অন্যযুগ/


মুকলি মঞ্চ

অসমৰ বসন্ত কালীন উৎসৱ

   লোকসংস্কৃতি, লোক-উৎসৱৰ অপূৰ্ব মিলনভূমি এই অসম। অতীজৰে পৰা অসমত অনেক জাতি-উপজাতি আৰু জনজাতিৰ লোকে বসবাস কৰি আহিছে। তেওঁলোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ চহকী কলা-সংস্কৃতি আছে। উৎসৱ-অনুষ্ঠান সংস্কৃতিৰ অপৰিহাৰ্য অংগ। অসমত প্ৰচলিত পৰম্পৰাগত প্ৰতিটো উৎসৱৰ অন্তৰালতেই গভীৰ বিশ্বাস, উৰ্বৰতা বৃদ্ধি, কৃষিৰ প্ৰাচুৰ্য সংলগ্ন হৈ আছে। প্ৰতিটো লোক-উৎসৱেই এক্য-সম্প্ৰীতিৰ বাৰ্তা বহন কৰি আহিছে। সেই উৎসৱসমূহৰ ভিতৰত বসন্তকালীন উৎসৱেই বেছি দেখা যায়।

   বসন্তকালীন উৎসৱসমূহ প্ৰধানকৈ কৃষিভিত্তি‍ক উৎসৱ। এই উৎসৱ ঘাইকৈ তিনিটা– খেতিৰ আৰম্ভণিত, খেতিৰ বৃদ্ধিৰ বতৰত আৰু খেতি চপোৱাৰ শেষত। ব’হাগ বিহু খেতিৰ আৰম্ভণিত, কাতি বিহু সৃজনীশক্তি বৃদ্ধিৰ সময়ত আৰু মাঘ বিহু খেতিৰ সামৰণিৰ উৎসৱ। উল্লেখযোগ্য যে পথাৰত সঁচ সিঁচিবৰ দিনা, খেতিৰ শ্ৰী-বৃদ্ধি কামনা কৰা আৰু খেতিৰ শইচ কটাৰ অন্ততঃ উৎসৱসমূহ সমূহীয়াকৈ পাতে বাবে ই জাতীয় উৎসৱত পৰিণত হৈছে।   অসমৰ বাপতিসাহোন ব’হাগ বিহু নিৰ্দিষ্ট লোকাচাৰেৰে পালন কৰাৰ লগতে বিহুগীত আৰু বিহুনাচে ইয়াক অধিক আকৰ্ষণীয় কৰি তোলে। বসন্তৰ পৰশত প্ৰকৃতিয়ে সেই সময়ত ন-ৰূপ লয়। আমে মলিয়ায়, কপৌ ফুলে, কুলিয়ে মাতে। সেয়ে ব’হাগ নতুনক পোৱাৰ প্ৰয়াস, আশাৰ আনন্দ। এই আনন্দই কৃষিজীৱী অসমীয়া জাতিৰ অন্তৰ স্পৰ্শ কৰি যায় আৰু তেতিয়া ই কথাবোৰ গীত হৈ ওলাই আহে।   বড়োসকলৰ মাজত প্ৰচলিত এটি বসন্তকালীন কৃষিভিত্তিক উৎসৱ হৈছে বৈশাগু। ই হৈছে উৰ্বৰা উৎসৱ। বাৰদৈছিখলাৰ আগমনত, কৃষিজীৱী বড়োসকলে বৈশাগু পালন কৰে। বড়োসকলে সাত দিন ধৰি বৈশাগু উদ্যাপন কৰে ৰং-ৰহইচ, উৎসাহ-উদ্দীপনা আৰু পৰম্পৰাগত নৃত্য-গীতৰ মাজেৰে। বৈশাগু উৎসৱক কেন্দ্ৰ কৰি গোৱা গীতসমূহ বড়ো লোকসাহিত্যৰ অমূল্য সম্পদ। এই উৎসৱৰ সময়ত পৰিৱেশিত বাগুৰুম্বা, বৰদৈছিখলা আদি নৃত্য হৃদয়পৰশা আৰু কলাসন্মত। অসমীয়া গামোচাৰ দৰে বড়োসকলৰ আৰণাই বিশেষ সাংস্কৃতিক তাৎপৰ্যপূৰ্ণ সম্পদ।