ঋষিকেশ বৰঠাকুৰ
সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া
সোণোৱালী শইচৰ
পথাৰ কোলাত শোভে
ৰ’দালিৰে ফুল
ফল
সেন্দুৰীয়া...
ৰূপান্তৰৰ কবি তথা
অসম গৌৰৱ “জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ”-ৰদ্বাৰা বিংশ শতিকাৰ মধ্যভাগত ৰচিত তেওঁৰ বিখ্যাত ‘সেউজী’ গীতটিৰ জৰিয়তে
তেওঁ কেৱল আমাৰ চৌপাশে থকা সেউজী ধৰণীখনিৰ অতুলনীয় সৌন্দৰ্যক ফুটাই তোলায়েই নহয়, বৰঞ্চ এই
সেউজী ধৰণীখনিৰ ৰক্ষাৰ প্ৰতি যে মানৱ জগতৰো এক গুৰু দায়িত্ব আছে সেই বিষয়েও আমাক সোৱঁৰাই
দিছিল৷ কবিগৰাকীৰ এনে অতুলনীয় অৱদানৰ পাছতো যদি বৰ্তমান আমি নিজৰ চৌপাশে প্ৰত্যক্ষ
কৰো, তেন্তে আমি দেখিম যে আমাৰ অসম তথা বিশ্ব প্ৰকৃতিৰ পৰিস্থিতি
বৰ্তমান অতিশয় দুখলগাবিধৰ৷ অসমৰ বৰ্তমান প্ৰকৃতি জগত কেৱল মাথোঁ দুৰ্বলেই নহয়, বৰঞ্চ অসমৰ
প্ৰাকৃতিক অৱস্থা দিনক দিনে ভাগি আহিছে৷ প্ৰকৃতিৰ এনে দুখজনক অৱস্থাই গা কৰি উঠাৰ আঁৰত
মূল কাৰণ কি(?) আৰু ইয়াক কেনেকৈ সমাধান কৰিব পাৰি(?) এই ধৰণৰ
এক জটিল প্ৰশ্ন অসম তথা বিশ্ববাসী ৰাইজৰ আগত থিয় দি উঠা পৰিলক্ষিত হয় ৷
বিশ্ব প্ৰখ্যাত বৌদ্ধধৰ্মৰ
থেৰাবাদী পন্থাৰ দৰ্শন অনুযায়ী আমাৰ মানৱ শৰীৰ
হৈছে প্ৰকৃতিৰ মূল চাৰিটা উপাদান যেনে – মাটি, পানী, বায়ু আৰু
অগ্নিৰ এক জটিল মিশ্ৰণ মাথোঁ৷ এই দৰ্শন অনুযায়ী
যিদৰে মানৱ শৰীৰ প্ৰকৃতিৰ এই চাৰি উপাদানবোৰৰ পৰা সৃষ্টি হয়, সেইদৰেই
জীৱন যুদ্ধৰ অৱসানৰ পাছত মানৱ শৰীৰ এক গভীৰ নিদ্ৰাত চিৰকালৰ বাবে ডুব যোৱাৰ পাছত পুনৰ এই শৰীৰ প্ৰকৃতিৰ লগত বিলীন হৈ পৰে৷ এই ঘটনা
এক বিৰামহীন গতিত চলি থাকে, যাৰ কোনো অন্ত নাই
৷
আমি যদি পৌৰাণিক
দৰ্শনসমূহ এবাৰ অধ্যয়ন কৰি চাওঁ, তেন্তে আমি প্ৰত্যক্ষ
কৰিম যে আমাৰ পূৰ্বপুৰুষসকলে নিজৰ লেখাত বাৰে বাৰে প্ৰকৃতিয়ে যে আমাৰ প্ৰকৃত স্ৰজনকৰ্তা
তথা আমাৰ ধাৰণ কৰোঁতা এই কথা আমাক
