অন্যযুগ/


নতুন চৰকাৰ, নতুন মুখ্যমন্ত্ৰী

 সঞ্জীত কুমাৰ বৰদলৈ

অসমত নতুন চৰকাৰ গঠন হ’ল৷ দল একেই, কিন্তু মুখ্যমন্ত্ৰী নতুন হ’ল৷ ৩৩.২১% ভোট লাভ কৰি বিজেপিয়ে ৬০ খন আসন দখল কৰিবলৈ সক্ষম হ’ল৷ প্ৰধান বিৰোধী কংগ্ৰেছ দল ২৯ খন আসনতে সন্তুষ্ট থাকিবলগা হ’ল৷ বিজেপি দলে নিৰ্বাচনী সভাত বাৰে বাৰে কোৱা ‘সভ্যতাৰ সংকট’ কঢ়িয়াই অনা এ আই ইউ দি এফে ১৬ খন আসন দখল কৰিবলৈ সক্ষম হ’ল৷ বিজেপিৰ মিত্ৰ দল অসম গণ পৰিসদ আৰু ইউ পি পি এল দলে ক্ৰমে ৯ খন আৰু ৬ খন আসন লাভ কৰিলে৷ অসমত এইবাৰৰ নিৰ্বাচনী প্ৰচাৰ এক প্ৰকাৰৰ নিকৃষ্ট আছিল বুলি ক’ব পাৰি৷ উত্তৰ প্ৰদেশ, বিহাৰৰ দৰে মুকলিকৈ সাম্প্ৰদায়িক মতামত দিব পৰা ৰাজনৈতিক নেতা যে অসমতো বহুজন আছে, সেই কথা এইবাৰৰ নিৰ্বাচনী প্ৰচাৰৰ সময়তে প্ৰমাণ হ’ল৷ সেইচাম নেতাৰ এনে মানসিকতা মন কৰিবলগীয়া৷ ধৰ্মক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ দৰে নিকৃষ্ট আৰু দুৰ্ভাগ্যজনক যি বাতাৱৰণ ৰাজ্যখনত এচাম ৰাজনীতিকে আৰম্ভ কৰিলে, সি আমাৰ জাতীয় জীৱনৰ বাবে উদ্বেগজনক আৰু পৰিতাপৰ কথা৷

চৰকাৰ আহে আৰু যায়৷ কিন্তু সৰ্বসাধাৰণ ৰাইজৰ আশা-প্ৰত্যাশা কিমান পূৰণ হয়? বেছি ভাগ প্ৰত্যাশাচোন অপূৰ্ণ হৈয়ে ৰয়৷ গতিকে নতুন প্ৰত্যাশা বুলিবলৈ ক’বলৈ গৈ থমকি ৰ’বলগা হয়৷ তথাপি আমি আশাবাদী প্ৰাণী৷ আশা-প্ৰত্যাশাক বিসৰ্জন দিব নোৱাৰি৷ বেছি ভাগ চৰকাৰেই বাট-পথ নিৰ্মাণ, কৰ্মচাৰীক দৰ্মহা দিয়া, জনকল্যাণমূলক আঁচনি (বেছিভাগেই নিৰ্বাচনমুখী) কিছুমানৰ কথা কৈয়ে সফলতাৰ ঢোল বজায়৷ কিন্তু স্বাধীনতাৰ ইমান বছৰ পাৰ হৈ যোৱাৰ পাছতো ৰাজ্যখনৰ দীৰ্ঘদিনীয়া কেইটা সমস্যা স্থায়ীভাৱে সমাধান হৈছে? বানপানী-গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিবলৈ কোনো এখন চৰকাৰেই সক্ষম হ’ব পৰা নাই৷ বিদ্যালয়-মহাবিদ্যালয়, বিশ্ববিদ্যালয় বহুত প্ৰতিষ্ঠা কৰা হৈছে, কিন্তু সেইবোৰৰ পৰা ডিগ্ৰী অৰ্জন কৰাসকলৰ মাজত আত্মসংস্থাপন কিমানৰ হৈছে? হস্পিটেল, মেডিকেল কলেজ হৈছে, কিন্তু জনস্বাস্থ্য কিমান উন্নত হৈছে? এটোপাল বিশুদ্ধ খোৱা পানীৰ বাবে এতিয়াও বহু ঠাইত মানুহে হাহাকাৰ কৰিবলগা হৈছে৷ এই সকলোৰে‍ বাবে বৃহৎ বৃহৎ অংকৰ আঁচনি বহুত লোৱা হৈছে; কিন্তু সমাধান এতিয়াও বহু দূৰৈত৷ ২৪ ঘণ্টা বিদ্যুৎ যোগান দিয়াৰ প্ৰতিশ্ৰুতি বহু চৰকাৰে দিলে, কিন্তু বাস্তৱত সেয়া সম্ভৱ হৈ উঠা নাই৷

