অন্যযুগ/


দেৱাল শিল্প আৰু প্ৰতিবাদী সত্তা

 পঙ্কজ প্ৰতিম বৰদলৈ



গুৱাহাটীৰ বশিষ্ঠ অঞ্চলৰ এখন ফ্লাইঅভাৰৰ দেৱালত কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ চিত্ৰ সম্বলিত এক দেৱাল শিল্পৰ অংকণৰ বাবে এটা শিল্প অনুষ্ঠানৰ কেইজনমান শিল্পীক আৰক্ষীয়ে আৰক্ষী চকীলৈ লৈ যোৱাৰ লগতে, তেওঁলোকক এই শিল্পকৰ্মক দেৱালৰ পৰা আঁতৰ কৰিবৰ বাবেও বাধ্য কৰিছিল নীলিম মহন্তক নদীবান্ধ সম্পৰ্কে এক দেৱাল শিল্প অংকন কৰাৰ বাবে অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে আটক কৰা সাম্প্ৰতিক ঘটনাটোৱে এই দিশত এক নতুন চিন্তা-চেতনাৰ উন্মেষ ঘটাইছে। এই ঘটনাটোৱে শিল্পকলা আৰু বিশেষকৈ দেৱাল শিল্পৰ সমকালীন প্ৰভাৱৰ বহু দিশ আঙুলিয়াই দিলে। একে সময়তে কিন্তু দেৱাল শিল্পৰ অন্তৰালৰ শৈল্পিক দিশটোৰ ইতিহাস, গতিচক্ৰ, বিকাশ আদি বিভিন্ন দিশৰ চৰ্চা হোৱা দেখা নগল।তেনে এক পটভূমিতে এই লেখাৰ জুমুঠিয়ে ঠন ধৰি উঠে 

নীৰস কংক্ৰিটেৰে নিৰ্মাণ কৰা দেৱাল এখন যেতিয়া এখন সজীৱ কেনভাছলৈ পৰিৱৰ্তিত হয় সকলোৰে দৃষ্টি আকৰ্ষণ কৰে আৰু সেই দেৱাল শিল্পই যদি আমাৰ সামগ্ৰিক সাংস্কৃতিক পৰিৱেশ বা ৰাজনৈতিক অৱস্থাৰ বিভিন্ন দিশক লৈ এক শক্তিশালী মেছেজ দিবলৈ সক্ষম হয়, তেন্তে সেই দেৱালৰ সন্মুখেৰে পাৰ হৈ যোৱা প্ৰতিজন ব্যক্তিয়ে এই শিল্পৰ প্ৰতি এবাৰ লেও দৃষ্টি দিবলৈ বাধ্য আৰু এয়াই দেৱাল শিল্পৰ জনপ্ৰিয়তা আৰু সাফল্য। 

ষ্ট্ৰীট আৰ্ট বা গ্ৰাফিটি হিচাপে পশ্চিমীয়া দেশবোৰত জনাজাত, যি ৰাজহুৱা বা ব্যক্তিগত মালিকানাৰ বিভিন্ন স্থানত (মূলতঃ দেৱালসমূহত) অংকণ কৰা হয় আৰু অধিক সময়ত অনুমতিবিহীনভাৱে। অসমীয়া সঠিক প্ৰতিশব্দ এটা থাওকতে নাই যদিও এই লেখাত দেৱাল শিল্পশব্দটো ব্যৱহাৰ কৰা আৰু এই পদ্ধতিৰ সকলো কলাক সামৰি ব।  

দেৱাল শিল্পৰ মূল ধাৰাটোৱেই প্ৰতিবাদী ধাৰা। পৰম্পৰাগত শিল্প কলাৰ ধাৰা সমূহৰ উৰ্ধ্বত এক ব্যাকৰণবিহীন মুক্তধাৰাৰ শিল্প এই দেৱাল শিল্প। সেইবাবেই কোৱা হয় যে দেৱাল শিল্পই  সমাজ আৰু ভৱিষ্যতৰ সামগ্ৰিক ভালৰ বাবে, প্ৰশ্ন কৰাৰ আৰু চলিত ব্যৱস্থাক প্ৰত্যাহ্বান কৰাৰ সাহস কৰে।

সামাজিক, ৰাজনৈতিক আৰু ব্যক্তিগত মত প্ৰকাশৰ এক সফল ব্যৱস্থা হৈছে দেৱাল শিল্প। ইতিহাসৰ বহু বিপ্লৱৰ জনপ্ৰিয়তাত বিশেষ অৱদান আগবঢ়োৱা দেৱাল শিল্প যোৱা কেইটামান দশকত হৈ পৰিছে প্ৰতিবাদৰ নতুন আৰু জনপ্ৰিয় স্থান, মাধ্যম আৰু মেছেজ। 