উনুকিয়াই থৈ গৈছে৷ কিন্তু, বৰ্তমান
প্ৰেক্ষাপটত আমি লক্ষ্য কৰিলে দেখিম যে বৰ্তমান কেৱল মাথোঁ আমাৰ প্ৰকৃতিয়ে ধ্বংস হোৱা
নাই, বৰঞ্চ এনে এক অৱস্থা পালেহি, য’ত তীব্ৰ উষ্ণতা বৃদ্ধিৰ বাবে প্ৰকৃতি
হৈ পৰিছে মানৱৰ এক প্ৰধান শত্ৰু তথা মানৱ অস্তিত্বৰ প্ৰতি এক প্ৰত্যাহ্বানস্বৰূপ৷ প্ৰকৃতিৰ
এনে কৰুণ অৱস্থাৰ বাবে মূল জগৰীয়া হৈছে
কেৱল মানৱজগত৷ উচ্চ বিলাসী জীৱন ধাৰণৰ প্ৰতি থকা তীব্ৰ হাবিয়াস
আৰু তীব্ৰবেগেৰে তথাকথিত আধুনিকতাৰ দিশে আগুৱাই যোৱাৰ নামত আমি যি প্ৰকাৰে প্ৰকৃতিক
অনৈতিকভাৱে ধ্বংস কৰিছো, ইয়েই হৈছে এনে
অৱস্থাৰ মূল কাৰণ৷ জাতিৰ-পিতা মহামানৱ “মহাত্মা গান্ধীয়ে” এবাৰ
কৈছিল, “প্ৰত্যেকৰে প্ৰয়োজন পূৰণ কৰিবলৈ মাতৃ প্ৰকৃতিৰ যথেষ্ট সমল আছে, কিন্তু কাৰো
লোভ পূৰণ কৰিবলৈ নহয়”, অৰ্থাৎ প্ৰকৃতিৰ
ওচৰত আমাৰ অতিমাত্ৰাত থকা লোভ পূৰণ কৰিবলৈ নহয় বৰঞ্চ কেৱল মাথো আমাৰ দৈনন্দিন প্ৰয়োজনীয়
অভাৱসমূহ পূৰাব পৰাকৈহে সমল মজুত আছে আৰু যদি আমি এই সীমিত সমলসমূহৰ এক নৈতিক ব্যৱহাৰ
বৰ্তাই ৰাখিব নোৱাৰোঁ, তেন্তে এই প্ৰাণদায়ী
সমলসমূহ নিশ্চয় এই ধৰাৰ পৰা লুপ্ত হৈ পৰিব৷ যদিও গান্ধীজীয়ে আমাক প্ৰকৃতিৰ সমলসমূহৰ
এক সংযত ব্যৱহাৰৰ কথা বিংশশতিকাৰ সময়ছোৱাতেই উনুকিয়াই দিছিল, তথাপিও গান্ধীজীৰ
এই উপদেশক সময়ে সময়ে উলংঘা কৰি অহা হৈছে, যি আমাৰ
বাবে এক বৰ দুখজনক বিষয়৷
প্ৰকৃতিৰ এই অবাঞ্চনীয়
ধ্বংসলীলাৰ ঋণাত্মক প্ৰভাৱ আমি আমাৰ চৌপাশে বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পাওঁ, লাগিলে সেয়া
প্ৰদূষিত বায়ু সেৱন কৰাৰ বাবে দিল্লীৰ দৰে মহানগৰীত বসবাস কৰা জনতাৰ গড়ে ১২ বছৰ বয়স
হ্ৰাস পোৱাই হওক অথবা হওক গোলকীয় উষ্ণতা বৃদ্ধি৷ কিন্তু, এই সমস্যাসমূহৰ
ভিতৰত এটা সমস্যা হ’ল ‘প্ৰাণী বিলুপ্তিকৰণ’৷ যি সংকটৰ
বিষয়ে আমি যিমান পৰিমাণে আলোচনা কৰিব লাগিছিল সিমান পৰিমাণে অসমৰ বৌদ্ধিক জগতত আলোচনা
