তেখেতৰ শিল্পকলা সমালোচনাক সঠিক মূল্যায়ন কৰা নহব যেন লাগে ৷ নীলমণি ফুকনে শিল্পকলা সমালোচনাৰ কাম কৰি যাওঁতে সমানে অসমীয়া ভাষাৰ শব্দৰ ভাণ্ডাৰলৈ কিছু আপুৰুগীয়া শব্দ সম্ভাৰ আগবঢ়াইছে ৷ ভাষাটোক সমৃদ্ধ কৰি একশিল্পকলাৰ ভাষাৰ সৃষ্টিত এই অৱদান নিঃসন্দেহে এক অতুলনীয় অৱদান ৷

শিল্পকলাৰ এই নিবিড় জগতখনত থাকি নীলমণি ফুকনে শিল্পৰ ৰসাস্বাদনৰ আনন্দৰ দ্বাৰা সাধাৰণ পাঠকক আগবঢ়াই দিওঁতে অতি আচৰিতভাৱে অসমৰ জনজাতীয় ভাই-ভনীসকলৰ লোকাচাৰ, লোকশিল্প আৰু শিল্পকলা আদিৰ দিশটো কিছু উপেক্ষা কৰা যেন অনুভূত হয় ৷ আধুনিক শিল্পকলা আৰু ইয়াৰ গূঢ় তত্ত্বৰে আলোড়িত নীলমণি ফুকনে এই দিশৰ কিছু গুৰুত্বপূৰ্ণ কৰ্মৰাজিয়ে হয়তো এক নতুন প্ৰজ্ঞাৰ পোহৰ পেলাবলৈ সক্ষম হলহেঁতেন ৷

কবি নীলমণিৰ কবিতাত এক চিত্ৰল ভাৱনা সদায়েই পৰিস্ফূত। শিল্পকলাৰে প্ৰভাৱান্বিত হৈ কবিয়ে কেইবাটাও আটকধুনীয়া মননশীল কবিতাৰ উপহাৰ দিছে ৷ কিন্তু একোটা দৃষ্টিকোণেৰে তেখেতৰ শিল্প-কলা সমালোচনাৰ দিশটোক বিশ্লেষণ কৰাটো ভুল হব ৷ অন্তৰ-মনেৰে এজন কবি হোৱা বাবে লেখাৰ ধৰণ বা চিন্তাৰ প্ৰকাশত এক কাব্যিক অনুৰাগ তেখেতৰ লেখাবোৰত প্ৰকাশিত হব পাৰে, কিন্তু একে সময়তে এইটোও উল্লেখযোগ্য যে নীলমণি ফুকনৰ শিল্পকলা বিষয়ক ৰচনাসমূহত নীলমণি ফুকনৰ শিল্প সত্বাৰহে প্ৰতিফলন হৈছেযি স্বতন্ত্ৰ, সুকীয়া আৰু কবিসত্তাৰ পৰা পৃথক ৷

এই লেখাটোৰ জৰিয়তে শিল্পকলা সমালোচনা আৰু কলা ইতিহাসৰ প্ৰক্ৰিয়াটোৰ এটা সম্যক আলোচনাৰ লগতে নীলমণি ফুকনৰ শিল্পকলা সমালোচনাৰ ভেঁটি, তেখেতৰ শিল্প সমালোচনা শীৰ্ষক গুৰুত্বপূৰ্ণ কৰ্মৰাজিৰ এক পৰ্যালোচনা আৰু শেষত তেখেতৰ এই কৰ্মৰাজিক এক ভিন্ন দৃষ্টিকোণেৰে চোৱাৰ যুক্তিক আগবঢ়াই নিয়া হৈছে ৷ এই দিশত আৰু অধিক চিন্তা-চৰ্চা আৰু আলোচনাৰ থল আছে ৷ এয়া শিল্পকলা সমালোচকগৰাকীলৈ শ্ৰদ্ধাৰে তেখেতৰ এনে কৰ্মৰাজিৰ  এক নতুন দৃষ্টিভংগীৰে পৰ্যালোচনা কৰাৰ বিনম্ৰ প্ৰয়াস মাত্ৰ ৷

 

ঠিকনা  :

উপ সঞ্চালক 

ৰাষ্ট্ৰপতি ভৱন

ফোন নং  : ৮৮০০৯৪৮৮০৮

ই-মেইল : protimpankaj@gmail.com



অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