দাদুল দেৱকৃষ্ণ
বৰুৱা
(২০)
ধপ্ ধপ্ ধপ্
ধপ্...! পাখি কোবোৱাৰ শব্দ। মলেঁয়াই পাখি কোবাইছে। ঘৰৰ মূধচৰ ওপৰেদি মলেঁয়া
উৰিছে। তাই উৰণৰ আনন্দ লৈছে। ফূৰ্তিতে চিঞৰিছে। কিমান বছৰৰ পিছত যে তাই উৰিব
পাৰিছে! সেয়ে তাই উৰণ-আনন্দত মতলীয়া হৈছে। ভগা ডেউকাত কঁপনি উঠিছে। ষ্টেপানৰো
আনন্দ লাগিছে। চোতালৰ মাজত থিয় দি তেওঁ চাই ৰৈছে মলেঁয়াৰ উৰণ কৌশল।
ইফালৰ পৰা
সিফালে উৰি ফুৰিছে মলেঁয়া। মন গ'লে ষ্টেপানৰ ঘৰৰ মূধচত এপলক জিৰায়।
আকৌ উৰে। তাই যেন অত বছৰৰ বন্দিত্বৰ বেহু ভেদি উৰি ফুৰিব খুজিছে আকাশৰ অসীমত! তাই
যেন বুকু ভৰাই ল'ব বিচাৰিছে আকাশৰ নীলাখিনি!
একোবত ষ্টেপানৰ
মূৰৰ সামান্য ওপৰেদি আহি নিলগলৈ উৰি গ'ল মলেঁয়া। ষ্টেপানে চাই ৰ'ল
তাই উৰি যোৱাৰ ফালে। তেওঁৰ দৃষ্টিৰ পৰিসীমাৰ পৰা বাহিৰ হৈ গ'ল মলেঁয়া।
ষ্টেপানে ভাবিলে— মনৰ আনন্দতে তাই হয়তো উৰি গৈছে কিছু নিলগলৈ। কিন্তু নাই। এক
মিনিট, দুই মিনিটকৈ আধা ঘণ্টা পাৰ হ'ল; মলেঁয়া উভতি
অহা নাই। তেওঁৰ মনত খু-দুৱনি বাঢ়িছে— ক'লৈবা গৈছে মলেঁয়া!
এঘণ্টা পাৰ হ'ল—
মলেঁয়া উভতি অহা নাই।
দুঘণ্টা পাৰ হ'ল—
মলেঁয়া উভতি অহা নাই।
ক্ৰমে ক্ৰমে অস্থিৰ হৈ উঠিল ষ্টেপান। চিন্তিত হৈ উঠিল— মলেঁয়াৰ কিবা বিপদ ঘটা
নাইতো! সন্ধিয়ালৈকে মলেঁয়া উভতি নাহিল। ষ্টেপানৰ অস্থিৰতা কেইবাগুণো বাঢ়ি গ'ল। ইজন
সিজন চিনাকী লোকক সুধি মলেঁয়াক দেখিছে নেকি জানিব বিচাৰিলে। সকলোৰে সমিধান আহিল
নঞাৰ্থক। মলেঁয়া যেন হেৰাই গ'ল আকাশৰ নীলাৰ মাজত! মলেঁয়া যেন গুচি
গ'ল দিগবলয় ভেদি! ...চকুহাল মুদি কি কৰা যায় ভাবিবলৈ ধৰিলে ষ্টেপানে।
বন্ধ চকুৰ বাধা ওফৰাই বৈ আহিল দুটা লুণীয়া নিজৰা। অজান আশংকাত মূক হৈ ৰৈ গ'ল
ষ্টেপান।
ধপ্ ধপকৈ ডেউকা
কোবাই উৰি অহা চৰাই এটা ষ্টেপানৰ ঘৰৰ মূধচত পৰিলহি। উধাতু খাই বাহিৰলৈ ওলাই গ'ল
ষ্টেপান। হয়, হয় ঠিকেই দেখিছে তেওঁ। উভতি আহিছে মলেঁয়া।
ঘৰৰ ছোৱালী ঘৰলৈ উভতি আহিছে। আনন্দতে চিঞৰি উঠিল ষ্টেপানে— 'মলেঁয়া...!'
ষ্টেপানৰ
মাত শুনি মলেঁয়াই ডিঙিটো ঘূৰাই এবাৰ তেওঁলৈ চালে আৰু ডেউকা কোবাই পুনৰ উৰি গ'ল।
তেওঁ চিঞৰিলে— 'মলেঁয়া...'!
মলেঁয়া মলেঁয়া
বুলি চিঞৰি চিঞৰি হঠাৎ সাৰ পালে ষ্টেপান। চকুহাল মোহাৰি তেওঁ ভাবিলে— সপোনটোৱে
বাৰু কি সূচাইছে? মলেঁয়া সঁচাকৈয়ে উৰিব পৰা হৈ গৈছে নেকি
কিবাকৈ! কিবা মিৰাকল ঘটিছে ৰাতিৰ ভিতৰতে! কথাখিনি ভাবি থাকোঁতেই সপোনত শুনাৰ দৰে
বাহিৰত ধপ্ ধপ্ ধপ্ ধপ্... ডেউকা কোবোৱাৰ শব্দ শুনিবলৈ পালে তেওঁ। এয়া কি মলেঁয়া
উৰিছে! সঁচাকৈয়ে মলেঁয়া উৰিছে দুপাখি কোবাই— ধপ্ ধপ্ ধপ্ ধপ্...! কেনেকৈ সম্ভৱ
হৈছে!