কৰা হোৱা নাই৷ ঠিক আজিৰ পৰা সম্পূৰ্ণ এক শতিকাৰ আগতে অসমীয়া সাহিত্যত ‘বিহগী কবি’ হিচাপে জনপ্ৰিয়
কবি ৰঘুনাথ চৌধাৰীৰ দ্বাৰা ৰচিত তেওঁৰ বিখ্যাত
‘কেতেকী’ নামৰ কবিতাত লেখিছিল:
বসন্ত আহিল, আমে মলিয়ালে
কঁঠালে পেলালে মুচি
;
মদালাপী কুলি তোকে
চাবলই
আহিছোঁ মূৰটো চুঁচি৷
অৰ্থাৎ, কুলিৰ মিঠা
মাত হৈছে বহাগৰে আগজাননী, যাৰ অবিহনে
আমাৰ জাতি আৰু আমাৰ সংস্কৃতি আধৰুৱা৷ চৰাই-চিৰিকটি, বন্যপ্ৰাণী
আৰু জীৱ-জন্তুৰে ভৰা এই অসমত য’ত আমি পূৰ্বে
প্ৰতি চুকে-কোণে চৰাই-চিৰিকটিৰ মাত শুনিবলৈ পাইছিলো, আজি সেই
অসমতে কুলি চৰাইৰ মাতটি দুৰ্লভ হৈ পৰিছে৷ গ্ৰাম্য জগতৰ পৰা দূৰণিত অৱস্থিত চহৰীয়া
অঞ্চলত কুলিৰ মাত শুনিবৰ বাবে তীব্ৰ আকাংক্ষাৰে নগৰীয়া ৰাইজে গোটেই ব’হাগ মাহ
অপেক্ষা কৰাৰ পাছতো খুব বেছি এবাৰ বা দুবাৰ হে কুলিৰ মাত শুনিবলৈ পোৱা যায়৷ অন্যহাতে
যদি চোৱা যায়, তেন্তে পূৰ্বতে চৰাই-চিৰিকটিৰ মাতৰ বাবে
ৰাতিপুৱা নিদ্ৰাৰ পৰা সাৰ পোৱাৰ এক পৰম্পৰা আছিল, কিন্তু বৰ্তমান
সেই পশু-পক্ষীৰ মাত শুনিবলৈ পোৱা নাযায়৷ ‘দ্য ৰুফৰ
ফাউনদ্যেশ্বন’ ৰ ২০১৭ চনত
প্ৰকাশ পোৱা তথ্য অনুযায়ী অসমৰ বিখ্যাত ‘দেওহাঁহৰো’ তীব্ৰ বিলুপ্তি
ঘটিছে, যাৰ আঁৰত থকা মূল কাৰণেই হৈছে দিহিং পাটকাই
অঞ্চলত দেখা দিয়া বৃক্ষৰ অভাৱ৷ এই বৃক্ষসমূহেই এই প্ৰাণীসমূহৰ জীৱন নিৰ্বাহৰ বাবে
অৱস্থান প্ৰদান কৰে, কিন্তু তথাকথিত তীব্ৰ আধুনিকীকৰণ তথা মানৱৰ
মনত গঢ় লৈ উঠা উচ্চ পৰিমাণৰ মুনাফাভিত্তিক মানসিকতাই বৃক্ষসমূহৰ বিলুপ্তিকৰণৰ এক বিধ্বংসী প্ৰক্ৰিয়া সৃষ্টি কৰিছে, যাৰ পৰিণতি হৈছে কেৱল
আৰু কেৱল ঋণাত্মক৷ দেওহাঁহ হৈছে অসমত প্ৰাণী বিলুপ্তি সমস্যাৰ সমগ্ৰ প্ৰক্ৰিয়াৰ ভিতৰতৰ
এটি মাথো উদাহৰণহে৷ এই বিলুপ্তিমূলক সমস্যা আমি অসমৰ ভিন্ন জীৱ-জন্তু যেনে বাঘ, হৰিণ, হাতী আৰু
এশিঙীয়া গঁড়ৰ ক্ষেত্ৰতো দেখিবলৈ পাওঁ৷
