অন্যযুগ/


আদিংগিৰি : সম্ভাৱনাময় প্ৰাপ্ত-স্থানক

 নীলোৎপল বৰুৱা



 

মহানগৰীৰ হট্টগোল আৰু কংক্ৰিটৰ অৰণ্যৰ পৰা নাতিদূৰৈত আদিংগিৰি টিলা৷ টিলাটো প্ৰাকৃতিক আশীৰ্বাদপুষ্ট৷ আনন্দময়৷ টিলাটোৰ‌পৰা সন্ধ্যা  মালিগাঁৱৰ ব্যস্ত ৰাজপথ আৰু দোকান পোহাৰবোৰ এখন চাইক’ডেলিক লেণ্ডস্কেপৰ দৰে দেখা যায়৷ হেৰাই যাব পৰাকৈ যথেষ্ট৷

আদিংগিৰিক আদিতে দুৰ্গা সৰোবৰ হিচাপে জনা গৈছিল৷ ৰাস্তা-পদূলি অনুন্নত যদিও বৃহদাকাৰ৷ সম্প্ৰতি সুচল৷ মালিগাঁৱৰ পৰা লু্ংলুঙীয়া গো-বাটেৰে উঠি আহিব পৰা অঞ্চলটোত এটা সময়ত দিনতে বাঘ ওলাইছিল৷ তালৈ উঠি অহা মিশ্ৰিত জনগোষ্ঠীৰ লোকসকলে এটা সমূহীয়া আৰু আত্মীয়তাৰে ভৰা জীৱন যাপন কৰিছিল৷

ৰেলনগৰী মালিগাঁৱৰ নাট্য ইতিহাস গপচ্৷ পঞ্চাশৰ দশকৰ পৰাই চলতি৷ আশু বানাৰ্জী, খোকন সৰকাৰ, জীৱন ৰয়, মনোৰঞ্জন শূৰ, শান্তিময়, কাঞ্জীলাল, বিমল দে’ ৰ পৰা ৰত্ন ওজালৈকে এক দীঘলীয়া ইতিহাস৷ মালিগাঁৱে – ‘নৱজ্যোতি কলা পৰিষদ’, ‘গহ্বৰ নাট্য গোষ্ঠী’, ‘সমস্বৰ’ আদিৰ দৰে শক্তিশালী নাট্যানুষ্ঠানৰ জন্ম দি নাটকৰ ধাৰাপ্ৰৱাহক অক্ষুণ্ণ ৰাখিছে৷ 

সেই আদিংগিৰিতে ‘অভিজ্ঞানম’ৰ ‘আদিংগিৰি নাট সমাৰোহৰ’ পঞ্চমটো বৰ্ষৰ দৰ্শক হোৱাৰ সৌভাগ্য ঘটিল৷ যোৱা পহিলা মাৰ্চৰ পৰা তিনি মাৰ্চলৈকে৷ তাৰে দুটামান দৰ্শনী মাছখোৱাৰ প্ৰকল্পতো মঞ্চায়িত হৈছিল৷ 

মালিগঞা নাটকৰ ইতিহাসৰ সোণসেৰীয়া বাটেৰে গৈ থকা মানৱেন্দ্ৰ ৰণহাং চৌধুৰীয়ে এটা দশকৰ আগতে স্থাপন কৰা ‘অভিজ্ঞানম’ এটা সম্ভাৱনাময় গোষ্ঠী৷ যোৱা দশকটোত অভিজ্ঞানমে সম্পৰীক্ষামূলক নাট মঞ্চায়নৰ পৰা আৰম্ভ কৰি শিশুনাটক কৰ্মশালালৈকে বিভিন্ন কৰ্মকাণ্ড নিৰৱচ্ছিন্নভাৱে কৰি গৈছে৷ তদুপৰি ‘অভিজ্ঞানমে’ নাটকৰ নিৰন্তৰ সম্পৰীক্ষাৰে নিতে নতুন মঞ্চায়ন কৰি আহিছে৷ মানৱেন্দ্ৰ ৰণহাং চৌধুৰীৰ অভিযোজনাসমূহ বৌদ্ধিক মহলতো বাৰুকৈয়ে চৰ্চিত৷ 