খৰ খেদাকৈ বাজ
ওলাল ষ্টেপান। চোতাল পায়েই ঘৰৰ মূধচলৈ চালে— মলেঁয়া উৰা নাই। ক্লেপেটাঁইহে
ব্ৰাংক', জচিপ আৰু মাৰিজাক উৰণৰ প্ৰশিক্ষণ দিছে। ব্ৰাংক'হঁতে পাখি কোবাই
অলপ অলপ উৰিছে। মলেঁয়াই চাই আছে তাহাঁতৰ উৰণ-কৌশল। ষ্টেপানৰ বুকুখন মোচৰ খাই
উঠিল— মলেঁয়াও যদি উৰিব পাৰিলেহেঁতেন সপোনত দেখাৰ দৰেই! তায়ো যদি পোৱালিহঁতৰ লগত
সমানে সমানে উৰিলেহেঁতেন! ষ্টেপানৰ সমান সুখী মানুহ তেতিয়া পৃথিৱীত আৰু
দ্বিতীয়জন নোলালহেঁতেন।
ষ্টেপানে বৰ
আগ্ৰহেৰে ব্ৰাংক'হঁতৰ উৰণ আখৰা চালে। এই উৰণ আখৰাই তেওঁক এফালে
যিদৰে সুখী কৰিছে, আনফালে দুখী কৰিছে। কাৰণ ক্লেপেটাঁহঁত উৰি গুচি
গ'লে মলেঁয়া পুনৰ অকলশৰীয়া হৈ পৰিব। দুখী হৈ পৰিব তাই। কিদৰে তাই
নিজক চম্ভালিব সেই লৈ ভিতৰি শংকিত হৈ থাকেই ষ্টেপান। তথাপি যি হয় সময়ত দেখা যাব
বুলি ভাবি থৈ দিয়ে তেওঁ।
কিন্তু এতিয়া
সেই সময় আহি পাইছেহি। কি কৰিব তেওঁ?
আজিকালি
ষ্টেপানৰ মনত কেৱল মলেঁয়াৰ পৰিয়ালটোৰ কথাই দোলা দি থাকে। এই পৰিয়ালটোৱে তেওঁৰ
বিদেশত থকা পুত্ৰ আৰু নাতিহঁতক নেদেখাৰ দুখখিনিও পাতলাই ৰাখিছে। তেওঁ প্ৰায়েই
ভাবে— ৰখাই থ'ব পৰা হ'লে মলেঁয়াৰ
পৰিয়ালটোক! আজিও, এই মুহূৰ্ততো তেওঁ কথাটো ভাবিলে। পিছে এয়া
ভাবিব পৰা কথাহে— কৰিব পৰা কাম নহয়।
বিমৰ্ষ মন এটা
লৈ ভিতৰ সোমাল ষ্টেপান। পুৱাৰ নৈমিত্তিক কামখিনি কৰিবলৈ আছে তেওঁৰ। আজিকালি আগৰ
দৰে গোটেই দিনটো স্কুলত নাথাকিলেও হয় তেওঁ। স্কুল কতৃপক্ষই মলেঁয়া আৰু পৰিয়ালটো
চোৱা-চিতা কৰা বাবে ষ্টেপানক স্কুললৈ যিকোনো সময়তে গৈ নিজৰ দায়িত্ব পালনৰ সুবিধা
কৰি দিছে।
পুৱাৰ আহাৰ সাজু
কৰি ষ্টেপানে বাতৰি কাকতখন মেলি লৈ চকু ফুৰাব ধৰিলে। তেনে সময়তে চোতালত চাইকেলৰ
বেল বজোৱা শব্দ শুনি কাকতৰ পৰা মূৰ তুলি তেওঁ চোতাললৈ চালে। সেয়া লুকা আহিছে;
লুকা
ক'ভাক। মুখত হাঁহি এটা লৈ চোতালৰ পৰাই লুকাই ষ্টেপানক উদ্দেশ্যি ক'লে—
"আজি ঘৰৰ মূধচত আখৰা চলা দেখিছোঁ।"
: আৰম্ভ
কৰিছে আৰু ইহঁতে।— ষ্টেপানে হাঁহি ক'লে।
: ভাল
লাগিছে দেখি।— লুকাই ক'লে।
: ভালো
লাগিছে, ভয়ো বাঢ়িছে।— ষ্টেপানে ক'লে।
: ভয়!
ভয় আকৌ কিয় বাঢ়িছে?— আচৰিত হ'ল লুকা।
: ক্লেপেটাঁহঁত
উৰি গুচি গ'লে মলেঁয়া অকলশৰীয়া হৈ পৰিব নহয়। তাই বৰ
দুখী হ'ব।— ষ্টেপানে দীঘলীয়াকৈ হুমুনিয়াহ কাঢ়ি ক'লে।
: এৰা,
কথাটো
হয় পিছে। মই ভবাই নাছিলোঁ।— লুকাৰ স্বৰ নিম্ন হ'ল।
: বহাঁচোন।
তুমি থিয় দিয়েই আছা।
: বহিম,
বহিম।
লুকা ষ্টেপানৰ
ওচৰতে থকা চকী এখনত বহিল। কান্ধত ওলমাই অনা মোনাখনৰ পৰা বাদামী ৰঙৰ লেফাফা এটা
উলিয়াই ষ্টেপানৰ ফালে আগ বঢ়াই দিলে। ষ্টেপানে লেফাফাটো খুলি চাই হাঁহিলে।
লেফাফাটোত আছিল লুকাই কিছুদিন আগেয়ে তোলা মলেঁয়া আৰু ক্লেপেটাঁৰ বিভিন্ন প'জত
থকা কেইখনমান ফটো।
: ভাল
হৈছেনে ফটোকেইখন? — লুকাই আগ্ৰহেৰে সুধিলে।
: বৰ
ধুনীয়া হৈছে। তোৰ হাতখন বৰ ভাল।— ষ্টেপানে শলাগিলে।
: চৰাইৰ
ফটো তুলি মই বৰ ভাল পাওঁ। চৰাইৰ কথা জানিও ভাল পাওঁ।— লুকাই বিনয়েৰে ক'লে।
লুকা আৰু
ষ্টেপানৰ আলাপ চলি থকাৰ সময়তে ব্ৰাংক', জচিপ আৰু মাৰিজাৰ উৰণৰ আখৰা
সাময়িকভাৱে বন্ধ হ'ল। সিহঁতৰ ভাগৰ লাগিছে চাগে। সময়ত আকৌ আৰম্ভ
কৰিব। এনেদৰেই লাহে লাহে এদিন ভালকৈ উৰিবলৈ শিকিব। পাকৈত হ'ব। আৰু এদিন
মলেঁয়াৰ বুকু উদং কৰি উৰি গুচি যাব! সিহঁত উৰি যোৱাৰ কথা মনলৈ আহিলেই ষ্টেপানৰ
বুকুখন বিষায়— মলেঁয়াৰ কথা ভাবি।
ঘৰৰ মূধচত
এতিয়া নিৰৱতা বিৰাজ কৰিছে। ক্লেপেটাঁ কেনিবা উৰা মাৰিছে। হয়তো খাদ্যৰ সন্ধানত।
আৰু এই সময়তে মাৰ্ক' ওলালহি। সি হাতত সৰু টোপোলা এটা লৈ আহিছে।
টোপোলাটো ঘূৰণীয়া টেবুলখনত থৈ ষ্টেপানলৈ চাই সি ক'লে— "মায়ে
দি পঠিয়াইছে, আপোনাৰ বাবে।"
: কি
আছেনো তাত? — ষ্টেপানে সুধিলে।
: মই
নাজানো, মায়ে কৈ পঠোৱা নাই। আপুনি খুলি চাওকচোন।
নীলা ৰঙৰ কাপোৰ
এখনেৰে মেৰিয়াই বান্ধি অনা সৰু টোপোলাটো খুলিলে ষ্টেপানে। সৰু টিফিন বাটি এটা
ওলাল। সাঁফৰটো খোলাৰ লগে লগে তেওঁৰ মুখ মণ্ডলত আনন্দৰ ৰ'দ এচমকা বিয়পি
পৰিল। ষ্টেপানৰ প্ৰতিক্ৰিয়া লুকাই লক্ষ্য কৰি আছিল। সেয়ে সুধিলে—
: কি
আনিছে মাৰ্ক'ই! নিশ্চয় ভাল লগা কিবা!