মাজে সময়ে বাতৰিকাকত
অথবা দূৰদৰ্শনত মানৱ আৰু বন্যপ্ৰাণীৰ মাজত হোৱা
সংঘাতৰ খবৰ চৰ্চা হোৱা দেখিবলৈ পোৱা যায়৷ বনাঞ্চলসমূহৰ ধ্বংসৰ ফলত বনাঞ্চলসমূহত থকা
বনৰীয়া প্ৰাণীসমূহৰ বাবে উপযুক্ত পৰিমাণৰ খাদ্যৰ অভাৱে দেখা দিয়াৰ বাবে মাজে সময়ে
এই বন্যপ্ৰাণীসমূহ গ্ৰামাঞ্চল অথবা নগৰীয়া অঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই অহা দেখিবলৈ
পোৱা যায়, যিয়ে সাধাৰণ জনতাৰ মাজত তীব্ৰ ভয় আৰু শংকাৰ
সৃষ্টি কৰে৷ অন্যহাতে খাদ্যৰ বাবে বনৰীয়া হাতীয়ে অসমৰ বিভিন্ন ঠাইত কৰা তাণ্ডৱৰ সম্পৰ্কে
অসমৰ সকলো প্ৰজা অৱগত, যাৰ বাবে বহুতো সহজ-দৰিদ্ৰ কৃষিজীৱী ৰাইজে
নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হয়৷ এই সমস্যা কেৱল মাথো বৰ্তমানৰ সমস্যা নহয়, বৰঞ্চ এই
সমস্যা স্বাধীনোত্তৰ কালৰ পৰাই দেখা দি আছে, যাৰ সমাধান
বৰ্তমানলৈকে দেখিবলৈ পোৱা নাযায়৷
অসমৰ আধুনিকীকৰণ
প্ৰক্ৰিয়াত দায়ৱদ্ধতাহীনভাৱে বৃক্ষৰ কৰ্তন কৰা পৰিলক্ষিত হয়৷ উন্নতমানৰ
বাটপথ, অট্টালিকা, উৰণীয়া
সেঁতু তথা অসমৰ আন্তগাঁঠনিৰ উন্নয়নৰ বাবে
প্ৰকৃতিৰ যি ধৰণেৰে ধ্বংস কৰা হৈছে, সেই ধ্বংসক
কোনো প্ৰকাৰে নুই কৰিব নোৱাৰি৷ প্ৰকৃততে প্ৰকৃতিৰ সুৰক্ষাৰ বাবে আধুনিকীকৰণ প্ৰক্ৰিয়াক
স্থগিত কৰি দিয়াটোও একবাৰেই অগ্ৰহণযোগ্য৷ বৰঞ্চ আধুনিকীকৰণৰ লগত একে সমান হাৰত প্ৰকৃতিকো
গুৰুত্ব প্ৰদান কৰি সুৰক্ষা প্ৰদান কৰাটোহে হৈছে প্ৰকৃত অৰ্থত এক সুন্দৰ উন্নয়ন, যিয়ে কেৱল
প্ৰকৃতিয়েই নহয় বৰঞ্চ মানৱ জীৱনকো সুৰক্ষা প্ৰদান কৰে৷ অসমত বহুতো এনে জনজাতি আছে, যিয়ে অৰণ্যৰ ওপৰত ভিত্তি কৰি জীৱন নিৰ্বাহ কৰে, এনে জনজাতিৰ
ভিতৰত বড়ো, কাৰ্বি, ডিমাছা, চাওতাল আদিয়েই হৈছে প্ৰধান৷ যেতিয়া এখন অৰণ্য ধ্বংস কৰা হয়, তেতিয়া সেই অৰণ্যৰ ওপৰত ভিত্তি কৰি জীৱন নিৰ্বাহ কৰা জনজাতিসমূহৰ
জীৱন নিৰ্বাহৰ উৎসসমূহো ধ্বংস হৈ যায়, যিয়ে এনে জনজাতিসমূহক