ইটালীয়ান ভাষাৰ graffiare শব্দৰ পৰা ইংৰাজী গ্ৰাফিটি শব্দটো আহিছে আৰু তাৰ সমাৰ্থক আঁক মৰা, আঁচ টনা ইত্যাদি। প্ৰাচীন কালৰে পৰা ইতিহাসত এই কলাৰ ব্যৱহাৰৰ বিষয়ে জনা যায়। ফ্ৰাঞ্চৰ বিখ্যাত লেছকগুহাত (Lascaux Cave) অংকিত চিত্ৰ সমূহ আৰু প্ৰাচীন গ্ৰীচ আৰু ৰোমান চহৰসমূহত এনে চিত্ৰৰ ব্যৱহাৰৰ বিষয়ে জনা যায়। প্ৰাচীন ইজিপ্তৰ আবু ছিম্বেল (Abu Simbel) চহৰ আৰু ইটালীৰ পম্পেই (Pompeii) চহৰৰ বিভিন্ন শিলত এনে শিল্প পোৱা গৈছিল। প্ৰাচীন কালত খাদ্যৰ পৰা পোৱা আনন্দ আৰু বন্ধুত্ব আৰু প্ৰেমৰ বিভিন্ন বাণীক এই গ্ৰাফিটিৰ জৰিয়তে প্ৰকাশ কৰা হৈছিল। ভাৰতৰ অজন্তাৰ গুহাচিত্ৰও এনে কলা পদ্ধতিৰ উৎকৃষ্ট নিৰ্দশন। এই বিষয়ক লৈ লিখা নিকলাছ গেঞ্জ (Nicholas Ganz) আৰু ট্ৰিষ্টান মেনক’ (Tristan Manco)- সুবিখ্যাত গ্ৰন্থ  In Graffiti World: Street Art from Five Continents -অ উল্লেখ আছে যে, যদিও হাড় আৰু শিলৰ টুকুৰাৰ দ্বাৰা এই চিত্ৰসমূহ অংকণ কৰা হৈছিল, প্ৰাচীন চিত্ৰকৰসকলৰ ৰং ছটিয়াই দেৱালত চিত্ৰ অংকণৰো সম্যক জ্ঞান আছিল ৰংবোৰ গুড়ি কৰি জুলীয়া ৰূপ দি দীঘলীয়া হাড়ৰ খোলাৰ মাজেদি ইয়াক দেৱালত ছিটিকাই শিল্প প্ৰস্তুত কৰা হৈছিল। পম্পেইৰ খননত বহু চিত্ৰত অনাগত নিৰ্বাচনৰ শ্লোগানৰ লগতে বহু যৌন উত্তেজক চিত্ৰও পোৱা গৈছিল। আনহাতে ৰোমান সাম্ৰাজ্যত এই গ্ৰাফিটি ৰাজনৈতিক বাণী আৰু অভিমত প্ৰকাশৰ বাবে ব্যৱহাৰ হৈছিল। চহৰৰ দেৱালসমূহ জনসাধাৰণৰ সমস্যা আৰু ক্ষোভ প্ৰকাশৰ ঠাই হিচাপে ব্যৱহাৰ কৰা হৈছিল। এই বিষয়ক আন এখন প্ৰসিদ্ধ গ্ৰন্থ ছিডৰ লিউছন (Cedar Lewisohn)-অ Street Art: The Graffiti Revolution  -অত কোৱা হৈছে যে শেইক্সপীয়েৰৰ সময়তো এই দেৱাল শিল্পৰ প্ৰাধান্য আছিল কিন্তু উনৈছ শতিকাৰ শেষৰ ফালে এই কলাই ইয়াৰ গুৰুত্ব হেৰুৱায়। ইয়াৰ মূল কাৰণ হিচাপে লিউছনে শ্ৰমিকবৰ্গ আৰু ধনীক শ্ৰেণীৰ সংঘাত মুখ্য কাৰণ হিচাপে ব্যাখ্যা কৰিছে। সাংস্কৃতিক উৎপাদনৰ নিয়ন্ত্ৰণ ধনীক শ্ৰেণীৰ হাতত আছিল আৰু দেৱাল শিল্পক নিম্ন আয়ৰ লোকৰ কলা বুলি উৎসাহ জনোৱা হোৱা নাছিল। পুঁজিবাদৰ নব্য আগ্ৰাসনে সাধাৰণ মানুহৰ চিন্তা আৰু সমস্যাক প্ৰতিফলিত কৰা এই দেৱাল শিল্পৰ জনপ্ৰিয়তাৰ প্ৰতি কঠোৰ দৃষ্টি দিছিল আৰু এই দেৱাল শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰক ৰুদ্ধ কৰিছিল। 

