অমৃত গোস্বামী
মধ্য অসমৰ মানুহে পিকনিক বা বনভোজ খোৱা ঠাই– ‘আকাশী গংগা।’ এইটো মোৰ আগৰেপৰা জনা কথা। আকৌ, কেই বছৰমানৰ আগতে বৰদোৱা বা বটদ্ৰৱা থান দৰ্শন কৰিবলৈ যাওঁতে স্থানীয় লোক এজনে মোক থানৰ ভিতৰত থকা বৃহৎ পুখুৰী এটা দেখুৱাই কৈছিল– “এয়া আকাশীগংগা”। এনেদৰেএখন নৈসৰ্গিক সৌন্দৰ্যৰে ভৰা বনভোজস্থলী আৰু শ্ৰদ্ধা-ভক্তিৰ পৰম্পৰাৰে ওপচনি বৰদোৱাৰ এই পুখুৰীটোৰ নাম একেটা হোৱাটোৰ সন্দৰ্ভত মোৰ মনত বহুদিন ধৰি এটা খু-দুৱনি আছিল। অৱশ্যে এই বিষয়ে মই কাকো একো সোধা-পোচা কৰাও নাছিলোঁ।
আজি মোৰ মনৰ এই সন্দেহ আঁতৰাবলৈ মোক অনুপ্ৰাণিত কৰিলে দাদাই। আগবেলাতে দাদাই ফোন কৰি মোক সুধিছিল–
“তই বৰদোৱালৈ গৈছনে?
আকাশী গংগাৰ বিষয়ে কিবা জাননে?”
মই উত্তৰটো ভাল নম্বৰ পোৱাকৈ দিব নোৱাৰিলোঁ। দাদাই কলেজত পঢ়ুৱাওঁতে ছাত্ৰৰ পৰীক্ষাৰ বহীত নম্বৰ দিয়াত বোলে অলপো কৃপণালি নকৰিছিল। গতিকে আজিও চাগে দাদাই মনতে মোক পাছমাৰ্কটো দি থ’লে! কিন্তু এনেকুৱা নম্বৰ পাই আমাৰ দিনত বিষয়বোৰত পাছ কৰিলেও, পৰীক্ষাত পাছ কৰিব নোৱাৰি; এগ্ৰিগে’টত ফে’ল কৰি একেটা শ্ৰেণীতে আকৌ এবছৰ পঢ়িব লাগে। হেন জানি ‘আকাশীগংগা বিষয়’টো খৰচি মাৰি বুজি ল’বৰ নিমিত্তে পুথি-পাঁজি উলিয়াই ল’লোঁ। তদুপৰি নগাঁৱৰে মোৰ আত্মীয় মানুহ এগৰাকীৰো সহায় ললোঁ। তেখেতৰ সহায় আৰু পুথিত পোৱা অনুসৰি :
নগাঁও চহৰৰ পৰা পঞ্চাছ কিলোমিটাৰৰ দূৰত্বত, ডবকা-ডিমাপুৰ পথৰ কাষত অৱস্থিত আকাশীগংগা হৈছে এটা জলপ্ৰপাতৰ নাম। এই অঞ্চলত যথেষ্ট পৌৰাণিক ধ্বংসাৱশেষ পোৱা যায়। কালিকাপুৰাণত এই অঞ্চলটোৰ কথা উল্লেখ আছে। ধৰ্মশাস্ত্ৰত পোৱা অনুসৰি স্বামী মহাদেৱক সতীৰ পিতৃ দক্ষৰদ্বাৰা কৰা অপমান সহ্য কৰিব নোৱাৰি, সতীয়ে যজ্ঞস্থলীতে আত্মবলি দিছিল। প্ৰিয়তমা পত্নী সতীৰ মৃত্যুত স্বামী মহাদেৱ শোকত একেবাৰে উদভ্ৰান্ত হৈ পৰিছিল। মহাদেৱে সতীৰ দেহ কান্ধত লৈ সমগ্ৰ বিশ্ব ভ্ৰমি ফুৰিছিল। কিংবদন্তি অনুসৰি এনেদৰে মহাদেৱ ভ্ৰমি ফুৰোঁতে সতীৰ গলিত দেহৰ এটা অংশ বৰ্তমানৰ এই আকাশীগংগা বোলা ঠাইডোখৰৰ কাষতে থকা হ্ৰদ এটাত পৰিছিল। লোকবিশ্বাস অনুসৰি ঠাইডোখৰত থকা হ্ৰদটোত স্নান কৰিলে পূণ্য অৰ্জন কৰা হয়। কালক্ৰমত এই ঠাইখন পৰ্যটকৰ বাবে ‘আকাশীগংগা’ নামে এক বিখ্যাত বনভোজস্থলীহে হৈ উঠিল।
অসমৰ নগাঁও জিলাত অৱস্থিত, নগাঁও চহৰৰ পৰা উত্তৰ-পূবে ওঠৰ কিলোমিটাৰ দুৰৈত, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান, আৰু অসমৰ এখন অতি পৱিত্ৰ তীৰ্থস্থান হিচাপে পৰিচিত– বৰদোৱা বা বটদ্ৰৱা থান।
সকলোৰে পৰিচিত বৰদোৱা ঠাইডোখৰৰ নামটো শুনিলেই মোৰ আকৌ তাহানিতে আমাৰ ঘৰৰ ওচৰৰ চাৰিঙীয়া বৰ নামঘৰত, শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষ্যে আয়োজন কৰা এবাৰৰ অনুষ্ঠান এটাত পৰিৱেশন কৰা ভক্তিমূলক গীত এটালৈ মনত পৰে। গায়ন উপাধিৰ লোক এজনৰ তত্ত্বাৱধানত কণকণ ল’ৰা-ছোৱালী কেইজনমানে সুন্দৰকৈ গোৱা গীতটোৰ আৰম্ভণিডোখৰ আছিল এনে ধৰণৰ–
ব নামে বটদ্ৰৱা
ক নামে কুসুম্বৰ ঘৰে
স নামে সত্যসন্ধ্যা
উদৰত জন্মিলা
আমাৰ গুৰু, শ্ৰীমন্ত শঙ্কৰ হৰি এ।
এই বিখ্যাত বৰদোৱা থানৰ গাতে লাগি যথেষ্ট ডাঙৰ আকৃতিৰ পুখুৰী বা জলাশয় এটা আছে। এই জলাশয়টোৰ নামো ‘আকাশীগংগা’। মহাপুৰুষজনাৰদ্বাৰা প্ৰতিষ্ঠিত এই জলাশয়টোক ‘ভক্তি সৰোৱৰ’ নামেৰেও জনা যায়। এই জলাশয়টোক পৱিত্র স্থান বুলি গণ্য কৰা হয়।
আকাশীগংগা জলাশয়ৰ চাৰিওদিশৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম হোৱা বাবে পৰ্যটকসকলৰ বাবে এই স্থান অতি আকৰ্ষণীয়। লোকবিশ্বাস অনুসৰি ভক্তসকলৰ অনুৰোধ ক্ৰমে মহাপুৰুষগৰাকীয়ে এই জলভাগক ধৰালৈ, অৰ্থাৎ বৰদোৱা থানলৈ নমাই আনিছিল।
যি কি নহওক ‘আকাশীগংগা’ সম্বন্ধীয় মোৰ মনৰ খু-দুৱনিটো আজিৰ পৰা আঁতৰিল।
***
ঠিকনা :
ছাৰ্ভে, গুৱাহাটী -৭৮১ ০২৮
ফোন নং ৯৪৩৫০ ১৪৪৫৫