° হিমন্ত বিশ্ব শৰ্মা ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হ’ল৷ অসমৰ সমাজ আৰু ৰাজনীতিত এটা নতুন যুগৰ সূচনা হৈছে বা হ’ব নেকি? বহুতৰে মনলৈ এই প্ৰশ্নটো আহিছে৷ কাৰণ বিগত দুটা দশকতকৈও অধিক সময় ৰাজ্যখনৰ আটাইতকৈ বেছি প্ৰভাৱশালী আৰু চৰ্চিত ৰাজনৈতিক নেতাজনেই হৈছে ড° হিমন্ত বিশ্ব শৰ্মা৷ ড° শৰ্মাৰ দক্ষতা আৰু ৰাজনৈতিক বিচক্ষণতাৰ কথা তেওঁৰ সাত শতৰুৱেও স্বীকাৰ কৰিবলৈ বাধ্য৷ গতিশীল আৰু কঠোৰ পৰিশ্ৰমী হিমন্ত বিশ্ব শৰ্মা যথেষ্ট অভিজ্ঞ আৰু পৰিপক্ব হৈ উঠিছে৷ তেওঁক বেয়া পোৱাসকলক বাদ দি বেছিভাগৰে নতুন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি প্ৰত্যাশা যথেষ্ট বেছি৷ আমিও নতুন মুখ্যমন্ত্ৰীক লৈ আশাবাদী৷ কিন্তু এই কথা ক’বই লাগিব যে ড° হিমন্ত বিশ্ব শৰ্মাৰ যাত্ৰাপথ খুব এটা মসৃণ নহয়৷ যথেষ্ট প্ৰত্যাহ্বানৰ সৈতে তেওঁ মুখামুখি হ’ব লাগিব৷ এই মুহূৰ্তত নতুন চৰকাৰৰ সমুখত বৃহৎ প্ৰত্যাহ্বান হৈছে— ক’ভিড-১৯ নিয়ন্ত্ৰণ কৰাটো৷ একেৰাহে দুটাকৈ বছৰ ক’ভিডে আমাক সকলো দিশৰ পৰা জুৰুলা কৰিছে৷ ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা বৰ শোচনীয়৷ বিত্তমন্ত্ৰী হিচাপে বিগত বিধান সভাত ড° হিমন্ত বিশ্ব শৰ্মাই নিজেই দিয়া তথ্য মতে প্ৰায় ২৩ হাজাৰ কোটি চৰকাৰখনে বিভিন্ন শিতানত দিবলগা আছে৷ তদুপৰি অসম চৰকাৰৰ ঋণৰ বোজা আছে ৮৫ হাজাৰ কোটি টকা৷ এই বৃহৎ ঋণৰ বাবদ সূদৰ বোজাই প্ৰায় ৫০ হাজাৰ কোটি৷ নতুন চৰকাৰখনে অহা পাঁচটা বিত্তীয় বৰ্ষত মুঠ ৪১,২৮১,১৬ কোটি টকা কেৱল সূদৰ বাবদ দিব লাগিব৷ গতিকে ৰাজ্যখন সঠিক দিশত আগ বঢ়াই লৈ যোৱাটো কিমান প্ৰত্যাহ্বানমূলক হ’ব, সি সহজেই অনুমেয়৷ অন্যান্য আহিবলগা বিভিন্ন সমস্যাবোৰতো আছেই৷

নতুন চৰকাৰে আৰম্ভণিতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ২০% পুনৰীক্ষণৰ কথা ঘোষণা কৰিছে৷ এই ক্ষেত্ৰত আমাৰো সমৰ্থন আছে৷ কাৰণ প্ৰস্তুত হৈ উঠা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বহু আঁসোৱাহৰ প্ৰামাণিক তথ্য আছে বুলি শুনিছোঁ, যাৰ বাবে এপি ডব্লিউ এ-ই ইতিমধ্যে উচ্চতম ন্যায়ালয়ত গোচৰ দিছে৷ কিন্তু তাৎপৰ্যপূৰ্ণভাৱে স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ৭১ৰ পৰিৱৰ্তে ৫১-ৰ পোষকতা কৰি অন্যথা জাতি নৰয় বুলি কৈছে৷ আজিৰ তাৰিখত সেয়া সম্ভৱ নে? এনে অবান্তৰ কথাই সমাজখন অস্থিৰ-অশান্ত কৰাৰ বাট মোকলাই নিদিবনে? এই মুহূৰ্তত এনে ধৰণৰ কথাৰ প্ৰয়োজনীয়তা কিমান? সেই কথা চালি-জাৰি চোৱা উচিত৷