পৃথিৱীজুৰি প্ৰচেনিয়ামৰ বিকল্প স্থানৰ অন্বেষণৰ অন্তত আমাৰ হাতলৈ বহুকেইটা স্থানিক আৰু মাত্ৰিক বিকল্প আহিছে৷ চলন্ত বাছ, চ’ৰাঘৰ, নৈ-পাৰ, শালনী, বাঁহনি আদি বহু স্পেচত নাট মঞ্চায়নৰ ন-ন সম্পৰীক্ষা নিতৌ চলিছে৷ ই নাটকৰ ক্ষেত্ৰখনলৈ এটা শুভংকৰ পৰিৱৰ্তন আনিছে৷ ভাৰী প্ৰপচ্, বৃহদাকাৰ আলোকসম্পাত সঁজুলি, বিশাল মঞ্চ ব্যৱস্থাই হেঁচা মাৰি ধৰি ৰখা বহু উকমুকনিয়ে এতিয়া কম খৰছত নন্দনতাত্ত্বিকভাৱে আইডিয়েল দৰ্শকৰ কাষ পাইছেহি৷ সময়ত তাৰ বহু বিকল্প ৰৈ যাব আৰু কিছু নিশ্চিতভাৱে অপাংক্তেয় হ’ব৷




আদিংগিৰিৰ মঞ্চ আৰু তাৰ স্থানিক (Spatial) মাত্ৰা আমাৰ দৃষ্টিৰে এক প্ৰাকৃতিক দান৷ এঢলীয়া টিলাৰ তলতে আৰু কাষতে লাগি থকা এটা প্ৰচেনিয়াম আকৃতিৰ মঞ্চ৷ দৰ্শকৰ বাবে টিলাটোৰ ঢালত ঢাপ কাটি তৈয়াৰ কৰা এটা গেলাৰী৷ ক্ষেত্ৰখনলৈ প্ৰৱেশৰ পথটো বাঁহনিয়ে আৱৰি ৰখা সুৰুকীয়া বাট৷ প্ৰচেনিয়াম আৰু প্ৰকৃতিৰ মাজত এটা সহজ সহাৱস্থানেৰে আদিংগিৰিৰ স্পেচে এক অন্য মাত্ৰা পৰিগ্ৰহণ কৰিছে, এক ধৰণৰ এশৰীয়া প্ৰচেনিয়ামযুক্ত এম্ফিথিয়েটাৰলৈ পৰিণত হৈছে৷ ই আদিংগিৰিৰ দেশী বিদেশী দৰ্শক আৰু নাট্যবোদ্ধাক এক অনন্য অভিজ্ঞতা প্ৰদান কৰিব৷

মূল মঞ্চ স্থানলৈ সোমাই যাওঁতে মাটি কাটি কৰা খটখটি আৰু তাত দিয়া ফুটলাইটসমূহে এটা মায়াৱী পৰিৱেশ তৈয়াৰ কৰিছে৷ যিটো দৰ্শক প্ৰস্তুতিৰ সহায়ক৷

আদিংগিৰিৰ নাট্যক্ষেত্ৰখনক আমি Found Space বা প্ৰাপ্ত-স্থানক হিচাপে অভিহিত কৰিবলৈ ভাল পাম৷ মঞ্চৰ বিভিন্ন প্ৰকাৰৰ মাজত Found Space-এই আজিৰ তাৰিখত অসমৰ বহু সম্পৰীক্ষামূলক নাট সমাৰোহৰ উপজীৱ্য হৈছে৷ আদিংগিৰিৰ মঞ্চক্ষেত্ৰ এটা প্ৰাপ্ত স্থানকলৈ নিজাববীয়াকৈ উত্তৰিত হৈছে৷ প্ৰচেনিয়ামৰ তলতে এটা প্ৰাকৃতিকভাৱে তৈয়াৰী অৰ্কেষ্ট্ৰা পিট্৷ দৃষ্টিসীমাত মঞ্চ, অপসৃয়মানভাৱে সৰলৰৈখিক৷ ঢালত প্ৰায় তিনিশ মানুহৰ বাবে আৰামদায়ক আসন৷ সম্প্ৰতি অসমত চলি থকা নাট সমাৰোহৰ বহুখিনিয়েই বিকল্প স্পেচৰ৷ প্ৰচলিত ধাৰাৰ বিপৰীতে সকলোৱে নিজৰ হাতত মজুত থকা Found Space-সমূহ ব্যৱহাৰ কৰি নাট মঞ্চায়নৰ চেষ্টা কৰিছে৷ দেখা গৈছে বহুকেইটা স্পেচেই সহজ আৰু সম্পূৰ্ণতম মঞ্চায়নৰ বাবে উপযোগী নহয়৷ বহুকেইটাত শব্দৰ প্ৰক্ষেপণ (যান্ত্ৰিক বা অযান্ত্ৰিক) সুষম আৰু স্বস্তিপ্ৰদায়ক হোৱা নাই৷ বহু পৰিপ্ৰেক্ষিত বা বেকড্ৰপ বাস্তৱ ক্ষেত্ৰত ব্যৱহাৰ উপযোগী, ফলপ্ৰসূ আৰু মঞ্চায়নক্ষম হৈ উঠা নাই৷ তাৰ মাজতে বহুকেইটা নাট্যক্ষেত্ৰ‌ই এক নিজা মাত্ৰা আৰোপ কৰি একো একোটা নাট সমাৰোহক দৰ্শকৰ বাবে অনবদ্য অভিজ্ঞতাৰ উৎস কৰি তুলিছে৷