দ্বিতীয় মহাসমৰৰ সময়ছোৱাত জাৰ্মান নাজী বাহিনীয়ে নিজৰ মতামত প্ৰকাশৰ বাবে আৰু নাজী আদৰ্শ প্ৰচাৰৰ বাবে দেৱাল শিল্পৰ সহায় লৈছিল। আনহাতে নাজী বিৰোধী প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলা অগণন গোপন সংস্থাই এই দেৱাল শিল্পৰ জৰিয়তে সমগ্ৰ ইউৰোপতে নাজী বিৰোধী জনতাৰ সমৰ্থন লাভৰ প্ৰয়াস কৰিছিল। 

বৰ্তমান আধুনিককালৰ দেৱাল শিল্প হৈছে সমকালীন পৰিৱেশ আৰু পৰিস্থিতিক প্ৰতিফলিত কৰা মুক্ত প্ৰকাশভংগীত বিশ্বাসী এক প্ৰতিবাদী শিল্পমাধ্যম। এই ধাৰাৰ দেৱাল শিল্প বিগত শতিকাৰ ষষ্ঠ দশকত প্ৰথমতে ফিলাডেলফিয়া আৰু তৎকালীনভাৱে নিউয়ৰ্ক চহৰত আৰম্ভ হয়। কিছু প্ৰতিবাদী যুৱকে চহৰৰ দেৱাল আৰু মেট্ৰ’ ৰেলৰ ডবাবোৰত ৰং ব্যৱহাৰ কৰি চিত্ৰ অংকণ কৰাৰ লগতে নিজৰ ছদ্মনাম যেনে BLADE, DAZE, CRASH আদি খোদিত কৰিছিল। চহৰীয়া দৰিদ্ৰতা, শোচনীয় জীৱন নিৰ্বাহৰ পৰিৱেশ, মাদক দ্ৰব্যৰ প্ৰসাৰ লগতে চৰকাৰী জনকল্যাণকামী আঁচনিৰ বিফলতা আদি বহু কাৰকে এই অখ্যাত শিল্পীসকলক নিজৰ ক্ষোভ দেৱাল শিল্পৰ জৰিয়তে প্ৰকাশৰ বাবে প্ৰেৰিত কৰিছিল। আনহাতে নিউয়ৰ্কৰ শিল্পী যেনে কেইথ হেৰিং (Keith Haring) আৰু জঁ মাইকেল বাছ্কুৱে (Jean-Michel Basquiat), এই শিল্পক আৰ্ট গেলাৰীতো স্থান দিয়ালে। ১৯৮০ দশকলৈ এই কলাপদ্ধতি ইউৰোপৰ মুখ্য চহৰবোৰৰ এক চিনাকি অংগ হিচাপে পৰিগণিত ল। নিউয়ৰ্ক চহৰৰ প্ৰায়বোৰ মেট্ৰ ট্ৰেইন এই শিল্পৰে আক্ৰান্ত আৰু ১৯৮৬ চনৰ শেষৰ ফালে কৰ্তৃপক্ষই ফেঞ্চিং দি ট্ৰেইনসমুহত চিত্ৰাংকণ ৰোধ কৰিবলগা পৰিস্থিতি উদ্ভৱ হৈছিল। যদিও এক ধৰণৰ বিক্ষিপ্ত পৰিক্ৰমাৰে এই দেৱাল শিল্পই প্ৰসাৰ লাভ কৰিছিল, ক্ৰমান্বয়ে জনতাৰ মনত গভীৰভাৱে ৰেখাপাত কৰিবলৈ আৰম্ভ কৰিছিল। শতিকাটোৰ অন্তিমটো দশকলৈ জনসাধাৰণৰ চিন্তা চেতনাক আলোড়িত কৰিব পৰা ৰাজনৈতিক পৰিৱেশ আৰু বিষয়বস্তুৰ বাবে এই দেৱাল শিল্পক বুদ্ধিজীৱি সমাজেও কিছু গুৰুত্ব সহকাৰে বিবেচনা কৰিবলৈ আৰম্ভ কৰিলে। কোনো নিৰ্দিষ্ট ধাৰা বা সংজ্ঞাত আৱদ্ধ নোখোজা এই দেৱাল শিল্প আছিল শক্তিশালী মতাদৰ্শী, বিপ্লৱী চেতনাৰ, বৌদ্ধিক উৎকৃষ্টতাসম্পন্ন, স্থিতাৱস্থাবিৰোধী, শ্লেষাত্মক কলা, যি সাধাৰণ জনতাৰ দ্বাৰা সাধাৰণলোকৰ বাবে নিৰ্মিত সহজবোধ্য শিল্প। কমসময়তে এই শিল্প এক আন্দোলনত পৰিণত ল। দেৱাল শিল্পই শিল্প কৈও শিল্পৰ স্ৰষ্টাৰ লগতে তেনে লাখ লাখ আন বহুলোকৰ জীৱন, আদৰ্শ আদিক সফলভাৱে প্ৰতিফলিত কৰিব পাৰিছিল। 