অসম চুক্তিৰ ৬ নং দফাটোৰ বাস্তৱ ৰূপায়ণ আমাৰ সকলোৰে দাবী আৰু আশা৷ আমি আশা কৰোঁ, অতি সোনকালে ড° হিমন্ত বিশ্ব শৰ্মাই আমাক সেই ভাল খবৰটো শুনাব৷ অসমখন প্ৰায়বোৰ দিশতে স্বাৱলম্বী হোৱা উচিত৷ তিনিটাকৈ কাগজ কল, চেনি কল আদিৰ দৰে উদ্যোগবোৰ পুনৰ গঢ়ি তুলিবলৈ আমি নতুন চৰকাৰক আহ্বান জনাইছোঁ৷ সম্পূৰ্ণ পেছাদাৰী মানসিকতাৰে আমাক সৰু-বৰ উদ্যোগ লাগে৷ আমোলাতন্ত্ৰক সংস্কাৰৰ যোগেদি অধিক গতিশীল কৰি নিৰ্ধাৰিত সময়ত আঁচনিসমূহ ৰূপায়ণ কৰা উচিত৷ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে কেন্দ্ৰীয় আঁচনিসমূহৰ ৰূপায়ণ যাতে লেহেমীয়া নহয়, তাৰ প্ৰতি দৃষ্টি ৰখা উচিত৷ মুঠতে সকলো দিশতে আমাৰ ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ন আমি আশা কৰোঁ৷ মুখ্যমন্ত্ৰীয়ে  অসমক আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ এক প্ৰবল ইচ্ছাৰ কথা প্ৰায়ে কয়৷ আমি আশা কৰোঁ সেই দিশত তেওঁ ৰাজ্যখন অনাগত দিনত আগুৱাই নিবলৈ সক্ষম হ’ব৷ এই ক্ষেত্ৰত সকলো পক্ষৰ সহযোগ লাগিব৷ তাৰ বাবে এক উপযুক্ত পৰিৱেশ থাকিব লাগিব৷ সকলোৰে সহযোগত সেই পৰিৱে‍শ নতুন চৰকাৰখনে গঢ়ি তুলিব পাৰিব লাগিব৷

পঞ্চদশ বিধান সভাত পূৰ্বৰ তুলনাত বিৰোধী দেখাত বেছ শক্তিশালী যেন লাগিছে৷ এয়া ভাল কথা৷ গণতন্ত্ৰত শক্তিশালী বিৰোধী লাগে৷ কিন্ত ড° হিমন্ত বিশ্ব শৰ্মাৰ দৰে চতুৰ, বাকপটু নেতাক প্ৰয়োজনত অস্বস্তিত পেলাব পৰা বিৰোধী নেতা কেইজন ওলাব, তাত সন্দেহ নথকা নহয়৷ স্বাস্থ্যজনি‍ত কাৰণ আৰু কাৰাবন্দী হৈ থকা বাবে অখিল গগৈৰ ক্ষেত্ৰত কি হয় সেই কথা সময়ে ক’ব৷ তথাপি সদনৰ ভিতৰতে হওক বা বাহিৰতে হওক, ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা নতুন চৰকাৰখনৰ প্ৰতি সচেতন সমাজে তীক্ষ্ণ নজৰ ৰাখিব৷ ইতিপূৰ্বে উল্লেখ কৰিছোঁ— মাননীয় মুখ্যমন্ত্ৰী ড° শৰ্মাৰ সমুখত প্ৰত্যাহ্বান যথেষ্ট আছে৷ তাৰ মাজতো এগৰাকী ৰাজনীতিকৰ পৰা এগৰাকী ৰাজনীতিজ্ঞ (states man) তথা যুগনায়ক হোৱাৰো এক সুন্দৰ সুযোগ তেওঁ লাভ কৰিছে৷ আমি আশা কৰোঁ সেই সুযোগৰ সদ্‌ব্যৱহাৰ তেওঁ কৰিব৷ আমি অনাগত দিনত ড° হিমন্ত বিশ্ব শৰ্মাৰ কথা এগৰাকী যুগনায়ক বুলি ক’বলৈ পালে সুখী হ’ম৷ নতুন মুখ্যমন্ত্ৰী তথা নতুন চৰকাৰলৈ আমাৰ অভিনন্দন জনালোঁ৷

লেখকৰ যোগাযোগ : ৯৮৫৪৬০৪৩৬৬  


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