: ঠিকেই
ধৰিছা। মোৰ প্ৰিয় cherry strudel আনিছে মাৰ্ক'ই। ... মাক মোৰ
হৈ ধন্যবাদ দিবাগৈ দেই মাৰ্ক'।— ষ্টেপানে ক'লে।
: cherry
strudel মোৰো প্ৰিয়।— লুকায়ো দোহাৰিলে।
: তোমাৰ
বা মোৰেই নহয়; বহুতৰে প্ৰিয়। আনকি দেৱতাৰো প্ৰিয় বুলি কয়।
...খাৱেঁই ৰ'বা।
ষ্টেপানৰ পত্নীয়ে বৰ ধুনীয়া cherry strudel তৈয়াৰ কৰিছিল। ঘৰত সকলোৱে ভগাই খাইছিল। কিন্তু তেওঁৰ বিয়োগ ঘটাৰে পৰা ষ্টেপানে খুব কমেইহে cherry strudel খাবলৈ পাইছে। খোৱাৰ সময়তো পত্নীৰ কমনীয় মুখখন তেওঁৰ চকুৰ আগেদি পাৰ হৈ যায়। আজিও, এই মুহূৰ্ততো পত্নীলৈ মনত পৰিল যদিও নিজৰ আৱেগ দমন কৰি মাৰ্ক'ক ভিতৰৰ পৰা প্লে'ট আৰু চামুচ আনিবলৈ ক'লে ষ্টেপানে।
মাৰ্ক' ৰান্ধনি
ঘৰলৈ সোমাই গৈ প্লে'ট আৰু চামুচ আনি দিলেহি। ষ্টেপানে টিফিন
বাটিটোৰ পৰা cherry strudel উলিয়াই তিনিখন প্লেটত ভগালে। তিনিও
তৃপ্তিৰে খালে। মুখ টপালি টপালি ষ্টেপানে ক'লে— "বৰ
সুখ পালোঁ দেই।"
: চৰাইৰ
সমান সুখ নে? — মাৰ্ক'ই সুধিলে।
: চৰাইবোৰ
সুখী নেকি? — ষ্টেপানে ওলোটাই সুধিলে।
: মোৰ
ধাৰণা মতে চৰাইবোৰ সুখী।
: চৰাইৰো
দুখ আছে। আছে জীয়াই থকাৰ সংগ্ৰাম। ... তুমি চৰাই হ'ব বিচাৰাঁ সৰু ল'ৰাটোৰ
কাহিনী শুনা নাই নেকি? — ষ্টেপানে সুধিলে।
: নাই
শুনা। কওকচোন।— উৎসুক হৈ উঠিল মাৰ্ক'।
ষ্টেপানে ক'বলৈ
আৰম্ভ কৰিলে—
এটা সৰু ল'ৰা।
বয়স তাৰ ৯ বছৰমান। সি চৰাই বৰ ভাল পায়। ঘৰৰ চোতাললৈ অহা চৰাইবোৰক সি আহাৰ খাবলৈ
দিয়ে। তাৰো চৰাই হ'বলৈ মন যায়। চৰাই হৈ উৰি আনন্দ লোৱাৰ হেঁপাহ
জাগে। এদিন সপোনতে সি চৰাই এটা হ'ল। চৰাই হৈ আকাশত উৰিবলৈ ধৰিলে। আহ্ কি
আনন্দ! উৰি উৰি নদী আৰু পাহাৰ পাৰ হৈ গভীৰ অৰণ্যত সোমালগৈ। অৰণ্যৰ মাজত কি যে এখন
আচৰিত বাগিচা! বিভিন্ন প্ৰকাৰৰ ফুল— ৰঙা, নীলা, বগা, হালধীয়া,
গোলাপী
ৰঙৰ ফুল। তাত হাজাৰ হাজাৰ ৰঙৰ চৰায়ে আনন্দত গান গাইছে। পখিলা আৰু মৌ-মাখি উৰি উৰি
ফুলৰ ওপৰত বহি বহি মৌ সংগ্ৰহ কৰিছে। নতুন অতিথি ল'ৰাটোক দেখি
সকলোৱে আদৰণি জনালে। ল'ৰাটো আনন্দিত হ'ল আৰু চৰাইৰ লগত
নাচ-গান কৰিবলৈ ধৰিলে। আস! কি যে আনন্দ। সমগ্ৰ অৰণ্যৰ চাৰিওফালে চালে সি। প্ৰকৃতিৰ
সৌন্দৰ্যত ল'ৰাটো মুগ্ধ হৈ পৰিল। কিন্তু অলপ পাছতে আকাশখন
ক’লা হৈ আহিল। ধুমুহাৰ আগজাননী দেখি আটাইবোৰ চৰাই, পখিলা আৰু
মৌ-মাখি ঘৰলৈ উৰি গ’ল। চৰাইৰূপী ল'ৰাটোও বাকী চৰাইবোৰৰ লগত উৰি গ’ল। আম
গছৰ মজবুত ডাল এটাত চৰাইৰূপী ল'ৰাটোৰ বাহ আছিল। ধুমুহাৰ আগেয়েই সি
নিজৰ ঘৰত প্ৰৱেশ কৰিলে। ঠিক কিছু সময়ৰ পাছতে আৰম্ভ হ’ল প্ৰচণ্ড ধুমুহা। ধুমুহাৰ
ফলত ইডালৰ পিছত সিডালকৈ উভলি পৰিছে গছ-গছনি, ভাগি পৰিছে
ঘৰ-দুৱাৰ, দোকান-পোহাৰ। চৰাইৰূপী ল'ৰাটো ভয়ত কঁপি উঠিল। কাৰণ তাৰ বাহ থকা
ডালটো ভাগি মাটিত পৰিল। ডেউকাত দুখ পাই সি 'মা, মা'
বুলি
চিঞৰি উঠিল। লগে লগে সাৰ পাই দেখে যে সি বিছনাৰ পৰা বাগৰি মজিয়াত পৰি আছে। হাত
এখন বিষাইছে। সি সপোনটোৰ কথা ভাবি ভাবি খিৰিকিৰে বাহিৰলৈ চালে। বাহিৰত তেতিয়া
দোপালপিটা বৰষুণ। সি বুজি পালে যে বহুদিনৰ পৰা চৰাই হোৱাৰ যি সপোন সি দেখি আহিছিল,
সেয়া
সপোনতহে ধুনীয়া। বাহিৰৰ বৰষুণজাক চাই থাকি সি ভাবিলে— এই ধুমুহাত ক’ত আছে বাৰু
চৰাইবোৰ? সি নিজকে কৈ উঠিল— চৰাইতকৈ মানুহৰেই ভাল!