দেৱাল শিল্পৰ আৰম্ভণিয়েই চলিত অৱস্থাৰ প্ৰতি এক তীব্ৰ বিষোদগাৰ। আমেৰিকাৰ বিখ্যাত সংগীত যুটি পল ছিম (Paul Simon) আৰু আৰ্ট গাৰফুঙ্কেল (Art Garfunkel)- তেওঁলোকৰ অতি জনপ্ৰিয় গীত ‘The sound of silence’-অ দেৱাল শিল্পৰ শক্তিক স্বীকাৰ কৰি গাইছে the words of the prophets were written on the subway walls and the tenement halls’ এলেন ছোৱাটছ্মেন (Allan Schwartzman)- তেওঁৰ Street Art’ গ্ৰন্থখনত লিখিছে যে দেৱাল শিল্পৰ শিল্পীসকলৰ শিল্পৰ প্ৰচলিত ধাৰণাক সলনি কৰাৰ কোনো উদ্দেশ্য নাছিল যদিও, স্থিতাৱস্থাক প্ৰশ্ন কৰাৰ এক প্ৰয়াস তেওঁলোকে নিশ্চয়কৈ কৰিছিল। দৈনন্দিন জীৱন যাপন কৰা সাধাৰণ মানুহক সামাজিক গুৰুত্ব থকা বিষয়ৰ সম্পৰ্কে কলাত্মকভাৱে অৱগত কৰাও এই শিল্পৰ অন্যতম মুখ্য উদ্দেশ্য আছিল। কলাৰ আকৰ্ষণীয়তা, সৰ্বজনগ্ৰহণযোগ্যতা আৰু বিশ্বজনীনতা তথা দেৱাল শিল্পৰ অভিনৱত্বৰ বাবে এই শিল্পৰ জৰিয়তে দিব খোজা বাৰ্তা আছিল সুদূৰপ্ৰসাৰী আৰু সহজতেই জনপ্ৰিয়। 

প্ৰতিবাদৰ এক ধাৰাল, অভিনৱ আৰু নব্য মাধ্যম হিচাপে দেৱাল শিল্পই সমগ্ৰ ইউৰোপ, দক্ষিণ আমেৰিকা আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত দ্ৰুত জনপ্ৰিয়তা লাভ কৰিলে। ফ্ৰাঞ্চৰ ব্লিক লাৰেট (Blek le Rat), যাৰ প্ৰকৃত নাম জেভিয় প্ৰ (Xavier Prou), তেওঁৰ অসংখ্য নিগনিৰ চিত্ৰই পেৰি চহৰৰ দেৱালত তোলপাৰ লগাইছিল। তেওঁৰ মতে নিগনি হৈছে only free animal in the city, and one which spreads the plague everywhere, just like street art’। সমগ্ৰ বিশ্বৰ প্ৰধান চহৰসমূহৰ এক মানৱীয় সমস্যা গৃহহীনসকলক লৈ এইজন শিল্পীৰ ২০০৬ চনত কৰা শিল্পকৰ্মই সমগ্ৰ বিশ্বৰ মনোযোগ আকৰ্ষণ কৰিছিল। এইজন শিল্পীৰ দ্বাৰা ঘাইকৈ প্ৰভাৱান্বিত হোৱা তথা বৰ্তমান বিশ্বৰ অন্যতম জনপ্ৰিয় অথচ লোকচক্ষুত অপৰিচিত হৈ থাকি ভালপোৱা শিল্পীজন হৈছে বেঙ্কছী (Banksy) প্ৰকৃতাৰ্থত দেৱাল শিল্পৰ বৰ্তমানৰ জনপ্ৰিয়তা, গুৰুত্ব আৰু কলাত্মক গ্ৰহণযোগ্যতাৰ মূল কৃতিত্ব  হৈছে বেঙ্কছীৰ অভূতপূৰ্ব সৃজনীশীলতা, শক্তিশালী মেছেজ আৰু অভিনৱ থীমৰ অথচ সহজবোধ্য দেৱাল শিল্প। 