অসমৰ দেউৰীসকলে ৰঙালী বিহুৰ সময়ত ঢোল-তাল, পেঁপা-টকা, শিঙা-গগনা সংগত কৰি বিহু গাই আৰু এই গীতৰ লগত সংগতি ৰাখি নৃত্য প্ৰদৰ্শন কৰে। দেউৰী ডেকা-গাভৰুসকলে ৰঙালী বিহুৰ সময়ত ‘লহৰীয়া’ নাচ নাচে। এই নাচৰ নামেই হৈছে ‘আৱৰব’ নৃত্য।   অসমৰ ৰাভাসকলে জেঠ মাহত ‘বায়খো’ উৎসৱ পালন কৰে। ই প্ৰধানতঃ কৃষিভিত্তিক বসন্ত উৎসৱ। ‘বায়খো’ উৎসৱৰ আনুসংগিকভাৱে ৰাভা ডেকা-গাভৰুসকলে ‘ছাথাৰ নৃত্য’ পৰিৱেশন কৰে। ছাথাৰ নৃত্যৰ লগত জড়িত ছাথাৰ গীত বিহুগীতৰ দৰেই প্ৰেমমূলক গীত। ৰঙে-ৰূপে ভৰা বায়খো উৎসৱৰ বতৰা পাই প্ৰকৃতিয়েও যেন নতুন সাজ সলায়।মিছিংসকলৰ কৃষিভিত্তিক বসন্ত উৎসৱ হ’ল ‘আলি-আই-লৃগাং’। ‘আলি-আই-লৃগাং’-ৰ অৰ্থ হৈছে খেতিৰ বীজ সিঁচাৰ আৰম্ভণি। মিছিংসকলে বুধবাৰটোক পৱিত্ৰ দিন হিচাপে গণ্য কৰে আৰু সেইবাবে ফাগুন মাহৰ প্ৰথম বুধবাৰ দিনটোতে এই উৎসৱৰ আয়োজন কৰে। নতুন শস্য ৰোপণৰ বাবে পৃথিৱী মাতৃ আৰু পূৰ্বপুৰুষসকলক তোষণ কৰিবলৈ এই উৎসৱ পতা হয়। উৎসৱৰ দিনা ডেকা-গাভৰুৱে মিলি ‘গুমৰাগ নৃত্য’ কৰে। মিছিংসকল অতিশয় নৃত্য-গীত প্ৰিয়। মিছিং নৃত্য-গীতৰ স্বকীয় বৈশিষ্ট্য আছে। ঢোল, পেঁপা, গগনা, বাঁহী, লাও-পেঁপা, দেন্দুন ইত্যাদি বাদ্যযন্ত্ৰৰ ঝংকাৰত অসমৰ আকাশ-বতাহ মুখৰিত হৈ থাকে। তেওঁলোকে নৃত্যত মাছ মৰা, ধান সিঁচা, কাপোৰ বোৱা ইত্যাদি বিবিধ দৃশ্য ৰূপায়িত কৰে।   