: এৰা,
চৰাইৰো
দুখ আছে।— মাৰ্ক'ই ক'লে।
: ঠিক
মলেঁয়াৰ দৰে। মলেঁয়া চৰাই হৈও উৰিব নোৱাৰে। এই দুখে তাইক চাগে ভিতৰি দহি থাকে! —
লুকাই ক'লে।
: তাই
উৰিব নোৱাৰিলেও, তাইৰ সন্তান উৰিব পাৰিছে। এই কথাই তাইক নিশ্চয়
সুখী কৰিছে! কিন্তু চৰাই পোৱালিবোৰে কেনেকৈ উৰিবলৈ শিকে বাৰু!— মাৰ্ক'ই
নিজকে কোৱাৰ দৰে ক'লে।
: যেতিয়া চৰাইৰ পোৱালিয়ে উৰিবলৈ শিকে তেতিয়া প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰি ইহঁতৰ আচৰণ বেলেগ বেলেগ হ’ব পাৰে। বহুক্ষেত্ৰত এবাৰ উৰিবলৈ সক্ষম হ’লেই বাহ এৰি নিজাববীয়াকৈ চৌপাশে অন্বেষণ কৰিবলৈ আৰম্ভ কৰিব পাৰে। 'ফ্লেজিং' নামেৰে জনাজাত এই প্ৰক্ৰিয়াটো চৰাইৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়; য’ত ইহঁতে পিতৃ-মাতৃৰ পৰা স্বাধীনতা লাভ কৰিবলৈ আৰম্ভ কৰে।— ষ্টেপানে ক'লে।
কিছুমান চৰাই
প্ৰজাতিয়ে উৰিবলৈ শিকিও মাজে মাজে বাহলৈ উভতি আহি পিতৃ-মাতৃৰ পৰা খাদ্য গ্ৰহণ
কৰে। এই আচৰণ প্ৰজাতি আৰু নিৰ্দিষ্ট পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ হ’বও পাৰে।
কিছু ক্ষেত্ৰত পিতৃ-মাতৃয়ে বাহ এৰি যোৱাৰ পাছত কিছুদিন পোৱালিবোৰক খুৱায় আৰু
যত্ন লৈ থাকে। আচলতে উৰিবলৈ শিকাৰ পাছত পোৱালি চৰাইৰ আচৰণ চৰাইৰ প্ৰজাতি, পৰিৱেশৰ
অৱস্থা, ব্যক্তিগত পৰিস্থিতি আদি বহু কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। ষ্টেপানে
কথাখিনি মাৰ্ক'ক বুজাবলৈ চেষ্টা কৰিলে। সি মূৰ দুপিয়ালে।
তথাপি সি সুধিলে— "এটা কথা কওকচোন বাৰু— ডেউকা থকা বাবেই চৰাইবোৰ উৰিব পাৰেনে
অন্য কাৰণো আছে?"
: ডেউকাৰ
সহায়ত চৰাইবোৰ উৰে; কিন্তু কেৱল ডেউকাৰ বাবেই চৰাই উৰিব নোৱাৰে।—
ষ্টেপানে ক'লে।
: কেনেকৈ!