ইংলেণ্ডৰ ব্ৰিষ্টল চহৰত কুৰি শতিকাৰ শেষ দশকৰ আৰম্ভণিতে কিছু অভিনৱ দেৱাল শিল্পই জনতাৰ মন আকৰ্ষণ কৰিছিল। Bristol Underground Scenes নামে জনাজাত হোৱা এইলানি শিল্পই বেঙ্কছীক চিনাকি কৰি তোলে। সমকালীন বিশ্বৰ অতিশয় প্ৰতিভাৱান আৰু প্ৰভাৱশালী ষ্ট্ৰিট আৰ্ট শিল্পীজন হৈছে ইংলেণ্ডৰ বেঙ্কছী। তেওঁৰ প্ৰকৃত নাম জনা নাযায় আৰু প্ৰায় ৪৭ বছৰ বয়সীয়া এই শিল্পীগৰাকীৰ দেৱাল শিল্পই প্ৰথমতে ব্ৰিষ্টল চহৰ আৰু তাৰ পাছত সমগ্ৰ ইংলেণ্ডতে তোলপাৰ লগায়। অতি অভিনৱ ধাৰণা, ৰঙৰ উচিত প্ৰয়োগ, ঠাইৰ পৰিপক্ক ব্যৱহাৰ আৰু আকৰ্ষণীয় শিল্পকৰ্মৰ বাবে তেওঁৰ জনপ্ৰিয়তা তুংগত। তেওঁৰ দেৱাল শিল্পৰ প্ৰতিবাদী ভাষা আৰু ৰাজনৈতিক নেৰেটিভেশাসক-জনতাৰ চিন্তা-চৰ্চাক আলোড়িত কৰি আহিছে। পৰিচয়বিহীন এই শিল্পীৰ শিল্পকৰ্ম বৰ্তমান বিশ্বৰ শিল্পৰসিক আৰু ৰাজনৈতিক ভাষ্যকাৰৰো আগ্ৰহৰ বিষয়। বেঙ্কছীয়ে প্ৰথম বৃহৎ দেৱাল শিল্প The mild mild west ১৯৯৭ চনত ব্ৰিষ্টল চহৰৰ দেৱালত অঙ্কণ কৰে। ইয়াৰ পাছৰে পৰা তেওঁৰ শিল্প কৰ্মই পাছলৈ উভতি চাব লগা হোৱা নাই। বেঙ্কছীৰ শিল্পকৰ্মৰ সফলতাৰ গুৰিতে শক্তিশালী ৰাজনৈতিক অভিব্যক্তিসম্পন্ন, স্পষ্টবাদী, যুদ্ধ, ফেচীবাদ, ভোগবাদ, বিশ্বায়নবিৰোধী অভিনৱ শিল্প কৰ্ম। বেঙ্কছীৰ শিল্পৰ ভাষা হৈছে তীৰ্যক শ্লেষযুক্ত কঠোৰ আৰু মূল্যায়ণধৰ্মী। সমকালীন সময়ৰ সামাজিক ৰাজনৈতিক অৱস্থাক বেঙ্কছীয়ে কিদৰে নিজৰ শিল্পৰে প্ৰকাশ কৰে সেয়া বহু শিল্পৰসিকে আগ্ৰহেৰে বাট চাই থাকে। 

কলা আৰু ৰাজনীতিৰ এক গভীৰ সৰ্ম্পক আছে আৰু এইকথা অবিশ্বাস্য যে কলাজগত ৰাজনৈতিক পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱান্বিত নহয়, বহুসময়ত পৰিৱৰ্তনৰ আৰম্ভনি ৰঙৰ ব্ৰাছ আৰু তুলিকাৰ পৰাই আৰম্ভ হয়। দেৱাল শিল্পই এই প্ৰতিবাদ আৰু পৰিৱৰ্তনৰ ধাৰাটোৰ সফল বাহক হিচাপে কাম কৰে। পশ্চিমীয়া দেশত দেৱাল শিল্পৰ মূল ভাষাটো মূলত প্ৰতিবাদী আৰু কিছু পৰিমাণে সামাজিক ইছ্যুভিত্তিক। বেঙ্কছীৰ শেহতীয়া দুটা শিল্পকৰ্ম ভেলেণ্টাইন ডে’ (ফেব্ৰুৱাৰি ২০২০) আৰু গেম চেঞ্জাৰ’ (মে২০২০) দুটা সামাজিক বিষয়ভিত্তিক শিল্প। প্ৰথমটো প্ৰেমৰ দিৱসৰ এক তীৰ্যক প্ৰকাশ আনহাতে দ্বিতীয়টো কৰনা মহামাৰীত অসাধাৰণ সেৱা আগবঢ়োৱা স্বাস্থ্যকৰ্মীসকললৈ সন্মান জনাই ছাউথাম্পটনৰ অসামৰিক চিকিৎসালয়ৰ দেৱালত অঙ্কন কৰা এক অপূৰ্ব শিল্পকৰ্ম।  

