নৱ ৰাজন
১.
আন কোনো ফলৰ গুটিৰ ইমান আদৰ নাই
নাঙঠ কৰি চুহি
দলিয়াই দিয়া নহয়
গিলি দিয়াও নহয় আন ফলৰ দৰে
আঙুলিৰে পিটিকি বাহিৰ কৰি
সযতনে ৰখা হয় সাঁচি
ভজা, পোৰা নাইবা উহোৱা
কিমান যে তৃপ্তিদায়ক
মধুমেহৰো ভয় নাই
আলুৰ বিকল্পও বুলিব পাৰি
গুটি মানেই ভ্ৰুণ
ভ্ৰুণ হত্যাকাৰী আইন মতে অপৰাধী
কঁঠাল-গুটিৰ প্ৰেমিকবোৰ
সেয়ে, এক প্ৰকাৰে দোষী।
২.
কঁঠাল কাঠৰ খিৰিকী
খিৰিকীৰ সিপাৰে
পিতাইৰ ঘামৰ চাকি হৈ
কঁঠাল গছৰ শাৰী
খিৰিকীৰ ইপাৰে
কোঠাত বন্দী
কঁঠাল পাতৰ চকৰি
চকৰিত বন্দী বতাহ
বতাহত বন্দী শৈশৱৰ উছাহ
কঁঠাল-গুটি এতিয়া মাথোঁ
চুহি পেলোৱা একো একোটি সাধাৰণ গুটি
বাৰীৰ ঢাপত যিয়ে প্ৰসৱ কৰিব নোৱাৰে
জীৱনৰ কুঁহিপাত