— আচৰিত হয় মাৰ্ক'।
: সৰুৰে
পৰাই আমি জানি আহিছোঁ যে ডেউকাৰ সহায়ত চৰাই উৰি যায়। আচলতে চৰাইৰ ডেউকাই চৰাইক
এঠাইৰ পৰা আন ঠাইলৈ লৈ যাবলৈ শক্তি আৰু ভাৰসাম্যহে প্ৰদান কৰে।
: মই
বুজি পোৱা নাই।
: শুনা
তেন্তে...। চৰাইবোৰ বতাহত ওপঙি থকাৰ আঁৰত আন এটা কাৰণো আছে। অৰ্থাৎ চৰাইবোৰৰ হাড়
ফোপোলা। চৰাইৰ মাংস খোৱাসকলে, হাড় চোবোৱাৰ সময়ত নিশ্চয় লক্ষ্য
কৰিছে যে, চৰাইৰ হাড় ফোপোলা। এই ফোপোলা হাড়বোৰৰ ফলতেই চৰাইবোৰ বতাহত সহজে
ওপঙি থাকিব পাৰে। চৰাইৰ হাড়ত বহু বায়ুভৰ্তি গহ্বৰ থাকে, যিয়ে ইহঁতক
বতাহত ওপঙি থকাত সহায় কৰে। এইখিনিতে এটা প্ৰশ্ন উঠিব পাৰে— ডেউকাবোৰ তেন্তে কিহৰ
বাবে? উত্তৰ হ'ল— ই আচলতে চৰাইবোৰক উৰিবলৈ সহায় কৰে। কাৰণ এই
ডেউকাৰ দ্বাৰা প্ৰয়োগ কৰা বলে চৰাইটোক আগ বঢ়াই নিয়ে।— ষ্টেপানে দীঘলীয়াকৈ ক'লে।
: চৰাইবোৰক
সদায় আগলৈহে উৰি যোৱা দেখোঁ, পিছলৈ বা কাষৰ পিনে উৰি যোৱা নেদেখোঁ। কেনেকৈ আগ বাঢ়ে
ইহঁত? — মাৰ্ক'ই পুনৰ সুধিলে।
মাৰ্ক'ৰ
প্ৰশ্নটোৰ উত্তৰত ষ্টেপানে ক'লে যে চৰাইবোৰ নিজৰ বায়ুমণ্ডলীয়
গহ্বৰৰ বাবে ভাহি থাকে। যেতিয়া এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ ডেউকা মেলি দিয়ে,
তেতিয়া
চৰায়ে ডেউকাৰে বতাহত পিছলৈ বল প্ৰয়োগ কৰে। ফলস্বৰূপে নিউটনৰ তৃতীয় নিয়ম অনুসৰি
বায়ুৱেও চৰাইটোৰ ওপৰত সমান আৰু বিপৰীত বল প্ৰয়োগ কৰে। এই প্ৰতিক্ৰিয়াশীল বলটোৱে
পিছফালৰ পৰা সন্মুখলৈ কাম কৰে। এই বিক্ৰিয়া বলে চৰাইটোক আগলৈ যোৱাৰ বেগ দিয়ে।
ফলত চৰাইটো আগবাঢ়ি যায়। আনহাতে বায়ুমণ্ডলীয় গহ্বৰৰ বাবে চৰাইটো বতাহত ওপঙি
থাকে। ফলত সামগ্ৰিকভাৱে চৰাইটো বতাহত উৰি থাকে।
: উৰি
থাকোঁতে ইহঁতে কেনেকৈ দিশ সলনি কৰে? — মাৰ্ক'ৰ
আন এটা প্ৰশ্ন।
: চৰাইবোৰৰ
বাবে এইটো অতি সহজ কাম। ধৰি লোৱা হওক যে এটা চৰায়ে পূবৰ পৰা পশ্চিমলৈ গতি কৰিছে।
কিন্তু হঠাতে সোঁফালে, অৰ্থাৎ উত্তৰ দিশত কিছু খাদ্য দেখিলে। ফলত
নিশ্চয় সোঁফালে ঘূৰিব। গতিকে ই সোঁফালৰ ডেউকাখন ভাঁজ কৰি সোঁফালে ঘূৰিব। ফলত বাওঁ
পাখিৰ জৰিয়তেহে বল প্ৰয়োগ কৰা হ’ব। বাওঁফালৰ ডেউকাটোৱে দক্ষিণ ফালৰ বায়ুক ঠেলি
দিব। ফলত নিউটনৰ তৃতীয় নিয়ম অনুসৰি বায়ুৱেও চৰাইটোক সমান আৰু বিপৰীত বিক্ৰিয়া
দিব। ফলত চৰাইটোৱে বলখিনি সোঁফালে আৰু উত্তৰ দিশলৈ যাবলৈ পাব। আৰু এই বলৰ বাবে
চৰাইটোৱে সেই খাদ্যৰ ফালে লৰালৰিকৈ যাব।
মাৰ্ক'ৰ
মনত এইবাৰ এটা সুকীয়া প্ৰশ্নৰ উদয় হ'ল। উৰাজাহাজ একোখন যেতিয়া আকাশলৈ উৰা
মাৰে, আকাশেদি যাত্ৰা কৰে আৰু অৱতৰণ কৰে, তেতিয়া
উৰাজাহাজৰ পাইলটে সকলো নিয়ন্ত্ৰণ কৰে। কিন্তু চৰাইবোৰ উৰি যোৱাৰ পাছত কেনেকৈ তললৈ
নামে বা অৱতৰণ কৰে? আকৌ কিদৰে হঠাৎ ওপৰলৈ উঠি উৰি যায়? তাৰ
মনত উদয় হোৱা এই প্ৰশ্নটোৰ উত্তৰো ষ্টেপানৰ পৰা বিচাৰিলে সি।
মাৰ্ক'ৰ
কৌতূহল নিৰসনৰ বাবে ষ্টেপানে ক'বলৈ ধৰিলে যে চৰাই এটা উৰি থকা অৱস্থাৰ
পৰা তললৈ যদি নামি আহিবলগীয়া হয় তেন্তে তাৰ অতি সহজ উপায় আছে। এনে অৱস্থাত
চৰাইটোৱে নিজৰ ডেউকা দুটা ওপৰলৈ ৰাখে। ফলত ডেউকাই বতাহ ঠেলি দিব নোৱাৰে বাবে
আগলৈ-পিছলৈ, বাওঁ-সোঁ কোনোফালে বেগ নাথাকিব আৰু চৰাইটোক
নিজৰ বায়ুগহ্বৰে লাহে লাহে তললৈ নমাই আনে। আকৌ হঠাৎ যদি মানুহে বা আন কোনো চিকাৰী
জন্তুৱে চৰাইটোক দেখে বা আক্ৰমণ কৰে, তেন্তে চৰাইটোৱে এই পৰিস্থিতিৰ পৰা হাত
সাৰিবলৈ ডেউকা দুখন তললৈ নমাই বতাহৰ তললৈ আঘাত কৰে বা বতাহৰ তললৈ বল প্ৰয়োগ কৰে।
তেতিয়া প্ৰতিটো কাৰ্যৰ সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থকাৰ কথা প্ৰমাণিত কৰি এই
বিক্ৰিয়া বলে তলৰ পৰা ওপৰলৈ বতাহ দিব। ফলত চৰাইটো অনায়াসে ওপৰলৈ উৰিব। এইদৰে
ডেউকাৰ সহায়ত চৰাইবোৰে উৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰে। উৰণৰ ভাৰসাম্য ৰক্ষাৰ
বাবে এই ডেউকা দুটাই চৰাইৰ মূল আহিলা।
চৰাইৰ উৰণ কৌশলৰ
বিষয়ে কথা পাতি থকাৰ সময়তে ক্লেপেটাঁ আহি ঘৰৰ মূধচত পৰিলহি। ব্ৰাংক'হঁতৰ
চিঞৰ-বাখৰ শুনা গ'ল। হয়তো দেউতাকে সিহঁতৰ বাবে কিবা আহাৰ লৈ
আহিছে! তেনে সময়তে চাইকেলৰ কেৰিয়াৰত মাছ লৈ ফুৰা পাত্ৰটো লৈ নিকলা ওলালহি
ষ্টেপানৰ চোতাল। চোতালৰ একাষে চাইকেলখন ৰাখি অভ্যাসবশতঃ টিলিঙাটো বজালে নিকলাই।
ষ্টেপানে বুজিলে— নিকলাই আজিও মাছ লৈ আহিছে!