অসমৰ আন এটা জনগোষ্ঠী হৈছে হাজং। তেওঁলোক কৃষিজীৱী লোক হোৱাৰ বাবেই বেছিভাগ উৎসৱ কৃষিকেন্দ্ৰিক। ব’হাগ বিহুৰ সময়ত হাজংসকলে বৰ উলহ-মালহেৰে বাঁশ পূজা উদ্যাপন কৰে। দৰঙৰ দেউল আৰু কামৰূপৰ ভঠেলিৰ লগত বাঁশ পূজাৰ মিল দেখা যায়। বাঁশ পূজাৰ উপলক্ষে দুডাল বাঁহৰ এডালত ক’লা আৰু আনডালত বগা চোঁৱৰ বান্ধি লোৱা হয়। লোকবিশ্বাস মতে ইয়াৰ এডাল মহাদেৱ আৰু আনডাল পাৰ্বতীৰ প্ৰতীক। এই বাঁহ পোতা ঠাইতে আন এডাল জেঙনি থকা বাঁহত পুৰণা জাকৈ-খালৈ, নাঙল আদি আঁৰি দিয়ে। বাঁশ পূজা তিনি দিন ধৰি অনুষ্ঠিত হয়। এই সময়ছোৱাত গাঁৱৰ ডেকা ল’ৰা-ছোৱালীবোৰে ঘৰে ঘৰে চোঁৱৰ লগোৱা বাঁহ নচুৱাই ফুৰে। বাঁহ নচুওৱাসকলক বাগুৱা বোলা হয়।   অসমত বাস কৰা লালুং আৰু দেউৰীসকলৰ বাবে বুধবাৰ সবাতোকৈ পৱিত্ৰ দিন। সেয়েহে তেওঁলোকে চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা বিহু আৰম্ভ কৰে। তিৱা, লালুংসকলৰ বাসন্তিক উৎসৱৰ নাম ‘ছগ্ৰামিছাৱা’।বিহুৰ সমসাময়িক আন এক বসন্তোৎসৱ হৈছে ‘পয়চাং-কেন’। এই উৎসৱ পালন কৰে অসমত অতীজৰে পৰাই বসবাস কৰি অহা টাই খামতী টাই ফাকে, টাই আইটন আদি লোকসকলে। তেওঁলোকে এই উৎসৱৰ উপলক্ষে বুদ্ধমূৰ্তি মন্দিৰৰ বাহিৰলৈ নি গা ধুৱাই আৰু ঘাইকৈ ডেকা-গাভৰুৱে পানী ছটিয়ায়, বোকা দলিয়ায়, যাক ‘পয়-চাম-নাম” বুলি কয়। কোনো কোনোৱে ঢোল, পেঁপা, গগনাৰে বিহুও কৰে।   ফাগুনৰ লঠঙা প্ৰকৃতিক বসন্তৰ আগমনে নতুনৰ সাজ পিন্ধায়। কোমল কুঁহিপাতে সকলোৰে মনলৈ সজীৱতা কঢ়িয়াই আনে। বসন্তৰ প্ৰথম বৰষুণজাকে কৃষিভূমিক জীপাল কৰে। সেই বাবেই কৃষিজীৱী ৰাইজৰ হেঁপাহৰ এই বসন্ত। এই বসন্ত কালতেই সেয়ে উৎসৱৰ প্ৰয়োভৰ হয়। বিভিন্ন জনগোষ্ঠীৰ উৎসৱৰ প্ৰতিটো উৎসৱৰ ৰীতি-নীতি সামান্য পৃথক হ’লেও সকলোৱেই কৃষিভিত্তিক। প্ৰতিটোতেই গীত-নৃত্যৰ, হাঁহি-তামাছাৰ আয়োজন আছে। এটা কথা উল্লেখযোগ্য যে প্ৰতিটো বসন্তকালীন উৎসৱতেই ঢোলৰ প্ৰয়োজন। অনৈক্যৰ মাজত ঐক্য এই অসমৰ প্ৰতিটো উৎসৱতেই সেয়া প্ৰতিফলিত হয়।

