অন্যযুগ/


এখন নতুন সংবিধান

 পংকজ প্ৰতিম বৰদলৈ

 

দেশে আজাদীৰ অমৃতকাল অৰ্থাৎ, পয়সত্তৰ বছৰ পূৰ্ণ কৰাৰ সময়তে, এক চেতনাস্ৰোত প্ৰৱাহিত হৈছে৷ দেশৰ বৌদ্ধিক মহলত এক আলোচনা প্ৰসাৰিত হৈছে যে ২০৪৭ চনলৈ, যেতিয়া দেশৰ স্বাধীনতাৰ এশবছৰ সম্পূৰ্ণ হ’ব, তেতিয়ালৈ ভাৰতে এখন নতুন সংবিধান গ্ৰহণ কৰা উচিত নেকি? ইতিমধ্যে, প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা সমিতিৰ অধ্যক্ষ বিৱেক দেৱৰয়ৰ যোৱা ১৪ আগষ্ট তাৰিখে ‘মিণ্ট’ নামৰ আলোচনীখনত প্ৰকাশিত ‘There is a case for ‘we the People’ to embrace a new Constitution’ নামৰ লেখাটোৱে কিছু বিতৰ্কৰ সূত্ৰপাত কৰিছে৷ ইতিমধ্যে এই লেখাটোৰ বক্তব্য বিৱেক দেৱৰয়ৰ ব্যক্তিগত আৰু পদবী তথা চৰকাৰৰ মতামতক প্ৰতিফলিত নকৰে বুলি স্পষ্টীকৰণ আগবঢ়োৱা হৈছে৷ অবিভক্ত অসমৰ শ্বিলঙত জন্ম গ্ৰহণ কৰি তাতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰা বিৱেক দেৱৰয়ৰ আছে এক অতি ঈৰ্ষণীয় শৈক্ষিক জীৱন৷ তেখেত দেশৰ আগশাৰীৰ সংবাদপত্ৰ ‘দ  হিন্দু’ ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ আদিত নিয়মীয়াকৈ লেখা-মেলা কৰে৷ এই লেখাবোৰে তেখেতৰ প্ৰগাঢ় অধ্যয়ন আৰু সমকালীন সমাজৰ নিখুঁট বিশ্লেষণক প্ৰতিফলিত কৰে৷ আনহাতে ইতিহাসৰ বিষয়তো তেখেতে গুৰুত্বপূৰ্ণ বৰঙণি আগ বঢ়াইছে৷ 

‘মহাভাৰত’ৰ একত্ৰ সংকলনৰ অনুবাদ তেখেতে ইংৰাজীলৈ কৰিছে৷ ‘ভাগৱত গীতা’ ‘হৰিবংশ’ ‘বেদ’ আৰু বাল্মীকিৰ ‘ৰামায়ণ’ অনুবাদ কৰিছে৷ ‘ভাণ্ডাৰকাৰ অৰিয়েণ্টেল ৰিছাৰ্চ ইন্‌ষ্টিটিউট’ৰ যোগেদি তেওঁ নিয়মীয়াকৈ এলানি পুৰাণ আৰু ইতিহাস বিষয়ক বক্তৃতাৰ আয়োজন কৰি আহিছে৷ দেশৰ বৌদ্ধিক মহলত বিবেক দেৱৰয়ৰ নিজা এক পৰিচয় আছে৷

‘দ মিণ্ট’ৰ লেখাটিত তেওঁ দেশত এখন নতুন সংবিধানৰ প্ৰয়োজনীয়তাৰ কথা কৈছে৷ বিৱেক দেৱৰয়ে যুক্তি আগ বঢ়াইছে যে, ১৯৫০ চনত ৰচনা কৰা সংবিধানখনৰ ব্যাপক সালসলনি বিভিন্ন সংশোধনীৰ জৰিয়তে কৰা হৈছে৷ 

১৯৭৩ চনৰ পৰা কৈ অহা হৈছে যে সংবিধানৰ মূল গাঁথনিৰ কোনো পৰিৱৰ্তন সম্ভৱ নহয়৷ বিৱেক দেৱৰয়ে কৈছে যে এয়া বৰ্তমান সংশোধন হোৱা সংবিধানৰ বিভিন্ন ধাৰাক লৈ প্ৰযোজ্য হ’ব৷ এখন নতুন সংবিধানৰ ক্ষেত্ৰত নিশ্চয়কৈ এই কথাষাৰ প্ৰযোজ্য নহ’ব৷ 