নিকলাক দেখা পাই
ষ্টেপান বাহিৰলৈ ওলাই আহিল। পিছে পিছে লুকা আৰু মাৰ্ক'ও আহিল। তিনিওকে
দেখা পাই নিকলাই হাঁহিলে— সৰল মানুহৰ সজীৱ হাঁহি। হাঁহি থাকিয়েই নিকলাই ক'লে—
: মাছ
কেইটামান দিবলৈ আহিলোঁ।
: ভালেই
কৰিলা। আজি মাছ কিনিবলগীয়া আছিলেই।
: মই
কিন্তু বিক্ৰী কৰিবলৈ অনা নাই।
: জানো।
তোমাৰ কথা আৰু কাম সুকীয়া।
ষ্টেপান আৰু
নিকলাৰ কথোপকথন চলি থকাৰ সময়তে মাৰ্ক'ই মলেঁয়াহঁতৰ বাবে মাছ জীয়াই ৰখা
পাত্ৰটো আনি নিকলাৰ চাইকেলৰ ওচৰ পোৱালেহি। কথা পাতিবলৈ এৰি নিকলা চাইকেলৰ ওচৰ
পালেগৈ আৰু কেৰিয়াৰত বান্ধি অনা পাত্ৰটোৰ পৰা জীয়া মাছকেইটা মাৰ্ক'ৰ
হাতৰ পাত্ৰটোত দিলে।কাম কৰি থকাৰ মাজতে বাৰে বাৰে ঘৰৰ মূধচলৈ চাই থাকিল নিকলাই।
সেইখিনি সময়ত মানুহটোৰ মুখখন অধিক উজলি উঠা দেখা গ'ল।
মাছৰ পাত্ৰটো লৈ
মাৰ্ক' পোনে পোনে ঘৰৰ মূধচলৈ উঠা জখলাডালৰ ওচৰ পালেগৈ। ষ্টেপানে নিকলাৰ ফালে
চাই ক'লে— "আজি তুমিও যোৱাঁ মাৰ্ক'ৰ লগত। নিজে লৈ
অহা মাছ নিজ হাতে সিহঁতক খুৱাই থৈ আহাঁচোন।" ষ্টেপানৰ কথাত বৰ সন্তোষ পালে
নিকলাই। অলপো সময় ব্যয় নকৰি মাৰ্ক'ৰ পাছে পাছে তেওঁ ঘৰৰ মূধচলৈ বুলি উঠি
গ'ল।
মাৰ্ক'ৰ
হাতত মাছৰ পাত্ৰটো দেখি ব্ৰাংক', জচিপ আৰু মাৰিজা খৰ খোজেৰে তাৰ ওচৰলৈ
আগবাঢ়ি আহিল। পাত্ৰটোৰ পৰা মাছ উলিয়াই খাবলৈ হেতা-ওপৰা লগালে কেউটাই। 'হেই,
লাহে
লাহে...' বুলি কৈ সি ইংগিতেৰে নিকলাক সোনকালে তাৰ ওচৰলৈ মাতিলে। নিকলা ওচৰ
চাপি যোৱাহঁত ব্ৰাংক'হঁত সামান্য পিছুৱাই গ'ল। নিকলাক
আচহুৱা যেন লাগিছে সিহঁতৰ।
: আপুনি
নিজে খুৱাই দিয়ক।— মাৰ্ক'ই ক'লে।
: দিয়াঁ।
নিকলাই মাছ এটা
পাত্ৰটোৰ পৰা দাঙি ধৰিলে। ছটফটাই থকা জীয়া মাছটো দেখি চুচুক চামাককৈ ব্ৰাংক'
আগবাঢ়ি
আহিল। সি ঠোঁটখনেৰে মাছটো লাহেকৈ নিকলাৰ হাতৰ পৰা ল'লে। ব্ৰাংক'ৰ
পিছে পিছে আহিল জচিপ। শেষত আহিল মাৰিজা। আনদিনা মাৰিজা সকলোতকৈ আগত থাকে। নিকলাক অচিনাকি
যেন পাই তাই আজি একেবাৰে শেষত। নিকলাৰ হাতৰ পৰা তিনিওটাই মাছ লৈ খোৱা বাবে তেওঁ বৰ
আনন্দ পালে। বাকী থকা চাৰিটা মাছ মলেঁয়া আৰু ক্লেপেটাঁক দিবৰ বাবে মাৰ্ক' আগবাঢ়ি
গ'ল।
মাছ খুৱাই মাৰ্ক'
আৰু
নিকলা মূধচৰ পৰা নামি আহিল। ষ্টেপানৰ ওচৰ পোৱাৰ লগে লগে সুধিলে— "মন ভৰিলনে
নিকলা?"