পম্পি বৰা বৈশ্য

হেঙেৰাবাৰী, গুৱাহাটী

চৰলাৰ ভেলা চৰাই


   অসমৰ বিভিন্ন পক্ষী বিচৰণ ভূমিৰ ভিতৰত যোৰহাট নিমাতী ঘাটৰ সমীপত অৱস্থিত চৰলা বিল অন্যতম স্থান, য’ত শীতৰ আগমনৰ লগে লগে ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ আগমন ঘটে। স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ কল-কাকলিয়ে পৰিৱেশ বেচ্ মনোমোহা কৰি তোলাৰ লগতে বিভিন্ন পক্ষীপ্ৰেমী তথা প্ৰকৃতিবিদসকলক আকৰ্ষণ কৰি আহিছে। বিভিন্ন প্ৰজাতিৰ হাঁহ জাতীয় চৰাই, যেনে– ধৃতৰাজ (Bar-headed Goose), বগা চাকৈ-চকোৱা (Common Sheld duck), সৰু দেও ৰাজহাঁহ (Bean Goose), ৰঙামুৰী হাঁহ (Red Crested Pochard), আমৰলীয়া হাঁহ (Mallard) আদিৰ উপৰি বৰ আজান (Goliath Heron), আজান (Purple Heron), ইটাগুড়ীয়া (Cinnamon Bittern), আঁকুহী বগ (Black Headed Ibis) আদি সচৰাচৰ চৰি থকা দেখা পোৱা যায়। চৰলাৰ কাষৰ বোকা পানী অঞ্চলবোৰতো কেতবোৰ বিশেষ চৰাইক বোকা খঁুচৰি খাদ্যৰ সন্ধান কৰা পক্ষী পৰ্যবেক্ষণৰ সময়ত আমাৰ চকুত পৰে। তাৰ ভিতৰত ৰঙাঠেঙী (Common Red Shank), বালি বগুৱা (Green Sandipper), বালিখোঁচৰা (Common Sandipper), দীঘলঠেঙীয়া চহা (Black Winged Stilt), আঁকোৰা ঠুঁটীয়া (Eurasian Curlew) উল্লেখ কৰিব পাৰি। এইবোৰৰ উপৰি এবিধ বিশেষ চৰায়ে চৰলাক প্ৰদান কৰিছে এক অন্য সৌন্দৰ্য, সেইবিধ হ’ল ভেলা চৰাই (Spot Billed Pelican)। এই চৰাইবিধৰ ঠোঁটত এটা মোনা থাকে, মোনাৰ বৰণ গুলপীয়া ধৰণৰ। ইহঁতৰ পাখি উজ্জ্বল বগা বৰণৰ হয় আৰু মূৰত ক’লা ক’লা দাগ দেখা যায়। ইহঁতে সাধাৰণতে একেলগে পানীত সাঁতুৰি মাছ আৰু অন্য জলচৰ প্ৰাণীক চিকাৰ কৰে। ইহঁত অসমৰ স্থানীয় চৰাই। পক্ষী পৰ্যবেক্ষণত চৰলা বিলত বহুযোৰা ভেলাক দলবদ্ধভাৱে চৰি ফুৰা দেখা পালোঁ। চৰলাৰ ভেলাৰ বিচৰণ তথা সিহঁতৰ আৱাসস্থানৰ বিষয়ে সূৰ্য্য চেতিয়া দাদাৰ লগত আলোচনা কৰি তেওঁৰ কেতবোৰ তথ্যৰ ভিত্তিত, চৰলাৰ কাষত থকা শিমলু গছ এজোপাত প্ৰায় ১৫০ টাৰো অধিক ভেলা চৰাই সন্ধ্যাৰ সময়ত চৰি আহি আশ্ৰয় লোৱা দেখা পালোঁ। দাদাৰ পৰা পৰৱৰ্তী সময়তো সহায়ৰ আশা ৰাখিলোঁ। আবেলি বেলিকা জাক-জাক চৰাই ঘৰমুৱা হোৱা সময়ে সঁচাই অনাবিল আনন্দ প্ৰদান কৰে। চৰলাত এনে মনোমোহা দৃশ্য অতি সুলভ, পক্ষীকুলৰ সংৰক্ষণ কৰাত আহক আমি নিজে সজাগ হোৱাৰ লগতে সকলোকে সজাগ কৰি পক্ষীকুলক ভৱিষ্যৎ প্ৰজন্মলৈ সংৰক্ষণ কৰোঁ। আমি সজাগ নহ’লে অনাগত দিনত এই বিনন্দীয়া পক্ষীকুল কিছুমান দুষ্ট লোকৰ হাতত নিঃশেষ হ’ব।


ৰূপজ্যোতি হাজৰিকা

বাহনা, যোৰহাট

ভ্ৰাম্যভাষ: ৭০০২২৫১১৫৫

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