তেওঁ যুক্তি দৰ্শাই কৈছে যে, ভাৰতৰ বৰ্তমান সংবিধানৰ মূলতঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ ওপৰত আধাৰিত, যিখন নিজেই এক ঔপনিৱেশিক শাসনৰ আহিলা আছিল৷ শ্ৰীদেৱৰয়ে ২০৪৯ চনক সন্মুখত ৰাখি আন বহুকেইটা দিশ উপস্থাপন কৰিছে৷ তেওঁ কৈছে যে, ভাৰতত কিমান ৰাজ্য থকা উচিত? আইন-শৃংখলা নিয়ন্ত্ৰণৰ ক্ষমতা, উচ্চতম ন্যায়ালয়ৰ দায়িত্ব, ন্যায়িক নিযুক্তি, ৰাজ্যপালৰ দায়িত্ব, নিৰ্বাচনী সংস্কাৰ আৰু ৰাজ্যসভাৰ দায়িত্ব, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত সম্পৰ্ক, আদি বহুতো দিশ সম্পৰ্কে আলোচনা কৰাৰ থল আছে বুলি তেওঁ যুক্তি আগ বঢ়াইছে৷ পৰিৱৰ্তিত সময়ত কেৱল কিছু সাংবিধানিক সংশোধনৰ মাজেৰে এনে এক লক্ষ্যত উপনীত হ’ব পৰা নাযাব বুলিও শ্ৰী দেৱৰয়ে যুক্তি দৰ্শাই কৈছে, যে ১৯৫০ চনৰ ভাৰত আৰু বৰ্তমান সময়ৰ ভাৰতৰ মাজত বহুত পৰিৱৰ্তন আহি পৰিছে, গতিকে সময়ৰ লগত খোজ মিলাই ভাৰতৰ জনসাধাৰণে এখন নতুন সংবিধানৰ বাবে চিন্তা-চৰ্চা কৰা উচিত বুলিও তেওঁ মন্তব্য কৰিছে৷ 

বিৱেক দেৱৰয়ৰ এই আলোচনাই এক ৰাজনৈতিক বিতৰ্কৰো সূত্ৰপাত কৰিছে৷ বিজেপি বিৰোধী দলসমূহে এই ধাৰণাৰ বিপক্ষে ব্যাপক প্ৰতিক্ৰিয়া জাহিৰ কৰিছে৷ একে সময়তে কেৱল তৰল ৰাজনৈতিক বিতৰ্কৰ বিপৰীতে এক সময়সাপেক্ষ বিতৰ্কৰ সূত্ৰপাত কৰাৰ বাবে বহউতেই দেৱৰয়ক ধন্যবাদ জ্ঞাপন কৰিছে৷ বহুজন সমাজ পাৰ্টিৰ মুখ্য নেতা মায়াৱতীয়ে বিৱেক দেৱৰয়ৰ বিপক্ষে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী তুলিছে৷ ভাৰতৰ অনৈক্যৰ মাজত ঐক্যৰ সনাতন ধাৰণাৰ ঠাইত সংখ্যাগৰিষ্ঠ সংবিধান ৰচনাৰ দিশত প্ৰথম খোজ বুলি বহুতে এই ঘটনাক নিন্দাও কৰিছে৷ 

সময় পৰিৱৰ্তনশীল আৰু সময়ৰ লগত সমাজ আৰু মানুহৰ চিন্তা-চেতনাও পৰিৱৰ্তনশীল৷ যোৱা ৭৫ বছৰত ভাৰতৰ ৰাজনীতি, অৰ্থনীতি সমাজ আৰু বৈদেশিক সম্পৰ্ক আদি বহু দিশত ব্যাপক পৰিৱৰ্তন আহিছে৷ একে সময়তে নতুন সমস্যাৰো আৰু প্ৰত্যাহ্বানৰো দেশ সন্মুখীন হৈছে৷ সংবিধানৰ দৰে মানৱসৃষ্ট কাকতৰো পৰিৱৰ্তন হ’ব পাৰে৷ বিবেক দেৱৰয়ে উত্থাপন কৰা বিষয়টিৰ লগত বহুতৰ সহমত নাথাকিব পাৰে বা এই বিষয়টিৰ গুৰুত্বক নস্যাৎ কৰিব নোৱাৰে৷ অনাগত সময়ে এই চিন্তাৰ দিশত যে অধিক আলোচনাৰ বাট মুকলি কৰিব সি ধুৰূপ তথা এখন নতুন সংবিধানৰ প্ৰয়োজনীয়তাকে দোহাৰিব৷

(মতামত ব্যক্তিগত)


ঠিকনা :

উপসঞ্চালক

ৰাষ্ট্ৰপতি ভৱন,

নতুন দিল্লী – ১১০০০৪

ভ্ৰাম্যভাষ : ৮৮০০৯৪৮৮০৮   

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