: বৰ
ভাল পালোঁ বুইছে মহাশয়।— নিকলাই হাঁহিলে।
: ইহঁতবোৰেই
এতিয়া মোৰ পো-পোৱালি।— ষ্টেপানেও হাঁহিলে।
: আমি
আছোঁ নহয় আপোনাৰ ওচৰত।— লুকাই মাত লগালে।
: আছা
বুলি জানো। মই ধেমালিহে কৰিছোঁ।
কথা-বতৰা পাতি
থাকোতেই ব্ৰাংক'হঁতৰ উৰণৰ আখৰা পুনৰ আৰম্ভ হ'ল।
ঘৰটোৰ অলপ ওপৰলৈ উঠি যায় উৰি উৰি। সিহঁতৰ ডেউকা কোবোৱাৰ শব্দ বিয়পি পৰে চৌপাশে।
অলপ উৰিয়েই আহি আকৌ ঘৰৰ মূধচত পৰেহি। দুই মিনিটমান ৰৈ পুনৰ উৰে। মলেঁয়া আৰু
ক্লেপেটাঁই চাই ৰয় সিহঁতৰ উৰণ কৌশল।
: চৰাইবোৰ
সঁচাকৈয়ে বিচিত্ৰ। উৰি ফুৰিব পাৰে ইফালে সিফালে।— নিকলাই ক'লে।
: উৰিব
নোৱৰা চৰায়ো আছে নহয়।— লুকাই মাত লগালে।
: উটপক্ষীয়ে
উৰিব নোৱাৰে বুলি জানো বাৰু।— নিকলাই ক'লে।
: আৰু
আছে। ৱেকা (Weka), কেছুৱাৰি (Cassowary), কিৱি (Kiwi),
ষ্টীমাৰ
ডাক (Steamer Duck), পেংগুইন (Penguin) আদি চৰাইবোৰে
উৰিব নোৱাৰে। উৰিব নজনা বাবেই ড'ড' নামৰ চৰাইবিধ
পৃথিৱীৰ পৰাই লুপ্ত হৈ গ'ল।— ষ্টেপানে মাত লগালে।
: ময়ো
নাজানিছিলোঁ ইমানবোৰ চৰায়ে উৰিব নোৱাৰে বুলি।— মাৰ্ক'ই ক'লে।
: ৱেকা
আৰু কিৱি হৈছে নিউজিলেণ্ডৰ চৰাই। আনহাতে দৈত্যকায় কেছুৱাৰি পাপুৱা নিউগিনিত পোৱা
যায়। ষ্টীমাৰ ডাক হৈছে লেটিন আমেৰিকাৰ চৰাই। উটপক্ষী আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ
বাসিন্দা। পেংগুইন যে এণ্টাৰ্কটিকাত পোৱা যায়, সেই কথা কোৱাৰ প্ৰয়োজন
নিশ্চয় নাই।— ষ্টেপানে কথাখিনি কৈ নিকলাৰ ফালে চালে।
: উৰিব
পৰা চৰাই আৰু উৰিব নোৱৰা চৰাইবোৰৰ নিশ্চয় পাৰ্থক্য আছে? — এইবাৰ
মাৰ্ক'ই সুধিলে।
মাৰ্ক'ৰ
উৎসুকতা নিৰাময়ৰ বাবে ষ্টেপানে তাক বহু কথাই বুজাই ক'বলগীয়া হ'ল।
আচলতে চৰাইৰ দেহৰ হাড়বোৰ ফোপোলা আৰু বায়ুৰ দ্বাৰা পূর্ণ হৈ থাকে। এই বিশেষ
বৈশিষ্ট্যৰ কাৰণেই চৰাই আকাশত উৰিব পাৰে। আবহাৱা পৰিৱর্তনৰ লগে লগে অন্য এলেকালৈ
ভ্রমণৰ বাবে, হিংস্র পশুৰ পৰা প্রাণ বচাই চলিবলৈ, খাদ্যৰ
সন্ধানত উৰি যাবৰ বাবে চৰাইৰ উৰিব পৰা বিষয়টো খুবেই সহায়ক। ওজনত পাতল হোৱা বাবে
খোজকাঢ়ি দূৰ-দূৰণি ভ্রমণ কৰাতকৈ উৰি যোৱাটো বেছি সুবিধাজনক হয় চৰাইবোৰৰ বাবে।
দেখিবলৈ সুন্দৰ হ'লেও ইয়াৰ বাবে চৰাইবোৰে কঠোৰ পৰিশ্রম
কৰিবলগীয়া হয়। কাৰণ উৰণৰ বাবে চৰাইবোৰে প্রচুৰ পৰিমাণৰ শক্তি খৰচ কৰিবলগীয়া হয়।
যিবোৰ চৰাই উৰিব পাৰে, সেইবোৰ চৰাইৰ দেহৰ আকাৰ প্ৰায়েই ক্ষুদ্র হোৱা
দেখা যায়। কিন্তু যিবোৰ চৰাই উৰিব নোৱাৰে, সিহঁতে এই শক্তি
দেহত জমা কৰি ৰাখে বাচি থাকিবলৈকে কৰিবলগীয়া অন্য কামত খৰচ কৰিবৰ বাবে।
বিজ্ঞানীসকলে ধাৰণা কৰা মতে, চৰাইক যদি উৰণৰ কোনো প্রয়োজন নাথাকে,
তেতিয়াহ'লে
তেনে চৰায়ে উৰিবলৈ এৰি দিয়ে আৰু এই বৈশিষ্ট্যৰ বাবে সিহঁতৰ উৰণহীনতা আৰম্ভ হয়।
চৰাই উৰিব পৰা
প্ৰক্ৰিয়াটো বহুকেইটা বিষয়ৰ ওপৰত নির্ভৰ কৰে। এই উৰিব নোৱৰা বৈশিষ্ট্যটো কিন্তু
এদিনতে সৃষ্টি হোৱা নাই। ধৰা হ'ল কোনো এবিধ চৰাই এনে এক অঞ্চলত বসবাস
কৰে, য'ত সিহঁত কোনো পশুৰ আক্রমণৰ মুখামুখি হ'বলগীয়া
নহয় বা খাদ্যৰ অভাৱো সেই অর্থত নাই। তেতিয়া এনেদৰেই ডেউকা কোবাই উৰি শক্তি ক্ষয়
কৰাতকৈ ঠেঙেৰে খোজকাঢ়িয়েই ইফাল সিফাল কৰিবলৈ আৰম্ভ কৰিছিল। এনেদৰে বিৱর্তনৰ
মাধ্যমেৰে যোৱাৰ ফলত কোনো এবিধ চৰাইৰ শৰীৰত গধুৰ পাখি গজিবলৈ আৰম্ভ কৰিলে। ডেউকা
সৰু আৰু পাতল হৈ আহিল। ধীৰে ধীৰে ডেউকাৰ ব্যৱহাৰ লোপ পালে, ফলত উৰণেই বন্ধ