সমকালীন প্ৰতিবাদৰ এক নব্যধাৰা হিচাপে দেৱাল শিল্পৰ প্ৰভাৱক ইজিপ্তত হোৱা চৰকাৰ বিৰোধী স্বতঃস্ফূৰ্ত গণ আন্দোলনকালীন সময়ৰ পৰ্যালোচনাৰে বুজিব পাৰি। আৰৱ বিপ্লৱৰ সময়ছোৱাৰ আৰু পাছৰ কালতো কাইৰো চহৰ মধ্যপ্ৰাচ্যৰ দেৱাল শিল্পৰ ৰাজধানীত পৰিণত হয়। স্থানীয় শিল্পী কেইজাৰ (Keizer)-অ Respect Existence or Expect Resistance’ নামৰ শ্লোগানযুক্ত দেৱাল শিল্পই বিশ্বব্যাপি প্ৰসিদ্ধি লাভ কৰিছিল। ইজিপ্তৰ দেৱাল শিল্পই সাধাৰণ জনতাক তেওঁলোকে কি ভবা উচিত সেয়া সদায় নিৰ্ণয় কৰি দিয়া ৰাজনৈতিক গণ্ডীৰ পৰা ওলাই আহি স্বকীয় আৰু মৌলিক দৃষ্টিভংগীৰে স্বাধীনচেতিয়াকৈ পৃথিৱীখন চোৱাৰ এক পৰিৱেশ দিছিল। কাইৰো চহৰৰ মহম্মদ মাহমুদ পথৰ দেৱাল সমূহ পৰিণত হৈছিল ইজিপ্তৰ সমকালীন সময়ৰ শ্ৰেষ্ঠ বিপ্লৱী দেৱাল শিল্পৰ সজীৱ কেনভাছ। মধ্যপ্ৰাচ্যৰ এটা আগশাৰীৰ ইংৰাজী নিউজ চেনেলে কাইৰোৰ এই দেৱাল শিল্পৰ বিষয়ে কৰা ৰিপৰ্টিঙত এনেকৈ কৈছিল takes the message to a whole new level—telling the story of death and injustice, in a street that’s seen it all.’ এই বিষয়ক লৈ  নিৰ্মাণ হোৱা এখন আগশাৰীৰ তথ্যচিত্ৰ আমিৰা গে (Amira Gad)-অ The Noise of Cairo: The Artists Behind the Egyptian Revolution- কণ্ঠৰোধ কৰি থোৱা জনতাই কিদৰে এই দেৱাল শিল্পৰে নিজৰ মতামত প্ৰকাশ কৰিছিল তাক সুন্দৰকৈ প্ৰকাশ কৰিছে। ইজিপ্তৰ বিপ্লৱে সামগ্ৰিকভাৱে জনগণক কি দিলে সি অন্য এক আলোচনাৰ বিষয় কিন্তু এক নব্যধাৰাৰ সজীৱ ভাব প্ৰকাশৰ মাধ্যম হিচাপে দেৱাল শিল্পক মধ্যপ্ৰাচ্যত প্ৰতিষ্ঠা কৰিলে। 

আন এটা উদাহৰণ আগ বঢ়াইছোঁ। লেটিন আমেৰিকাৰ দেশসমূহৰ ভিতৰতে বৃহৎ আৰু জনবহুল দেশ ব্ৰাজিলৰ দুই মুখ্য চহৰ ৰিঅডি জেনেৰিঅআৰু ছাও পাওলো একে সময়তে বেআইনীদেৱাল শিল্পৰ বাবেও বিখ্যাত। লেটিন আমেৰিকাৰ দেশসমূহৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতি, অৰ্থনৈতিক দুৰৱস্থা, মাদক দ্ৰব্যৰ অবাধ বেহা আদি কাৰণবোৰে যুৱপ্ৰজন্মক প্ৰভাৱিত কৰি আহিছে। ফলস্বৰূপে এক স্বতঃস্ফূৰ্ত ক্ষোভ আৰু প্ৰতিবাদী চেতনা সেইবোৰ দেশৰ সমাজ জীৱনত সততে বিৰাজমান। এই ক্ষোভ আৰু হতাশাৰ লগতে মানসিক অন্তৰ্দ্বন্দ্বই এক ধাৰাল প্ৰতিবাদী চেতনাস্ৰোত হিচাপে দেৱাল শিল্পত স্থান পায়। অৰ্থনৈতিক বৈষম্য, শ্ৰেণী পাৰ্থক্য তথা সামাজিক অস্থিৰতাও ব্ৰাজিলৰ এই দুই চহৰৰ শিল্প কৰ্মৰ ঘাই বিষয়বস্তু। বৃহৎ আকাৰৰ অনবৈদ্য শৈলীৰ দেৱাল শিল্পৰ বাবে বৰ্তমান সময়ত বিশ্বৰ দৃষ্টি নিবদ্ধ থকা ব্ৰাজিলৰ দেৱাল শিল্পৰ অন্যতম স্ৰ্ষ্টা জনেই হৈছে এডুৱাৰ্ড ব্ৰা (Eduardo Kobra) বিশ্বকাপ ফুটবলৰ সময়ত পাঁচখন মহাদেশক প্ৰতিফলিত কৰা পাঁচখন মুখাৱয়বৰ ৩০০০ বৰ্গমিটাৰ ঠাইৰ ১৯০ মিটাৰ দীঘল এই দেৱাল শিল্পই সমগ্ৰ বিশ্বকে চমকিত কৰিছিল। আনহাতে মহাত্মা গান্ধী আৰু মাডাৰ টেৰেছাক লৈ অঙ্কিত তেওঁৰ আন এক বৃহৎ দেৱাল শিল্প মানৱীয়তা, পৰোপকাৰ, সত্য, অহিংসা আৰু সৰ্বোপৰি শান্তিৰ প্ৰতীক। যি শান্তি, বৰ্তমান বিশ্বৰ বাবে অতীৱ প্ৰয়োজনীয়। 