গুৰুতৰভাৱে ক্ষতি সাধন কৰে৷ এনে ক্ষতিৰ বাবে আন্দোলন, সংঘাত আৰু
অৰাজকতাৰ সৃষ্টি হয়, যিয়ে উমৈহতীয়া কৈ এখন দেশৰ অৰ্থনীতি আৰু
শান্তিত বিঘিনি সাধে৷ সেয়েহে প্ৰকৃতিৰ ধ্বংসই এখন সমাজ তথা এখন দেশৰ ভিন্ন দিশ যেনে
সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত সমস্যাৰ
সৃষ্টি কৰে, যিয়ে এখন সমাজ তথা এখন দেশৰ উন্নয়নত প্ৰতিবন্ধক
হিচাপে থিয় দিয়া দেখিবলৈ পোৱা যায়৷
এতিয়া প্ৰকৃত বিষয়
হ’ল যে আমি এই সমস্যা কেনেকৈ সমাধান কৰিব পাৰিম? প্ৰাণৰশিল্পী
তথা অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে এবাৰ কৈছিল “পৃথিৱীৰ মৃত্যু হোৱা নাই, বৰঞ্চ ইয়াক
হত্যা কৰা হৈছে। ইয়াক বচাবলৈ এটা সৰু পদক্ষেপ আমাৰ হাতত আছে।” অৰ্থাৎ, সহজ অৰ্থত যিদৰে
প্ৰকৃতিৰ ধ্বংস মানৱে নিজৰ হাতেৰেই কৰিছে, ঠিক সেইদৰেই
প্ৰকৃতিৰ ৰক্ষণাবেক্ষণৰ দায়িত্বও মানৱৰ হাততেই অন্তৰ্নিহিত হৈ আছে৷ উপযুক্ত পৰিমাণৰ
সজাগতা, দায়বদ্ধমূলক উন্নয়নৰ পদক্ষেপ, কঠোৰ আইনী
ব্যৱস্থা হৈছে এই সমস্যা সমাধানৰ একমাত্ৰ উপায়৷ কিন্তু, আমি মাথোঁ
চৰকাৰ আৰু আইনৰ ওপৰত নিৰ্ভৰশীল হ’লেই নহ’ব, আমাৰ নিজৰো
এই দিশত বহুত কৰণীয় আছে৷ জন্মদিন উপলক্ষে নিজৰ বয়স অনুযায়ী বৃক্ষ ৰোপণ কৰিবলৈ কৰা
প্ৰচেষ্টা, অনাহকত কৰা শক্তিৰ অপচয় হাৰ ৰোধকৰণ, প্লাষ্টিকৰ
ব্যৱহাৰ বৰ্জন আদি হৈছে এনে কিছু পদক্ষেপ, যাৰ দ্বাৰা আমি আমাৰ প্ৰকৃতিক সুৰক্ষিত কৰিব পাৰিম৷ প্ৰকৃতিয়েই
হৈছে এই জগতৰ মূল জীৱনীশক্তি
তথা ভগৱন্তৰ এক অন্যৰূপ, সেয়েহে প্ৰকৃতিৰ
সুৰক্ষা হৈছে মানৱৰ মূল ধৰ্মস্বৰূপ আৰু এই ধৰ্ম আমি পালন কৰা উচিত৷
“বৃক্ষ অবিহনে
এই ভূমি
হৈ পৰিব মৰুভূমি
হাঁহাকাৰ কেউদিশে...
হাঁহাকাৰ কেউদিশে...”৷৷
***
ঠিকনা :
চতুৰ্থ ষান্মাসিক
ইতিহাস বিভাগ
জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়
দূৰভাষ: ৯৭০৭৩১৩২৪৬