হৈ গ'ল সেইবোৰ চৰাইৰ।
বিৱর্তনবিদসকলে অনুমান কৰে যে, অনেক চৰায়ে কোনো নিৰাপদ দ্বীপলৈ প্রত্যাৱর্তন কৰাৰ পাছত সিহঁতৰ উৰণ ক্ষমতা নোহোৱা হৈছে। যদি দ্বীপটোত কোনো চিকাৰী পশু নাথাকে আৰু ইয়াৰ আবহাৱা স্থিৰ হৈ থাকে, তেনেকুৱা ক্ষেত্রত একেই স্থানত প্রজন্মৰ পিছত প্রজন্ম কটাই দিব পাৰে এনেবোৰ চৰায়ে। সেয়ে সকলো চৰাইৰ আবির্ভাৱ একে ধৰণৰ নহয়। উৰিব নোৱৰা চৰাইবোৰৰ দেহ কিছু গধুৰ হয়। বহু সময়ত ইহঁত আকাৰতো বেছ ডাঙৰ হ'ব পাৰে।
: উৰিব
নোৱৰা চৰাই যিদৰে আছে, তেনেদৰে পিছলৈ উৰিব পৰা চৰায়ো আছে কিন্তু।—
লুকাই ক'লে।
: জানো
মই। হামিং বাৰ্ড পিছলৈও উৰিব পাৰে।— মাৰ্ক'ই টপৰাই ক'লে।
: চৰাইৰ
জগতখনত হামিং বার্ডবোৰে অসাধাৰণ আকাশী শিল্পী হিচাপে পৰিগণিত হৈ আহিছে। ইহঁতক আন
চৰাইৰ পৰা পৃথক কৰা এটা সুকীয়া ক্ষমতা হ'ল ইহঁতৰ পিছলৈ উৰি যোৱাৰ ক্ষমতা। এই
অনন্য ক্ষমতা বিশেষ শৰীৰবিজ্ঞান আৰু উৰণ দক্ষতাৰ সংমিশ্ৰণৰ পৰাই উদ্ভৱ হৈছে।—
লুকাই পুনৰ ক'লে।
হামিং বার্ডবোৰ পাখিৰ
দ্ৰুত স্পন্দনৰ বাবে বিখ্যাত। প্ৰতি ছেকেণ্ডত প্রায় ৫০ -অতকৈও অধিকবাৰ ইহঁতে পাখি
জোকাৰে। এই অবিশ্বাস্য গতিবেগে ইহঁতক বায়ুৰ মাজত উৰিবলৈ আৰু ফুলৰ পৰা ফুললৈ
নিখুঁতভাৱে ঘূৰিবলৈ অনুমতি দিয়ে। এই দ্রুত ডেউকাৰ গতি মাধ্যাকৰ্ষণ শক্তি প্ৰতিহত
কৰিবলৈ প্ৰয়োজনীয় উত্তোলন সৃষ্টিৰ বাবে অতি গুৰুত্বপূৰ্ণ, যাৰ ফলত এই
চৰাইবোৰে বতাহত ওপঙি থাকিব পাৰে আৰু পিছলৈও উৰি যাব পাৰে৷ তদুপৰি হামিং বার্ডৰ
শক্তিশালী উৰণ পেশী থাকে যিয়ে ইহঁতৰ শৰীৰৰ ওজনৰ এটা উল্লেখযোগ্য অংশ গঠন কৰে। এই
পেশীবোৰ ইহঁতৰ ডেউকাৰ দ্রুত স্পন্দন আৰু জটিল গতি-বিধি বজাই ৰাখিবলৈ প্ৰয়োজনীয়
তীব্ৰ শক্তিৰ বাবে অপৰিহাৰ্য । উল্লেখযোগ্য যে হামিং বার্ডৰ বিপাকীয় ক্ৰিয়াৰ হাৰ
চৰাইৰ ভিতৰত অন্যতম আৰু ইহঁতৰ শক্তিৰ প্ৰয়োজনীয়তা মূলতঃ মৌৰে গঠিত খাদ্যৰ দ্বাৰা
পূৰণ কৰা হয়। এই উচ্চ বিপাকীয় ক্রিয়াই ইহঁতৰ পাখিৰ অবিৰত স্পন্দনক ইন্ধন যোগায়,
যাৰ
ফলত ইহঁতে পিছলৈ উৰি যাব পাৰে।
: চৰাইবোৰ
সঁচাকৈয়ে বিচিত্ৰ দেই।— নিকলায়ে ক'লে।
: আৰু
এই বিচিত্ৰ কথাবোৰ আমি এজনী চৰাইৰ বাবেই জানিব পাৰিছোঁ।— মাৰ্ক'ই
হাঁহি হাঁহি ক'লে।
: একদম
সঁচা কথা কৈছা।— নিকলাই শলাগিলে।
: মোৰ
কাম এটা কৰি দিবানে লুকা? — ষ্টেপানে কথাৰ
মাজতে সুধিলে।
: নিশ্চয়
কৰিম। কওকচোন।— লুকাই আগ্ৰহ প্ৰকাশ কৰিলে।
: ব্ৰাংক', জচিপ আৰু মাৰিজাৰ সুকীয়া সুকীয়াকৈ ফটো তুলি দিব লাগে। ব্ৰাংক'হঁত উৰি গুচি গ'লে মাজে সময়ে মই সিহঁতৰ ফটোকে চাই থাকিব পাৰিম।— ক্ষীণ কণ্ঠৰে ক'লে ষ্টেপানে।
লুকাই ধৰিব
পাৰিলে ষ্টেপানৰ বুকুৰ মাজত বলি থকা ধুমুহাজাকৰ কথা। ব্ৰাংক'হঁত উৰি গুচি গ'লে
মলেঁয়া যে বৰ দুখী হৈ পৰিব, সেই কথাক লৈ যে তেওঁ বেছি চিন্তিত হৈছে
সেয়া বাৰুকৈয়ে অনুভৱ কৰিলে লুকাই। সেয়ে এটাও শব্দ নকৰাকৈ লুকা জখলাডালৰ ওচৰ
পালেগৈ। সেই ডালেৰে ঘৰৰ মূধচলৈ উঠি গৈ ফটো তুলিব— ব্ৰাংক', জচিপ আৰু
মাৰিজাৰ।
ষ্টেপানৰ ঘৰৰ
মূধচত তেতিয়া নিৰৱতা। উৰণ আখৰা সামৰি ব্ৰাংক'হঁত থিয় দি আছে
নিৰৱে। ক্লেপেটাঁ কেনিবা উৰি গৈছে। মলেঁয়াই নিজৰ পাখি কটালি আছে। মলেঁয়াই বাৰু
গম পাইছেনে— ব্ৰাংক'হঁত আৰু বেছিদিন তাইৰ কাষত নাথাকে! তাইৰ ভৰা
বুকুখন যে আকৌ শূন্য হ'ব! আচলতে বুকুবোৰ এদিন শূন্য হৈ যায়। সেয়া
লাগিলে মানুহৰে হওক অথবা মলেঁয়াৰ দৰে আন পশু-পক্ষীৰেই নহওক কিয়।
(আগলৈ)