যদিও খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাতে নিৰ্মিত অজন্তাৰ গুহা চিত্ৰই ভাৰতৰ ইতিহাসত এনে ধৰণৰ দেৱাল শিল্পৰ উপস্থিতিৰ ঐতিহাসিক গুৰুত্বৰ কথা জনায়, তৎসত্বেও কিন্তু বৰ্তমান সময়ত ভাৰতত এই শিল্প ইউৰোপৰ দেশবোৰৰ দৰে এক প্ৰতিবাদী ধাৰা হিচাপে জনপ্ৰিয় নহয়। ভাৰতৰ বিভিন্ন ৰাজ্যৰ লোককলাৰ চিত্ৰ সমূহো মূলত ব্যক্তিগত বাসস্থান বা ৰাজহুৱা স্থানৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে চিত্ৰিত কৰা হয়।১৯৬০-৯০ দশকৰ সময়ছোৱাত ৰাজনৈতিক প্ৰতিবাদৰ ধাৰা হিচাপে দেৱাল শিল্পই মূলত পশ্চিমবংগ আৰু কলিকতা চহৰত বিশেষ প্ৰভাৱ পেলাইছিল। বাওঁপন্থী উগ্ৰবাদ, জৰুৰীকালীন সময় আদিৰ এই সময়ছোৱাত বহু অখ্যাত শিল্পী আৰু সাধাৰণ জনতাই এনে দেৱাল শিল্পৰ জৰিয়তে নিজৰ বিচাৰধাৰা ব্যক্ত কৰিছিল। কিন্তু, কুৰি শতিকাৰ শেষ দশকৰ আৰম্ভণিৰ অৰ্থনৈতিক সংস্কাৰ আৰু বিশ্বায়নৰ ক্ষিপ্ৰ সম্প্ৰসাৰণে কলিকতাকেন্দ্ৰিক এই ৰাজনৈতিক প্ৰতিবাদী ধাৰাৰ দেৱাল শিল্পক ম্লান পেলায় আৰু ক্ৰমান্বয়ে কলিকতাৰ দেৱালসমূহৰ পৰা হেৰাই যায়। একবিংশ শতিকাৰ আৰম্ভণিৰ বছৰসমূহত এই দেৱাল শিল্পই পুনৰ কিছু পৰিমাণে দিল্লী, মুম্বাই আদি চহৰত য়ন্ত্ৰ (Yantra), জাইন (Zine), ডাকু (Daku) আদি শিল্পীসকলৰ হাতত কিছু পৰিমাণে ঠন ধৰি উঠে। ইয়াৰ সমান্তৰালভাৱে কিছু শিল্পকলাৰ অনুষ্ঠান আদিয়েও এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। ভাৰতৰ কেইবাখনো চহৰত দেৱাল শিল্পৰ বাৰ্ষিক অনুষ্ঠান হয়।কিন্তু, মন কৰিবলগীয়া কথা এইটো যে ভাৰতত এই শিল্প কলাৰ সেই প্ৰতিবাদী সত্তাটোৰ উপস্থিতি নগণ্য। শিল্পী ডাকুৰ কিছু শিল্পকৰ্মক বাদ দিলে ভাৰতৰ এই দেৱাল শিল্পৰ ধাৰাটো মূলতঃ নান্দনিক সৌন্দৰ্য আৰু সৃজনীশীলতাৰ সমাহাৰ।  