বিকল্প স্থানৰ এই নিৰন্তৰ সন্ধানে অসমৰ নাটকক অন্য দিক্‌দৰ্শন অচিৰেই কৰাব৷ অদূৰ ভৱিষ্যতে বিকল্প স্পেচযুক্ত একো একোটা নাট সমাৰোহে পৰম্পৰাগত নাট সমাৰোহসমূহতকৈ দৰ্শকক অধিক খোৰাক যোগাবলৈ সক্ষম হ’ব৷ নাটকৰ আনন্দ, মানদণ্ড আৰু ৰুচিশীলতাৰ বাদেও স্পেচসমূহেও নতুন দৰ্শকক নাটকৰ থলীত উপস্থিত হ’বলৈ বাধ্য কৰিব৷

তাৰ আগজাননী ইতিমধ্যেই পোৱা গৈছে৷ ৰুদ্ধ আৰু শুষ্ক বাতাৱৰণৰ বিপৰীতে মুকলি বতাহত এখন আন্তঃৰাষ্ট্ৰীয় মানৰ নাটক উপভোগ কৰাটো এই প্ৰজন্মৰ বাবে এটা আকৰ্ষণৰ বিষয়বস্তু হৈ উঠা দৃষ্টিগোচৰ হৈছে৷ শুনিবলৈ বেয়া হ’লেও বহু পৰম্পৰাগত আৰু অভিজাত নাট সমাৰোহসমূহত দৰ্শকৰ সেৰেঙা উপস্থিতিৰ বিপৰীতে এই নতুন স্পেচত দৰ্শকৰ উপস্থিতি চকুত লগা৷ মাজতে স্থৱিৰ আৰু নতুনৰ আগমনহীন হৈ পৰা অসমৰ নাটকৰ বাবে ই এটা শুভংকৰ পৰিৱৰ্তন৷

আদিংগিৰিয়ে এই নতুনত্বক বহন কৰিছে৷ এই যাত্ৰাক কঢ়িয়াই নিব পৰাকৈ আদিংগিৰিৰ প্ৰাপ্ত স্থানক এটা শক্তিশালী অস্ত্ৰ৷ এই নাট সমাৰোহত পাকিজা বেগমৰ ‘মেনকা’, উজবেকিস্তানৰ পৰিচালক অভিয়াকুলি খোদজাকুলিৰ ‘টু কিল অৰ নট্ টু কিল’, মানৱেন্দ্ৰ ৰণহাং চৌধুৰীৰ ‘গান্ধী ভাৰ্চেচ গডচে’ আদিৰ মঞ্চায়নসমূহ সেই প্ৰাপ্তস্থানত অতি মোক্ষণক্ষম আছিল৷

তদুপৰি মঞ্চক্ষেত্ৰৰ চাৰিওফালে থকা নান্দনিক ইনষ্টলেশ্বনসমূহে অভিজ্ঞানমৰ ৰুচিশীলতাৰ নিদৰ্শন ডাঙি ধৰিছিল৷

আমি আশাবাদী যে ভৱিষ্যতে আদিংগিৰিয়ে এক অনন্য নাট্য-দৰ্শন অভিজ্ঞতালৈ পৃথিৱীৰ বহু আগ্ৰহী দৰ্শক আৰু বোদ্ধাক টানি আনিব৷

 

ভ্ৰাম্যভাষ – ৯৮৫৪৫৬৬৪২৯

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