দেৱাল শিল্পক লৈ কিছু অভিযোগো আছে। যদিও বহুলভাৱে জনপ্ৰিয় আৰু ৰাজহুৱা কলাহিচাপে সমাদৃত কিন্তু বহুসমালোচকৰ মতে দেৱাল শিল্প হৈছে ৰাজহুৱা সম্পত্তিৰ ধ্বংসকাৰী এক প্ৰক্ৰিয়া। কলাৰ মূলসুঁতিৰ ধাৰাসমূহেও ব্যাকৰণবিহীন অনিয়ন্ত্ৰিত এই কলাপদ্ধতিক মান্যতা দিবলৈ ইতঃস্তত বোধ কৰে।ইংৰাজীৰ Vandalism শব্দৰ আক্ষৰিক অৰ্থ অনুসাৰে দেৱাল শিল্প ৰাজহুৱা বা ব্যক্তিগত সম্পত্তি ধ্বংসৰ বিষয় পাৰে, কিন্তু অৰ্থপূৰ্ণ, উচ্চ মান বিশিষ্ট দেৱাল শিল্পক এই সংজ্ঞাৰে সীমিত কৰা উচিত বনে নহয় সেয়া আন এক বিচাৰ্য বিষয়। অনুমতিবিহীন দেৱাল শিল্পক বেআইনীআৰু নেতিবাচক কলাবুলি আখ্যা দিয়া সমালোচকসকলে একে সময়তে চৰকাৰী বা আন ব্যৱসায়িক প্ৰতিষ্ঠানে নিৰ্মাণ কৰোৱা এনে দেৱাল শিল্পৰ ইতিবাচক দিশটোও মনত ৰখা উচিত বুলি এই কলাৰ ৰসিকসকলে মন্তব্য কৰে। সকলো প্ৰক্ৰিয়াৰ কিছু ত্ৰুটি-বিচ্যুতি থকাৰ দৰে দেৱাল শিল্পৰো এনে কিছু দিশ থাকিব পাৰে, একে সময়তে কিন্তু এই কলাৰ গ্ৰহণযোগ্যতা আৰু সাৰ্বজনীনতাক অগ্ৰাহ্য কৰিব পৰা নাযায় 

সৃজনীশীল অভিনৱ শিল্পই স্ৰষ্টাৰ মানসিক উৎকৰ্ষৰ পৰিচয় দিয়াৰ লগতে ৰসিক সকললৈ আগবঢ়াই চিন্তাৰ খোৰাক। সেই শিল্পই যদি ৰাজনৈতিক দৃষ্টিভংগীৰে এক মেছেজদিয়াৰ প্ৰয়াস কৰে,সি হৈ পৰে এক অব্যৰ্থ শক্তিশালী শিল্পকৰ্ম। শিল্পৰো বিভিন্নতাৰ মাজত ষ্ট্ৰিট আৰ্টআৰু গ্ৰাফিটিহৈছে অনবদ্য, আকৰ্ষণীয় আৰু সাধাৰণ মানুহৰ বোধগম্য এক জনপ্ৰিয় মাধ্যম। লেটিন আমেৰিকাকে ধৰি বিশ্বৰ বিভিন্ন দেশ সমূহত সত্তৰৰ দশকৰ স্বেচ্ছাচাৰী একনায়ক শাসকবৃন্দৰ বিৰুদ্ধে শক্তিশালী জনমত গঠন কৰাত এই কলাপদ্ধতিৰ বিশেষ অৱদান আছে।
শিল্পৰ সাৰ্বজনীন গ্ৰহণযোগ্যতা থাকে আৰু দেৱাল শিল্পৰদৰে কমন মেনৰ শিল্প তৎকালীনভাৱে জনপ্ৰিয় হয়৷ জনতা আৰু ৰসিকৰ মনত ই চাপ থৈ যায়। যি নিৰৱচ্ছিন্নভাৱে চিন্তাৰ সমল দি থাকে।
 

দেৱাল শিল্পই বৰ্তমান এক বিৰ্বতনৰ মাজেৰে যাত্ৰা কৰি আছে, অনাগত সময়ে এই দেৱাল  শিল্পক আৰু নতুন সমলেৰে সমৃদ্ধ কৰিব। সৃষ্টিশীল এচাম শিল্পীৰ অভিনৱ চিন্তাই এই শিল্পক যে অনন্য মাত্ৰা প্ৰদান কৰিব সেয়া নিশ্চিত ভাৱে কব পাৰি।

বেঙ্কছী আৰু অন্যান্য শিল্পী সকলৰ দৃশ্য শিল্পই দেৱাল শিল্পক দিছে এক নতুন মাত্ৰা, নতুন ভাষা আৰু প্ৰতিষ্ঠা কৰিছে প্ৰতিবাদৰ এক নতুন মাধ্যম হিচাপে। দেৱাল শিল্পক‌ মোহাৰি পেলাই বা শিল্পীক অৱৰুদ্ধ কৰি শিল্পীৰ বাক্ স্বাধীনতাক খৰ্ব কৰিব পাৰি, কিন্ত সেই শিল্পৰ স্বকীয়তা আৰু  সাৰ্বজনীনতা তথা শিল্পৰ মেছেজক স্তব্ধ কৰিব নোৱাৰি। সেয়াই সকলো শিল্প আৰু বিশেষকৈ ৰাজনৈতিক দৃষ্টিভংগীৰ দেৱাল শিল্পৰ প্ৰতিবাদৰ শক্তি আৰু দৃশ্যকলাৰ সৌন্দৰ্য।

ঠিকনা :

উপ সঞ্চালক 

ৰাষ্ট্ৰপতি ভৱন

ভ্ৰাম্যভাষ :  ৮৮০০৯৪৮৮০৮

ই-মেইল : protimpankaj@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